নেইনা দেৱী
নেইনা দেৱী | |
---|---|
জন্মৰ নাম | নিলীনা সেন |
জন্ম | ২৭ ছেপ্টেম্বৰ, ১৯১৭ কলকাতা, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১ নৱেম্বৰ, ১৯৯৩ (৭৬ বছৰ) কলকাতা |
সংগীতৰ প্ৰকাৰ | হিন্দুস্থানী শাস্ত্ৰীয় সংগীত |
পেচা | কণ্ঠশিল্পী, সংগীত প্ৰযোজক, কলা নিৰ্দেশক |
কাৰ্যকাল | ১৯৫০-১৯৯৩ |
নেইনা দেৱী (ইংৰাজী: Naina Devi; ২৭ ছেপ্টেম্বৰ ১৯১৭ – ১ নৱেম্বৰ ১৯৯৩) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী কণ্ঠশিল্পী। নেইনা ৰিপজিৎ সিং নামেৰেও তেওঁক জনা যায়। থুমৰি পৰিবেশনৰ বাবে তেওঁ অধিক পৰিচিত যদিও তেওঁ দাদৰা আৰু গজলও গাইছিল। তাৰোপৰি তেওঁ প্ৰথমে অল ইণ্ডিয়া ৰেডিঅ’ত আৰু পিছলৈ দূৰদৰ্শনত সংগীত প্ৰযোজনা কৰিছিল। কিশোৰী বয়সতে গিৰিজা শংকৰ চক্ৰৱৰ্তীৰ অধীনত সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ১৯৫০ৰ দশকত তেওঁ ৰামপুৰ-সাহাছৱান ঘৰৰ ওস্তাদ মুস্তাক হুছেইন খান আৰু বেনাৰস ঘৰানাৰ ৰছুলন বাঈৰ প্ৰশিক্ষণ লয়। কলকাতাৰ এটা অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা দেৱীয়ে ১৬ বছৰ বয়সত কাপুৰথালা ৰাজ্যৰ ৰাজকীয় পৰিয়ালত বিবাহপাশত আবদ্ধ হয় আৰু ১৯৪৯ চনত স্বামীৰ মৃত্যুৰ পিছতহে কনচাৰ্টত গান গাবলৈ আৰম্ভ কৰে আৰু দিল্লীলৈ স্থানান্তৰিত হয়।
১৯৭৪ চনত ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নিলীনা সেন নামেৰ কলকাতাৰ এটা অভিজাত বঙালী পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁৰ ককাক কেশৱ চন্দ্ৰ সেন ব্ৰহ্ম সমাজ আন্দোলনৰ জাতীয়তাবাদী নেতা আৰু সমাজ সংস্কাৰক আছিল। তেওঁ চাৰিজন ভায়েক-ভনীয়েক আছিল- সুনীত, বিনীতা, সাধনা, আৰু প্ৰদীপ। দেউতাক সৰল চন্দ্ৰ সেন এজন বেৰিষ্টাৰ আছিল। মাকৰ নাম আছিল নিৰ্মলা (নেলী)। খুৰাক পঞ্চুৱে স্থানীয় থিয়েটাৰ এখনত অনুষ্ঠিত আংগুৰবালাৰ কনচাৰ্টলৈ লৈ যোৱাৰ পিছত তেওঁ সংগীতৰ প্ৰতি আগ্ৰহী হৈ উঠে। ইয়াৰ পিছত তেওঁ মছজিদ বাৰী ষ্ট্ৰীটৰ নিজগৃহত আগুৰবালাৰ গীত শুনিবলৈ যায়। অৱশেষত তেওঁ বংগৰ খয়াল পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিচিত বিখ্যাত কণ্ঠশিল্পী আৰু শিক্ষক গিৰিজা শংকৰ চক্ৰৱৰ্তীৰ (১৮৮৫–১৯৪৮) অধীনত ৯ বছৰ সংগীতৰ প্ৰশিক্ষণ লয়।[2]
১৯৩৪ চনত ১৬ বছৰ বয়সত ৰাজকীয় প্ৰদেশ কাপুৰথালাৰ ৰাজা চৰণজিৎ সিঙৰ তৃতীয় পুত্ৰ ৰিপজিৎ সিঙৰ (১৯০৬- ১৯৫৩) সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁ পঞ্জাৱৰ কাপুৰথালালৈ গুচি যায়। স্বামী জীয়াই থকালৈকে তেওঁক গাবলৈ দিয়া হোৱা নাছিল যদিও ১৯৫৩ চনত স্বামীৰ মৃত্যুৰ পিছতহে তেওঁ গীত গাবলৈ লয়। স্বামীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩২ বছৰ।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫৩ চনত স্বামীৰ মৃত্যুৰ পিছত দিল্লীলৈ স্থানান্তৰিত হয় আৰু তাতেই জীৱনৰ বাকী সময়খিনি কটায়। ইয়াত তেওঁ ডিচিএম শ্ৰীৰাম গ্ৰুপৰ কলা পৃষ্ঠপোষক তথা লালা চৰত ৰামৰ পত্নী সুমিত্ৰা চৰত ৰামৰ সৈতে যোগাযোগ কৰে। সুমিত্ৰা চৰত ৰামে দিল্লীৰ এটা সৰু পৰিবেশ্য কলা সংস্থা ‘ঝংকাৰ’ গঠন কৰিছিল আৰু ১৯৫২ চনত শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত কৰিছিল। দেৱীক ইয়াৰ আৰ্টিষ্টিক ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হয়।[4] পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু চৰকাৰী টিভি চেনেল দূৰদৰ্শনৰ প্ৰযোজক হয়।[5] ইফালে দিল্লীলৈ অহাৰ পিছত পিছত প্ৰথমে তেতিয়াৰ ভাৰতীয় কলা কেন্দ্ৰত শিক্ষক, ৰামপুৰ-সাহাসৱান ঘৰানাৰ গুৰু ওস্তাদ মুস্তাক হুছেইন খান (মৃত্যু ১৯৬৪) আৰু পিছলৈ বেনাৰচ ঘৰানাৰ ৰছুলন বাঈৰ অধীনত সংগীতৰ প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰে। তেওঁ থুমৰীৰ ‘পূৰব অংগ’ শিকি নেইনা দেৱী নামেৰে অনুষ্ঠান পৰিবেশন কৰিবলৈ লয়।[6]
