পাতি শগুণ
White-rumped Vulture | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Accipitriformes |
পৰিয়াল: | Accipitridae |
গণ: | Gyps |
প্ৰজাতি: | G. bengalensis |
বৈজ্ঞানিক নাম | |
Gyps bengalensis (Gmelin, 1788) | |
![]() | |
Former distribution of Gyps bengalensis in red | |
সমাৰ্থক | |
Pseudogyps bengalensis |
পাতি শগুণ (ইংৰাজী: White-rumped Vulture,(বঙালী: বাংলা শকুন; বা বাংলা শগুণ বৈজ্ঞানিক নাম- Gyps bengalensis) শগুণৰ এটা উল্লেখযোগ্য প্ৰজাতি৷ নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল৷ ১৯৮৫ চনত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল[2] [3] যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে৷ [4][2] ফলস্বৰূপে ইয়াক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত ঠাই দিয়া হৈছে আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে৷ [3]
সূচী
বিৱৰণ[সম্পাদনা কৰক]
পাতি শগুণ মধ্যমীয়া আকাৰৰ, নোমবিহীন মূৰ আৰু ডিঙি, বহল ডেউকা আৰু চুটি নেজৰ এটা শগুণৰ প্ৰজাতি৷ পূৰ্ণবয়স্ক শগুণৰ পৃষ্ঠদেশ বগা, দেহৰ বাকী অংশ ক'লা ৷ মূৰত গুলপীয়া আভা থকা দেখা যয়৷ ইয়াৰ পোৱালী দেখিবলৈ অলপ ডাঠ ৰঙৰ হয় আৰু পূৰ্ণবয়স্ক পাট=তি শগুণৰ দৰে ৰং পাবলৈ ইয়াক কমেও ৪-৫ বছৰ লাগে৷ [5]
Gyps গোটৰ অন্তৰ্গত শগুণ সমূহৰ ভিতৰত ই আটাইতকৈ সৰু আকাৰৰ শগুণ৷ ইয়াৰ দেহৰ ওজন ৩.৫-৭.৫ কি.গ্ৰা, দৈৰ্ঘ্য প্ৰায় ৭৫-৯৩ ছে: মি: হয়৷ [5] [6][7]
বিতৰণ[সম্পাদনা কৰক]
পাতি শগুণে ভাৰত, পাকিস্তান, নেপাল আৰু দক্ষিণ-পূব এছিয়াত মানুহৰ জনবসতিৰ আশে পাশে ওখ গছত বাহ সাজি বাস কৰে৷ ই সাধাৰণতে এটাকৈ কণী পাৰে৷ ই এক থলুৱা শগুণৰ এক থলুৱা প্ৰজাতি৷ নব্বৈৰ দশকৰ আগলৈকে ভাৰতৰ গংগাৰ সমতল ভূমিত এই প্ৰজাতিটো প্ৰচুৰ ভাৱে দেখা পোৱা গৈছিল৷ ইয়াক সেয়ে ভাৰতত পোৱা শগুণৰ প্ৰজাতি সমূহৰ ভিতৰত আটাইতকৈ বেছিকৈ পোৱা প্ৰজাতি বুলিও আখ্যা দিয়া হৈছিল৷ [8] [9] নব্বৈৰ দশকৰ আগলৈকে ইহঁতক অনাৱশ্যকীয় (nuisance) বুলি গণ্য কৰা হৈছিল৷ বিশেষকৈ উৰাজাহাজত খুন্দিয়াই দুৰ্ঘটনাত পতিত কৰা ঘটনাবোৰৰ বাবে ই সমস্যাজনক চৰাই বুলি পৰিগণিত হৈ পৰিছিল৷[10][11] কিন্তু ১৯৯০ চনৰ ভিতৰত ই কিছু কিছু অঞ্চলত সম্পূৰ্ণভাৱে বিলুপ্ত হৈ পৰে৷ [12]
বাসস্থান[সম্পাদনা কৰক]
এলান অক্টেভিয়ান হিউম (Allan Octavian Hume) এ তেওঁৰ পৰ্য্যবেক্ষণৰ ভিত্তিত সদৰি কৰিছিল যে আশে পাশে সুবিধাজনক অন্য বাসস্থান থাকিলেও পাতি শগুণে প্ৰায়ে মানুহৰ জনবসতি পূৰ্ণ অঞ্চলত ওখ গছত বাহ সাজে৷ পাতি শগুণে বাহ সাজিবৰ বাবে বিশেষভাৱে ব্যৱহাৰ কৰা গছকেইবিধমান হ'ল, Banyan, Peepul, অৰ্জ্জুন (Arjun) আৰু নিম ( Neem৷
আচৰণ[সম্পাদনা কৰক]
পুৱা সূৰ্য্য উদয় হোৱাৰ পিছত বতাহ গৰম হৈ নুঠালৈকে পাটিশগুণ নিস্ক্ৰিয় হৈ উঠে৷ ইহঁতে ওপৰলৈ উঠি গৈ বতাহতে পাক মাৰি চিকাৰৰ সন্ধানত ঘুৰে৷ [13]
খাদ্য[সম্পাদনা কৰক]
অন্য শগুণৰ প্ৰজাতি সমূহৰ দৰেই পাতি শগুণো মৃতভক্ষী (scavenger) চৰাই৷ ই প্ৰধানকৈ জন্তুৰ মৰাশ খাই জীয়াই থাকে৷ ই প্ৰায়ে আকাশত উৰি উৰি মৰা শ নিৰীক্ষণ কৰি থাকে আৰু অন্য মৃতভক্ষীক দেখি বা নিজে সন্ধান পালে তললৈ নামি আহে৷ পাতি শগুণে প্ৰায়ে জাক পাতি থাকে৷ [5]
