সমললৈ যাওক

নিমিষা ছাজায়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিমিষা ছাজায়ন

নিমিষা ছাজায়নৰ এখন মুখছবি
জন্ম ৪ জানুৱাৰী, ১৯৯৭ (২৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৭–বৰ্তমান

নিমিষা ছাজায়ন (ইংৰাজী: Nimisha Sajayan, জন্ম: ৪ জানুৱাৰী ১৯৯৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে প্ৰধানকৈ মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। দিলীশ পোথানৰ দ্বাৰা পৰিচালিত 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'ৰ জৰিয়তে তেখেতে অভিষেক ঘটায়।[1] 'অৰো কোপ্ৰাচিধা পায়ান' আৰু 'চোলা' নামৰ ছবি দুখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে নিমিষা ছাজায়নলৈ ২০১৮ চনত কেৰালা ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নিমিষাৰ জন্ম হৈছিল বোম্বাইত। পিতৃ ছাজায়ন এগৰাকী অভিযন্তা। আনহাতে মাতৃ হৈছে বিন্ধু ছাজায়ন। তেওঁলোক জন্মসূত্ৰে কেৰালাৰ কোল্লাম জিলাৰ। নিমিষাৰ মাতৃৰ পৈতৃক ঘৰ কোল্লাম জিলাৰ পুনালোৰত অৱস্থিত।[2]

মুম্বাইত থকা কাৰ্মেল কনভেণ্ট বিদ্যালয়ৰ পৰা নিমিষাই প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে মুম্বাইস্থিত কেজে ছোমায়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে।[3] নিমিষা টায়কোৱাণ্ডুত ব্লেকবেল্টপ্ৰাপ্ত। টায়কোৱাণ্ডুৰ বহুকেইখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিমিষাই মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে, অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই নিমিষাই ব্লেক বেল্ট অৰ্জন কৰিছিল।[4]

অভিনয়-জীৱন

[সম্পাদনা কৰক]

'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' নামৰ ছবিখনত পোনপ্ৰথমবাৰৰ বাবে নিমিষাক দেখা যায়। ছবিখনৰ পৰিচালক আছিল দিলীশ পোথান। ছবিখনত নিমিষাই শ্ৰীজা নামৰ শীৰ্ষ চৰিত্ৰটি ৰূপায়ণ কৰে।[5] পৰৱৰ্তী সময়ত নিমিষাই বি.অজিতকুমাৰৰ অভিষেককাৰী ছবি "ইড়া"তো মুখ্য চৰিত্ৰত অৱতীৰ্ণ হয়। ছবিখনৰ প্ৰযোজক আছিল ৰাজীৱ ৰবি।[6][7]

'অৰো কোপ্ৰাচিধা পায়ান' আৰু 'চোলা' নামৰ ছবি দুখনৰ বাবে নিমিষাই ২০১৯ চনত অনুষ্ঠিত হোৱা ৪৯সংখ্যক কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। ছবি দুখনৰ পৰিচালক আছিল যথাক্ৰমে মধুপাল আৰু সানাল কুমাৰ শশীধৰণ।[8] 'চ'লা' নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবেও নিমিষাই কিছুপৰিমাণে খ্যাতি অৰ্জন কৰে। এই ছবিখনৰ প্ৰিমিয়াৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হৈছিল।[9]

