সমললৈ যাওক

ফছপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফছপ
ফাইছপ
ধানৰ দেৱী

বেংককৰ ছিয়াম ছ'চাইটীৰ ফছপৰ মূৰ্তি
সম্পৰ্ক দেৱী শ্ৰী, লক্ষ্মী
নিবাস ধাননি
প্ৰতীক পকা ধানৰ মুঠি
আসন/বাহন মাছ

ফছপ (থাই: โพสพ) বা ফাইছপ (থাই: ไพสพ) হৈছে থাইসকলৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী।[1] মূলসুঁ‌তিৰ ধৰ্মতকৈয়ো প্ৰাচীন লোকসংস্কৃতিৰ সৈতেহে এই দেৱীগৰাকীৰ অধিক সম্পৰ্ক আছে।[2] তেওঁক মে খ্বান খাও অৰ্থাৎ শস্য-প্ৰাচুৰ্যৰ মাতৃ নামেৰেও জনা যায়।[3] তেওঁক থাইলেণ্ড কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ ধান বিভাগৰ প্ৰতীকচিহ্নৰূপে উপস্থাপন কৰা হয়।[4]

পৃষ্ঠভূমি[সম্পাদনা কৰক]

ধানখেতিৰ বিভিন্ন স্তৰত দেৱীগৰাকীক সন্তুষ্ট কৰিবলৈ ৰীতিগত উচৰ্গা আদি আগবঢ়োৱা হয়। গ্ৰামাঞ্চলৰ লোকসকলে বিশ্বাস কৰে যে সকলোৱে যথেষ্ট পৰিমাণে আহাৰ লাভ কৰাটো ফছপে সুনিশ্চিত কৰে।[5]

আধুনিক কালত থাইলেণ্ডত দেৱী ফছপৰ প্ৰতি উচৰ্গা আগবঢ়োৱা কাৰ্য কমি অহা পৰিলক্ষিত হৈছ কিন্তু ২০০৮ চনৰ আগষ্ট মাহত ৰাণী ছিৰিকিটে থাই লোক-সংস্কৃতিৰ এই প্ৰথাক পৃষ্ঠপোষকতা প্ৰদান কৰে।[6]

কৃষকসকলে ফচল আহৰণৰ ক্ষেত্ৰত সুফল পাবলৈ ধান আৰু ধানখেতিৰ বিভিন্ন স্তৰৰ সৈতে সম্পৰ্ক থকা পৰম্পৰাগত উছৱ-পাৰ্বনসমূহৰ গভীৰ তাৎপৰ্য আছে।[7] প্ৰতি বছৰে থাইলেণ্ডত ৰাজকীয় হালধৰা অনুষ্ঠান পালন কৰা হয়। অনুষ্ঠানৰ সামৰণিত সমবেত লোকসকলে তেওঁলোকৰ সৌভাগ্যৰ বাবে হালৰ পৰা মাটিত হোৱা লোৰৰ পৰা বীজ সংগ্ৰহ কৰে।[8]

উপস্থাপন[সম্পাদনা কৰক]

ফছপক আ-অলংকাৰ আৰু ৰঙা বা সেউজীয়া বস্ত্ৰ পৰিহিতা এগৰাকী সুন্দৰী নাৰী হিচাপে উপস্থাপন কৰা হয়। তেওঁ কান্ধত ধানৰ মুঠি লৈ ধানৰ ওপৰত বহি বা থিয় হৈ থাকে।[9] কেতিয়াবা ধানৰ মুঠি তেওঁ হাততো দেখা যায়।[10] তেওঁৰ ঘাই শিপাডাল স্থানীয় আৰু বহু প্ৰাচীন যদিও সাম্প্ৰতিক চিত্ৰায়নত হিন্দুধৰ্মৰ দেৱী লক্ষ্মীৰ প্ৰভাৱ দেখা যায়।[11]

কোনো কোনো ঠাইত ফচল আহৰণ উৎসৱৰ সময়ত এগৰাকী যুৱতীয়ে ফছপৰ দৰে আভূষণ পৰিধান কৰাৰ পৰম্পৰা আছে।[12]

চুবুৰীয়া দেশসমূহত[সম্পাদনা কৰক]

চিলি, টকৌজাতীয় গছৰ পাতেৰে সজা বালিনীজ দেৱী শ্ৰীৰ প্ৰতিমা।

লাওছ[সম্পাদনা কৰক]

