নাজনীন
নাজনীন | |
---|---|
জন্ম | নাজনীন কলিকতা[উদ্ধৃতিৰ প্ৰয়োজন], ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৭২-১৯৯০ |
উল্লেখযোগ্য কৰ্ম | চা-ৰে-গা-মা-পা চলতে চলতে মহাভাৰত |
উচ্চতা | ৫ ফুট ৮ ইঞ্চি (১.৭৩ মিটাৰ) |
নাজনীন (ইংৰাজী: Nazneen) এগৰাকী ভাৰতীয় বলীউড অভিনেত্ৰী। তেওঁ ১৯৭০ আৰু ১৯৮০ ৰ দশক জুৰি অভিনয় জগতত সক্ৰিয় হৈ আছিল। কলিকতাত ১৯৫৮ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা নাজনীনে মাক-দেউতাকৰ সৈতে মুম্বাইলৈ যোৱাৰ আগতে লক্ষ্ণৌত পঢ়িছিল। তেওঁ এটা পাৰ্টিত পৰিচালক সত্যেন বসুৰ সহকাৰীক লগ পোৱাৰ পিছত চা-ৰে-গা-মা-পা (১৯৭২) -ত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ জনপ্ৰিয় চলচ্চিত্ৰ কোৰা কাগজ (১৯৭৪), চলতে চলতে (১৯৭৬) আৰু দিলদাৰ (১৯৭৭) -ত অভিনয় কৰিছিল।[1] নাজনীনে বি আৰ চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক মহাভাৰতত পাণ্ডৱ ভাতৃসকলৰ মাতৃ কুন্তী দেৱী ৰ ভূমিকাত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]এটা মুছলমান পৰিয়ালত নাজনীনৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ এটা প্ৰিণ্টিং প্ৰেছ আছিল। তেওঁ হিল গ্ৰেঞ্জ হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[2] অভিনেত্ৰী নীতু সিঙো তেওঁ পঢ়া সেই একেখনি বিদ্যালয়তে পঢ়িছিল। নীতুৱে নাজনীনক দুপৰীয়াৰ আহাৰৰ বাবে তেওঁৰ মাকৰ ফ্লেটলৈ নিমন্ত্ৰণ কৰিছিল।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]নাজনীনে এবাৰ তেওঁৰ এজন আত্মীয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানলৈ গৈছিল, য’ত তেওঁ প্ৰযোজক ইউছুফ টিন্দাৰৱাজাৱাল্লা (Yusuf Teendarwajawalla) আৰু পৰিচালক সত্যেন বসুক লগ পায়৷ ইউছুফ টিন্দাৰৱাজাৱাল্লা “মেৰে হামচফাৰ” (১৯৭০) নামৰ চলচ্চিত্ৰখনৰ নিৰ্মাতা আছিল৷ পৰিচালক সত্যেন বসুৱে নাজনীনক তেওঁ পৰিচালনা কৰা চা-ৰে-গা-মা-পা (১৯৭২) চলচ্চিত্ৰত এটা চৰিত্ৰৰ ভূমিকাত অভিনয় কৰিবলৈ সুযোগ দিছিল আৰু নাজনীনে তাত কাম কৰিবলৈ স্বাক্ষৰ কৰিছিল।[2]
নাজনীনে পৰিচালক সত্যেন বসুৰ আৰু দুখন চলচ্চিত্ৰৰ বাবে স্বাক্ষৰ কৰিছিল যদিও সেইয়া কেতিয়াও নিৰ্মাণ কৰা নহ’ল। কিন্তু প্ৰবীণ পৰিচালকৰ অধীনত কাম কৰাটোৱে তেওঁক বহুত সহায় কৰিছিল। সত্যেন বসুৱে নাজনীনক এটা স্ক্ৰীণ নাম দিব বিচাৰিছিল। তেওঁ সুপৰ্ণাক পৰামৰ্শ দিছিল, আৰু তাৰ পিছত কোনোবাই সোণালীক পৰামৰ্শ দিছিল। অৱশ্যে তেওঁ নিজেই নিজৰ নাজনীন নামটোকে বাছি লৈছিল।[2]