২০২১ বৰ্ষত নিমিষাই "দ্য গ্ৰেট ইণ্ডিয়ান কিটছেন" নামৰ ছবিখনত এটি শক্তিশালী চৰিত্ৰ ৰূপায়ণ কৰে। চৰিত্ৰটো আছিল এগৰাকী নৱবিবাহিতা যুৱতীৰ। নতুন ঘৰখনত নিজ স্বামী আৰু পৰিয়ালৰ আনসকল সদস্যৰ দ্বাৰা সমুখীন হোৱা প্ৰত্যাহ্বানৰ লগত এইগৰাকী যুৱতীয়ে কিদৰে মোকাবিলা কৰে, তাকেই ছবিখনত উপস্থাপন কৰা হয়। ছবিখনৰ লগতে নিমিষাৰ অভিনয়-শৈলীকো সমালোচকসকলে প্ৰশংসা কৰে।[10] 'হিন্দুস্তান টাইমছ'ত হৰিচৰণ পুডিপেৰিয়ে নিমিষাৰ অভিনয়ৰ প্ৰশংসা কৰি কয় যে-"ছবিখনৰ শীৰ্ষ অভিনেত্ৰী নিমিষা ছাজায়ন অবিশ্বাস্যভাৱে পতিয়নযোগ্য। "[11] একেটা বৰ্ষতে নিমিষাই 'নায়াট্টু' আৰু 'মালিক' নামৰ ছবি দুখনত অভিনয় কৰে। দুয়োখন ছবিয়েই সমালোচকৰ মাজত সমাদৃত। নিমিষাৰ পৰৱৰ্তী ছবিসমূহ হৈছে 'থোৰামুখম' আৰু 'অৰ’ থেক্কান থল্লু কেচ'।[12]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বঁটা আৰু মনোনয়নৰ তালিকা
পুৰস্কাৰ বৰ্ষ শিতান কৰ্ম ফলাফল
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা২০১৯শ্ৰেষ্ঠ অভিনেত্ৰী'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'
চ'লা
বিজয়ী[13]
কেৰালা ছবি সমালোচক সন্থা বঁটা২০১৯শ্ৰেষ্ঠ অভিনেতা (মহিলা)'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'বিজয়ী[14]
ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য২০১৮শ্ৰেষ্ঠ অভিনেত্ৰী-মালয়ালম'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'মনোনীত[15]
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা২০১৮শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – মালয়ালম'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'বিজয়ী[16]
শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালমমনোনীত[17]
এছিয়ানেট চলচ্চিত্ৰ বঁটা২০১৮শ্ৰেষ্ঠ অভিনেত্ৰী'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'মনোনীত
২০১৯শ্ৰেষ্ঠ তাৰকাযুটি (শ্বানে নিগমৰ লগত)'ইড়া'বিজয়ী
শ্ৰেষ্ঠ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেত্ৰী'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'মনোনীত
ৱনিতা চলচ্চিত্ৰ বঁটা২০১৮শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'বিজয়ী[18]
মেলবোৰ্ণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ২০২১শ্ৰেষ্ঠ প্ৰদৰ্শন (মহিলা)'দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন'মনোনীত[19]
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সন্মানীয় উল্লেখ (পূৰ্ণদৈৰ্ঘ্যৰ ছবি)বিজয়ী[20]
মুভি ষ্ট্ৰিট চলচ্চিত্ৰ উৎকৃষ্টতা বঁটা২০১৮শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'বিজয়ী[21]
২০১৯শ্ৰেষ্ঠ অভিনেত্ৰী'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'বিজয়ী
টৰণ্টো আন্তঃৰাষ্ট্ৰীয় দক্ষিণ এছীয় চলচ্চিত্ৰ বঁটা২০১৯শ্ৰেষ্ঠ নৱাগতা'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'বিজয়ী[22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Newbie Nimisha Sajayan is the lead lady in Thondimuthalum Driksakshiyum". Archived from the original on 2017-06-29. https://web.archive.org/web/20170629045536/http://www.newindianexpress.com/entertainment/malayalam/2017/may/25/newbie-nimisha-sajayan-is-the-lead-lady-in-thondimuthalum-driksakshiyum-1608688.html.
  2. "Nimisha Sajayan reminisces about her childhood home". On Manorama. 12 November 2018. https://english.manoramaonline.com/lifestyle/decor/2018/11/12/nimisha-sajayan-reminisces-her-sweet-childhood-home.html আহৰণ কৰা হৈছে: 13 November 2018.
  3. "Mumbai girl Nimisha Sajayan bags honours at Kerala State Film Awards". Media Eye News. Archived from the original on 2021-09-03. https://web.archive.org/web/20210903092204/https://mediaeyenews.com/index.php/media/detailmedia/Mumbai-girl-Nimisha-Sajayan-bags-honours-at-Kerala-State-Film-Awards--.
  4. നമ്മൾ കാണുന്ന ആളല്ല നിമിഷ; അറിയാം ആ ഫിറ്റ്നസ് സീക്രട്ടുകൾ
  5. Sreeja of Thondimuthalum Driksakshiyum is one of us
  6. Soman, Deepa (13 July 2017). "Nimisha Sajayan plays a college student in 'Eeda'". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/nimisha-sajayan-plays-a-college-student-in-eeda/articleshow/59562600.cms আহৰণ কৰা হৈছে: 12 November 2017.
  7. Soman, Deepa (6 October 2017). "Shane Nigam - Nimisha Sajayan film 'Eeda' poster shows their interesting chemistry in the film!". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/shane-nigam-nimisha-sajayan-film-eeda-poster-shows-their-interesting-chemistry-in-the-film/articleshow/60957875.cms আহৰণ কৰা হৈছে: 12 November 2017.
