সমললৈ যাওক

ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ
প্ৰতিষ্ঠাপক ফাৰহান আখটাৰ
প্ৰকাৰ সামাজিক প্ৰচাৰ
প্ৰতিষ্ঠা মাৰ্চ ২০১৩
স্থান ভাৰত
Mission মহিলাৰ ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে কামকৰা।

ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ (ইংৰাজী: Men Against Rape and Discrimination, বা এমএআৰডি/মৰ্ড) হৈছে বলীউডৰ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা ফাৰহান আখটাৰে ২০১৩ চনত আৰম্ভ কৰা চনৰ এক সামাজিক প্ৰচাৰ।[1] "এমইআৰডি" শব্দটো হিন্দী: मर्द, ইংৰাজী: Man) শব্দটো এটা চমু ৰূপত প্ৰচাৰৰ নামত ব্যৱহাৰ কৰা হৈছে।[2] এই অভিযানৰ উদ্দেশ্য আছিল নাৰীৰ বিৰুদ্ধে ধৰ্ষণ আৰু বৈষম্যৰ বিপক্ষে সামাজিক সজাগতা বৃদ্ধি কৰা।[3]

আৰম্ভণিৰ পৰাই এই প্ৰচাৰ অভিযান ভালেসংখ্যক ছ'চিয়েল মিডিয়া ৱেবছাইটত চহৰখনৰ এক চৰ্চাৰ বিষয় হৈ আহিছে আৰু শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, অৰ্জুন ৰামপাল আৰু হৃত্বিক ৰোশনৰ দৰে বলীউডৰ অভিনেতাৰ পৰা ই ইতিবাচক সঁহাৰি লাভ কৰিছে। [1][4]

আখটাৰে ২০১২ চনৰ আগষ্টত সংঘটিত এক ঘটনাৰ পিছত মৰ্ড অভিযানৰ পৰিকল্পনা কৰে। এই ঘটনা অনুসৰি পল্লৱী পুৰকায়স্থ নামৰ মুম্বাইৰ এগৰাকী অধিবক্তাক তেওঁৰ ৰক্ষীয়ে তেওঁক যৌন নিৰ্যাতন কৰিবলৈ চেষ্টা কৰি নিৰ্মমভাৱে হত্যা কৰিছিল।[5] আখটাৰে ২০১৩ চনৰ মাৰ্চমাহত তেওঁৰ অভিযান আৰম্ভ কৰে।[1]

ব্যৱস্থা গ্ৰহণ

[সম্পাদনা কৰক]


If you are a man who respects women... her rights, her dignity, her independence, her mind, her body, her life... you are a #MARD.

Farhan Akhtar at Twitter, 9:03 PM, 9 March 2013 (IST)[6]

২০১৩ চনৰ মাৰ্চত আখটাৰে বাংগালোৰৰ এখন মহাবিদ্যালয়ৰ কনচাৰ্টত এম.এ.আৰ.ডি. লোগোৰ সৈতে এটা টি-চাৰ্ট পৰিধান কৰে। তেওঁ ছ'চিয়েল নেটৱৰ্কিং ছাইট ব্যৱহাৰ কৰি এই অভিযানক জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল। আখটাৰে পোষ্ট কৰা টুইটসমূহ যথেষ্ট জনপ্ৰিয় হৈ পৰে। এক সাক্ষাৎকাৰত আখটাৰে কয় যে তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ এই অভিযান কঢ়িয়াই লৈ যাবলৈ বিচাৰে "তেওঁ এই বাৰ্তা দিব বিচাৰে যে মহিলাসকলক ঘৰে ঘৰে সন্মান জনোৱা প্ৰয়োজন।" [7] সামাজিক অভিযান আৰম্ভ কৰা ফাৰহান আখটাৰক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬ষ্ঠ ছিজনত প্ৰচাৰ চলোৱা দেখা যায়। তেওঁ ২০১৩ চনৰ ২৬ এপ্ৰিলত কলকাতাত নাইট ৰাইডাৰ্ছ বনাম কিংছ ইলেভেন পাঞ্জাৱৰ খেলৰ সময়ত কলকাতাৰ ইডেন গাৰ্ডেনত দৰ্শকক ৭০,০০০ গোঁফ বিতৰণ কৰে। এই উদ্যোগৰ প্ৰতি এডাম গিলক্ৰিষ্ট, গৌতম গম্ভীৰ, শানকে ধৰি আন বহুতো লোকে সমৰ্থন আগবঢ়ায়।

