পাঞ্চজন্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মন্দিৰৰ দেৱালৰ ওপৰত পঞ্চজন্যৰ চিত্ৰ

পাঞ্চজন্য (সংস্কৃত: पाञ्चजन्य) জগতৰ পালকৰ্ত্তা হিন্দু দেৱতা বিষ্ণুৰ শংখ। ই তেওঁ ধাৰণ কৰা চাৰিটা প্ৰাথমিক অস্ত্ৰ-শস্ত্ৰৰ অন্যতম।[1] পাঞ্চজন্য পঞ্চ মহাভূতৰ প্ৰতীক[2] আৰু ইয়াক বজালে সৃষ্টিৰ আদিম শব্দ উৎপন্ন হয় বুলি গণ্য কৰা হয়।[3]

সাহিত্য[সম্পাদনা কৰক]

মহাভাৰত[সম্পাদনা কৰক]

মহাভাৰতৰ মতে বিষ্ণুৱে বিশ্বকৰ্মাই নিৰ্মাণ কৰা চক্ৰবন[4] নামৰ পৰ্বতত পাঞ্চজন নামৰ এজন দৈত্যক (অসুৰ) বধ কৰি পাঞ্চজনে নিজে বাস কৰা শংখৰ খোলাটো জব্দ কৰে।[5] শংখৰ নাম সেই দৈত্যৰ নামেৰেই পাঞ্চজন্য ৰখা হয়।

ভাগৱত গীতা[সম্পাদনা কৰক]

ভাগৱততো পাঞ্চজন্যৰ কথা উল্লেখ আছে।[6]

কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ অন্ত পৰাৰ সংকেত দিবলৈ পাঞ্চজন্যত ফু দিছে (ৰজ্মনামা)

হৰিবংশ[সম্পাদনা কৰক]

হৰিবংশত বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ হাতত কৌমোদকী গদা, সুদৰ্শন চক্ৰ আৰু পদ্মৰ সৈতে পাঞ্চজন্য নামৰ শংখ থকা বুলি বৰ্ণনা কৰা হৈছে। [7] কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শংখ ব্যৱহাৰ কৰা হৈছিল। এই শংখই কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণি আৰু অন্তৰ সংকেত দিয়া বুলি জনপ্ৰিয় পৰম্পৰাত গণ্য কৰা হয়।

স্কন্দ পুৰাণ[সম্পাদনা কৰক]

স্কন্দ পুৰাণত শংখৰ উৎপত্তিৰ দুটা কিংবদন্তি আছে।

সমুদ্ৰ মন্থনৰ সময়ত উদ্ভৱ হোৱা বিভিন্ন পদাৰ্থ আৰু সত্তাৰ ভিতৰত পাঞ্চজন্যৰ কথা উল্লেখ আছে।[8]

আন এক কিংবদন্তি অনুযায়ী কৃষ্ণ, বলোৰাম, সুদামা আৰু উদ্ধৱৰ গুৰু সন্দিপনীয়ে কৈছে যে তেওঁৰ পুত্ৰক তীৰ্থযাত্ৰা কৰি থকাৰ সময়ত প্ৰভাসত তিমি এটাই গিলি পেলাইছিল। তেওঁ নিজৰ দক্ষিণা হিচাপে পুত্ৰক ঘূৰাই অনাটো বাঞ্ছা কৰে। মহাসাগৰে নিজেই কৃষ্ণক ইয়াৰ গভীৰতাত বাস কৰা পাঞ্চজন নামৰ এক মহান দৈত্যৰ অস্তিত্বৰ বিষয়ে অৱগত কৰা বুলি কোৱা হৈছে, যি সঁচাকৈয়ে সন্দিপনীৰ পুত্ৰক গিলি পেলাইছিল। কৃষ্ণই তিমিৰ ৰূপত থকা দৈত্যক বধ কৰিলে আৰু তেওঁৰ ভিতৰৰ পৰা পাঞ্চজন্য হাত কৰিলে। এই শংখ পূৰ্বতে বৰুণৰ আছিলক। গুৰুৰ পুত্ৰক বিচাৰি নাপাই তেওঁ বলোৰামৰ সৈতে নৰকলৈ গৈ তেওঁৰ প্ৰত্যাৱৰ্তনৰ দাবী জনালে। ব্ৰহ্মাই হস্তক্ষেপ নকৰালৈকে যম আৰু চিত্ৰগুপ্তই দেৱতাসকলৰ সৈতে যুঁজ দিয়ে। অৱশেষত ব্ৰহ্মাৰ হস্তক্ষেপত তেওঁ পুনৰ জীৱন লাভ কৰিলে।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 460. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&dq=attributes+panchajanya&pg=PA460. 
  2. Varadpande, Manohar Laxman (2009) (en ভাষাত). Mythology of Vishnu and His Incarnations. Gyan Publishing House. পৃষ্ঠা. 19. ISBN 978-81-212-1016-4. https://books.google.com/books?id=_XrFh2S8nlEC&dq=Vishnu+Mahabharata+Panchajana&pg=PA19. 
  3. Chandra, Suresh (1998) (en ভাষাত). Encyclopaedia of Hindu Gods and Goddesses. Sarup & Sons. পৃষ্ঠা. 363. ISBN 978-81-7625-039-9. https://books.google.com/books?id=mfTE6kpz6XEC&dq=attributes+panchajanya&pg=PA363. 
  4. or "in another universe" When Lord Buddha achieved enlightenment, he saw millions and millions of “chakravan” or cosmoses, all repeatedly coming into existence, lasting for a while, and then disintegrating. Thepyanmongkol, Phra (2007). Sunday Dhamma Talks, volume 1. প্ৰকাশক Ratchaburi Province, Thailand: Wat Luang Phor Sodh Buddhist Meditation Institute. পৃষ্ঠা. 29. 
  5. Krishna, Nanditha (1980) (en ভাষাত). The Art and Iconography of Vishnu-Narayana. D.B. Taraporevala. পৃষ্ঠা. 32. https://books.google.com/books?id=ahrqAAAAMAAJ&q=Vishnu+Panchajana. 
  6. "Bhagavad Gita As It Is Original by Prabhupada". asitis.com. https://asitis.com/। আহৰণ কৰা হৈছে: 2022-10-02. 
  7. Debroy, Bibek (2016-09-09) (en ভাষাত). Harivamsha. Penguin UK. পৃষ্ঠা. 463. ISBN 978-93-86057-91-4. https://books.google.com/books?id=BRnpDAAAQBAJ&dq=panchajanya+conch+harivamsha&pg=PT463. 
  8. www.wisdomlib.org (2020-03-01). "Churning of the Ocean: Birth of Fourteen Precious Jewels [Chapter 12"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc371751.html। আহৰণ কৰা হৈছে: 2022-07-14. 
  9. www.wisdomlib.org (2020-10-12). "The Glory of Aṅkapāda (Restoration of Sāndīpani's Son) [Chapter 27"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc425598.html। আহৰণ কৰা হৈছে: 2022-07-14.