বৰফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ফু-কান-লুঙৰ পৰা পুনঃনিৰ্দেশিত)

ফু-কন -লৌঙ বা বৰফুকন (ইংৰাজী: Borphukan, আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫 𑜎𑜤𑜂𑜫) আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। এই পদটো আহোম চাওফা চুচেংফাই সৃষ্টি কৰিছিল। ইয়াৰ ‌উপৰিও কলিয়াবৰৰ পশ্চিম অঞ্চল বৰফুকন-এ নিয়ন্ত্ৰণ কৰিছিল। বৰফুকনৰ মুখ্য কাৰ্য্যালয় কলিয়াবৰত আছিল। কিন্তু পাছত লাচিত বৰফুকনৰ সময়ত গুৱাহাটীৰ ইটাখুলিলৈ স্থানান্তৰ কৰা হয়। আহোমৰ ৰাজধানীৰ পৰা এই অঞ্চলটো যথেষ্ট দূৰত হোৱা বাবে এই পদটো গুৰত্বপূৰ্ণ আছিল। আনহাতে, কলিয়াবৰৰ পূব অঞ্চলটো বৰবৰুৱা-ই নিয়ন্ত্ৰণ কৰিছিল।

বৰফুকনৰ ঘৰটো বৰ্তমানৰ গুৱাহাটীফাঁচী বজাৰ অঞ্চলত অৱস্থিত আছিল। ভৰলু নদীৰ পশ্চিমত তেওঁৰ চ’ৰাটো দোপদৰ বুলি জনা যায়) অৱস্থিত আছিল। এই চ’ৰাটো আহোমৰ ৰাজধানীত অৱস্থিত বৰ-চ’ৰাৰ নিচিনা আছিল আৰু পাঁচজন ফুকনৰ দ্বাৰা গঠিত আছিল। তেওঁলোকক একেলগে গুৱাহাটীয়া অথবা দোপদৰীয়া ফুকন বোলা হৈছিল(Baruah 1992:200–201)। বৰফুকনক প্ৰশাসনিক কাম-কাজত মজিন্দাৰ বৰুৱাই সহায় কৰিছিল। তেওঁৰ ঘৰটো বৰ্তমানৰ উপায়ুক্তৰ ঘৰটোৰ ঠাইত আছিল।

বৰফুকন সকলৰ তালিকা[সম্পাদনা কৰক]

  • লাঙি পানীছিয়া বৰফুকন
  • লান মুঙ ছেন
  • চিৰিং পিকচাই বৰফুকন
  • দমাই ডেকা বৰফুকন
  • লাঙি বৰফুকন
  • পিকচাই বৰফুকন
  • চেঙমুন বৰফুকন (গড়গঞা ৰাজা-শহুৰ)
  • পেলন বৰফুকন (ঘৰা কোঁৱৰ)
  • লাচিত বৰফুকন (লাখুৰাখুন ফৈদ)
  • লালুক সোলা বৰফুকন (লাখুৰাখুন ফৈদ)
  • বান্দৰ বৰফুকন (লানমাখাৰু ফৈদ)
  • কাশী বৰফুকন
  • লাহন বৰফুকন
  • হৰনাথ বৰফুকন
  • গগৈ বৰফুকন
  • মেধি বৰফুকন
  • শিৱনাথ বৰফুকন
  • বুঢ়া চেতিয়া বৰফুকন
  • ঘিনাই বদনচন্দ্ৰ বৰফুকন
  • গেন্ধেলা কলীয়াভোমোৰা বৰফুকন
  • বদন চন্দ্ৰ বৰফুকন
  • দিহিঙীয়া ঘনশ্যাম বৰফুকন
  • জন্মী
  • ভদ্ৰচন্দ্ৰ
  • লম্বোদৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Baruah, S. L. (1993), Last Days of Ahom Monarchy, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi 
  • Gogoi, Padmeshwar (1968), The Tai and the Tai kingdoms, Gauhati University, Guwahati