বাসন্তী দুলাল নাগচৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাসন্তী দুলাল নাগচৌধুৰী

পাৰমাণৱিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানত চাইক্লট্ৰনৰ চুম্বকৰ সম্মুখত মেঘনাদ সাহা আৰু আনসকলৰ সৈতে বসন্তী দুলাল নাগচৌধুৰী
জন্ম ০৬ ছেপ্টেম্বৰ, ১৯১৭[1]
বাৰোদী গাঁও, ঢাকা জিলা, (বৃটিছ অধিকৃত)
মৃত্যু ২৫ জুন, ২০০৬ (৮৮ বছৰ)[2]
কলকাতা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা বেনাৰছ হিন্দু বিশ্ববিদ্যালয়
এলাহাবাদ বিশ্ববিদ্যালয়
বৰ্কলেৰ কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়
পেচা পদাৰ্থ বিজ্ঞানী
নিয়োগকৰ্তা ৰাজাবাজাৰ বিজ্ঞান কলেজ
কলকাতা বিশ্ববিদ্যালয়
সাহা ইনষ্টিটিউট অফ নিউক্লিয়াৰ ফিজিক্স
ভাৰত চৰকাৰ
পৰিকল্পনা আয়োগ
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
সংস্থা ইণ্ডিয়ান নেছনেল চাইন্স একাডেমী
ইণ্টাৰনেছলেল ফাউণ্ডেছন ফৰ চাইন্স, চুইডেন
ITC সংগীত ৰিছাৰ্চ একাডেমী
জনা যায় ভাৰতত প্ৰথম চাইক্ল’ট্ৰন নিৰ্মাতা
ভাৰতত নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী অগ্ৰণী ব্যক্তি
দাম্পত্যসঙ্গী দিপালী নাগ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্ম বিভূষণ

বাসন্তী দুলাল নাগচৌধুৰী (ইংৰাজী: Basanti Dulal Nagchaudhuri; ৬ ছেপ্টেম্বৰ ১৯১৭ – ২৫ জুন ২০০৬) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু শিক্ষাবিদ আৰু ভাৰত চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টা আছিল। তেওঁ ভাৰতৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিচিত আৰু কলিকতা বিশ্ববিদ্যালয়ত দেশৰ প্ৰথমটো চাইক্ল’ট্ৰন নিৰ্মাণৰ বাবে তেওঁ পৰিচিত।

১৯৭০ চনৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈজ্ঞানিক উপদেষ্টা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কেবিনেট কমিটীৰ অধ্যক্ষ হিচাপে নাগচৌধুৰীয়ে ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা স্মাইলিং বুদ্ধত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। ভাৰতৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ ওপৰতো তেওঁ প্ৰথম সম্ভাৱনীয়তা অধ্যয়ন আৰম্ভ কৰে। পিছলৈ তেওঁ পৰিকল্পনা আয়োগৰ সদস্য আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯১৭ চনৰ ৬ ছেপ্টেম্বৰত ঢাকা জিলাৰ বৰদৈ গাঁৱত নাগচৌধুৰীৰ জন্ম হয়।[1] তেওঁৰ পিতৃ ইউ চি নাগ ঢাকা বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক আছিল। .[3] সাতজন পুত্ৰৰ ভিতৰত তেওঁ আছিল ডাঙৰ, তাৰ মাজৰ এজনৰ মৃত্যু যথেষ্ট কম বয়সতে হৈছিল।

তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[2] এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এলাহাবাদত তেওঁ প্ৰভাৱশালী অধিবক্তা পাৰমেশ্বৰ নাৰায়ণ হাক্সাৰৰ লগতে প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিজ্ঞানী মেঘনাদ সাহাক লগ পায়। তেওঁ সাহাৰ লগত ঘনিষ্ঠ হৈ তেওঁৰ গৱেষণা গোটত যোগদান কৰে। ১৯৩৮ চনৰ জুলাই মাহত যেতিয়া সাহা কলিকতা বিশ্ববিদ্যালয়ৰ ৰজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদলৈ গুচি যায় আৰু নাগচৌধুৰীও তেওঁৰ লগত গুচি যায়।

সাহাৰ জৰিয়তে তেওঁ আৰ্নেষ্ট লৰেন্সৰ সংস্পৰ্শলৈ আহে আৰু লৰেঞ্চৰ সহায়ত তেওঁ ১৯৩৮ চনৰ শেষৰ ফালে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ গুচি যায় আৰু পাৰমাণৱিক পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰীৰ কাম কৰে।[3] তেওঁৰ থিছিছ উপদেষ্টা আছিল আৰ্নেষ্ট লৰেন্স। নাগচৌধুৰীয়ে ১৯৪১ চনত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহে।

১৯৪৭ চনত ভাৰত বিভাজন আৰু তাৰ পিছত ঢাকাত হিন্দুসকলৰ ওপৰত হোৱা হিংসাৰ পিছত তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহে। তেওঁৰ পিতৃয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপকৰ পদ গ্ৰহণ কৰে।[3]

