দ্য চিক্ৰেট গাৰ্ডেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য চিক্ৰেট গাৰ্ডেন  
Cover of a 1911 publication of The Secret Garden
বেটুপাত, ১৯১১ চন
লেখক ফ্ৰান্সেছ হডছন বাৰ্নেট
দেশ ইংলেণ্ড
ভাষা ইংৰাজী
প্ৰকাৰ শিশু সাহিত্য
প্ৰকাশক ফ্ৰেডেৰিক এ. ষ্টক্‌চ ইংৰাজী: Frederick A. Stokes (আমেৰিকা যুক্তৰাষ্ট্ৰ)
Heinemann (UK)
প্ৰকাশ ১৯১১
ইংৰাজীত
প্ৰকাশ
১৯১১
মিডিয়া প্ৰকাৰ Print (Hardback & Paperback)
পৃষ্ঠা সংখ্যা ২৩৪

দ্য চিক্ৰেট গাৰ্ডেন (ইংৰাজী: The Secret Garden) হ'ল ফ্ৰান্সেছ হডছন বাৰ্নেট (ইংৰাজী: Frances Hodgson Burnett) ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়। ই বৰ্তমান ব্ৰুনেটৰ সবাতোকৈ জনপ্ৰিয় উপন্যাস সমূহৰ ভিতৰৰ এখন হোৱাৰ উপৰিও এখন ক্লাচিক ইংৰাজী উপন্যাস হিচাপে পৰিগণিত হৈছে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

মেৰী লেনক্স হ'ল ভাৰতৰ এটা ধনী ব্ৰিটিছ পৰিয়ালত জন্ম লাভ কৰা এজনী দহ বছৰীয়া ছোৱালী। মেৰীৰ মাক দেউতাকে তাইৰ অলপো যতন লোৱা নাছিল। বৰং চাকৰ নাকৰবোৰে হে সকলো সময়তে তাইৰ আলপৈচান ধৰি তাইক শান্ত কৰি ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিবলগীয়া হৈছিল। তাই বৰ অনাকৰ্ষণীয় , মেজাজী , খঙাল , আকোঁৰগোঁজ , কঁঠুৱা আৰু নষ্ট মগজৰ ছোৱালী আছিল। কালক্ৰমত কলেৰা মহামাৰীয়ে তাইৰ মাক দেউতাক চাকৰ নাকৰ সকলোকে মৃত্যমুখলৈ ঠেলি দিয়ে আৰু তাই য়ৰ্কশ্বায়াৰ , লণ্ডনত থকা খুড়াক আৰ্কিবাল্ড ক্ৰেভেনৰ লগত থাকিবলৈ আহে।

প্ৰথম প্ৰথম তাইৰ সকলোবোৰ অপছন্দ হয়...বিৰাট ডাঙৰ ঘৰটো , তাত থকা মানুহবোৰ আৰু সকলোতকৈ অপছন্দ হয় শীতকালৰ পিছত ধূসৰ হৈ পৰা , জোপোহাৰে ভৰি থকা বিশাল জলাহভূমি খন। মেৰীক নিৰ্দেশ দিয়া হয় তাই যাতে তাইৰ বাবে নিৰ্দিষ্ট কৰি থোৱা কোঠাদুটিতেই সীমাবদ্ধ থাকে। এয়াও কোৱা হয় যে তাইক কোনেও কেতিয়াও দিকদাৰিও কৰি নকৰে। মেৰীৰ মৰমিয়াল আয়া মাৰ্থা ছৱাৰবীয়ে তাইক প্ৰয়াত মিছেজ ক্ৰেভেনৰ কথা কয় যে তেওঁ প্ৰায়ে এখন ব্যক্তিগত বাগিছাত গোলাপ ফুল ৰুই সময় কটাইছিল। কিন্তু এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয় আৰু মিঃ ক্ৰেভেনে বাগিছাখনত তলা মাৰি তাৰ ছাবিপাত কৰবাত পুতি থয়। এয়া শুনি মেৰী উৎকণ্ঠিত হয় আৰু লাহে লাহে তাইৰ বেয়া মেজাজটো ভাললৈ আহিবলৈ ধৰে।

