সুমিত্ৰা চৰত ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমিত্ৰা চৰত ৰাম
জন্ম ১৭ নৱেম্বৰ, ১৯১৪
মিৰাট, আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ০৮ আগষ্ট, ২০১১ (৯৬ বছৰ)
জনা যায় শ্ৰীৰাম ভাৰতীয় কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক (১৯৫২)

সুমিত্ৰা চৰত ৰাম (ইংৰাজী: Sumitra Charat Ram; ১৭ নৱেম্বৰ ১৯১৪- ৮ আগষ্ট ২০১১) এগৰাকী বিশিষ্ট কলা পৃষ্ঠপোষক আৰু ১৯৫২ চনত প্ৰতিষ্ঠা কৰা শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক স্বাধীনতাৰ পিছৰ যুগত তেওঁ পৰিবেশ্য কলা, বিশেষকৈ কথকৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ বাবে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল। [1]

তেওঁ উদ্যোগপতি, ডিচিএম শ্ৰীৰাম গ্ৰুপৰ লালা চৰত ৰামৰ পত্নী আছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

তেওঁ ১৯১৭ চনত, দেৱালীৰ দিনা আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ আৰু বৰ্তমান উত্তৰ প্ৰদেশৰ অন্তৰ্ভূক্ত মিৰাটত ৰাজা জ্বালা প্ৰসাদ আৰু ৰাণী ভাগ্যৱতীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক সংযুক্ত প্ৰদেশৰ খাল আৰু জলসিঞ্চনৰ মুখ্য অভিযন্তা আছিল। ছয়জন ল’ৰা-ছোৱালীৰ ভিতৰত সুমিত্ৰা আটাইতকৈ সৰু আছিল। ককায়েক তিনিজন আছিল ধৰম বীৰা, কান্তি বীৰা আৰু সত্য বীৰা; আৰু বায়েক যশোদা আৰু সুশীলা। [2]

তেওঁ ককায়েক ধৰ্ম বীৰা (১৯০৬-২০০০) ভাৰতীয় অসামৰিক সেৱাত (১৯০৬-২০০০) যোগদান কৰিছিল আৰু ভাৰত চৰকাৰৰ কেবিনেট সচিব হোৱাৰ লগতে পাঞ্জাৱ, পশ্চিম বংগ আৰু কৰ্ণাটকৰ ৰাজ্যপাল আছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

শ্ৰীৰাম ভাৰতীয় কলাকেন্দ্ৰ

লালা শ্ৰীৰামৰ পুত্ৰ লালা চৰত ৰামৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ক্ৰমান্বয়ে তেওঁ শিল্পৰ পৃষ্ঠপোষক হৈ পৰে। ১৯৪৭ চনত ৰবি শংকৰৰ পৰামৰ্শমতে তেওঁ শহুৰেকৰ পৰা ১০ লাখ টকাৰ ঋণ লয় আৰু দিল্লীত ঝংকাৰ কমিটি আৰম্ভ কৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজকীয় ৰাজ্যসমূহ বিলুপ্ত কৰা হয়; যাৰ ফলত বৃহৎ সংখ্যক সংগীতজ্ঞ আৰু নৃত্যশিল্পী পৃষ্ঠপোষকতাহীন হৈ পৰে। পৰৱৰ্তী বছৰবোৰত ঝংকাৰে সংগীত কনচাৰ্ট আৰু নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰি সেই সময়ৰ আগশাৰীৰ সংগীতজ্ঞ আৰু শিল্পীসকলক পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। ইয়াৰ ভিতৰত আছিল সিদ্ধেশ্বৰী দেৱী, ৰবি শংকৰ, হাফিজ আলী খান, বাবা আল্লাউদিন খান, শম্ভু মহাৰাজ, সুন্দৰ প্ৰসাদ, বীৰজু মহাৰাজ, দুৰ্গা লাল আৰু আমিনুদ্দিন ডাগৰ। [2][3]

