প্ৰজ্ঞাতাৰা
প্ৰজ্ঞাতাৰা, যাক কেয়ুৰ,[1] প্ৰজ্ঞাধাৰা,[2] বা হন্ন্যাতাৰা বুলিও কোৱা হয়,[3] চান বৌদ্ধ ধৰ্মৰ মতে ভাৰতীয় বৌদ্ধ ধৰ্মৰ সপ্তবিংশতম পিতৃপুৰুষ আৰু বোধিধৰ্মৰ গুৰু আছিল।[3]
ট্ৰেন্সমিছন অৱ দা লেম্পৰ মতে জীৱন
[সম্পাদনা কৰক]চান পৰম্পৰাৰ আদিম ভাৰতীয় আৰু চীনা গুৰুসকলৰ জীৱনৰ বিক্ষিপ্ত বিৱৰণী দ্য জিংডে ৰেকৰ্ড অৱ দ্য ট্ৰেন্সমিছন অৱ দ্য লেম্পৰ বাহিৰত প্ৰজ্ঞাতাৰাৰ জীৱনৰ বিষয়ে অলপ স্বতন্ত্ৰ তথ্য পোৱা যায়।
প্ৰজ্ঞাতাৰা পূব ভাৰতৰ ব্ৰাহ্মণ পৰিয়ালৰ কন্যা আছিল আৰু কম বয়সতে তেওঁ অনাথ হৈছিল।[3] পৰিয়ালৰ নাম নথকা প্ৰজ্ঞাতাৰাক বৌদ্ধ ধৰ্মী হোৱাৰ পূৰ্বে 'মূল্যৱান হাৰ' বা 'কেয়ুৰা' বুলি কোৱা হৈছিল।[3][1] ২৬ নং পিতৃপুৰুষ পুণ্যমিত্ৰই প্ৰজ্ঞাতাৰাৰ অঞ্চলৰ ৰজাক সাক্ষাৎ কৰিবলৈ আহিছিল, প্ৰজ্ঞাতাৰাই প্ৰণাম কৰা দেখি পুণ্যমিত্ৰই ৰজাৰ গাড়ীখন ৰখাই দিছিল। প্ৰজ্ঞাতাৰাক পূৰ্বৰ অৱতাৰত পুন্যমিত্ৰৰ শিষ্যা বুলি চিনাক্ত কৰা হৈছিল আৰু পুন্যমিত্ৰই প্ৰজ্ঞাতাৰাক বোধিসত্ত্বৰ অৱতাৰ, মহাস্থামপ্ৰাপ্ত হিচাপে নিশ্চিত কৰিছিল৷[3] পুণ্যমিত্ৰই প্ৰজ্ঞাতাৰাক তেওঁৰ ধৰ্ম উত্তৰাধিকাৰী হিচাপে নিশ্চিত কৰিছিল আৰু তাৰ পিছত তেওঁৰ মৃত্যু হৈছিল।[3] ধৰ্ম গ্ৰহণ কৰাৰ পিছত প্ৰজ্ঞাতাৰা দক্ষিণ ভাৰত ভ্ৰমণ কৰি বোধিধৰ্মৰ সম্মুখীন হয়, তেতিয়া তেওঁ উৎকৃষ্ট সুগন্ধি নামৰ এজন ৰজাৰ কনিষ্ঠ পুত্ৰ হিচাপে জীয়াই আছিল।[3] সাতাষষ্ঠি বছৰ বয়সত মৃত্যুৰ পূৰ্বে প্ৰজ্ঞাতাৰাই বোধিধৰ্মক নিৰ্দেশ দিছিল যে, যাতে তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ চীনলৈ যাত্ৰা কৰে।[3] মৃত্যুৰ সময়ত প্ৰজ্ঞাতাৰা আকাশলৈ উঠি জুই শিখাত পৰিণত হৈ ফাটি যায় আৰু তলৰ ভক্তসকলৰ ওপৰত বৰষুণ ৰূপে পৰে।[3]
কেইজান জোকিন জেঞ্জীৰ “ডেনকোৰোকু’’ নামৰ গ্ৰন্থত তলত দিয়া উক্তিত, প্ৰজ্ঞাতাৰা আৰু বোধিধৰ্মৰ মাজত হোৱা কিংবদন্তি আদান-প্ৰদানৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
*পূজনীয় প্ৰজ্ঞাতাৰাই বোধিধৰ্মাক সুধিছে, "বস্তুৰ মাজত নিৰাকাৰ কি?"