পাতি শগুণ সাধাৰণতে ৰাতিপুৱাৰ ভাগত নিস্ক্ৰিয় হৈ থাকে৷ ৰ'দৰ উত্তাপত বতাহ কিছু গৰম হৈ উঠাৰ পিছত ই ঘূৰণীয়াকৈ উৰি ওপৰলৈ উঠে৷ ভাৰতৰ চহৰ অঞ্চলসমূহত এনেকৈ উৰি থকা অৱস্থাত এসময়ত বহুতো পাতি শগুণ দেখা গৈছিল৷ [13]
যেতিয়া পাতি শগুণে এটা মৰাশ বিচাৰি পায় ই ক্ষন্তেকতে তল পাইহি আৰু হুলস্থুলকৈ খাবলৈ আৰম্ভ কৰে৷ [14] এটা গোটা ম'হ এজাখ শগুণে ২০ মিনিটৰ ভিতৰতে অকণো নেৰাকৈ খাই শেষ কৰাৰ কথা জনা যায়৷ [15] বনাঞ্চল সমূহৰ ওপৰত ঘূৰণীয়াকৈ উৰি থকা পাতি শগুণে প্ৰায়ে বাঘে মৰা জন্তুৰ বিঢ়য়ে ইংগিত দিয়ে৷ [16][17] ই মাংসৰ লগতে হাড়বোৰো গিলিব পাৰে৷ [18] পানী উভৈনদীকৈ থকা অঞ্চলত পাতি শগুণে নিয়মীয়াকৈ গা ধুৱে আৰু পানী খায়৷ [15]
প্ৰজনন[সম্পাদনা কৰক]
মূলত: নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ই বাহ সাজে৷ জানুৱাৰী মাহত কণী পাৰে৷ মতা চৰাইটোৱে বাহ সাজিবৰ বাবে মাইকীজনীক গছৰ দালি আনি দিয়ে৷ [19] একেলগে ওচৰা ওচৰিকৈ একাধিক বাহ থাকিব পাৰে৷ কণী পৰাৰ পূৰ্বে বাহত সেউজীয়া পাত থৈ সজায় লয়৷ এবাৰত এটাকৈ কণী পাৰে৷ ইয়াৰ বৰণ নীলা-সেউজীয়াৰ পৰশ থকা বগা হয়৷ [6] কণী পৰাৰ পিছত ৩০-৩৫ দিন উমনি দিয়াৰ পিছত পিৱালী জগে৷ মাক-দেউতাকে পোৱালীক মৰাশৰ মাংস খুৱায়৷ পোৱালী জন্মৰ পৰা প্ৰায় তিনিমাহ পৰ্যন্ত বাহত থাকে৷ [19]
স্থিতি[সম্পাদনা কৰক]
এসময়ত ভাৰতত বিশেষকৈ গংগাৰ কাষৰীয়া সমতল অঞ্চলত পাতি শগুণৰ জাক খুবেই সাধাৰণ দৃশ্য আছিল৷ Hugh Whistler এ পাতি শগুণক ভাৰতত পোৱা শগুণৰ বিভিন্ন প্ৰজাতি সমূহৰ ভিতৰত সকলোতকৈ বেছিকৈ দেখা পোৱা (commonest) বুলি গাইড বুকত উল্লেখ কৰি গৈছে৷[8] কিন্তু ১৯৯০ চনত এই প্ৰজাতিটো অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিলুপ্ত হ'বলৈ ধৰে৷ Bandola গোটৰ মানুহে খাদ্যৰ বাবে কৰা চিকাৰকে ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰা হয়৷ কিন্তু পৰৱৰ্ত্তী কালত ইয়াৰ লগতে অন্যান্য শগুণৰ প্ৰজাতিবোৰৰো ভাৰত আৰু কাষৰীয়া দেশত ৯৯.৯% জনসংখ্যা লুপ্ত হোৱা বুলি তথ্য পোৱা গ'ল৷ [20][21] ৷ বিভিন্ন গৱেষণাত জানিব পৰা গ'ল যে গৰুৰ বাবে বৰৱহাৰ কৰা ভেটেৰিনেৰী ড্ৰাগ ডাইক্লফেনেক ( diclofenac) এই অস্বাভাৱিক বিলুপ্তিৰ মূল কাৰণ৷ গৰু মৰাৰ পিছত মৰাশতো এই ড্ৰাগ থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিস্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে৷ [22] [23]
সংৰক্ষণ[সম্পাদনা কৰক]
বৰ্তমান কেৱল কম্বোডিয়া আৰু ম্যানমাৰতে এই প্ৰজাতিটোৰ কিছু বাছি আছে কিন্তু তাতো ইয়াৰ সংখ্যা যথেষ্ট কম৷ [2] বৰ্তমান শগুণৰ ক্ষতিসাধন কৰা ডাইক্লফেনেক নামৰ এই ড্ৰাগটোৰ সলনি সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পৰা মেল'ক্সিকেম (Meloxicam) নামৰ ড্ৰাগটো প্ৰস্তাৱ দিয়া হৈছে৷ [24]
পাতি শগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding ), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (artificial feeding or "vulture restaurants") আদিৰ ব্যৱস্থা কৰা হৈছে৷ [25] [26]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Gyps bengalensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003374। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ 2.0 2.1 2.2 "White-rumped Vulture (Gyps bengalensis) — BirdLife species factsheet". BirdLife.org. BirdLife International. http://www.birdlife.org/datazone/speciesfactsheet.php?id=3374। আহৰণ কৰা হৈছে: 2011-06-01.
