পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
সংস্থাৰ ৰূপৰেখা
ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰ
বাৰ্ষিক বাজেট ৪২,৯০১ কোটি (৬.০১ বিলিয়ন ডলাৰ) (২০২০-২১ আনুমানিক) [1]
সংস্থাৰ কাৰ্যবাহী হৰদীপ সিং পুৰী, কেবিনেট মন্ত্ৰী
ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী
 এম এম কুট্টি , সচিব
ৱেবছাইট mopng.gov.in/en

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (ইংৰাজী: Ministry of Petroleum and Natural Gas) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ অন্বেষণ, উৎপাদন, শোধন, বিতৰণ, বিপণন, আমদানি, ৰপ্তানি, আৰু সংৰক্ষণৰ দায়িত্ব পালন কৰে। ভাৰতৰ বৰ্তমান পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৈছে হৰদীপ সিং পুৰী। মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে তেওঁ এই মন্ত্ৰালয়ৰ নেতৃত্ব গ্ৰহণ কৰিছে। এই মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হৈছে ৰামেশ্বৰ তেলী। এম এম কুট্টি বৰ্তমান এই মন্ত্ৰালয়ৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰিছে।[2]

কাৰ্যাৱলী[সম্পাদনা কৰক]

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰাকৃতিক গেছকে ধৰি পেট্ৰলিয়াম সম্পদৰ অন্বেষণ আৰু আহৰণ কৰে। ইয়াৰ লগতে প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীকে ধৰি পেট্ৰলিয়াম উৎপাদন, যোগান বিতৰণ, বিপণন আৰু মূল্য নিৰ্ধাৰণ আদিৰ লগত মন্ত্ৰালয় জড়িত। ই লুব প্লাণ্টকে ধৰি তেল শোধনাগাৰসমূহ নিৰীক্ষণ কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ ব্ৰেণ্ডিং আৰু প্ৰচাৰত আগ-ভাগ লয়। পেট্ৰলিয়াম আৰু পেট্ৰলিয়াম সামগ্ৰীৰ বৈজ্ঞানিক ভিত্তিত অনুমোদিত যোগকৰণ মন্ত্ৰালয়ৰ নিৰীক্ষণত সম্পূৰ্ণ হয়। মন্ত্ৰালয়ৰ অধীনত থকা কৰা সকলো উদ্যোগৰ পৰিকল্পনা, উন্নয়ন আৰু নিয়ন্ত্ৰণ, আৰু সহায় আগবঢ়ায়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ যিকোনো বিষয়ৰ সৈতে জড়িত সকলো সংলগ্ন বা অধীনস্থ কাৰ্যালয় বা অন্যান্য সংস্থাসমূহৰ ই নডেল মন্ত্ৰালয় হিচাপে কাম কৰে। তৈলক্ষেত্ৰ সেৱাৰ পৰিকল্পনা, উন্নয়ন আৰু নিয়ন্ত্ৰণ এই মন্ত্ৰালয়ৰ অধীন। ইয়াৰ লগতে তেল আৰু গেছ সম্পৰ্কীয় বিষয়সমূহৰ অন্তৰ্গত ৰাজহুৱা খণ্ডৰ প্ৰকল্পসমূহ, ইঞ্জিনিয়াৰ ইণ্ডিয়া লিমিটেড আৰু আই বি পি কোম্পানী, ইয়াৰ সহযোগী কোম্পানীসমূহৰ সৈতে একেলগে, অন্যান্য যিকোনো মন্ত্ৰালয়/বিভাগক বিশেষভাৱে আবণ্টিত প্ৰকল্পসমূহৰ বাহিৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ সম্পৰ্কীয় বিভিন্ন কেন্দ্ৰীয় আইনৰ খচৰা প্ৰস্তুতি আৰু প্ৰশাসন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অন্তৰ্ভুক্ত।

শাস্ত্ৰী ভৱনত অৱস্থিত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কাৰ্যালয়

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ এই আঠটা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ওপৰত মন্ত্ৰালয়ৰ মালিকীস্বত্ব আছে। সেইকেইটা হ'ল:

