বকতা জাপিসজীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পৰিচয় :[সম্পাদনা কৰক]

বকতা জাপিসজীয়া গাওঁ (Bokata Japihajia Village)

পৰিচয় :- ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম ইতিহাস সাহিত্য কলা সংস্কৃতি আদি সকলো দিশৰে পৰা প্ৰাচুৰ্য ময়ী ঠাই। এই অসমভূমিৰে এখন ঐতিহ্যমণ্ডিত জিলা হল শিৱসাগৰ। অসমীয়া জাতি‌ৰ পিতৃ স্বৰ্গদেউ চ্যাওল্যুঙ ছ্যুকাফা‌ই ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰত প্ৰৱেশ কৰি বৃহত্তৰ অসম গঢ়াৰ চিন্তা এই শিৱসাগৰৰ পৰাই কৰিছিল। ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্ব‌কালৰ চিন হিচাপে এতিয়াও শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত বহু ঐতিহাসিক ঠাই দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত অন্যতম বৰ্তমানেও সুন্দৰকৈ সংগঠিত হৈ থকা গাঁওসমূহ‌। শিৱসাগৰৰ এই গাওঁ‌সমূহৰ ভিতৰত অন্যতম বকতা জাপিসজীয়া গাওঁ।

অৱস্থান :[সম্পাদনা কৰক]

বকতা জাপিসজীয়া গাঁও শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাওঁ। গাওঁ‌খন শিৱসাগৰ মহকুমাৰ অন্তৰ্গত। গাওঁ‌খন নেমুগুৰি থানা, ডাকঘৰ হলগুৰি (চেপন) অধীনত অৱস্থিত। গাওঁ খনৰ সীমা দুটা জানেৰে নিৰূপিত কৰিছে বালিজান আৰু বিনুৱাজান। গাওঁ খনৰ পূৱৰ সীমা জৰিগুৰি আৰু পশ্চিমৰ সীমা ডগৰীগুৰি বুলি ধৰা। মাংগলিক কাৰ্যত গোৱা বাইক বচনতো এই সীমা‌ৰ কথা উল্লেখ কৰা হয়। গাওঁ‌খনত  এটা নামঘৰ, জাপিসজীয়া প্ৰাথমিক বিদ্যালয় আৰু বিনুৱাজান প্ৰাথমিক বিদ্যালয় নামেৰে দুখন প্ৰাথমিক বিদ্যালয়, এটা বয়ন শিল্প কেন্দ্ৰ আছে। তাৰোপৰি, এখন ঐতিহ্যমণ্ডিত হাবিদেও হালো গাওঁ‌খনত আছে। এই হাবিদেও হালত পাচ বছৰৰ মূৰে মূৰে হাবিদেও পূজা কৰা হয়।

জনগাঠনি[সম্পাদনা কৰক]

গাওঁখনত মূলতঃ টাই আহোম সকলৰ পূৰোহিত শ্ৰেণী মহন,দেউধাই আৰু আহোম ৰাজত্ব‌কালত কটকীৰ কাৰ্য সম্পাদন কৰা কটকী লোকে বসবাস কৰি আহিছে। বৰ্তমান গাওঁখনত খনামুখীয়া মহন, দিহিঙীয়া মহন, ৰাজঘৰীয়া মহন, চেঙেলীমুৰীয়া মহন, ডাঙডেঙ দেওধাই, ছাগলী দেওধাই, হাতীবৰুৱা দেওধাই, কুকচা দেওধাই, আখৈয়া দেওধাই , কটকী আৰু দিহিঙীয়া লোকে বসবাস কৰি আছে।

ইতিহাস[সম্পাদনা কৰক]