১৯৭৪ চনৰ ১০ মেত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ কোৰা কাগাজত তেওঁ অভিনয় কৰে, য’ত তেওঁ সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিছিল। ছবিখনত তেওঁ জয়া বচ্চনৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। কোৰা কাগজৰ পিছত তেওঁ কেইখনমান চলচ্চিত্ৰৰ বাবে প্ৰস্তাৱ পাইছিল, কিন্তু কোৰা কাগজত অভিনয় কৰাৰ পিছত তেওঁক সকলোৱে কৈছিল “এগৰাকী ভগ্নীৰ এক সুন্দৰ চৰিত্ৰ আছিল” (“there was a wonderful role of a sister”)৷ ১৯৭৬ চনত অনুষ্ঠিত এক সাক্ষাৎকাৰত নাজনীনে কয়, “তেওঁলোক সকলোৱে ভাবিছিল যে মই কেৱল গুডী-গুডী চৰিত্ৰৰ বাবেহে ভাল” (“They all thought I was good only for goody-goody roles”)৷[2] নাজনীনে সেই সকলোবোৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল; আৰু তেওঁ ইতিমধ্যে কেইখনমান “বি” ক্লাচ চলচ্চিত্ৰত মুখ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ “বি” ক্লাচ চলচ্চিত্ৰসমূহৰ প্ৰযোজকসকলে নাজনীনক কৈছিল যে, যদি তেওঁ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হ’লহেঁতেন তেন্তে তেওঁলোকৰ চলচ্চিত্ৰসমূহে বক্স অফিচত ক্ষতিগ্ৰস্ত হ’লহেঁতেন৷[2]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]- চা-ৰে-গা-মা-পা (১৯৭২)
- মেৰে গাৰিব নাৱাজ (১৯৭৩)
- নিৰ্দোষ (১৯৭৩)
- নয়া দিন নয়ী ৰাত (১৯৭৪)
- কোৰা কাগজ (১৯৭৪)
- ৰাঙ্গে খুচ (১৯৭৫)
- চলতে চলতে (১৯৭৬)
- ফৌজী (১৯৭৬)
- য়াৰি জিন্দাবাদ (১৯৭৬)
- চালু মেৰা নাম (১৯৭৭)
- দিলদাৰ (১৯৭৭)
- হাইৱান (১৯৭৭)
- বিন ফেৰে হাম তেৰে (১৯৭৯)
- এডভেনজাৰছ্ অৱ আলাদ্দিন (১৯৭৯)
- অহ্ বেৱাফা (১৯৮০)
- এক দুজে কে লিয়ে (১৯৮১)
- এক হী ভুল (১৯৮১)
- খুডা কচম (১৯৮১)
- ৱাক্ত কী দেৱাৰ (Waqt ki Dewar) (১৯৮১)
- চম্বাল কে দাকু (১৯৮২)
- দো উস্তাদ (১৯৮২)
- সেখৰ মেৰা নাম (১৯৮৩)
- আদামসুৰ (১৯৮৬)
নাজনীনে ১৯৮৮ চনৰ টেলিভিছন ধাৰাবাহিক মহাভাৰতত কুন্তী দেৱী (কৰ্ণ আৰু পাণ্ডৱ ভাতৃসকলৰ মাতৃ) -ৰ ভূমিকাতো অভিনয় কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ T.M. Ramachandran (1978). Film World Volume 14.
- ↑ 2.0 2.1 2.2 2.3 2.4 Nazneen - Interview I (1976) on Cineplot
- ↑ Nazneen - Interview II (1978) on Cineplot
- ↑ "Nazneen – Profile". cineplot.com. http://cineplot.com/nazneen/। আহৰণ কৰা হৈছে: 13 March 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নাজনীন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।