নিতুন কুণ্ডু
নিতুন কুণ্ডু | |
---|---|
স্থানীয় নাম | নিতুন কুণ্ডু |
জন্ম | ৩ ডিচেম্বৰ, ১৯৩৫ দিনাজপুৰ জিলা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশ) |
মৃত্যু | ১৫ ছেপ্টেম্বৰ, ২০০৬ (৭০ বছৰ) ঢাকা, বাংলাদেশ |
পেচা | ভাস্কৰ্য শিল্পী, চিত্ৰশিল্পী আৰু উদ্যোগী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | একুশে পদক |
নিত্য গোপাল কুণ্ডু (ইংৰাজী: Nitya Gopal Kundu; ৩ ডিচেম্বৰ ১৯৩৫ – ১৫ ছেপ্টেম্বৰ ২০০৬) আছিল এজন বাংলাদেশী শিল্পী, ভাস্কৰ্য শিল্পী আৰু উদ্যোগী।[1][2] ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত কুণ্ডুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[3] তেওঁ অটবি নামৰ এটা আচবাবৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল।[4]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]বাংলাদেশৰ দিনাজপুৰ জিলাত কায়স্থ পিতৃ-মাতৃ জ্ঞানেন্দ্ৰনাথ কুণ্ডু আৰু বীনাপাণি কুণ্ডুৰ ঘৰত নিতুনে জন্মগ্ৰহণ কৰিছিল।[5] সাতগৰাকী সন্তানৰ ভিতৰত তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল। ফাল্গুনি কুণ্ডুৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ অমিতি নামৰ এগৰাকী কন্যা আৰু অনিমেশ নামৰ এজন পুত্ৰ আছে।[6]
শিক্ষা আৰু প্ৰাৰম্ভিক কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫৯ চনত ঢাকা আৰ্ট কলেজ (বৰ্তমান ইনষ্টিটিউট অৱ ফাইন আৰ্টছ)ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[7] কুণ্ডুৱে ১৯৭১ চনৰ আগৰ বছৰবোৰত ঢাকাৰ ইউনাইটেড ষ্টেটছ ইনফৰ্মেচন চাৰ্ভিচ (ইউএছআইএছ)ত প্ৰদৰ্শনী আৰু গ্ৰাফিক্স ডিজাইন কৰি কাম কৰিছিল।[8]
মুক্তিযুদ্ধ
[সম্পাদনা কৰক]বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত কুণ্ডুৱে শিল্পী কোৱামৰুল হাছানৰ সৈতে মুজিবনগৰস্থিত বাংলাদেশ চৰকাৰৰ নিৰ্বাসিত জনসংযোগ বিভাগত কাম কৰিছিল। হাছানৰ লগতে দেৱদাস চক্ৰৱৰ্তী, নাছিৰ বিশ্বাস, প্ৰাণেশ মণ্ডল আৰু বীৰেণ শ্বোমেৰ উল্লেখযোগ্য শিল্পীৰ দলবোৰৰ সহযোগত; কুণ্ডুৱে নৱগঠিত মুক্তিবাহিনীক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে অসংখ্য পোষ্টাৰ আৰু অন্যান্য শিল্পকৰ্মৰ জৰিয়তে পাকিস্তান সেনাই বাংলাদেশৰ জনসাধাৰণৰ ওপৰত চলাই থকা গণহত্যাৰ বিপৰীতে সজাগতা সৃষ্টি কৰিছিল।
এই সময়ছোৱাতে তেওঁ দুখন পোষ্টাৰ ডিজাইন কৰিছিল যিবোৰ যুদ্ধকালীন সময়ত নিৰ্মিত আটাইতকৈ স্বীকৃতিপ্ৰাপ্ত শিল্পকৰ্মৰ ভিতৰত পৰে।[9] সেইবোৰৰ শিৰোনাম আছিল সদা জাগ্ৰতা বাংলাৰ মুক্তি বাহিনী আৰু বাংলাৰ হিন্দু, বাংলাৰ বৌদ্ধ, বাংলাৰ খ্ৰীষ্টান, বাংলাৰ মুছলমান; আমৰা সবাই বাঙালী।
মুক্তিযুদ্ধক প্ৰেৰণা হিচাপে লৈ মুক্তিবাহিনীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই কুণ্ডুৱে তেওঁৰ বিখ্যাত ভাস্কৰ্য্য শ্বাবাছ বাংলাদেশৰ ৰচনা কৰিছিল। এইখন বৰ্তমান বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত।[10]
উদ্যোগী
[সম্পাদনা কৰক]১৯৭৫ চনত বিট’পি নামৰ বিজ্ঞাপন সংস্থাত কিছুদিন কাম কৰাৰ পিছত কুণ্ডুৱে নিজাকৈ নিজৰ নক্সাৰ বৈশিষ্ট্যযুক্ত আচবাবৰ কোম্পানী অটবি স্থাপন কৰিছিল। তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে অটবি বাংলাদেশৰ আটাইতকৈ বিশিষ্ট আচবাব ব্ৰেণ্ডত পৰিণত হয়। প্ৰাৰম্ভিকভাৱে ৫০০০ টকীয়া বিনিয়োগেৰে তেওঁ কোম্পানীটো আৰম্ভ কৰিছিল।[9]
উল্লেখযোগ্য কৰ্মৰাজি
[সম্পাদনা কৰক]কুণ্ডুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰাষ্ট্ৰপতি গ'ল্ড কাপ, নতুন কুঁড়ি বঁটা, এছিয়া ক্ৰিকেট কাপ, একুশে পদককে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় ট্ৰফী নিৰ্মাণ কৰিছিল।
তেওঁৰ কিছুমান উল্লেখযোগ্য ৰচনা হ'ল-
- সদা জাগ্ৰতা বাংলাৰ মুক্তিবাহিনী (পোষ্টাৰ)
- আমৰা সবাই বাংলা (পোষ্টাৰ)