থুমৰীক ফলপ্ৰসূভাৱে পৰিবেশন কৰাৰ বাবে তেওঁ নাট্য শাস্ত্ৰত অন্তৰ্ভূক্ত আঠ ধৰণৰ নায়িকাৰ বিৱৰণ থকা নায়িকা ভেদ (অষ্ট নায়িকা) অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[7] তেওঁ কাৱালী বা গজল আদি অন্যান্য ধাৰাৰো গীত গাইছিল।[8]
পিছলৈ জীৱনত তেওঁ কীৰ্তনৰ পৰম্পৰাগত ৰূপৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু বৃন্দাবনলৈ গৈ ইয়াক শিকে। পৰৱৰ্তী সময়ত তেওঁৰ তিনিজন জ্যেষ্ঠ শিষ্যক এই ৰূপটোৰ বিষয়ে প্ৰশিক্ষণ দিছিল।[9]
শুভা মুদগল, মধুমিতা সত্যজিৎ আৰু বিদ্যা ৰাওৰ দৰে উল্লেখযোগ্য শিষ্যকো তেওঁ প্ৰশিক্ষণ দিছিল।[10] ২০১১ চনত তেওঁৰ অন্যতম শিষ্য বিদ্যা ৰাৱে তেওঁৰ বিষয়ে এখন স্মৃতিগ্ৰন্থ লিখে, যাৰ নাম আছিল, হাৰ্ট টু হাৰ্ট: ৰিমেম্বাৰিং নেইনা দেৱী।[11]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Padma Awards Directory (1954–2009)". Ministry of Home Affairs. Archived from the original on 10 May 2013. https://web.archive.org/web/20130510095705/http://www.mha.nic.in/pdfs/LST-PDAWD.pdf। আহৰণ কৰা হৈছে: 8 April 2023. "Nina Ripjit Singh, Naina Devi"
- ↑ "A Tale of Two Women: In search of their own songs". The Telegraph. 11 March 2012. http://www.telegraphindia.com/1120311/jsp/opinion/story_15229162.jsp#.UbBLt9I3CHg.
- ↑ Subhra Mazumdar (25 September 2010). "Naina Devi and the nautch girl". The Times of India, Crest Edition. Archived from the original on 24 October 2013. https://web.archive.org/web/20131024090733/http://www.timescrest.com/culture/naina-devi-and-the-nautch-girl-3599.
- ↑ Ashish Khokar (1 January 1998). Shriram Bharatiya Kala Kendra: a history : Sumitra Charat Ram reminisces. Lustre Press. পৃষ্ঠা. 52. ISBN 978-81-7436-043-4. https://books.google.com/books?id=k_9kAAAAMAAJ। আহৰণ কৰা হৈছে: 11 June 2013.
- ↑ "Strains of a Bias". 1 October 2000. http://expressindia.indianexpress.com/ie/daily/20001001/fine.htm। আহৰণ কৰা হৈছে: 10 June 2013.
- ↑ Mukherji, p. 134
- ↑ Manuel, p. 10
- ↑ Shubha Mudgal (19 October 2009). "Shubha: Every child wants to be chota ustad". Archived from the original on 20 June 2013. https://archive.today/20130620204934/http://articles.timesofindia.indiatimes.com/2009-10-19/news-and-interviews/28080573_1_shubha-mudgal-classical-music-fusion-styles। আহৰণ কৰা হৈছে: 10 June 2013.
- ↑ "In service of the arts". 27 January 2011. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/article1128414.ece। আহৰণ কৰা হৈছে: 10 June 2013.
- ↑ "Simply herself". The Hindu. 14 July 2006. Archived from the original on 13 March 2007. https://web.archive.org/web/20070313221644/http://www.hindu.com/fr/2006/07/14/stories/2006071402640300.htm। আহৰণ কৰা হৈছে: 10 June 2013.
- ↑ Chitra Padmanabhan (17 December 2011). "Intimate universe". Frontline. http://www.frontline.in/navigation/?type=static&page=flonnet&rdurl=fl2826/stories/20111230282609300.htm.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Peter Lamarche Manuel (1989). Ṭhumri: In Historical and Stylistic Perspectives. Motilal Banarsidass. ISBN 8120806735. https://books.google.com/books?id=PlNShmx3x68C&q=naina+devi+thumri&pg=PA10.
- Vidya Rao (2011). Heart to Heart: Remembering Naina Devi. HarperCollins. ISBN 978-9350291474.
- Kumar Pradas Mukherji (2006). The Lost World of Hindustani Music. Penguin Books India. ISBN 0143061992. https://books.google.com/books?id=-MR_6Gr26hAC&q=Shanno+Khurana&pg=PA134.