প্ৰাচীন হিন্দী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
প্ৰাচীন হিন্দী
যুগ ১৩-১৫ শতিকা
ভাষা পৰিয়াল
Indo-European
পূৰ্বসূৰী
লিখন প্ৰণালী দেৱনাগৰী
ভাষা সংকেত
ISO 639-3

প্ৰাচীন হিন্দী (হিন্দী: पुरानी हिंदी) হৈছে বৰ্তমানৰ হিন্দী ভাষাৰ খড়িবোলী উপভাষাৰ প্ৰাৰম্ভিক ৰূপ। ইয়াক আধুনিক মান্য হিন্দী ভাষাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। এই ভাষা বৰ্তমানৰ হিন্দী বেল্টৰ, বিশেষকৈ দিল্লী আৰু ইয়াৰ কাষৰিয়া অঞ্চলৰ লোকলকলৰ মাজত প্ৰায় ১৩-১৪ শতিকাৰ সময়ত প্ৰচলিত আছিল। কবি আমিৰ খশ্ৰুৰ লেখনি, কবি তথা সন্ত নামদেৱৰ লেখনি, তথা শিখ ভাষাৰ ধৰ্মপুথি আদি গ্ৰন্থত চুফি সন্ত বাবা ফাৰিদৰ লিখা কিছু স্তৱকত এই ভাষাৰ ব্যৱহাৰ দেখা যায়।[1][2] কবীৰৰ লেখনিতো খড়িবোলীৰ সদৃশ ভাষা ব্যৱহাৰ দেখা যায়।

এই প্ৰাচীন হিন্দী ভাষাৰ পৰাই বৰ্তমানৰ হিন্দুষ্টানী ভাষাৰ উদ্ভব হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Masica, Colin P.. The Indo-Aryan Languages. Cambridge University Press. ISBN 9780521299442. 
  2. Callewaert, Winand M. and Mukunda Lāṭh (1989), The Hindi Songs of Namdev, Peeters Publishers, ISBN 978-906831-107-5, https://books.google.com/books?id=LNtQsB6KX7IC 

লগতে পঢ়ক[সম্পাদনা কৰক]

  • Strnad, Jaroslav (2013). Morphology and Syntax of Old Hindī: Edition and Analysis of One Hundred Kabīr vānī Poems from Rājasthān. Brill. ISBN 9789004254893.