তাই মাৰ্থা , বাগিচাৰ মালী বেন ৱেদাৰষ্টাফ আৰু ৰঙাবুকুৰ ৰবিনচৰাইটো(robin redbreast)ৰ লগত থাকি ভাল পাবলৈ লয়। আগতে খাবলৈ ব'বলৈ মন নকৰা ছোৱালীজনীৰ অনবৰতে ভোক লাগি থাকিবলৈ ধৰে আৰু জলাহভূমিখনত খেলোতে খেলোতে তাইৰ নিজকে শক্তিশালী যেন লাগিবলৈ ধৰে। মাৰ্থাৰ মাকে মেৰীক উৎসাহিত কৰিবলৈ স্কিপিং ৰছী এডাল উপহাৰ দিয়ে। মেৰীয়ে সেই গোপন বাগিছাখন বিচাৰি বিচাৰি তাইৰ সময়বোৰ কটাবলৈ ধৰিলে। লগতে তাই সেই বৃহৎ ঘৰটোত প্ৰায়ে শুনা পোৱা কান্দোনৰ চিঞৰটোৰ সন্ধানতো ব্যস্ত থাকিল যাৰ কথা ঘৰটোৰ চাকৰ নাকৰবোৰো শুনা বুলি অস্বীকাৰ কৰে। মেৰীয়ে এদিন সেই গোপন বাগিচাখনৰ দেৱালত ছাবিৰ ফুটাটো আৰু লগতে ছাবি পাতো বিচাৰি পায়। মাৰ্থাৰ বাৰ বছৰীয়া ভায়েক ডিকনে তাইক বাগিছাৰ বাবে প্ৰয়োজনীয় সা সঁজুলি আনি দিয়ে। ডিকনৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰ আৰু জীৱ-জন্তুৰ লগত থকা সম্পৰ্কৰ বাবে মেৰীয়ে ডিকনক খুব পছন্দ কৰে আৰু কথাটো গোপন কৰি ৰখাৰ চৰ্তসাপেক্ষে তাকো গোপন বাগিচাখনৰ ভিতৰলৈ লৈ যায়।

সেই ৰাতিয়েই মেৰীয়ে আকৌ কান্দোনৰ শব্দটি শুনা পায়। শব্দটো অনুসৰণ কৰি গৈ গৈ তাই এটা কোঠাত তাইৰ সমবয়সীয়া ল'ৰাক বিচাৰি পায়। কিছু সময় পিছত তাই গম পায় যে তাৰ নাম কলিন, সি মিঃ ক্ৰেভেনৰ পুত্ৰ, সি সৰু হৈ থাকোঁতে তাৰ মাকৰ মৃত্যু হয়। মেৰীয়ে এয়াও গম পায় যে তাৰ ৰাজহাড়ৰ এটা ডাঙৰ অসুখ আছে। মেৰীয়ে সদায় তাক দেখা কৰিবলৈ অহা কৰিলে আৰু ডিকন আৰু জন্তুবোৰৰ, জলাহভূমিখন­ৰ আৰু গোপন বাগিচাখনৰ কথাবোৰ কৈ তাৰ দুখবোৰ পাহৰাই ৰাখিবলৈ ল'লে। মেৰীয়ে তাৰ আগত তাই বাগিচাখন বিচাৰি পোৱা বুলি স্বীকাৰ কৰে আৰু দুয়ো একমত হয় যে কলিনক সতেজ, মুকলি বতাহৰ প্ৰয়োজন।