বুৰঞ্জী মতে, অনুসৰি স্বৰ্গদেউ চুহুঙম্যুঙ বা দিহিঙীয়া ৰজাই বকতা‌ত ৰাজধানী পতাৰ সময়ত বহু লোকে বকতা‌ত নকৈ হাবি ভাঙি বসবাসৰ উপযোগী কৰি লৈছিল। বকতা‌ৰ পূব প্ৰান্তত অৱস্থিত জাপিসজীয়া গাঁৱো হাবি ভাঙি সেইসময়ৰ লোকসকলে গঢ়ি তুলিছিল। বসবাসৰ উপযোগী হোৱাৰ পাছত বিভিন্ন ঠাইৰ পৰা মানুহ প্ৰৱজ্বন হৈ বাস কৰিবলৈ লৈছিল। এই গাঁৱত প্ৰচুৰ পৰিমাণে বাহ,বেত,টকৌ পাত আদি উপলব্ধ আছিল। সেই সময়ৰ লোকসকলো আছিল বাহ বেতৰ কামত অতি নিপুণ। তেওঁলোকে বাহ বেতেৰে ভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় বস্তু নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল জাপি। টকৌপাত প্ৰচুৰ পৰিমাণে উপলদ্ধ হোৱাৰ বাবেই তেওঁলোকে সকলো ধৰণৰ জাপি নিৰ্মাণত সিদ্ধ হস্ত আছিল‌। উল্লেখযোগ্য যে, আহোম স্বৰ্গদেউ‌সকলৰ প্ৰয়োজনীয় জাপি এই গাঁৱৰ পৰাই যোগান ধৰা হৈছিল। পিছলৈ ব্ৰিটিছ অহাৰ পাছতো গাওঁ‌খনৰ ওচৰতে অৱস্থিত আমলাগুৰি চাহ বাগিচা, কৃষ্ণ‌বিহাৰী চাহ বাগিচা, মহখুটি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ বাবে জাপি তেওঁলোকে যোগান ধৰিছিল। এইদৰেই, জাপি সজাত পাকৈত মানুহ বাস কৰাৰ বাবেই গাওঁ‌খনৰ নাম জাপিসজীয়া হল বুলি জনা যায়।

নীতি-পৰম্পৰা, উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

পৰম্পৰা‌ৰ ক্ষেত্ৰটো গাঁওখন অন্য ঠাইৰ তুলনাত পৃথক। টাই আহোম সকলৰ নিজস্ব সকলো পৰম্পৰা অতি নিভাঁজ‌কৈ গাওঁ‌খনত সংৰক্ষিত হৈ আছে। গাওঁ খনত আহোমসকলৰ পৰম্পৰা অনুসৰি ডামক দিয়া, ফুৰালুং আদি সমাপন কৰা হয়। তদুপৰি আইসকলে নামঘৰত ভাদ নাম লয়। গাঁওখনৰ মৃতকৰ সৎকাৰ টাই আহোম পৰম্পৰা‌ৰে মৈদাম দি কৰা হয়। টাই আহোমৰ পুৰণি বহু সাচিপতীয়া পুথি গাঁৱখনত সংৰক্ষিত হৈ আছে। টাই আহোম‌সকলৰ মলুঙ শ্ৰেণীটোৱে অতি আটোম টোকাৰী‌কৈ এই পুথিসমূহৰ লগতে বহু পুৰণি বস্তু সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। বিহুৰ বতৰত আটায়ে লগ লাগি ফূৰ্তি কৰে। ডেকা গাভৰু, বুঢ়া মেথা আটায়ে সুন্দৰ‌কৈ ঘৰে ঘৰে বিহু মাৰে। ঘৰৰ গৃহস্থই বিহুৱা ৰাইজৰ ওচৰত সেৱা লয়। এইদৰেই বছৰটোলৈ সকলোৱে একলগে থকাৰ পণ লয়। আইসকলে‌ও গছতলত সুকীয়া‌কৈ বিহু মাৰি পুৰণি পৰম্পৰা ধৰি ৰাখিছে। বিহুৰ অন্তত গাঁৱৰ আটায়ে মিলি ভোজভাত খায়। বহাগ বিহুৰ উপৰি গাওঁ‌খনত অতি উলহ মালহেৰে চ্যুকাফা দিৱস, কাতি বিহু, মাঘ বিহু আদিও পালন কৰা হয়। চাকি- বন্তি জ্বলাই ব্যাপক কাৰ্যসূচিৰে মহান পুৰুষ চ্যাওল্যুঙ ছ্যুকাফা দিৱস উৎযাপন কৰা হয়। মাঘবিহু‌ত পৰম্পৰাগত খেল ধেমালি কৰি ভোজভাত খাই আনন্দ ফূৰ্তি কৰে গাওঁ‌বাসীয়ে।

https://www.youtube.com/watch?v=5ZEEvScDBJc

খেতিৰ বতৰত ইঘৰে সিঘৰক সহায় কৰা পৰম্পৰা গাওঁ‌খনত বিদ্যমান। একোঘৰ মানুহ‌ত গাঁৱখনৰ কৰ্মথ ডেকাসকলে লগ হৈ সহায় কৰি দিয়ে। গৃহস্থই‌ও মাছে- মঙহে, লাঁৱে-ভাতে ফুৰ্তি-আনন্দৰে সৈতে এসাঁজ খোৱায়। এইদৰেই গাওঁ‌খনৰ সম্প্ৰীতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰাখিছে গাঁও‌বাসীয়ে।

জীৱিকা :[সম্পাদনা কৰক]

বকতা জাপিসজীয়া গাঁওখন কৃষিজীৱী গাঁও। একশতাধিক পৰিয়ালে বসবাস কৰা গাওঁ খনৰ সৰহসংখ্যক লোকেই কৃষিজীৱী। মাত্ৰ ৬% লোকেহে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে। ১২% লোকে চাহখেতি কৰি জীৱিকা নিৰ্বাহ কৰিছে। বহু লোকে মুগাখেতিও কৰে।

