নাটো
স্থানাংক: 50°52′34.16″N 4°25′19.24″E / 50.8761556°N 4.4220111°E
North Atlantic Treaty Organization Organisation du Traité de l'Atlantique Nord (NATO / OTAN) | |
---|---|
![]() Flag of NATO[1] | |
![]() NATO countries shown in green | |
প্ৰতিষ্ঠা | 4 April 1949 |
ধৰণ | Military alliance |
প্ৰধান কাৰ্যালয় | Brussels, Belgium |
সদস্যপদ | |
আনুষ্ঠানিক ভাষা | English French[2] |
Secretary General | Anders Fogh Rasmussen |
Chairman of the NATO Military Committee | Knud Bartels |
ৱেবছাইট | nato.int |
নাটো (North Atlantic Treaty Organisation) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়। ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়। ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে।
নাটোৰ সদস্য দেশসমূহ[সম্পাদনা কৰক]
বেলজিয়াম, বুলগেৰিয়া, কানাডা, চেক গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে, পোলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লোভেনিয়া, স্পেইন, তুৰ্কী, গ্ৰেট, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।
এই দেশসমূহৰ মাজত সন্ধি চুক্তি অনুযায়ী ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰে নাটো চুক্তিৰ অন্তৰ্ভুক্ত দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাই হৈছে নাটোৰ মূল উদ্দেশ্য। সকলো সদস্যই সেনা আৰু অস্ত্ৰৰ যোগান ধৰাত বৰঙনি যোগাই আহিছে যিয়ে একেলগে নাটোৰ সামৰিক গঠন সুদৃঢ় কৰি তুলিছে। এই সেনাবাহিনী আৰু সম্পদ জাতীয় আদেশ আৰু নিয়ন্ত্ৰণৰ অধীনত থাকে আৰু প্ৰয়োজন অনুযায়ী (ৰাজনৈতিক জটিলতা বা বিবাদ, শান্তিৰক্ষা)নাটোক এই সেনাবাহিনীৰ আৱশ্যক হয়। নাটোৰ কাৰ্য্যালয়ৰ ভাষা দুটা হৈছে ইংৰাজী আৰু ফৰাচী। ইয়াৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰুছেলছত।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "The official Emblem of NATO". NATO. Archived from the original on 27 May 2012. https://archive.is/WTY4। আহৰণ কৰা হৈছে: 20 February 2008.
- ↑ "English and French shall be the official languages for the entire North Atlantic Treaty Organization.", Final Communiqué following the meeting of the North Atlantic Council on 17 September 1949. "(..) the English and French texts [of the Treaty] are equally authentic (...)" The North Atlantic Treaty, Article 14
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত নাটো সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সংগ্ৰহিত বা-বাতৰি
- নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তব্য আল জাজিৰা ইংলিছত
- নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তব্য Dawn (বাতৰি কাকত)ত
- নাটো সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা গাৰ্জেনত
- নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা নিউয়ৰ্ক টাইমছৰ সৌজন্যত
- নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৌজন্যত
- ঐতিহাঁহিক চলচ্চিত্ৰপঞ্জী
- এই চুটি চলচ্চিত্ৰখন Big Picture: Why NATO? ইণ্টাৰনেট আৰ্কাইভত বিনামূলীয়া ডাউনল’ডৰ বাবে উপলদ্ধ[অধিক]
- এই চুটি চলচ্চিত্ৰখন Big Picture: NATO Maneuvers ইণ্টাৰনেট আৰ্কাইভত বিনামূলীয়া ডাউনল’ডৰ বাবে উপলদ্ধ[অধিক]
|