নিত্যানন্দ সেনাপতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিত্যানন্দ সেনাপতি
জন্ম ১৯৪৪ , ১
নাহৰবাৰী, লখিমপুৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

নিত্যনন্দ সোনাপতি (ইংৰাজী: Nityananda Senapati) হৈছে এগৰাকী প্ৰবন্ধকাৰ, নাট্যকাৰ। তেখেতৰ ঘৰ লখিমপুৰ জিলাৰ নাওবৈচাত৷[1] তেখেত বৃত্তিত এগৰাকী অধ্যাপক আছিল৷[2] তেখেত নাওবৈচা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ নাওবৈচা শাখা সাহিত্য সভাৰ লগতে জিলা সাহিত্য সভাৰো উপ-সভাপতি আৰু পাছলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৪৪ চনৰ ১ জানুৱাৰীত, লখিমপুৰ জিলাৰ নাহৰবাৰী অঞ্চলত৷ পিতৃৰ নাম জজ্ঞৰাম সেনাপতি আৰু মাতৃৰ নাম যোগেশ্বৰী সেনাপতি৷

শিক্ষা[সম্পাদনা কৰক]

  • প্ৰাথমিক বিদ্যালয়ঃ লথৌ প্ৰাথমিক বিদ্যালয়
  • মাধ্যমিক শিক্ষাঃ লথৌ এম.ভি স্কুল, ১৯৫৫
  • হাইস্কুল শিক্ষাঃ নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়, ১৯৬০
  • স্নাতকঃ নৰ্থ লখিমপুৰ কলেজ, অসমীয়া বিভাগ

চাকৰি জীৱন[সম্পাদনা কৰক]

১৯৬৪ চনত কিছুদিনৰ বাবে লথৌ এম.ভি স্কুলত শিক্ষকতা কৰাৰ পাছত ১৯৬৫ চনত ৰহালী মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে পাঁচবছৰ কাল ধৰি শিক্ষকতা কৰে৷ তাৰ পাছত নাওবৈচা হাইস্কুল (বৰ্তমানৰ হায়াৰছেকেণ্ডৰী)ত শিক্ষক হিচাপে শিক্ষকতা কৰি তাৰ অধ্যক্ষ হিচাপে ২০০১ চনত অৱসৰ গ্ৰহণ কৰে৷

সাহিত্যৰাজি[সম্পাদনা কৰক]

প্ৰবন্ধ সংকলন[সম্পাদনা কৰক]

  • গোপন চকুলো, গল্প আৰু প্ৰবন্ধৰ সংকলন[3]
  • প্ৰবন্ধ সঁফুৰা
  • নাওবৈচাৰ অতীত আৰু বৰ্তমান (নাওবৈচাৰ বৰ্নিল ইতিহাস), ২০২২

উপন্যাস[সম্পাদনা কৰক]

  • আহত গুঞ্জন
  • মাজ নিশাৰ উচুপনি
  • মোৰ প্ৰেম চিগাৰেটৰ ধোৱাৰ দৰে

নাট্য সংকলন[সম্পাদনা কৰক]

  • গুটিমালি
  • শেৱালিৰ সুবাস

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • লখিমপুৰ জিলাৰ কৃতি শিক্ষকৰ বঁটা, ২০০১[4]
  • Best Writer in Assam by Media Federation of India, 2019
  • আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলশ্বিপ বঁটা, ২০১৯
  • সাহিত্যৰত্ন খিতাপ ‘শংকৰ-আজান সমন্বয় বঁটা, ২০১৯
  • ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ডছ, ‘সাহিত্যজ্যোতি খিতাপ’, ২০১৮
  • আন্তঃৰাষ্ট্ৰীয় দুনীৰ্তি বিৰোধী দিৱস ও শূণ্য সহনশীল বিশেষ বঁটা, ২০২০

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. প্ৰবন্ধ সঁফুৰা, প্ৰবন্ধ সংকলন, প্ৰথম প্ৰকাশ, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১
  2. শেৱালিৰ সুবাস, নাট্য সংকলন, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১
  3. প্ৰবন্ধ সঁফুৰা, প্ৰবন্ধ সংকলন, প্ৰথম প্ৰকাশ, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১
  4. শেৱালিৰ সুবাস, নাট্য সংকলন, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১