শিক্ষা :[সম্পাদনা কৰক]

শিক্ষা‌ৰ ক্ষেত্ৰতো গাওঁ‌খন অতি চহকী। গাওঁ‌খনৰ পৰা বহুকেইজন গণ্য-মান্য লোক শিক্ষা দিক্ষাৰে চহকী হৈ জিলিকি উঠিছে। গাওঁ‌খনৰ পৰা প্ৰথম উচ্চ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শ্ৰী যুত শৰৎ‌চন্দ্ৰ বৰুৱা‌দেৱ বৰ্তমান এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। ২০১২ চনৰ পৰা গাওঁ‌খনত মহেন্দ্ৰ‌নাথ বৰুৱা‌ৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰি অহা হৈছে। উচ্চ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দৰিদ্ৰ মেধাৱী ছাত্ৰ‌ক এই বঁটা দিয়া হয়। ছাত্র প্ৰাঞ্জল মহন বৰুৱা‌ক এই বঁটা প্ৰথম‌বাৰৰ বাবে দিয়া হৈছিল।

সাহিত্য :[সম্পাদনা কৰক]

সাহিত্যৰ ক্ষেত্ৰতো গাঁও‌বাসী পিছপৰা নহয়। বহু‌কেইজন যুৱক সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। গল্প, কবিতা, প্ৰৱন্ধ আদি বিভিন্ন বাতৰি কাকত, আলোচনী, ৰেডিঅ আদিত প্ৰচাৰ হৈছে। তদুপৰি সাহিত্য দিশটোৰ উন্নতি‌ৰ বাবে গাওঁ‌খনত সময়ে সময়ে বহু‌কেইখন হাতে লিখা আলোচনী প্ৰকাশিত হয়। ২০১৪ চনৰ ৬ জুলাই তাৰিখে ম‌ইনাজ্যোতি ম‌ইনামেল নামৰ এটি অনুষ্ঠান গাওঁ‌খনত জন্ম হয়। নৱপ্ৰজন্ম‌ক সাহিত্য, কলা, সংস্কৃতি সকলো দিশতে আগবঢ়াই নিয়াৰ উদ্দেশ্য এই অনুষ্ঠানটি জন্ম দিয়া হয়। এই অনুষ্ঠান‌ৰ পৰা বহু ঠাইত ভ্ৰাম্যমাণ অনুষ্ঠানো পৰিবেশন কৰা হৈছে। আকাশবাণী ডিব্ৰুগড়‌তো এই অনুষ্ঠান‌ৰ সদস্য সদস্যাই অনুষ্ঠান পৰিবেশন কৰি‌ছে।

গাঁঁও উন্নয়ন :[সম্পাদনা কৰক]

গাওঁখনৰ উন্নয়ন‌ৰ বাবে এখন উন্নয়ন সমিতি আছে। ২০১২ চনত চিত্ৰ ফুকনক সভাপতি আৰু দিলীপ ফুকনক সম্পাদক হিচাবে লৈ "বকতা জাপিসজীয়া উন্নয়ন সমিতি" নামেৰে গঠন কৰা হৈছিল। গাওঁ‌ৰ উন্নয়ন‌ৰ বাবে প্ৰয়োজনীয় পুজিৰ বাবে গাওঁ‌খনত এটা অতি সুন্দৰ ব্যৱস্থা প্ৰচলিত আছে। গাওঁ‌খনত থকা উন্নয়ন কমিটিৰ পৰা এটা জমা বাকচ প্ৰতিটো পৰিয়াল‌কে যোগান ধৰা হয়। বাকচৰ তলাৰ চাবি কমিটিৰ ওচৰত থাকে। সেই বাকচ নিদিষ্ট সময়ত খোলা হয়। আৰু কমিটিয়ে নিৰ্ধাৰণ কৰা নিদিষ্ট ধন লৈ বাকীখিনি ধন গৃহস্থক ঘূৰাই দিয়া হয়। গাওঁ‌বাসীৰ মনত সঞ্চয়ী মনোভাৱ এই ব্যৱস্থা‌ই বৃদ্ধি কৰিছে।

সামৰণি :[সম্পাদনা কৰক]

এইদৰেই অতি চহকী পৰম্পৰা, কৃষ্টি-সংস্কৃতি লৈ গাঁওখন জীয়াই আছে। গছ বনেৰে চিৰসেউজ গাওঁ‌খন নিজা গুণ গৰিমাৰে মহিমামণ্ডিত হৈ জিলিকি ৰৈছে এখন আদৰ্শ গাঁৱৰ ৰূপ‌ত।