- ↑ 3.0 3.1 "New nestlings bring cautious hope for Asia's Threatened vultures". BirdLife.org. BirdLife International. 2009-06-08. http://www.birdlife.org/news/news/2009/08/vulture_success.html। আহৰণ কৰা হৈছে: 2011-06-01.
- ↑ Prakash, V; Pain, D.J.; Cunningham, A.A.; Donald, P.F.; Prakash, N.; Verma, A.; Gargi, R.; Sivakumar, S. et al. (2003). "Catastrophic collapse of Indian white-backed Gyps bengalensis and long-billed Gyps indicus vulture populations". Biological Conservation খণ্ড 109 (3): 381–390. doi:10.1016/S0006-3207(02)00164-7.
- ↑ 5.0 5.1 5.2 Rasmussen, Pamela C.; Anderton, J. C. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 89–90.
- ↑ 6.0 6.1 Hume, Allan Octavian (1896). My Scrap Book or rough notes on Indian Ornithology. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 26–31. http://www.archive.org/details/myscrapbookorrou00hume। আহৰণ কৰা হৈছে: 2011-06-01.
- ↑ Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
- ↑ 8.0 8.1 Whistler, Hugh (1949). Popular Handbook of Indian Birds. প্ৰকাশক London: Gurney & Jackson. পৃষ্ঠা. 354–356. ISBN 1-4067-4576-6. http://www.archive.org/details/popularhandbooko033226mbp.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Jerdon1862
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Satheesan SM (1994). "The more serious vulture hits to military aircraft in India between 1980 and 1994." (pdf). Bird Strikes Committee Europe, Conference proceedings. BSCE, Vienna. http://www.int-birdstrike.org/Vienna_Papers/IBSC22%20WP23.pdf.
- ↑ Singh, R B (1999). "Ecological strategy to prevent vulture menace to aircraft in India.". Defence Science Journal খণ্ড 49 (2): 117–121. http://publications.drdo.gov.in/gsdl/collect/defences/index/assoc/HASH0129/367f4611.dir/doc.pdf.
- ↑ Satheesan, SM & Manjula Satheesan (2000). "Serious vulture-hits to aircraft over the world". International Bird Strike Committee IBSC25/WP-SA3. IBSC, Amsterdam. http://www.int-birdstrike.org/Amsterdam_Papers/IBSC25%20WPSA3.pdf.
- ↑ 13.0 13.1 Cunningham, David Douglas (1903). Some Indian friends and acquaintances. প্ৰকাশক London: J Murray. পৃষ্ঠা. 238. http://www.archive.org/details/someindianfriend00cunnrich। আহৰণ কৰা হৈছে: 2011-06-01.
- ↑ Morris, R. C. (1934). "Death of an Elephant Elephas maximus Linn. while calving". J. Bombay Nat. Hist. Soc. খণ্ড 37 (3): 722.
- ↑ 15.0 15.1 Ali, Sálim; Ripley, Sidney Dillon (1978). Handbook of the birds of India and Pakistan, Volume 1 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 307–310. ISBN 978-0-19-562063-4.