১৯৫২ চনত সুমিত্ৰা চৰত ৰামে দিল্লীত শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰে; য’ত বিশিষ্ট গুৰুসকলে [3] শিক্ষা প্ৰদান কৰিছিল। পিছলৈ নেইনা দেৱী নামেৰে জনাজাত হোৱা বিশিষ্ট শাস্ত্ৰীয় কণ্ঠশিল্পী নিলিনা ৰিপজিত সিং ইয়াৰ সঞ্চালক আছিল। [4][5] ১৯৫০ৰ দশকত শ্ৰীৰাম ভাৰতীয় কলাকেন্দ্ৰ সেই সময়ৰ শীৰ্ষ নৃত্যশিল্পী আৰু সংগীতজ্ঞসকলৰ বাবে, বিশেষকৈ কথক ঘৰানাৰ আগশাৰীৰ গুৰুসকলৰ মাজত কেন্দ্ৰবিন্দু হৈয়েই আছিল আৰু দিল্লী সাংস্কৃতিক পুনৰুজ্জীৱন তথা পৰিবেশ্য কলাৰ নতুন সৃষ্টিশীল বিস্ফোৰণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। [6] নেচনেল স্কুল অফ কথক ডান্স বা কথক কেন্দ্ৰ প্ৰথমে ১৯৫৫ চনত শ্ৰীৰাম ভাৰতীয় কলাকেন্দ্ৰৰ কথক শাখা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু পিছলৈ ১৯৬৪ চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে ইয়াৰ দায়িত্ব লয়। [7]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওঁৰ স্বামী চৰত ৰামে শ্ৰীৰাম পিষ্টন, জে ইঞ্জিনিয়াৰিং, ঊষা ইণ্টাৰনেচনেল আৰু শ্ৰীৰাম ইণ্ডাষ্ট্ৰিয়েল এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ দৰে কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ২০০৭ চনৰ ১৬ মে তাৰিখে ৮৯ বছৰ বয়সত চৰত ৰামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ দীপক আৰু সিদ্ধাৰ্থ; কন্যা শোভা আৰু গৌৰীক এৰি থৈ যায়। সুমিত্ৰাৰ শহুৰেক লালা শ্ৰীৰামে লেডী শ্ৰী ৰাম মহাবিদ্যালয় (১৯৫৬), শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ (১৯২৬) দৰে শিক্ষানুষ্ঠান স্থাপন কৰিছিল। দিল্লীৰ শ্ৰীৰাম স্কুল অৰুণ ভৰত ৰামৰ পত্নী মঞ্জু ভৰত ৰামে প্ৰতিষ্ঠা কৰিছিল। [8]

৯৬ বছৰ বয়সত কিছু দিনৰ অসুস্থতাৰ পিছত ২০১১ চনৰ ৮ আগষ্টত নতুন দিল্লীত সুমিত্ৰা চৰত ৰামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ শতবৰ্ষীয় বায়েক সুশীলা আৰু সন্তান, নাতি-পৰিনাতিক এৰি থৈ যায়। [3] তেওঁৰ কন্যা শোভা দীপক সিঙে ভাৰতীয় কলা কেন্দ্ৰ চলাই আছে। [9]

বঁটা[সম্পাদনা কৰক]

কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৬৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰে। [1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Padma Awards Directory (1954–2009)". Ministry of Home Affairs. Archived from the original on 10 May 2013. https://web.archive.org/web/20130510095705/http://www.mha.nic.in/pdfs/LST-PDAWD.pdf। আহৰণ কৰা হৈছে: 15 March 2023. 
  2. 2.0 2.1 Ashish Khokar (9 August 2011). "Sumitra Charat Ram: Doyenne of art patronage dies". narthaki.com. http://www.narthaki.com/info/profiles/profl128.html। আহৰণ কৰা হৈছে: 11 June 2013. 
  3. 3.0 3.1 3.2 "Sumitra Charat Ram passes away". 9 August 2011. Archived from the original on 20 June 2013. https://archive.today/20130620210919/http://articles.timesofindia.indiatimes.com/2011-08-09/delhi/29868341_1_ravi-shankar-jhankar-birju-maharaj। আহৰণ কৰা হৈছে: 11 June 2013. 
  4. Ashish Khokar (1 January 1998). Shriram Bharatiya Kala Kendra: a history : Sumitra Charat Ram reminisces. Lustre Press. পৃষ্ঠা. 52. ISBN 978-81-7436-043-4. https://books.google.com/books?id=k_9kAAAAMAAJ। আহৰণ কৰা হৈছে: 11 June 2013. 
  5. "A Tale of Two Women: In search of their own songs". The Telegraph. 11 March 2012. http://www.telegraphindia.com/1120311/jsp/opinion/story_15229162.jsp#.UbBLt9I3CHg. 
  6. Pallabi Chakravorty; Nilanjana Gupta (21 August 2012). Dance Matters: Performing India on Local and Global Stages. Routledge. পৃষ্ঠা. 526–. ISBN 978-1-136-51612-2. https://books.google.com/books?id=KQly7wn0C5sC&pg=PT526। আহৰণ কৰা হৈছে: 11 June 2013. 
  7. Massey, p. 29
  8. "Dr Charat Ram passes away". Archived from the original on 18 June 2013. https://web.archive.org/web/20130618083152/http://www.hindustantimes.com/India-news/NewDelhi/Dr-Charat-Ram-passes-away/Article1-222974.aspx। আহৰণ কৰা হৈছে: 11 June 2013. 
  9. "Taking Centre Stage". 25 August 2012. http://www.indianexpress.com/news/taking-centre-stage/992822/0। আহৰণ কৰা হৈছে: 11 June 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]