  • বামৰ ল'ৰী
  • ভাৰত পেট্ৰলিয়াম
  • ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়া
  • গেইল ইণ্ডিয়া লিমিটেড
  • ইণ্ডিয়ান অইল কৰ্পোৰেচন
  • অইল ইণ্ডিয়া লিমিটেড
  • তেল আৰু প্ৰাকৃতিক গেছ নিগম
  • বেইকো ল'ৰী[3]

গৱেষণা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত কেইবাটাও গৱেষণা প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে:

ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন'লজি[সম্পাদনা কৰক]

ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন'লজি পেট্ৰলিয়াম উদ্যোগক কাৰিকৰী আৰু পৰিচালনাৰ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষণ আৰু শিক্ষা প্ৰতিষ্ঠান হিচাপে ২০০৮ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সংসদৰ আইন ("ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন'লজি আইন ২০০৭")ৰ জৰিয়তে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। .[4] নয়ডা, বেংগালুৰু আৰু অসমৰ শিৱসাগৰত এই প্ৰতিষ্ঠানৰ চৌহদ আছে। অসমৰ শিৱসাগৰ জিলাত অৱস্থিত প্ৰতিষ্ঠানটো অসম শক্তি প্ৰতিষ্ঠান নামেৰে জনাজাত।[5][6]

ভাৰতীয় পেট্ৰলিয়াম আৰু শক্তি প্ৰতিষ্ঠান[সম্পাদনা কৰক]

ভাৰতীয় পেট্ৰলিয়াম আৰু শক্তি প্ৰতিষ্ঠান ২০১৬ চনত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত স্থাপিত এক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান।[7] সংসদে প্ৰণয়ন কৰা ভাৰতীয় পেট্ৰলিয়াম আৰু শক্তি প্ৰতিষ্ঠান আইন, ২০১৭ (২০১৮ চনৰ ৩ নং) অনুসৰি প্ৰতিষ্ঠানটোক ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান’ হিচাপে ঘোষণা কৰা হয়।[8]

বিতৰ্ক[সম্পাদনা কৰক]

২০১৫ চনৰ ২০ ফেব্ৰুৱাৰীত ভাৰতীয় পেট্ৰলিয়াম মন্ত্ৰালয় আৰু তেল প্ৰতিষ্ঠানৰ সাতজনীয়া কৰ্মচাৰীৰ এটা দলে নগদ ধনৰ বিনিময়ত শক্তি কোম্পানীসমূহক গোপনীয় নথি চুৰি আৰু ফাদিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। এই গোটটোৱে অজ্ঞাত ধনৰ বিনিময়ত শক্তিৰ মূল্য নিৰ্ধাৰণ আৰু নীতিৰ সৈতে জড়িত গোপনীয় তেল মন্ত্ৰালয়ৰ নথি-পত্ৰ চুৰি, ফটোকপি আৰু ফাদিল কৰে। দিল্লী আৰক্ষীয়ে এই লোককেইজনে মন্ত্ৰালয়ৰ কাৰ্যালয় ভাঙি সোমাবলৈ চেষ্টা কৰা বুলি খবৰ পাই আটক কৰে।[9]

কেবিনেট মন্ত্ৰীসকলৰ তালিকা[সম্পাদনা কৰক]

