প্ৰেমা গোপালন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰেমা গোপালন
জন্ম পুনা, ভাৰত
বাসগৃহ পুনা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা এম এ, এম ফিল
পেচা সমাজ কৰ্মী

প্ৰেমা গোপালন (ইংৰাজী: Prema Gopalan) এগৰাকী ভাৰতীয় সমাজকৰ্মী। ১৯৮৪ চনত স্থাপন হোৱা ‘ছ’চাইটী ফ’ৰ দ্য প্ৰ’ম’চন অৱ এৰিয়া ৰিছ’ৰ্চ চেণ্টাৰচ্‌’ (SPARC) সংস্থাৰ তেওঁ সহ প্ৰতিষ্ঠাপক। তাৰ পিছত তেওঁ স্বয়ম শিক্ষা প্ৰয়োগ প্ৰতিষ্ঠা কৰে আৰু বিশ বছৰ সংস্থাটোৰ কাৰ্যবাহী পৰিচালক ৰূপে কাম কৰে। এই অনুষ্ঠানটিয়ে আৰ্থিকভাৱে দুৰ্বল গাঁৱলীয়া মহিলাসকলক বিভিন্ন উদ্যোগী আঁচনিত সহায়ৰ হাত আগবঢ়ায়। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰা জনকল্যাণ মূলক কামৰ বাবে তেওঁ বিহাৰ, গুজৰাট, কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত বিশেষভাৱে জনাজাত। তেওঁ কৰা কামৰ বাবে গোপালন ‘ইউনাইটেড নেচনচ্‌ ফ্ৰেমৱৰ্ক কনভেনচন অন ক্লাইমেট চেইঞ্জ’ আৰু ‘ইউনাইটেড নেচনচ্‌ ডেভেল’পমেণ্ট প্ৰগেম’ৰ দ্বাৰা পুৰস্কৃত হৈছে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ভাৰতৰ পুনাত প্ৰেমা গোপালনৰ জন্ম হৈছিল।[1] তেওঁ সামাজিক কামত স্নাতকোত্তৰ আৰু ‘ছ’চিঅ’লজি’ আৰু ‘ৰিচাৰ্ছ মেথড’লজি’ত এম ফিল ডিগ্ৰী লাভ কৰিছে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮৪ত প্ৰেমা গোপালনে শীলা পেটেলৰ সৈতে এছ.পি.এ.আৰ.চি. (SPARC) প্ৰতিষ্ঠা কৰিছিল। ১৯৯৩ চনত, গাঁৱলীয়া দৰিদ্ৰ মহিলাসকলক আত্ম-ব্যৱস্থাপনাৰ বিকেন্দ্ৰীকৃত আৰু গণতান্ত্ৰিক পদ্ধতিৰ কেন্দ্ৰত ৰখাৰ উদ্দেশ্যেৰে তেওঁ এছ.এছ.পি./SSP (স্বয়ম শিক্ষা প্ৰয়োগ/Swayam Shikshan Prayog) নামেৰে এটি বেচৰকাৰী প্ৰতিষ্ঠান স্থাপন কৰিছিল।[3] মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগত, লাতুৰ আৰু ওচমানাবাদৰ ভূমিকম্প পীড়িত জিলাবোৰৰ ১২০০ খন গাঁৱত এক ব্যাপক সম্প্ৰদায়ৰ অংশগ্ৰহণ ৰণনীতি পুনৰ নিৰ্মাণ আৰু ৰূপায়ণ নকৰালৈকে এছ.এছ.পি.-য়ে এছ.পি.এ.আৰ.চি.-ৰ ভিতৰত এক স্ব-শিক্ষা নেটৱৰ্ক হিচাপে কাম কৰিছিল।[4] ২০০১ চনৰ গুজৰাট ভূমিকম্প, ২০০৪ চনৰ ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামি আৰু বিহাৰ আৰু কেৰালাৰ বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়তো গোপালনে দুৰ্দশাগ্ৰস্ত সকলক সহায়ৰ প্ৰচেষ্টাৰে কাম কৰিছিল।[5] পুনৰুদ্ধাৰ কৰা অঞ্চল সমূহত এছ.এছ.পি.-য়ে মহিলা উদ্যোগীসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সহায় আগবঢ়াইছিল।