- বোধিধৰ্মাই কৈছে, "নিৰাকাৰতা জন্মহীন।"
- প্ৰজ্ঞাতাৰাই সুধিছে, "বস্তুৰ ভিতৰত কি সৰ্বোচ্চ?"
- বোধিধৰ্মাই কৈছে, "প্ৰকৃত প্ৰকৃতি সৰ্বোচ্চ।"[4]
ট্ৰেন্সমিছন অৱ দ্য লেম্পত পিছৰ চীনা পিতৃপুৰুষসকলে প্ৰজ্ঞাতাৰাৰ বুলি কোৱা কেইবাটাও ভৱিষ্যদ্বাণী লিপিবদ্ধ কৰা আছে।[2] ইয়াৰ ভিতৰত বোধিধৰ্মৰ উত্তৰাধিকাৰী হুইকে আৰু চেংকানৰ সময়ত হোৱা এক বৃহৎ দুৰ্যোগৰ ভৱিষ্যদ্বাণীও আছিল, যিয়ে তেওঁলোকক ৫৭৪–৭৭ চনৰ ভিতৰত সম্ৰাটে বৌদ্ধ ধৰ্মৰ ওপৰত চলোৱা নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ পাহাৰত আশ্ৰয় ল'ব বুলিও কোৱা আছিল।[2] কথিতভাৱে প্ৰজ্ঞাতাৰাই মাজু দাওয়িৰ উত্থান আৰু সমগ্ৰ চীনত চান বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰো ভৱিষ্যদ্বাণী কৰিছিল।[2]
লিংগ
[সম্পাদনা কৰক]প্ৰজ্ঞাতাৰাক সাধাৰণতে পুৰুষ বুলি ধৰা হৈছে আৰু চান পিতৃপুৰুষসকলৰ ভিতৰত তালিকাভুক্ত কৰা হৈছে যদিও (যিসকলৰ সকলোৱে পুৰুষ), ২০ শতিকাৰ বৌদ্ধ ধৰ্মাচাৰীসকলে প্ৰজ্ঞাতাৰা নাৰী হ'ব পাৰে বুলি মত প্ৰকাশ কৰিছে।[5] প্ৰজ্ঞাতাৰা নামকৰণত দুগৰাকী বৌদ্ধ দেৱতা বা বোধিসত্ত্ব প্ৰজ্ঞাপৰমিতা আৰু তাৰাৰ নামৰ সংমিশ্ৰণ ঘটিছে। ২০০৮ চনত ৰেভাৰেণ্ড “কোটেন বেনছনে’’ প্ৰজ্ঞাতাৰা এগৰাকী মহিলা হ'ব পাৰে আৰু তেওঁ সৰ্বাস্তিভাদিন শৃংখলৰ মুৰব্বী বুলি মত প্ৰকাশ কৰে।[1][6] তেওঁ দাবী কৰে যে, কেৰালাৰ মৌখিক পৰম্পৰা আৰু কোৰিয়ান চেওন (কোৰিয়ান জেন বৌদ্ধ ধৰ্ম) পৰম্পৰাই প্ৰজ্ঞাতাৰাক নাৰী বুলি চিনাক্ত কৰে আৰু দক্ষিণ ভাৰতৰ পৰা পোৱা প্ৰত্নতাত্ত্বিক প্ৰমাণে বিখ্যাত মহিলা শিক্ষকৰ অস্তিত্ব নিশ্চিত কৰে।[1]
মূলসুঁতিৰ বৌদ্ধ পণ্ডিতসকলৰ এই তত্ত্বৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ই সম্ভৱ হ'ব পাৰে বুলি স্বীকাৰ কৰালৈকে সম্পূৰ্ণৰূপে বৰ্খাস্ত কৰে৷ [5] ধ্ৰুপদী চীনা গ্ৰন্থসমূহে সদায় লিংগ বুজাব নোৱাৰে আৰু স্পষ্ট লিংগ উপাধি নাথাকিলে ধৰ্মৰ উত্তৰাধিকাৰীৰ তালিকাত পুৰুষ বুলি ধৰিব পাৰি।[5] সাধাৰণতে পৰম্পৰাই মহিলা শিক্ষকৰ সম্পৰ্কে কম তথ্য ধৰি ৰাখিছে যদিও আধ্যাত্মিক বিষয়ত নাৰীৰ সমতাক বুদ্ধই দৃঢ়তাৰে স্বীকাৰ কৰিছিল আৰু চান পৰম্পৰাত মহিলা শিক্ষকৰ ইতিহাস আছে।[5]