- ↑ Gough, W. (1936). "Vultures feeding at night". J. Bombay Nat. Hist. Soc. খণ্ড 38 (3): 624.
- ↑ Morris, R. C. (1935). "Vultures feeding at night". J. Bombay Nat. Hist. Soc. খণ্ড 38 (1): 190.
- ↑ Grubh, R. B. (1973). "Calcium intake in vultures of the genus Gyps". J. Bombay Nat. Hist. Soc. খণ্ড 70 (1): 199–200.
- ↑ 19.0 19.1 Sharma, Indra Kumar (1970). "Breeding of the Indian whitebacked vulture at Jodhpur". Ostrich খণ্ড 41 (2): 205-207. doi:10.1080/00306525.1970.9634367.
- ↑ V. Prakash, R.E. Green, D.J. Pain, S.P. Ranade, S. Saravanan, N. Prakash, R. Venkitachalam, R. Cuthbert, A.R. Rahmani, & A.A. Cunningham (2007). "Recent changes in populations of resident Gyps vultures in India" (pdf). J. Bombay Nat. Hist. Soc. খণ্ড 104 (2): 129–135. https://www.rspb.org.uk/Images/IndianVultureDeclines_tcm9-188415.pdf.
- ↑ Baral, Nabin; Gautam, Ramji; Tamang, Bijay (2005). "Population status and breeding ecology of White-rumped Vulture Gyps bengalensis in Rampur Valley, Nepal" (pdf). Forktail খণ্ড 21: 87–91. http://www.orientalbirdclub.org/publications/forktail/21pdf/Baral-Vulture.pdf.
- ↑ Green, Rhys E.; Newton, IAN; Shultz, Susanne; Cunningham, Andrew A.; Gilbert, Martin; Pain, Deborah J.; Prakash, Vibhu (2004). "Diclofenac poisoning as a cause of vulture population declines across the Indian subcontinent". Journal of Applied Ecology খণ্ড 41 (5): 793–800. doi:10.1111/j.0021-8901.2004.00954.x.
- ↑ Meteyer, Carol Uphoff, Rideout, Bruce A., Gilbert, Martin, Shivaprasad, H. L., Oaks, J. Lindsay (2005). "Pathology and proposed pathophysiology of diclofenac poisoning in free-living and experimentally exposed oriental white-backed vultures (Gyps bengalensis)". J. Wild. Dis. খণ্ড 41: 707–716.
- ↑ Swan, Gerry; Naidoo, Vinasan; Cuthbert, Richard; Green, Rhys E.; Pain, Deborah J.; Swarup, Devendra; Prakash, Vibhu; Taggart, Mark et al. (2006). "Removing the Threat of Diclofenac to Critically Endangered Asian Vultures". PLoS Biology খণ্ড 4 (3): e66. doi:10.1371/journal.pbio.0040066. PMID 16435886.
- ↑ Gilbert, Martin; Watson, Richard T.; Ahmed, Shakeel; Asim, Muhammad; Johnson, Jeff A. (2007). "Vulture restaurants and their role in reducing diclofenac exposure in Asian vultures". Bird Conservation International খণ্ড 17: 63. doi:10.1017/S0959270906000621.
- ↑ "First Captive-Bred Asian Vulture Chicks Die". planetark.com. Reuters. 2007-02-23. http://www.planetark.com/dailynewsstory.cfm/newsid/40468/story.htm। আহৰণ কৰা হৈছে: 2011-06-01.
অন্যান্য উৎস[সম্পাদনা কৰক]
- Ahmad, S. 2004. Time activity budget of Oriental White-backed Vulture (Gyps bengalensis) in Punjab, Pakistan. M. Phil. thesis, Bahauddin Zakariya University, Multan, Pakistan.
- Grubh, R. B. 1974. The ecology and behaviour of vultures in Gir Forest. Ph.D. dissertation, University of Bombay, Bombay, India.
- Grubh, R. B. 1988. A comparative study of the ecology and distribution of the Indian White-backed Vulture (Gyps bengalensis) and the Long-billed Vulture (G. indicus) in the Indian region. Pages 2763-2767 in Acta 19 Congressus Internationalis Ornithologici. Volume 2. Ottawa, Canada 22–29 June 1986 (H. Ouellet, Ed.). University of Ottawa Press, Ottawa, Ontario.
- Eck, S. 1981. [Thanatose beim Bengalgeier (Gyps bengalensis)]. Ornithologische Jahresberichte des Museums Heineanum 5-6:71-73.
- Naidoo, Vinasan 2008. Diclofenac in Gyps vultures : a molecular mechanism of toxicity. Ph.D. Thesis, University of Pretoria. Fulltext (Includes old photos showing their numbers)
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত পাতি শগুণ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |