প্লাৱিতা বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্লাৱিতা বৰঠাকুৰ

২০১৮ চনৰ এক ফটোশ্বুটত প্লাৱিতা বৰঠাকুৰ
জন্ম দুলিয়াজান, অসম, ভাৰত
পেচা অভিনেত্ৰী, গায়িকা
আত্মীয়-স্বজন পৰিণীতা বৰঠাকুৰ (ভগ্নী)


প্লাৱিতা বৰঠাকুৰ এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।[1] তেওঁৰ জন্ম অসমৰ দুলিয়াজানত হৈছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

প্লাৱিতা বৰঠাকুৰৰ পিতৃ প্ৰবীণ বৰঠাকুৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী আৰু মাতৃ এগৰাকী লেখিকা আৰু কবি। তেওঁৰ বায়েক পৰিণীতা বৰঠাকুৰ আৰু প্ৰিয়াংগী বৰঠাকুৰ দুয়োগৰাকী চলচ্চিত্ৰ জগতত সুপ্ৰতিষ্ঠিত। তেওঁ দুলিয়াজানৰ অইল ইণ্ডিয়া টাউনশ্বিপত নিজৰ শৈশৱ অতিবাহিত কৰে। তাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে মুম্বাইৰ জয় হিন্দ কলেজলৈ যায়। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে পেশাদাৰী জীৱন আৰম্ভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

প্লাৱিতা বৰঠাকুৰে বলিউডৰ বহুচৰ্চিত তথা সমাদৃত ছবি "পিকে"ৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলে। তাত তেওঁ অনুষ্কা শৰ্মাৰ ভনীয়েকৰ এটি সৰু চৰিত্ৰ ৰূপায়িত কৰিছিল। তাৰ পিছত তেওঁ আন এখন বলিউড ছবি "লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা"ত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনৰ ১৫ জুলাইত তেওঁ জনপ্ৰিয় ৰিয়েলিটি শ্ব' "দা কপিল শৰ্মা শ্ব'"ত একতা কাপুৰ আৰু প্ৰকাশ ঝাৰ লগত উপস্থিত হৈছিল। বৰ্তমান তেওঁ ৰাজস্থানত শ্বুটিং চলি থকা এখন নতুন ছবিৰ লগত ব্যস্ত হৈ আছে।

অভিনীত বোলছবি[সম্পাদনা কৰক]

শিৰোনামা চন নিৰ্দেশক চৰিত্ৰ
পিকে ২০১৪ ৰাজকুমাৰ হিৰাণী জগ্গুৰ ভনী
লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা ২০১৭ অলংকৃতা শ্ৰীবাস্তৱ ৰেহেনা আবিদি
ৱাহ জিন্দেগী ২০১৮ দিনেশ যাদৱ ৰীনা

তথ্য উৎস[সম্পাদনা কৰক]

External links[সম্পাদনা কৰক]