লাওছত ফছপক নাং খছপ নামেৰে জনা যায় আৰু তেওঁ স্থানীয় গ্ৰাম্য সংস্কৃতিৰ অংশ। ধান সম্পৰ্কে লাওছৰ সৃষ্টি তত্ত্বৰ বিভিন্ন আখ্যান আছে। 'ৱাট ছি ছাকেট' নামৰ পাঠ্যৰ মতে, এহাজাৰ বছৰজোৰা দুৰ্ভিক্ষৰ পিছত এজন যুৱকে এটা সোণালী মাছ ধৰিবলৈ সক্ষম হয়। মৎস্য সমুদায়ৰ ৰজাই উক্ত মাছটোৰ বেদনাদায়ক চিৎকাৰ শুনি সেই যুৱকজনক এবিধ সম্পত্তিৰ বিনিময়ত মাছটো এৰি দিবলৈ অনুৰোধ জনায়। এই সম্পত্তি আন কোনো নাছিল। সেয়া আছিল ধানৰ আত্মাস্বৰূপ নাং খছপ। খছপে খেতি-পথাৰত বাস কৰাৰে পৰা বহু শতিকাজুৰি ধান-চাউলে মানৱজাতিক পুষ্টি দিবলৈ ধৰে আৰু বৌদ্ধ সমাজ আগুৱাই যায়। কিন্তু এদিনাখন এজন ৰজাই প্ৰজাৰ ধান-চাউল নিজৰ বাবে ধন-সম্পত্তি, হাতী আদি গোটাবলৈ জমা কৰি ৰাখে আৰু পুনৰ দুৰ্ভিক্ষই দেখা দিয়ে। এনে সময়তে এহাল বৃদ্ধ দম্পতীয়ে অৰণ্যত এক সন্ন্যাসীক লগ পায়। তেওঁলোকৰ ভোকাতুৰ আৰু দুৰ্বল শৰীৰ দেখা পাই সন্ন্যাসীজনে তেওঁলোকৰ ক্ষুধা নিবাৰণ কৰিবলৈ নাং খছপক আহ্বান জনায়। দেৱীগৰাকীয়ে ক্ৰোধিত হৈ এনে কৰিবলৈ অস্বীকাৰ কৰে। ফলত বৌদ্ধ ধৰ্মৰ ভৱিষ্যতৰ প্ৰতি চিন্তাক্লিষ্ট হৈ সন্ন্যাসীজনে নাং খছপক খণ্ড-বিখণ্ড কৰে। এই খণ্ডিত দেহাংশই বিভিন্ন জাতৰ চাউল যেনে ক'লা চাউল, বগা চাউল, কঠিন চাউল (খাও চাও) আৰু এঠাজাতীয় বৰা চাউলৰ ৰূপ পায়। সেই বৃদ্ধ দম্পতীহালে এই নতুন চাউলসমূহৰ কিদৰে খেতি কৰিব পাৰি সেই বিষয়ে মানৱ জাতিক শিকায় আৰু এনেদৰেই বৌদ্ধসকল জাতিষ্কাৰ হৈ উঠে।[13]

লাওছৰ ৰাজধানী ভিয়েটিয়ান অঞ্চলত প্ৰচলিত আন এক কিংবদন্তি অনুসৰি নাং খছপৰ লাওখোলা, মুখ আৰু দাঁ‌তৰ পৰা উৎপন্ন ফি না নামৰ আত্মাই খেতি পথাৰৰ তত্ত্বাৱধান কৰে।[14]

কম্বোডিয়া আৰু ভিয়েটনাম[সম্পাদনা কৰক]

বৌদ্ধ ধৰ্মত ধানৰ দেৱীৰ যোগেদি প্ৰাক-বৌদ্ধ অৰ্থসমূহৰ কিদৰে পুনৰাই বৰ্ণনা কৰা হৈছে এই বিষয়ে কিছুসংখ্যক লেখকে অধ্যয়ন কৰিছে।[15] কম্বোডিয়া আৰু ভিয়েটনামৰ চাম জনগোষ্ঠীৰ ধানৰ দেৱী চাম পো ইনো নোগাৰ, পো য়ান ইনো নোগাৰ টাহা বা পো নোগাৰৰ সৈতে থাইলেণ্ড আৰু লাওছৰ ধানৰ দেৱীৰ সাদৃশ্য আছে।[16]

উত্তৰ লাওছ আৰু ভিয়েটনামৰ মনক্ষ্মেৰ গোট খ্ম্নু জনগোষ্ঠীৰ মাজত ধানৰ দেৱীক সন্তুষ্ট কৰিবলৈ নৃত্য কৰাৰ প্ৰথা প্ৰচলিত।[17]

ইণ্ডোনেছিয়া[সম্পাদনা কৰক]