এখন হুইলচেয়াৰত বহাই লৈ মেৰীয়ে কলিনক বহুবছৰৰ মূৰত বাহিৰলৈ উলিয়াই নিয়ে। বাগিচাৰ ভিতৰত তিনিও বেনক জখলাত উঠি মূৰ ডাঙি ভিতৰলৈ চাই থকা দেখি আচৰিত হয়। আনহাতে বেনৰো ইহঁতক দেখি খং উঠে আৰু স্বীকাৰ কৰে যে সি কলিনক পঙ্গু বুলি ভাবিছিল। নিজকে সূস্থ বুলি প্ৰমাণ কৰিবলৈ কলিনে থিয় দিয়ে আৰু সি নিজেও গম পায় যে তাৰ ভৰি দুখন সম্পূৰ্ণ সূস্থ , মাত্ৰ ব্যৱহাৰ নকৰা বাবে দুৰ্বল হৈ পৰিছে। কলিনে বাগিচাত সময় কটোৱাৰ ফলত কলিন দিনে দিনে সবল হৈ আহিল। সিহঁতে পত্নীবিয়োগত ম্ৰিয়মাণ হৈ থকা কলিনৰ দেউতাকক আচৰিত কৰি দিয়াৰ পৰিকল্পনা কৰে। কলিন যিমানেই সুস্থ হৈ আহে মিঃ ক্ৰেভেনৰ মনটোও ভাল হৈ আহিবলৈ ধৰে। এদিন তেওঁ সপোনতে পত্নীয়ে সেই গোপন বাগিচালৈ মাতি থকা দেখা পায় আৰু তেওঁ লগে লগে ঘৰ অভিমুখে ৰাওনা হয়। ঘৰলৈ আহিয়েই তেওঁ বাগিচালৈ আহে আৰু ভিতৰত মানুহৰ মাত শুনি আচৰিত হয়। বাগিচাৰ তলা খোলা দেখি আৰু ভিতৰত কলিনক দৌৰি ফুৰা দেখি তেওঁ হতভম্ব হয়। দেউতাকৰ লগে লগে কলিন দৌৰি দৌৰি ঘৰলৈ ঘূৰি আহে আৰু ঘৰৰ প্ৰতিটো সদস্য আচৰিত হৈ পৰে। ৰহস্যময় গোপন বাগিচাখনে সকলোৰে জীৱনলৈ পুনৰ হাঁহি ঘূৰাই আনে।

প্ৰধান বিষয়বস্তু[সম্পাদনা কৰক]

Great Maytham Hall Garden, Kent, England, provided the inspiration for The Secret Garden

বাগিচাখনেই উপন্যাসখনৰ প্ৰধান বিষয়বস্তু। মিছেলথোৱেইট মেনৰ(মিঃ ক্ৰেভেনৰ ঘৰটো)ৰ সেই বাগিচাখনেই পৰিয়ালটিৰ ধ্বংস আৰু পুনৰ্জীৱনৰ ঠাই[1]। বাগিচাখনক প্ৰতীক ৰূপে ব্যৱহাৰ কৰি বাৰ্ণেটে প্ৰকৃতিৰ পৰশত লুকাই থকা ঔষধি গুণৰ কথা প্ৰকাশ কৰিছে। বিয়া হোৱা সময়খিনিত বাৰ্ণেটে বাস কৰা ইংলেণ্ডৰ মেইথেম হলেই হল সেইটুকুৰা ঠাই যত তেওঁ কিতাপখন লিখিবলৈ প্ৰেৰণা পাইছিল[2]। বাৰ্ণেটৰো এখন মনোমোহা গোলাপ ফুলৰ বাগিচা আছিল যদিও উল্লেখনীয় যে এইখন বাগিচা আৰু মিছলথোৱেইট মেনৰৰ বাগিচাখনৰ মাজত বহুখিনি তফাৎ আছিল। [2]

প্ৰকাশনৰ ইতিহাস[সম্পাদনা কৰক]

বয়স্ক সকলৰ বাবে প্ৰকাশিত আলোচনী "দ্য আমেৰিকান মেগাজিন" ত ১৯১০ চনৰ শৰৎ কালৰ পৰা এই উপন্যাসখনৰ খণ্ড খণ্ডকৈ প্ৰচাৰ আৰম্ভ হয়। ১৯১১ চনত নিউয়ৰ্কত ফ্ৰেডেৰিক এ. ষ্টোকছে(Frederick A.Stokes) আৰু লণ্ডনত হেইনমেনে(Heinemann) কিতাপখন সম্পূৰ্ণৰূপত প্ৰকাশ কৰে। আমেৰিকাত ১৯৮৭ ত আৰু পৃথিৱীৰ বেছিভাগ দেশতে ১৯৯৫ চনত ইয়াৰ কপিৰাইটৰ ম্যাদ উকলে। ফলস্বৰূপে ১৯৮০ শেষৰ ফালে আৰু ১৯৯০ৰ আৰম্ভণিত ইয়াৰ বহুতো সংশোধিত আৰু অসংশোধিত সংস্কৰণ প্ৰকাশিত হোৱা দেখা যায়।

ৱৰ্কিং টাইটল[সম্পাদনা কৰক]