# প্ৰতিকৃতি নাম কাৰ্যকাল প্ৰধানমন্ত্ৰী দল
হুমায়ুন কবীৰ ২১ নৱেম্বৰ ১৯৬৩ ২৪ জানুৱাৰী ১৯৬৬ 2 years, 64 days জৱাহৰলাল নেহৰু
লাল বাহাদুৰ শাস্ত্ৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
অ. ভি. অলগেচন
(স্বতন্ত্ৰ)
২৪ জানুৱাৰী ১৯৬৬ ১৩ মাৰ্চ ১৯৬৭ 1 year, 48 days ইন্দিৰা গান্ধী
অশোক মেহতা ১৩ মাৰ্চ ১৯৬৭ ২২ আগষ্ট ১৯৬৮ 1 year, 162 days
কথা ৰঘুৰামাইয়া
(স্বতন্ত্ৰ)
২২ আগষ্ট ১৯৬৮ ১৪ ফেব্ৰুৱাৰী ১৯৬৯ 176 days
ত্ৰিগুণা সেন ১৪ ফেব্ৰুৱাৰী ১৯৬৯ ১৮ মাৰ্চ ১৯৭১ 2 years, 32 days
দাজিচাহেব চাৱন
(স্বতন্ত্ৰ)
১৮ মাৰ্চ ১৯৭১ ২ মে' ১৯৭১ 45 days
প্ৰকাশ চন্দ্ৰ চেঠী ২ মে' ১৯৭১ ২৯ জানুৱাৰী ১৯৭২ 272 days
এইচ. আৰ গোখলে ২৯ জানুৱাৰী ১৯৭২ ৫ ফেব্ৰুৱাৰী ১৯৭৩ 1 year, 7 days
9 দেৱকান্ত বৰুৱা ৫ ফেব্ৰুৱাৰী ১৯৭৩ ১০ অক্টোবৰ ১৯৭৪ 1 year, 247 days
১০ কেশৱ দেৱ মালৱীয় ১০ অক্টোবৰ ১৯৭৪ ২৪ মাৰ্চ ১৯৭৭ 2 years, 165 days
১১ মোৰাৰজী দেশাই ২৬ মাৰ্চ ১৯৭৭ ২৯ মাৰ্চ ১৯৭৭ 3 days মোৰাৰজী দেশাই জনতা পাৰ্টি
১২ হেমৱতী নন্দন বহুগুণা ২৯ মাৰ্চ ১৯৭৭ ১৫ মাৰ্চ ১৯৭৯ 2 years, 108 days
১৩ ৰবীন্দ্ৰ বাৰ্মা ১৫ জুলাই ১৯৭৯ ২৮ জুলাই ১৯৭৯ 13 days
১৪ টি. এ. পাই ২৮ জুলাই ১৯৭৯ ১৮ আগষ্ট ১৯৭৯ 21 days চৰণ সিং জনতা পাৰ্টি (নিৰপেক্ষ)
১৫ অৰবিন্দ বালা পাজনোৰ ১৯ আগষ্ট ১৯৭৯ ২৩ ডিচেম্বৰ ১৯৭৯ 127 days সৰ্ব ভাৰতীয় দ্ৰবিড় মুন্নেট্ৰা কাঝাগাম
১৬ চৰণ সিং ২৩ ডিচেম্বৰ ১৯৭৯ ২৭ ডিচেম্বৰ ১৯৭৯ 4 days জনতা পাৰ্টি (নিৰপেক্ষ)
১৭ এছ.এন. কাকাৰ ২৭ ডিচেম্বৰ ১৯৭৯ ১৪ জানুৱাৰী ১৯৮০ 18 days
১৮ ইন্দিৰা গান্ধী ১৪ জানুৱাৰী ১৯৮০ ১৬ জানুৱাৰী ১৯৮০ 2 days ইন্দিৰা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছ
(৭) প্ৰকাশ চন্দ্ৰ চেঠী ১৬ জানুৱাৰী ১৯৮০ ১৫ জানুৱাৰী ১৯৮২ 1 year, 364 days
১৯ পি. শিৱ শংকৰ ১৫ জানুৱাৰী ১৯৮২ ৩১ ডিচেম্বৰ ১৯৮৪ 2 years, 351 days ইন্দিৰা গান্ধী
ৰাজীৱ গান্ধী
২০ নাৱাল কিশোৰ শৰ্মা
(স্বতন্ত্ৰ)
৩১ ডিচেম্বৰ ১৯৮৪ ২০ জানুৱাৰী ১৯৮৬ 1 year, 20 days ৰাজীৱ গান্ধী
