নাছিৰুদ্দিন বুগৰা খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাছিৰুদ্দীন মাহমুদ (বা মহম্মদ) বুগৰা খান (ফাৰ্চী: ناصر الدین بغرا خان) বংগৰ প্ৰাদেশিক শাসক (১২৮১–১২৮৭) আৰু পিছলৈ বংগৰ (কাৰ্য্যতঃ লখনৌতি) স্বতন্ত্ৰ চুলতান (১২৮৭–১২৯১) আছিল। তেওঁ দিল্লীৰ চুলতান গিয়াছুদ্দিন বলবনৰ পুত্ৰ। বংগৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ পঞ্জাৱৰ সমনা আৰু সুমামৰ ৰাজ্যপাল আছিল।[1] বাংলাদেশৰ বগুড়া জিলাৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[2]

ইতিহাস[সম্পাদনা কৰক]

মংগোল আক্ৰমণৰ প্ৰতিৰোধ[সম্পাদনা কৰক]

বুগৰা খানৰ পিতৃ আরু দিল্লীৰ মামলুক চুলতান গিয়াছুদ্দিন বলবনৰ ৰাজত্বকালত (১২৬৬–১২৮৭ খ্ৰীষ্টাব্দ) মঙ্গোল যোদ্ধাসকলে ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম সীমান্তত নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখিছিল। এই সময়ত চুলতান বলবানে তেওঁৰ দুই পুত্ৰ যুৱৰাজ মুহাম্মদ আৰু নাছিৰুদ্দিন বুগৰা খানৰ সৈতে মংগোল আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পঞ্জাৱত অৱস্থান গ্ৰহণ কৰে। যুৱৰাজ মহম্মদ আৰু বুগৰা খানৰ ওপৰত সীমান্ত পহৰা দিয়াৰ মূল দায়িত্ব আছিল, কিন্তু চুলতানে তেওঁলোকৰ নিয়মীয়া কৈ তত্বাৱধান কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ, eds. (2012). "Bangladesh". বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 4 April 2024. 
  2. বগুড়া জেলা পৰিষদ (২০২৩-০৪-০৬). "(বগুড়া) জেলাৰ পটভূমি". www.bogra.gov.bd. Archived from the original on ২০২৩-০৪-০৮. https://web.archive.org/web/20230408195911/http://bogra.gov.bd/bn/site/page/awlT-%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%B0-%E0%A6%AA%E0%A6%9F%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF। আহৰণ কৰা হৈছে: 2023-07-15.