সমললৈ যাওক

দৈনিক চুটি বুদ্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৈনিক চুটি বুদ্ধি
ছাইটৰ প্ৰকাৰ ব্যঙ্গ, হাস্যৰস, প্ৰহসন।
উপলব্ধ ভাষা
মুখ্য কাৰ্যালয় অসম
মালিক ‘দৈনিক চুটি বুদ্ধি’
সৃষ্টি কৰা ব্যক্তি গান জ্যোতি সন্দিকৈ
ৱেবছাইট SutiBuddhi.com
বাণিজ্যিক অব্যৱসায়িক
আৰম্ভণি ১০ অক্টোবৰ, ২০১১


দৈনিক চুটি বুদ্ধি হৈছে অসমীয়া বিদ্ৰূপাত্মক হাস্যৰসৰ (satire) ৱেবছাইট। সমাজ, ৰাজনীতি, শিক্ষা আদি সম্পৰ্কীয় ব্যঙ্গাত্মক, প্ৰহসন লিখনীৰ উপৰি কৌতুক, কাৰ্টুন, সাধু, আন ভাষাৰ তেনে লিখনিৰ অসমীয়া অনুবাদ আদি ইয়াত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১০ অক্টোবৰত এই ৱেবছাইটটো মুকলি কৰা হয়। ৱেবছাইটটোৰ উদ্দেশ্য হাস্যৰসৰ যোগান আৰু আত্ম-সমালোচনাৰ সোৱাদ প্ৰদান।[1]

ইয়াৰ লেখকসকল

[সম্পাদনা কৰক]
দৈনিক চুটি বুদ্ধিৰ মুখ্য পৃষ্ঠা

ৱেবছাইটটোৰ নিয়মীয়া লেখকসকলৰ উপৰি আন যিকোনো লেখক বা ব্যক্তিয়ে ইয়াত প্ৰকাশৰ বাবে লেখা ইমেইল যোগে পঠিয়াব পাৰে। ‘‘গান জ্যোতি সন্দিকৈ’’ ছদ্মনামেৰে এজন লেখক ইয়াৰ সম্পাদক।[2]

বিশেষ মন্তব্য

[সম্পাদনা কৰক]
সমাজ সম্পৰ্কে প্ৰচ্চন্ন ধাৰণা নাথাকিলে ব্যংগ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত আপোনালোকৰ কাম প্ৰশংসনীয়৷ ‘অসমীয়া মানুহে হাঁহিব নাজানে’-- বেজবৰুৱাই তাহানিতে কোৱা কথাষাৰ এতিয়াও প্ৰাসংগিক৷ এনেস্থলত http://sutibuddhi.com/ পাথেয় হওক আৰু ব্যংগৰ চোকৰে আমাৰ সমাজখনক আত্মসংশোধনৰ বাবে উদ্বুদ্ধ কৰক৷ কেৱল লক্ষ্য ৰাখিব, ব্যংগত চোক দিবলৈ যাওঁতে যেন বিভেদৰ বিষবাস্প নিবিয়পে আৰু ব্যক্তিৰ মৰ্যাদা লঘু নহয়৷ শুভেচ্ছা থাকিল৷

দীগন্ত ওজা, কাৰ্যবাহী সম্পাদক, সাতসৰী[3]

ৱেবছাইটটোৰ কেইটামান দিশ আৰু আঁচনি

[সম্পাদনা কৰক]

সাধু প্ৰকাশ আৰু সংগ্ৰহৰ ব্যৱস্থা ইয়াৰ এটি গুৰুত্বপূৰ্ণ দিশ।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]