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

গোপালনক অশোক ফেলো আৰু চিনাৰ্গ’ছ ফেলো ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে।[6]তেওঁ ২০০৩ চনত অশোক ফেলোশ্বিপলৈ নিৰ্বাচিত হৈছিল।[7] ‘ইউনাইটেড নেচনচ্‌ ফ্ৰেমৱৰ্ক কনভেনচন অন ক্লাইমেট চেইঞ্জে’ ২০১৬ চনত গোপলনক মমেন্টাম ফ’ৰ চেইঞ্জ বঁটা প্ৰদন কৰিছে। ইয়াৰ পিছৰ বছৰত তেওঁ ‘ইউনাইটেড নেচনচ্‌ ডেভেল’পমেণ্ট প্ৰগেম’ৰ ইকুৱেটৰ প্ৰাইজ লাভ কৰে। ২০১৮ চনত, গোপালনক ‘শ্বাব ফাউণ্ডেচন ফ’ৰ ছ’চিয়েল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ’ৰ দ্বাৰা ছ’চিয়েল এণ্টাৰপ্ৰেনিয়ৰ অৱ দ্য ইয়েৰ বঁটা প্ৰদান কৰা হৈছিল।[8]প্ৰেমা গোপালনে মহিলাসকলক চৰকাৰী পৰ্যায়ত নীতিৰ সুবিধা আৰু স্থানীয় পৰ্যায়ত মালিকীস্বত্ব লোৱাৰ মাজত সেঁতু নিৰ্মাণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। এই কামৰ উদ্দেশ্য হৈছে গ্ৰাম্য দৰিদ্ৰ মহিলাসকলক বিকেন্দ্ৰীকৃত, গণতান্ত্ৰিক, মৌলিক-সেৱা ব্যৱস্থাপনাৰ কেন্দ্ৰত ৰখা।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Prema Gopalan—Swayam Shikshan Prayog (SSP)". Khemka. Archived from the original on 27 December 2008. https://archive.today/20081227143550/http://www.khemkafoundation.org/awards/sey08/prema-gopalan.php। আহৰণ কৰা হৈছে: 22 August 2020. 
  2. "Awardees". Schwab Foundation for Social Entrepreneurship. Archived from the original on 22 August 2020. https://web.archive.org/web/20200822145510/https://www.schwabfound.org/awardees/prema-gopalan। আহৰণ কৰা হৈছে: 22 August 2020. 
  3. "Prema Gopalan". Ashoka. Archived from the original on 6 July 2010. https://web.archive.org/web/20100706060400/http://www.ashoka.org/node/2586। আহৰণ কৰা হৈছে: 22 June 2009. 
    - "From the field". http://www.alertnet.org/thenews/fromthefield/ssp/118200395230.htm। আহৰণ কৰা হৈছে: 22 June 2009. 
  4. "Prema Gopalan". Developed Nation. http://www.developednation.org/interviews/premagopalan.htm। আহৰণ কৰা হৈছে: 22 June 2009. 
  5. December 23, Prachi Bhuchar New Delhi (23 December 2018). "Leading Ladies". India Today. https://www.indiatoday.in/magazine/the-big-story/story/20181231-leading-ladies-the-social-warriors-1415271-2018-12-23। আহৰণ কৰা হৈছে: 22 August 2020. 
    - "India Pakistan quake toll rises as politics hampers relief". Redorbit. http://www.redorbit.com/news/international/276138/indiapakistan_quake_toll_rises_as_politics_hampers_relief/index.html. 
  6. "Prema Gopalan". The Resource Alliance. https://resource-alliance.org/speakers/prema-gopalan/। আহৰণ কৰা হৈছে: 22 August 2020. 
  7. 7.0 7.1 "Prema Gopalan". https://www.ashoka.org/. https://www.ashoka.org/en-us/fellow/prema-gopalan। আহৰণ কৰা হৈছে: 18 February 2022. 
  8. Banerjee, Shoumojit (8 November 2018). "Defying vagaries of nature to create entrepreneurs". The Hindu. https://www.thehindu.com/news/national/other-states/defying-vagaries-of-nature-to-create-entrepreneurs/article25439777.ece। আহৰণ কৰা হৈছে: 22 August 2020.