শ্বোবোজেংজো জেন মাষ্টাৰ প্ৰভূৰ দ্বাৰা লিখা দ্বাদশ শতিকাৰ জাপানী গ্ৰন্থ, যিয়ে জেন বংশৰ ৰেকৰ্ড গাঁথনিগতভাৱে সংৰক্ষণ কৰিছিল, ৫০ নং অধ্যায়ত হন্ন্যাতাৰাক মহিলা বুলি উল্লেখ কৰিছে।
প্ৰত্নতাত্ত্বিক আৱিষ্কাৰে দক্ষিণ ভাৰতত এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ অস্তিত্ব নিশ্চিত কৰিছে। কেৰালা ৰাজ্যৰ জনসাধাৰণৰ ঐতিহাসিক আৰু মৌখিক পৰম্পৰাত প্ৰজ্ঞাতাৰা আৰু বোধিধৰ্মা উভয়ৰে জীৱনৰ সবিশেষ তথ্য পোৱা যায়। কোৰিয়াৰ জেন বংশৰ মাজেৰে প্ৰেৰণ কৰা তথ্যই এই লিখিত আৰু মৌখিক ইতিহাসক নিশ্চিত কৰে, আনহাতে বোধিধৰ্মৰ এগৰাকী নাৰী মাষ্টৰ থকা বুলি কেইটামান প্ৰজন্মৰ পিছত চীনত এই জ্ঞান হেৰাই যোৱা যেন লাগে। কিছুমান পণ্ডিতে দৃঢ়তাৰে কয় যে, ইয়াৰ কাৰণ হ’ল লিখিত চীনা ভাষাত লিংগ প্ৰভেদ স্পষ্টতাৰে কোৱাতকৈ প্ৰসংগৰ পৰা অনুমান কৰা হয়।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Benson, Koten (Summer 2008). "Prajñatara: Bodhidharma's Master". Sakyadhita খণ্ড 16 (2). Archived from the original on 2022-08-09. https://web.archive.org/web/20220809142036/https://www.sakyadhita.org/docs/resources/newsletters/16-2-2008.pdf। আহৰণ কৰা হৈছে: 2024-03-28.
- ↑ 2.0 2.1 2.2 2.3 Andy Ferguson (2000) (English ভাষাত). Zen's Chinese Heritage. প্ৰকাশক Boston: Wisdom Publications. পৃষ্ঠা. 22, 24, 45, 66. ISBN 0861711637.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 Daoyuan (2015) (English ভাষাত). Records of the Transmission of the Lamp. I. Books on Demand. পৃষ্ঠা. 131–37. ISBN 9783738662467.
- ↑ "Denkoroku, 29". White Wind Zen CommunityWhite Wind Zen Community. http://www.wwzc.org/dharma-text/denkoroku-record-transmission-luminosity-29.
- ↑ 5.0 5.1 5.2 5.3 Who Was Prajnatara?
- ↑ Austin, Shoshan Victoria (2012). "The True Human Body". In Carney, Eido Frances. Receiving the Marrow. Temple Ground Press. পৃষ্ঠা. 148. ISBN 978-0985565107.