২১ চন্দ্ৰশেখৰ সিং
(স্বতন্ত্ৰ)
২০ জানুৱাৰী ১৯৮৬ ৯ জুলাই ১৯৮৬ 170 days
২২ নাৰায়ণ দত্ত তিৱাৰী ৯ জুলাই ১৯৮৬ ২২ অক্টোবৰ ১৯৮৬ 105 days
২৩ ব্ৰহ্ম দত্ত
(স্বতন্ত্ৰ)
২২ অক্টোবৰ ১৯৮৬ ২ ডিচেম্বৰ ১৯৮৯ 3 years, 41 days
২৪ বিশ্বনাথ প্ৰতাপ সিং ২ ডিচেম্বৰ ১৯৮৯ ৬ ডিচেম্বৰ ১৯৮৯ 4 days বিশ্বনাথ প্ৰতাপ সিং জনতা দল
২৫ এম. এছ. গুৰুপদাস্বামী ৬ ডিচেম্বৰ ১৯৮৯ ১০ নৱেম্বৰ ১৯৯০ 339 days
২৬ চন্দ্ৰ শেখৰ ১০ নৱেম্বৰ ১৯৯০ ২১ নৱেম্বৰ ১৯৯০ 11 days চন্দ্ৰ শেখৰ সমাজবাদী জনতা পাৰ্টি, (ৰাষ্ট্ৰীয়)
২৭ সত্য প্ৰকাশ মালৱীয় ২১ নৱেম্বৰ ১৯৯০ ২১ জুন ১৯৯১ 212 days
২৮ বি. শংকৰান্দ ২১ জুন ১৯৯১ ১৮ জানুৱাৰী ১৯৯৩ 1 year, 211 days পি. ভি. নৰসিংহ ৰাও ভাৰতীয় জাতীয় কংগ্ৰেছ
২৯ সতীশ শৰ্মা
(স্বতন্ত্ৰ)
১৮ জানুৱাৰী ১৯৯৩ ১৬ মে' ১৯৯৬ 3 years, 119 days
৩০ অটল বিহাৰী বাজপেয়ী ১৬ মে' ১৯৯৬ ১ জুন ১৯৯৬ 16 days অটল বিহাৰী বাজপেয়ী ভাৰতীয় জনতা পাৰ্টি
৩১ এইচ ডি দেৱেগৌড়া ১ জুন ১৯৯৬ ২১ এপ্ৰিল ১৯৯৭ 324 days এইচ ডি দেৱেগৌড়া জনতা পাৰ্টি
৩২ ইন্দৰ কুমাৰ গুজৰাল ২১ এপ্ৰিল ১৯৯৭ ৯ জুন ১৯৯৭ 49 days ইন্দৰ কুমাৰ গুজৰাল
৩৩ জ্ঞানেশ্বৰ মিশ্ৰ ৯ জুন ১৯৯৭ ১৯ মাৰ্চ ১৯৯৮ 283 days সমাজবাদী পাৰ্টি
৩৪ ভাজহাপ্পাডী কে. ৰামমূৰ্তি ১৯ মাৰ্চ ১৯৯৮ ১৩ অক্টোবৰ ১৯৯৯ 1 year, 208 days অটল বিহাৰী বাজপেয়ী তামিঝাগা ৰাজীৱ কংগ্ৰেছ
৩৫ ৰাম নাইক ১৩ অক্টোবৰ ১৯৯৯ ২২ মে' ২০০৪ 4 years, 222 days ভাৰতীয় জনতা পাৰ্টি
৩৬ মণি শংকৰ আয়াৰ ২২ মে' ২০০৪ ২৯ জানুৱাৰী ২০০৬ 1 year, 252 days মনমোহন সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭ মুৰলী দেওৰা ২৯ জানুৱাৰী ২০০৬ ১৯ জানুৱাৰী ২০১১ 4 years, 355 days
৩৮ জয়পাল ৰেড্ডী ১৯ জানুৱাৰী ২০১১ ২৮ অক্টোবৰ ২০১২ 1 year, 283 days
৩৯ বীৰাপ্পা মৈলি ২৮ অক্টোবৰ ২০১২ ২৬ মে' ২০১৪ 1 year, 210 days
৪০ ধৰ্মেন্দ্ৰ প্ৰধান
(স্বতন্ত্ৰ)
২৬ মে' ২০১৪ ৭ জুলাই ২০২১ 7 years, 42 days নৰেন্দ্ৰ মোদী ভাৰতীয় জনতা পাৰ্টি
৪১ হৰদীপ সিং পুৰী ৭ জুলাই ২০২১ বৰ্তমানলৈকে 2 years, 280 days

