সমললৈ যাওক

পাৰ্চিফোনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰ্চিফোনি
পাতালপুৰীৰ ৰাণী
বসন্ত, ফুল, মৃত্যু, জীৱন, শস্য আৰু সংহাৰৰ দেৱী
নিবাস পাতালপুৰী, চিচিলি, অলিম্পাচ পৰ্বত
প্ৰতীক ডালিম, শস্যৰ বীজ, জোঁ‌ৰ, ফুল আৰু হৰিণ
পিতৃ-মাতৃ জ্যুচ আৰু ডিমিটাৰ
সহোদৰ এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা, হাৰ্মিচআদি
সন্তান মেলিন', প্লুটাচ, ডায়'নিচাছ
ৰোমান সমাৰ্থক প্ৰ'জাৰপিনা

পাৰ্চিফোনি (ইংৰাজী: Persephone) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ দেৱৰাজ জ্যুচ আৰু ডিমিটাৰৰ কন্যা। তেওঁক কৰি বা কৰা নামেৰেও জনা যায়। জ্যুচৰ অনুমতি সাপেক্ষে পাতালপুৰীৰ অধিপতি হেডিচে হৰণ কৰি নিয়াৰ পিছৰপৰাই পাৰ্চিফোনি সেই ঠাইৰ ৰাণীৰূপে অধিষ্ঠিত হয়।[1] হেডিচৰদ্বাৰা পাৰ্চিফোনিৰ হৰণ আৰু পৃথিৱীলৈ তেওঁৰ পুনৰাগমণৰ আখ্যানে বসন্ত কালৰ মূৰ্তমান ৰূপটোকেই সূচায় যাৰ আগমণত শস্যমালাৰ উন্মেষ ঘটে আৰু শস্য চপোৱাৰ পিছতেই অন্তৰ্হিত হয়। ধ্ৰুপদী শিল্পকলাসমূহত পাৰ্চিফোনিক এক দীৰ্ঘ আভৰণ পৰিহিতা আৰু হাতত শস্যৰ ঠোক লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়। কোনো কোনো সময়ত তেওঁক ৰাজদণ্ড আৰু এক সৰু বাকচ হাতত লৈ থকা ৰূপতো চিত্ৰায়িত কৰা হয়। শস্যৰ দেৱী হিচাপে পাৰ্চিফোনি আৰু তেওঁৰ মাতৃ ডিমিটাৰ প্ৰাচীন গ্ৰীচৰ কোনো কোনো পন্থাৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল।

পাৰ্চিফোনিৰ নামৰ উৎস সম্পৰ্কে বিভিন্ন সূত্ৰ পোৱা যায়। লেটিন ভাষাৰপৰা উদ্ভুত তেওঁৰ নাম হৈছে প্ৰ'জাৰপিনা। তেওঁক ৰোমানসকলে প্ৰজাৰ্পিনাৰ উপৰিও লিবেৰা নামেৰেও জানে। পাৰ্চিফোনিৰ গমণ আৰু পুনৰাগমণৰ কাহিনীৰ এটিক, এড'নিচ আএউ অচিৰিছ আদি দেৱতাৰ সৈতেও মিল আছে। [2]

পাতালপুৰী আৰু শস্য

[সম্পাদনা কৰক]

পাৰ্চিফোনিৰ প্ৰতি উৎসৰ্গিত লেখনিসমূহত পাতালপুৰীৰ ৰাণী আৰু শস্যৰ দেৱী হিচাপে তেওঁৰ দ্বৈত ভূমিকাৰ কথা কোৱা হৈছে। কবিসকলে তেওঁক দিয়া উপাধিসমূহহে পাতালপুৰী আৰু মৃতকসকলৰ ৰাণী বা পৃথিৱীত গজালিৰ উন্মেষ ঘটোৱাৰ শক্তিকেই সূচায়। শস্যৰ দেৱী হিচাপে পাৰ্চিফোনিৰ প্ৰচলিত নাম কৰি আৰু আৰ্কেডিয়াত ডেচপ'ইনা নামেৰে তেওঁৰ উপাসনা কৰা হয়।[3] হোমাৰৰ মহাকাব্যসমূহত সদায়েই হেডিচৰ সৈতে পাৰ্চিফোনিৰ আৱিৰ্ভাৱ ঘটিছে যি মৃতকসকলৰ ওপৰত হেডিচৰ সৈতে নিজৰ আধিপত্য ভগাই লৈছে। [4]

বসন্ত কাল

[সম্পাদনা কৰক]

পাৰ্চিফোনিক বসন্ত কালৰ সৈতে যুক্ত কৰা হৈছে[5] আৰু গ্ৰীক দাৰ্শনিক চিচিৰ'ই তেওঁক পথাৰৰ ফলসমূহৰ বীজ বুলি অভিহিত কৰিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Martin Nilsson (1967). Die Geschichte der Griechische Religion Vol I pp 462–463, 479–480
  2. Fraser. The golden bough. Adonis, Attis and Osiris. Martin Nilsson (1967). Vol I, pp. 215
  3. Smith, "Perse'phone"
  4. Gantz, p. 64; Homer, ওডিচী (Book 10, ln. 494).
  5. Plutarch, Moralia (On Isis and Osiris, Ch. 69)