  8. I am trying to break stereotypes in portrayal of women, says Nimisha Sajayan
  9. "Chola to be screened at Geneva International Film festival - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/chola-to-be-screened-at-geneva-international-film-festival/articleshow/71578294.cms আহৰণ কৰা হৈছে: 2021-07-16.
  10. "The Great Indian Kitchen review: Powerful film on patriarchy and men-governed traditions" (en ভাষাত). Hindustan Times. 2021-01-16. https://www.hindustantimes.com/entertainment/the-great-indian-kitchen-review-powerful-film-on-patriarchy-101610792874537.html আহৰণ কৰা হৈছে: 2021-07-16.
  11. https://www.hindustantimes.com/entertainment/the-great-indian-kitchen-review-powerful-film-on-patriarchy-101610792874537.html
  12. "Biju Menon, Nimisha Sajayan to lead Oru Thekkan Thallu Case". The New Indian Express. https://www.newindianexpress.com/entertainment/malayalam/2021/jul/14/biju-menon-nimisha-sajayan-to-lead-oru-thekkan-thallu-case-2330147.html আহৰণ কৰা হৈছে: 2021-07-16.
  13. "Kerala State Film Awards 2019: Winners list". The Indian Express. 27 February 2019. https://indianexpress.com/article/entertainment/malayalam/kerala-state-film-awards-2019-winners-list/ আহৰণ কৰা হৈছে: 28 April 2021.
  14. "Kerala State Film Awards 2019: Jayasurya, Nimisha Sajayan and others win big". India Today. 28 July 2019. https://www.indiatoday.in/movies/regional-cinema/story/kerala-state-film-awards-2019-jayasurya-nimisha-sajayan-and-other-win-big-1574504-2019-07-28 আহৰণ কৰা হৈছে: 28 April 2021.
  15. "Nominations for the 65th Jio Filmfare Awards (South) 2018". Filmfare. 4 June 2018. https://www.filmfare.com/features/nominations-for-the-65th-jio-filmfare-awards-south-2018_-28652.html আহৰণ কৰা হৈছে: 28 April 2021.
  16. "SIIMA Awards: Here are the winners from Malayalam". Malayala Manorama. 15 September 2018. https://english.manoramaonline.com/entertainment/entertainment-news/2018/09/15/siima-awards-malayalam-winners-list.html আহৰণ কৰা হৈছে: 28 April 2021.
  17. "SIIMA Awards 2018 nominations". Firstpost. 16 August 2018. https://www.firstpost.com/entertainment/siima-awards-2018-nominations-vijays-mersal-leads-with-nine-nods-followed-by-vikram-vedha-4976241.html আহৰণ কৰা হৈছে: 28 April 2021.
  18. "വനിത ഫിലിം അവാര്‍ഡ് 2018: ഫഹദ് മികച്ച നടൻ, മഞ്ജു വാരിയർ, പാർവതി മികച്ച നടിമാർ [Women's Film Award 2018: Fahadh Best Actor, Manju Warrier and Parvathy Best Actress]" (Malayalam ভাষাত). Malayala Manorama. 27 February 2018. https://www.manoramaonline.com/news/latest-news/2018/02/25/vanita-film-awards-2018-live-updates.html আহৰণ কৰা হৈছে: 28 April 2021.
  19. "Nimisha Sajayan in the race for Best Actress in IFFM 2021". https://www.thehindu.com/entertainment/movies/suriyas-soorarai-pottru-vidya-balans-sherni-lead-nominations-at-iffm-awards-2021/article35739503.ece/amp/?amp_js_v=a6&amp_gsa=1&usqp=mq331AQKKAFQArABIIACAw%3D%3D#aoh=16294754687356&referrer=https%3A%2F%2Fwww.google.com&amp_tf=From%20%251%24s&ampshare=https%3A%2F%2Fwww.thehindu.com%2Fentertainment%2Fmovies%2Fsuriyas-soorarai-pottru-vidya-balans-sherni-lead-nominations-at-iffm-awards-2021%2Farticle35739503.ece.
  20. "Nimisha Sajayan gets honourable mention for her performance in the film The Great Indian Kitchen". https://www.thehansindia.com/amp/cinema/bollywood/iffm-2021-awards-check-out-the-complete-winners-list-702598?amp_js_v=a6&amp_gsa=1&usqp=mq331AQKKAFQArABIIACAw%3D%3D#aoh=16294754687356&referrer=https%3A%2F%2Fwww.google.com&amp_tf=From%20%251%24s&ampshare=https%3A%2F%2Fwww.thehansindia.com%2Fcinema%2Fbollywood%2Fiffm-2021-awards-check-out-the-complete-winners-list-702598.
  21. "Fahadh, Manju, Aishwarya corner Movie Street film excellence awards". Malayala Manorama. 5 February 2018. https://www.onmanorama.com/entertainment/entertainment-news/2018/02/05/fahadh-manju-aishwarya-corner-movie-street-film-excellence-awards.html আহৰণ কৰা হৈছে: 28 April 2021.
  22. "Winners TISFA 2019". Toronto International South Asian Film Awards. Archived from the original on 26 May 2020. https://web.archive.org/web/20200526185120/http://tisfa.ca/winners-2019/ আহৰণ কৰা হৈছে: 28 April 2021.