ইংৰাজী ওমলা গীত(nursery rhyme)মেৰী মেৰী কোৱাইট কণ্ট্ৰেৰী(Mary, Mary, Quite Contrary) বা "আইটী মেৰী বৰ তেৰি মেৰি"[3] ৰ লগত সংগতি ৰাখি কিতাপখনৰ ৱৰ্কিং টাইটলটো মিষ্ট্ৰেছ মেৰী ৰখা হৈছিল।

জনতাৰ সঁহাৰি[সম্পাদনা কৰক]

বয়স্ক আৰু শিশু উভয়ৰে প্ৰতি লক্ষ ৰাখি প্ৰকাশ কৰা বাবে দ্য চিক্ৰেট গাৰ্ডেনে হয়তো বাৰ্নেটৰ জীৱনকালত তেওঁৰ আন আন গ্ৰন্থ সমূহৰ দৰে জনপ্ৰিয়তা নাপালে[4]। দীৰ্ঘকাল ধৰি তেওঁৰ আন সৃষ্টিকৰ্মৰাজিৰ জনপ্ৰিয়তাৰ আগত ই মোলান পৰি থাকিল। শিশু সাহিত্য বিষয়ত গৱেষণামূলক কাম কাজ আৰম্ভ হোৱাৰ লগে লগে ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু কালক্ৰমত বাৰ্নেটৰ সবাতোকৈ জনপ্ৰিয় উপন্যাস হিচাপে পৰিগণিত হয়। বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ শিশু সাহিত্যসমূহৰ ভিতৰত ই অন্যতম[4]। ২০০৭ চনত হোৱা এক অনলাইন ভোটিঙত নেশ্যনেল এডুকেশ্যনেলএচোছিয়েছনে(National Education Association) ইয়াক "টিচ্ছাৰ্ছ টপ ১০০ বুকছ ফৰ চিলড্ৰেনছ" হিচাপে নিৰ্বাচিত কৰে[5]। ২০১২চনত হোৱা এক নিৰ্বাচনত স্কুল লাইব্ৰেৰী জাৰ্ণাল(School Library Journal)এ ইয়াক সকলো সময়ৰ "টপ ১০০ চেপ্টাৰ বুকছ্"হিচাপে আখ্যা দিয়ে। [6]

নাটকীয় অভিযোজন[সম্পাদনা কৰক]

১৯১৯ চনত ফেমাছ প্লেয়াৰ্ছ- লেস্কি কৰ্পোৰেচনে (Famous Players-Lasky Corporation) ১৭ বছৰীয়া লিলা লী ক মেৰী আৰু পল ৱিলিছক ডিকন হিচাপে লৈ দ্য চিক্ৰেট গাৰ্ডেনৰ কাহিনীৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কৰে। ১৯৫৯ত এম.জি.এম.এ মাৰ্গাৰেট ও ব্ৰিয়েনক মেৰী ডিন ষ্টকৱেলক কলিন আৰু ব্ৰায়ান ৰোপাৰক ডিকন হিচাপে লৈ দ্বিতীয়খন চিনেমা নিৰ্মাণ কৰে। এই চিনেমাখনৰ অধিকাংশ ক'লা-ব'গা হিচাপে নিৰ্মিত হৈছিল যদিও পুনৰ উজ্জীৱিত হোৱা বাগিচাখনত দেখুওৱা দৃশ্য সমূহ টেকণিকালাৰত চিত্ৰিত হৈছিল। ডৰথি ব্ৰুকিঙে এই কাহিনীটোৰ পৰা বি.বি.চি.ৰ বাবে বহুকেইখন ধাৰাবাহিক নিৰ্মাণ কৰে : ১৯৫২ চনত এখন আঠটা খণ্ডৰ ধাৰাবাহিক , ১৯৬০ত এখনআঠটা খণ্ডৰ ধাৰবাহিক(যত ডিকনৰ চৰিত্ৰত কলিন স্পাউলে অভিনয় কৰিছিল)। বি.বি.চি.য়ে ১৯৭৯ চনত নিৰ্মাণ কৰা সাতটা খণ্ডৰ ধাৰাবাহিকখন ডিভিডি হিচাপেও মুকলি হৈছে[7]। ১৯৮৭ চনত হলমাৰ্ক হল অৱ ফেমে উপন্যাসখনৰ এক টেলিভিছন সংস্কৰণ নিৰ্মাণ কৰে যত জিনি জেমছে মেৰী, বেৰেট অলিভাৰে ডিকন, জেড্ৰিয়েন ষ্টিলে কলিন, বিলী হোৱাইটল'ই মিচেছ মেডলক, ডেৰেক জেকবিয়ে আৰ্কিবাল্ড ক্ৰেভেন, এলিছন ডুডীয়ে লিলিয়াছ আৰু কলিন ফাৰ্থে প্ৰাপ্তবয়স্ক কলিনৰ ৰূপত অভিনয় কৰে। আমেৰিকান জিঅ'ট্ৰপৰ ১৯৯৩ চনত প্ৰযোজিত চিনেমাখনৰ নিৰ্দেশক আছিল এগনিয়েস্কা হলেণ্ড (Agnieszka Holland) কেট মেবাৰলী (Kate Maberly), হেইডন প্ৰাউছ (Heydon Prowse), এণ্ড্ৰিউ নট(Andrew Knott)আদিৰ লগতে ডেম মেগী স্মিঠএ (Dame Maggie Smith) মিছেছ মেডলকৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৯৪ত এ.বি.ছি.য়ে ডেভ এডৱাৰ্ডছ নিৰ্দেশিত দ্য চিক্ৰেট গাৰ্ডেনৰ এক এনিমেটেড সংস্কৰণ মুকলি কৰে। ১৯৯১-৯২ চনত জাপানত এই কাহিনীটোৰে Anime Himitsu no Hanazono নামৰ এক ৩৯ খণ্ডৰ ধাৰাবাহিক নিৰ্মিত হয়।

