নগাঁও চিকিৎসা মহাবিদ্যালয়
অৱয়ব
নগাঁও চিকিৎসা মহাবিদ্যালয় | |
---|---|
স্থাপিত | ২০২৩ |
ধৰণ | চিকিৎসা মহাবিদ্যালয় |
অধ্যক্ষ | মিহিৰ কুমাৰ গোস্বামী[1] |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | ডিফলু, ম'হখুলি, নগাঁও, অসম, ভাৰত |
চৌহদ | উপ চহৰাঞ্চল |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ |
ৱেবছাইট | www |
নগাঁও চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Nagaon Medical College and Hospital অসমৰ নগাঁও জিলাৰ মহখুলিত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২৩ চনৰ পৰা কাৰ্যক্ষমতা আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।[2][3]
ইতিহাস
[সম্পাদনা কৰক]ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত এইমছৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[4]
পাঠ্যক্ৰম
[সম্পাদনা কৰক]নগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঁচ বছৰীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক (এম বি বি এছ) ডিগ্ৰী আগবঢ়াব যিটো ভাৰতীয় চিকিৎসা পৰিষদে স্বীকৃতি প্ৰদান কৰিব। মহাবিদ্যালয়খনে নাৰ্চিং, ফাৰ্মাচী, আৰু মেডিকেল লেবৰেটৰী টেকন’লজিৰ বিভিন্ন ডিপ্লমা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদানৰ পৰিকল্পনা কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Dr Mihir Kumar Goswami appointed as new principal of Nagaon Medical College Hospital" (en ভাষাত). The Sentinel. 21 April 2023. https://medicaldialogues.in/state-news/assam/dr-mihir-kumar-goswami-appointed-as-new-principal-of-nagaon-medical-college-hospital-110360। আহৰণ কৰা হৈছে: 30 April 2023.
- ↑ "Assam: National Medical Commission nod to Nagaon Medical College". Times of India. https://timesofindia.indiatimes.com/city/guwahati/assam-national-medical-commission-nod-to-nagaon-medical-college/articleshow/98193809.cms.
- ↑ "Nagaon Medical College and Hospital gets NMC approval". The Sentinel. https://www.sentinelassam.com/topheadlines/nagaon-medical-college-and-hospital-gets-nmc-approval-638730.
- ↑ "১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.com/assam/modi-will-inaugurate-medical-colleges-in-kokrajhar-nagaon-and-nalbari/.