ৰাজ্যিক মন্ত্ৰীসকলৰ তালিকা[সম্পাদনা কৰক]

ৰাজ্যিক মন্ত্ৰীসকলৰ তালিকা
নাম ৰাজনৈতিক দল কাৰ্যকাল দিন
দিনছা পেটেল ভাৰতীয় জাতীয় কংগ্ৰেছ ২০০৬ ২০০৯
জিতিন প্ৰসাদা ২৬ মে' ২০০৯ ১৮ জানুৱাৰী ২০১১ ৬০২ দিন
ৰঞ্জিত প্ৰতাপ নাৰেইন সিং ১৯ জানুৱাৰী ২০১১ ২৮ অক্টোবৰ ২০১২ ৬৪৮ দিন
প্ৰাণবাকা লক্ষ্মী ২৮ অক্টোবৰ ২০১২ ১৭ মে' ২০১৪ ৫৬৬ দিন
ৰামেশ্বৰ তেলী ভাৰতীয় জনতা পাৰ্টি ৭ জুন ২০২১ বৰ্তমানলৈ ১০১০ দিন

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Union Budget 2020-21 Analysis". prsindia.org. 2020. Archived from the original on 2020-02-26. https://web.archive.org/web/20200226124436/https://prsindia.org/sites/default/files/budget_files/Union%20Budget%20Analysis%20-%202020-21.pdf। আহৰণ কৰা হৈছে: 2023-05-07. 
  2. "Dr M M Kutty appointed as new Petroleum Secretary". 19 May 2018. Archived from the original on 28 July 2020. https://web.archive.org/web/20200728122801/http://www.nationalpoliticalmirror.com/index.php/2018/05/19/dr-m-m-kutty-appointed-as-new-petroleum-secretary/। আহৰণ কৰা হৈছে: 7 May 2023. 
  3. Mehdudia, Sujay (28 July 2013). "HPCL slams door on Iran for crude oil imports". The Hindu. https://www.thehindu.com/news/national/hpcl-slams-door-on-iran-for-crude-oil-imports/article4963706.ece. 
  4. "Sonia to lay foundation for Rajiv Gandhi Petroleum Institute in Rae Bareli - TopNews". www.topnews.in. http://www.topnews.in/sonia-lay-foundation-rajiv-gandhi-petroleum-institute-rae-bareli-221339. 
  5. ":: Welcome to Rajiv Gandhi Institute of Petroleum Technology ::". rgipt.ac.in. Archived from the original on 2016-11-11. https://web.archive.org/web/20161111053509/http://www.rgipt.ac.in/rgipt_center.htm। আহৰণ কৰা হৈছে: 2016-11-11. 
  6. "Centre committed to development of Assam, northeast: Manmohan - The Hindu". thehindu.com. http://www.thehindu.com/news/national/article1471990.ece। আহৰণ কৰা হৈছে: 2016-11-11. 
  7. "University And Higher Education | Government of India, Ministry of Human Resource Development". mhrd.gov.in. https://mhrd.gov.in/institutions-national-importance। আহৰণ কৰা হৈছে: 2019-12-21. 
  8. "Winter Session of Parliament updates: Rajya Sabha passes Indian Institute of Petroleum and Energy Bill, 2017 LIVE News, Latest Updates, Live blog, Highlights and Live coverage - Firstpost" (en-US ভাষাত). Firstpost. 2017-12-27. http://www.firstpost.com/politics/winter-session-of-parliament-live-updates-stormy-day-expected-as-houses-reconvene-after-4-day-break-4276957.html. 
  9. "Seven arrested in India classified document theft-for-cash scheme". Petro Global News. http://petroglobalnews.com/2015/02/seven-arrested-in-india-classified-document-theft-for-cash-scheme/. [সংযোগবিহীন উৎস]