ইণ্ডোনেছিয়াতো দেৱী শ্ৰী বা ঞি পোহাচি নামৰ একেধৰণৰ এগৰাকী দেৱীৰ উপস্থিতি দেখা যায়। তেওঁ জাভানীজ, ছুণ্ডানীজ আৰু বালিনীজসকলৰ ধান, কৃষি আৰু উৰ্বৰতাৰ দেৱী। স্থানীয় ধাননিসমূহত দেৱীগৰাকীৰ উপাসনা স্থল সুলভ।[18]

বেংককত[সম্পাদনা কৰক]

থাইলেণ্ডৰ ৰাজধানী বেংকক এসময়ত ধাননিৰে পৰিপূৰ্ণ আছিল। কালক্ৰমত ই প্ৰায় নোহোৱা হৈ যায়। গতিকে ফছপৰ উপাসনাৰ বাবে কমসংখ্যক মন্দিৰহে দেখা পোৱা যায়। বাং ফ্ৰমৰ ৱাট ছিৰি ৱাট্টানাৰম, লাট ফ্ৰাও স্কোৱাৰৰ ছই আদি ইয়াৰে অন্যতম।[19][20]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pairin Jotisakulratana, Mae Po sop: The Rice Mother of Thailand
  2. On the Role of Food Habits in the Context of the Identity and Cultural Heritage of South and South East Asia
  3. ชนชาติไทในนิทาน : แลลอดแว่นคติชนและวรรณกรรมพื้นบ้าน / ศิราพร ณ ถลาง กรุงเทพฯ : มติชน, 2545
  4. กรมการข้าว – Rice Department
  5. "Rice Hoarding Affect Supplies in Thailand". Archived from the original on 2012-10-20. https://web.archive.org/web/20121020215121/http://www.channelnewsasia.com/stories/southeastasia/view/340671/1/.html। আহৰণ কৰা হৈছে: 2021-09-27. 
  6. Thailand revives worship of Rice Goddess – The China Post
  7. "Phranakhon Si Ayutthaya; Farming Custom". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304134531/http://ilwc.aru.ac.th/Contents/CustomFestivalEng/customfestivalEng3.htm। আহৰণ কৰা হৈছে: 2021-09-27. 
  8. "Rice Goddesses of Southeast Asia". Archived from the original on 2019-08-12. https://web.archive.org/web/20190812151508/https://oryza.com/grain-interest/rice-goddesses-southeast-asia। আহৰণ কৰা হৈছে: 2021-09-27. 
  9. Po Sop
  10. "ศาลแม่โพสพริมคลองบางพรม: หลักฐานทุ่งนาฝั่งธนฯ". Archived from the original on 2022-03-03. https://web.archive.org/web/20220303023849/http://www.muangboranjournal.com/modules.php?name=Sections&op=viewarticle&artid=168। আহৰণ কৰা হৈছে: 2021-09-27. 
  11. Phya Anuman Rajadhon, Essays on Thai Folklore আই.এচ.বি.এন. 974-210345-3
  12. Woman in Pho sop costume
  13. Stringler, Florence. (2011) L'alimentation des Laotiens. Cuisine, recettes et traditions au Laos et en France. p. 31
  14. Charles Archaimbault. (1973) Structures religieuses lao: rites et mythes. Volume 2 of Collection Documents pour le Laos, p. 240
  15. Richard Pottier – Le vidéo-lexique : Mythe de la déesse du riz
  16. "Po Ino Nogar". Archived from the original on 2016-10-25. https://web.archive.org/web/20161025124749/http://www.goddessaday.com/southeast-asian/po-ino-nogar। আহৰণ কৰা হৈছে: 2021-09-27. 
  17. La danse du riz de la minorité Kho Mu Archived 2016-03-04 at the Wayback Machine
  18. "(Indonesian) Mitos Nyi Pohaci/Sanghyang Asri/Dewi Sri". My.opera.com. 2008-03-01. http://my.opera.com/mrtaufik/blog/2008/03/01/mitos-nyi-pohaci-sanghyang-asri-dewi-sri। আহৰণ কৰা হৈছে: 2012-08-26. 
  19. Thongdaeng, Wityada; Thongpan, Saran (September 2012) (Thai ভাষাত). ชุมทางตลิ่งชัน ย่านเก่า [ก่อน] กรุงเทพฯ. প্ৰকাশক Bangkok: Muang Boran Journal. পৃষ্ঠা. 188–216. ISBN 978-974-7727-93-7. 
  20. Thongpan, Saran (2017-08-05). "ศาลแม่โพสพ" (Thai ভাষাত). Sarakadee. https://www.sarakadee.com/2017/08/05/mae-posop/। আহৰণ কৰা হৈছে: 2021-08-07.