দ্য চিক্ৰেট গাৰ্ডেনৰ সফল মঞ্চ অভিযোজনো দেখা যায়। ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হৈছে লুচি চাইমনৰ সংগীত আৰু মাৰ্শ্বা নৰমানৰ কথাৰে ১৯৯১ চনত ব্ৰডৱেত মুকলি হোৱা এক সংগীতালেক্ষ। পিছলৈ ই সাতটাকৈ টনী এৱাৰ্ডছৰ মনোনয়ন লাভ কৰে আৰু বেষ্ট বুক অৱ এ মিউজিকেল আৰু বেষ্ট ফিছাৰ্ড একট্ৰেছ ইন এ মিউজিকেল (মেৰীৰ চৰিত্ৰত অভিনয় কৰা এঘাৰ বছৰীয়া ডেইজী ইগান যি এই বঁটা লাভ কৰা সৰ্বকনিষ্ঠ অভিনেত্ৰী) বঁটা লাভ কৰে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Gohike, M. (1980). Re-Reading The Secret Garden. College English 41 (8), 894–902.
  2. 2.0 2.1 Thwaite, A. (2006). A Biographer Looks Back. A.S. Carpenter (ed.) Toronto: Scarecrow Press.
  3. ৰূপশ্ৰী গোস্বামীৰ অসমীয়া অনুবাদ "ৰহস্যময় বাগিচা", শৰাইঘাট প্ৰকাশন
  4. 4.0 4.1 Lundin, A. (2006). "The Critical and Commercial Reception of The Secret Garden". In the Garden: Essays in Honour of Frances Hodgson Burnett. Angelica Shirley Carpenter (ed.) Toronto: Scarecrow Press.
  5. National Education Association (2007). "Teachers' Top 100 Books for Children". http://www.nea.org/grants/13154.htm/। আহৰণ কৰা হৈছে: August 22, 2012. 
  6. Bird, Elizabeth (July 7, 2012). "Top 100 Chapter Book Poll Results". School Library Journal "A Fuse #8 Production" blog. Archived from the original on July 13, 2012. https://web.archive.org/web/20120713031015/http://blog.schoollibraryjournal.com/afuse8production/2012/07/07/top-100-chapter-book-poll-results। আহৰণ কৰা হৈছে: August 22, 2012. 
  7. Traxy (2011-01-16). "The Secret Garden (1975)". Thesqueee.co.uk. http://www.thesqueee.co.uk/2011/01/secret-garden-1975.html। আহৰণ কৰা হৈছে: 2011-12-19. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]