অভিনেতা মহেশ বাবু আৰু ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ২০১৩ চনৰ জুনমাহত এই উদ্যোগত যোগদান কৰে। তেওঁলোক দুয়োজনেই ফাৰহানৰ পিতৃ জাভেদ আখটাৰৰ দ্বাৰা লিখা এটা কবিতা বাণীবদ্ধ কৰিবলৈ কণ্ঠ দান কৰে।[8][9]

প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]

আৰম্ভণিৰ পিছত টুইটাৰ আৰু ফেচবুককে ধৰি বিভিন্ন সামাজিক নেটৱৰ্কিং ছাইটত এই প্ৰচাৰ এক বহুলভাৱে প্ৰচলিত বিষয় হৈ পৰে।[7] এই উদ্যোগটোৱে শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, মহেশ বাবু, অৰ্জুন ৰামপাল, হৃত্বিক ৰোশন, শ্বাহিদ কাপুৰ, বিদ্যা বালান আদিকে ধৰি বহুতো বলিউড অভিনেতাৰ পৰা ইতিবাচক সঁহাৰি আৰু সমৰ্থন লাভ কৰে। আখটাৰৰ টুইটসমূহ প্ৰিয়ংকা চোপ্ৰা, অৰ্জুন ৰামপাল, সোণম কাপুৰ আৰু শ্বাবানা আজমীয়ে সক্ৰিয়ভাৱে ৰিটুইট কৰে। [7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Farhan Akhtar launches campaign against 'rape and discrimination'". The Times of India. Archived from the original on 2013-03-30. https://web.archive.org/web/20130330222419/http://articles.timesofindia.indiatimes.com/2013-03-13/news-interviews/37681387_1_farhan-akhtar-shaadi-ke-side-effects-milkha-singh আহৰণ কৰা হৈছে: 15 March 2013.
  2. "Farhan Akhtar Starts 'MARD' (Men Against Rape and Discrimination)". Business of Cinema. http://businessofcinema.com/news/farhan-akhtar-starts-mard-men-against-rape-and-discrimination/64493 আহৰণ কৰা হৈছে: 15 March 2013.
  3. "Farhan Akhtar to lead campaign against 'rape and discrimination'". Aaj TV. Archived from the original on 6 April 2019. https://web.archive.org/web/20190406075228/http://www.aaj.tv/2013/03/farhan-akhtar-to-lead-campaign-against-%E2%80%98rape-and-discrimination%E2%80%99/ আহৰণ কৰা হৈছে: 15 March 2013.
  4. "Bollywood filmmaker launches 'MARD' campaign against rape, discrimination". 7 Days in Dubai. Archived from the original on 16 March 2013. https://web.archive.org/web/20130316185454/http://www.7daysindubai.com/VIDEO-Bollywood-filmmaker-launches-MARD-campaign/story-18402035-detail/story.html আহৰণ কৰা হৈছে: 15 March 2013.
  5. "Mumbai law graduate Pallavi Purkayastha's killer was driven by lust". The Times of India. 11 August 2012. Archived from the original on 19 October 2012. https://web.archive.org/web/20121019025515/http://articles.timesofindia.indiatimes.com/2012-08-11/mumbai/33152763_1_crime-branch-electrician-power-outage আহৰণ কৰা হৈছে: 15 March 2013.
  6. "Farhan Akhtar tweet". Twitter. https://twitter.com/FarOutAkhtar/statuses/310616849933033472 আহৰণ কৰা হৈছে: 15 March 2013.
  7. 1 2 3 "Farhan Tweets up a MARD storm". India Today. http://indiatoday.intoday.in/story/farhan-akhtar-tweets-up-a-mard-storm/1/257506.html আহৰণ কৰা হৈছে: 15 March 2013.
  8. "Farhan Akhtar’s MARD Campaign; Adam Gilchrist, Gautam Gambhir, Shaan, SRK Sport Moustaches [PHOTOS] - International Business Times". Ibtimes.co.in. http://www.ibtimes.co.in/articles/462083/20130428/mard-farhan-akhtar-shah-rukh-ipl-preity.htm আহৰণ কৰা হৈছে: 2013-06-12.
  9. TNN 9 Jun 2013, 04.00PM IST. "Mahesh, Sachin Tendulkar join hands for MARD". The Times of India. Archived from the original on 2013-06-13. https://web.archive.org/web/20130613102137/http://articles.timesofindia.indiatimes.com/2013-06-09/news-interviews/39849396_1_mahesh-babu-mard-sachin-tendulkar আহৰণ কৰা হৈছে: 2013-06-12.