- বাংলাৰ বীৰ মুক্তিযোদ্ধা (পোষ্টাৰ)
- শ্বাবাছ বাংলাদেশ (ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ ভাস্কৰ্য্য)[3]
- ঢাকাৰ কাৰৱান বজাৰত থকা ছাৰ্ক ফোঁৱাৰা
- ফোঁৱাৰা, ঢাকা উচ্চ ন্যায়ালয়, ঢাকা
- সম্পান, শ্বাহ আমানত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, চট্টগ্ৰাম
- কদম ফাউণ্টেইন, নেচনেল প্ৰেছ ক্লাব, ঢাকা
মৃত্যু
[সম্পাদনা কৰক]২০০৬ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে শুকুৰবাৰে পুৱা ঢাকাৰ ইব্ৰাহিম মেম’ৰিয়েল কাৰ্ডিয়াক চেণ্টাৰত বৃদ্ধাৱস্থাৰ জটিলতাৰ বাবে কুণ্ডুৰ মৃত্যু হয়।[11]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- একুশে পদক (১৯৯৭)
- দৈনিক ষ্টাৰ-ডি এইচ এল শ্ৰেষ্ঠ উদ্যোগী বঁটা
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ৰাষ্ট্ৰপতি গ'ল্ড কাপ
- নতুন কুঁড়ি বঁটা (বাংলাদেশ টেলিভিছন)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Nitun Kundu's 81st birthday observed". Dhaka Courier (Dhaka). 2016-12-08. Archived from the original on 2019-10-25. https://web.archive.org/web/20191025082046/http://old.dhakacourier.com.bd/nitun-kundus-81st-birthday-observed/.
- ↑ Ahmed, Farid (2006-09-14). "The OTOBI man's legacy". Bdnews24 (Dhaka). Archived from the original on 2019-10-25. https://web.archive.org/web/20191025082035/https://bdnews24.com/bangladesh/2006/09/14/the-otobi-man-s-legacy.
- ↑ 3.0 3.1 Jahangir, Mohammad (2013-09-04). "Nitun Kundu A multi-dimensional personality". The Daily Star (Dhaka). https://www.thedailystar.net/news/nitun-kundu-a-multi-dimensional-personality.
- ↑ "Artist Nitun Kundu passes away". The Daily Star. 16 September 2015. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402182401/http://archive.thedailystar.net/2006/09/16/d6091601044.htm.
- ↑ "Nitun Kundu". Daily Asian Age (Dhaka). 2018-12-03. https://dailyasianage.com/news/152164/nitun-kundu.
- ↑ Karim, Elita (2007-12-07). "A True Visionary". The Daily Star. Archived from the original on 2019-10-21. https://web.archive.org/web/20191021003743/http://archive.thedailystar.net/magazine/2007/12/01/cover.htm.
- ↑ Hossain, Takir. "Liberation War in art". The Daily Star. Archived from the original on 11 July 2015. https://web.archive.org/web/20150711035340/http://archive.thedailystar.net/newDesign/news-details.php?nid=118388.
- ↑ Kristula, Michael (December 2012). "Nitun Kundu: A Success". Foreign Service Journal: 34. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304035840/http://www.afsa.org/sites/default/files/flipping_book/1212/files/assets/seo/page34.html। আহৰণ কৰা হৈছে: 8 November 2015.
- ↑ 9.0 9.1 "Nitun Kundu: Our role model". The Daily Star. Archived from the original on 11 July 2015. https://web.archive.org/web/20150711042022/http://archive.thedailystar.net/newDesign/news-details.php?nid=202741.
- ↑ Mirdha, Refayet Ullah. "The 75,000 taka bed". The Daily Star. Archived from the original on 11 July 2015. https://web.archive.org/web/20150711073904/http://archive.thedailystar.net/newDesign/news-details.php?nid=24994.
- ↑ "Nitun Kundu dead". Bdnews24 (Dhaka). 2006-09-14. Archived from the original on 2019-10-25. https://web.archive.org/web/20191025083313/https://bdnews24.com/bangladesh/2006/09/14/nitun-kundu-dead.