প্ৰীতম দাস
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | প্ৰীতম লাৰু দাস | |||
জন্ম | ১৬ অক্টোবৰ, ১৯৮৮ (৩৬ বছৰ) শিলচৰ, অসম, ভাৰতবৰ্ষ | |||
বেটিং শৈলী | সোঁ হাত | |||
বলিং শৈলী | সোঁ-বাহু দ্ৰুত-মধ্যম বলাৰ | |||
ভূমিকা | বলাৰ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
২০০৭-২০২৪ | অসম | |||
২০০৭-২০০৮ | ৰয়েল বেংগল টাইগাৰছ | |||
উৎস: , ৪ অক্টোবৰ ২০১৫ |
প্ৰীতম দাস (ইংৰাজী: Pritam Das); এজন ভাৰতীয় তথা অসম দলৰ অন্যতম ক্ৰিকেট খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসম ক্ৰিকেট দলৰ হৈ খেলিছিল॥[1]দাসে সোঁহাতৰ বেগী-মধ্যমীয়া বলাৰ আছিল। তেওঁ ১৬ অক্টোৱৰ, ১৯৮৮ চনত অসমৰ শিলচৰত জন্মগ্ৰহণ কৰে। ২০০৭ চনৰ জানুৱাৰী মাহত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতাত ২০০৬–০৭ ৰঞ্জি ট্ৰফীত উৰিষ্যা ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৬৫ ৰানত ৫টা সংগ্ৰহ কৰি এক অভিষেক ঘটায়।[2]
পৰবৰ্তী মাহত উৰিষ্যাৰ বিৰুদ্ধে বিজয় হাজাৰে ট্ৰফী মেচত দাসে List A cricket তালিকাত অভিষেক ঘটায়। তেওঁ ২০০৭ চনৰ এপ্ৰিল মাহত অসমৰ হৈ আন্তঃৰাজ্যিক টি-২০ প্ৰতিযোগিতাত অংশ কৰে। তেওঁ বৰ্তমান বন্ধ হৈ যোৱা টি-২০ লীগ ইণ্ডিয়ান ক্ৰিকেট লীগ(আইচিএল)ত ৰয়েল বেংগল টাইগাৰছক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ ঘৰুৱা ৫০ অভাৰ প্ৰতিযোগিতা ২০১২–১৩ বিজয় হাজাৰে ট্ৰফীত তেওঁ সৰ্বাধিক উইকেট দখল কৰে। ২০১৯–২০ চনত 2019–20 বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতাত যৌথভাৱে সৰ্বোচ্চ ৯খন মেচত তেত্ৰিশটা উইকেট দখল কৰে।[3]
২০২৪ চনৰ জুন মাহত নিজৰ সামাজিক মাধ্যম ফেচবুক প্ৰফাইলত এটা পোষ্টৰ জৰিয়তে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেতে ক্ৰীড়াৰ জৰিয়তে ভাৰত চৰকাৰৰ ডাক বিভাগত পিএ পদত অধিষ্ঠিত হৈ আছে। বৰ্তমান তেওঁ সক্ৰিয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত নিজৰ চাকৰিত মনোনিৱেশ কৰি আছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Pritam Das". ESPNcricinfo. http://www.espncricinfo.com/ci/content/player/276128.html। আহৰণ কৰা হৈছে: 15 January 2021.
- ↑ "Odisha v Assam 2006-07". ESPNcricinfo. https://www.espncricinfo.com/series/8845/scorecard/263157/orissa-vs-assam-2nd-semi-final-ranji-trophy-plate-league-2006-07। আহৰণ কৰা হৈছে: 7 October 2019.
- ↑ type=tournament "Vijay Hazare Trophy, 2019/20: Most wickets". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/records/bowling/most_wickets_career.html?id=13220; type=tournament। আহৰণ কৰা হৈছে: 25 October 2019.
- ↑ "Pritam Das Facebook post". https://www.facebook.com/share/p/GgPSiient5GUyYtC/?mibextid=oFDknk.