সমললৈ যাওক

বাখৰ বেঙেনা গছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাখৰ বেঙেনা গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বৈজ্ঞানিক নাম
Tamilnadia uliginosa
U.N. Kanchilan (1939)[1][2]

বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসাগৰৰ নগৰৰ পৰা ৩০ কিঃমিঃ দূৰৈৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুং মুহুং গাৱঁৰ মধ্যস্থলত অৱস্থিত। বৈজ্ঞানিক নাম Tamilnadia uliginosa [3][1]। প্ৰধানতঃ ঐতিহাসিক কাৰণত বিখ্যাত এই বাখৰ বেঙেনা গছ। গছজোপাৰ কাষতে গছজোপাৰ নামেৰে নামাঙ্কিত হোৱা বাখৰ বেঙেনা হাইস্কুল, প্ৰাইমাৰী স্কুল আৰু ডাকঘৰ। কাষেদি বৰ্ত্তমান গোঁহাই গাঁও, বাখৰ বেঙেনা গড়কাপ্টানী আলি আৰু ধনেখনা জান বৈ গৈছে। ঠাইটুকুৰা বৰ্তমান বুৰঞ্জীপ্ৰসিদ্ধ অঞ্চল হিচাপে প্ৰখ্যাত হৈছে কেৱল এই গছজোপাৰ বাবেই।

চৰকাৰী অনুদানেৰে সংৰক্ষিত গছজোপা ধনেখনা জানৰ পাৰত অৱস্থিত। গা গছ প্ৰায় ৩০ ফুট ওখ। একেটা গুৰিৰ পৰা প্ৰায় ২-৩ ফুট বেৰৰ সাতডাল গা-গছ মূল এডালৰ পৰা ফেৰেঙনি মেলি বিস্তাৰিত হৈছে। ওচৰতে আৰু এজোপা এডলীয়া গছ আছে। অনুমান কৰিব পাৰি সেইজোপাও মুল গছৰে অংশ। গছৰ ডালবোৰ লিকটা।পাতবোৰ বছৰৰ মুৰত সৰি পৰে অন্য গছৰ দৰেই। ফুলবোৰ গুলচি ফুলৰ দৰে। গুটিবোৰ মধুৰী আমৰ নিচিনা বেঙেনা আকাৰৰ। বছৰত জেঠ আহাৰত গুটি লাগে। গুটি পকিলে আঁতৰৰ পৰা সেউজীয়া পাতৰ মাজত বাখৰৰ দৰে জিলিকি থাকে। সেই বাবেই গছজোপাৰ নাম বাখৰ বেঙেনা হ’ল।

বাখৰ বেঙেনা গছজোপাৰ বিষয়ে স্থানীয় বয়োবৃদ্ধ লোকে বহুত মন্তব্য দিয়ে।

একাংশৰ মতে গচজোপা ৰুই বৰাহী ৰজা মহামাণিক্যই ৰাজ্যৰ সীমা নিৰূপন কৰাৰ কথা উল্লেখ কৰে। একাংশৰ মতে চুতীয়া ৰজাই ৰাজ্যৰ সীমা দি এই গছজোপা ৰোপণ কৰি প্ৰতিজ্ঞা কৰিছিল "চুতীয়া ৰাজ্য থাকে মানে এই গছজোপা থাকিব "। এই মতামতৰ ওপৰতেই বুৰঞ্জীবিদ ও সৰহসংখ্যকে সহমত দিয়ে। একাংশৰ মতে আহোমৰ চুহুংমুং ৰজাৰ দিনত কোনোবা এজন বিষয়াই অচিন পুলিটি সযত্নে ৰাখে। কিন্তু উল্লেখযোগ্য যে ২০১২ত কৰা বৈজ্ঞানিক গবেষণাৰ মতে এই গছজোপা ১৪৩৪ খ্ৰীষ্টাব্দত ৰোপণ কৰা হৈছিল। গতিকে এই তথ্য ই নিশ্চিত কৰে যে গছজোপা চুতীয়া ৰজাই ৰোপণ কৰা কাৰণ আহোম ৰজা চুহুংমুংৰ ৰাজত্ব কাল ১৬ সতিকা (১৪৯৮-১৫৩৯) আছিল। [4]

গছৰ কাষৰ পৰা ভোমোৰা আলি নামৰ এটা আলি যোৱাৰ চিন আছে। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে বানফেৰা বা বানফ্ৰাই বংশৰ চিকন সৰিয়হৰ দেউতাক নাওবৈচা ফুকনৰ বসতি বাহৰ আৰু ৰজাঘৰৰ তৰফে দিয়া মাটিৰ সীমা এই গছৰ কাষলৈকে আছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]