নাগচৌধুৰীৰ বিবাহ হৈছিল আগ্ৰাৰ ছেইণ্টজন কলেজৰ এগৰাকী অধ্যাপকৰ কন্যা দিপালী নাগ (জন্ম, তালুকদাৰ)ৰ সৈতে। দীপালী নাগ আছিল এগৰাকী সুপৰিচিত শাস্ত্ৰীয় সংগীতৰ শিল্পী।[2] তেওঁলোকৰ এজন পুত্ৰ আছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

বিদ্যায়তনিক আৰু গৱেষণা[সম্পাদনা কৰক]

১৯৪১ চনত ডক্টৰেট ডিগ্ৰী সমাপ্ত কৰি নাগচৌধুৰীয়ে পুনৰ কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়লৈ আহি সাহাৰ গৱেষণা গোটত যোগদান কৰে। ১৯৪৯ চনত যেতিয়া সাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিক্স (SINP) প্ৰতিষ্ঠা হয়, তেতিয়া নাগচৌধুৰীয়ে প্ৰতিষ্ঠানটোৰ গৱেষণাৰ সৈতে জড়িত হৈ পৰে, একে সময়তে কলিকতা বিশ্ববিদ্যালয়ৰ বিজ্ঞান মহাবিদ্যালয়ত অধ্যাপনা অব্যাহত ৰাখিছিল। ১৯৫২ চনত সাহাৰ অৱসৰৰ পিছত তেওঁক SINP ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।[3]

নাগচৌধুৰীৰ গৱেষণাত nuclear isomers, induced radioactivity, Cherenkov radiation আৰু nonthermal plasmaৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।[4] বাৰ্কলেত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁ চাইক্লট্ৰনৰ পথ প্ৰদৰ্শকসকলৰ সৈতে কাম কৰিছিল। ১৯৪১ চনত ভাৰতলৈ উভতি অহাৰ আগতে সাহাৰ সহযোগত আৰু টাটাৰ ধনেৰে নাগচৌধুৰীয়ে কলিকতা বিশ্ববিদ্যালয়লৈ চাইক্ল’ট্ৰন চুম্বকৰ অংশ প্ৰেৰণৰ ব্যৱস্থা কৰিছিল। কিন্তু চাইক্ল’ট্ৰনৰ বাবে দ্বিতীয়টো consignmentৰ অংশ কঢ়িয়াই অনা জাহাজ জাপানীসকলে ডুবাই পেলায়। সাহাৰ নেতৃত্বত আৰু পিছলৈ নাগচৌধুৰীৰ নেতৃত্বত দলটোৱে নিজেই বাকী থকা অংশ নিৰ্মাণৰ দায়িত্ব ল’লে। ভেকুৱাম পাম্পৰ সমস্যাই প্ৰকল্পটোক জুৰুলা কৰি থাকিল। ডিমাউণ্টেবল অচিলেটৰবোৰো নিৰ্মাণ কৰাটো কঠিন বুলি প্ৰমাণিত হ’ল। ১৯৫৪ চনতহে এমিলিঅ’ চেগ্ৰেৰ পৰা পৰীক্ষাগাৰলৈ যোৱাৰ পিছতহে চাইক্ল’ট্ৰনে কাম কৰিবলৈ আৰম্ভ কৰে। এইদৰে নাগচৌধুৰীয়ে ভাৰতৰ প্ৰথমটো চাইক্ল'ট্ৰন নিৰ্মাণৰ কৃতিত্ব লাভ কৰে।[5]


মেঘনাদ সাহাৰ পিছত ১৯৫৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ পলিত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৫৯ চনলৈকে এই পদত অধিষ্ঠিত হয়।[6] ১৯৬১-৬২ চনত আৰ্বানা-চেম্পেইনৰ ইলিনয় বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি লিংকন প্ৰবক্তা হিচাপে মনোনীত হৈছিল।

চৰকাৰ[সম্পাদনা কৰক]

বংগৰ ৰাজনৈতিক ক্ষেত্ৰতো তেওঁ বি.চি. ৰয় আৰু পি.এন. হাকছাৰৰ সৈতে থকা সংযোগৰ বাবেই সুপৰিচিত আছিল, নাগচৌধুৰীক ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈকে বিজ্ঞান আৰু প্ৰযুক্তিৰ কেবিনেট সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ মনোনীত কৰা হৈছিল।[3] এই সময়ছোৱাত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈজ্ঞানিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭০ চনত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য হয়। ১৯৭০ চনৰ পৰা ১৯৭৪ চনলৈকে তেওঁ ডি আৰ ডি অ’ৰ বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে।

পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ পটভূমিৰ প্ৰতি লক্ষ্য ৰাখি আৰু কেবিনেট কমিটীৰ অধ্যক্ষ আৰু ডি আৰ ডি অ’ৰ বৈজ্ঞানিক উপদেষ্টা হিচাপে তেওঁ ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰ নীতিগত আলোচনাৰ লগত তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল। ১৯৭২ চনৰ অক্টোবৰ মাহত, তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্মাইলিং বুদ্ধ পৰীক্ষাৰ অনুমতি দিছিল। নাগচৌধুৰী পৰীক্ষাৰ প্ৰস্তুতিৰ পৰিচালনা সমিতিৰ সদস্য আছিল।[7] নাগচৌধুৰীৰ নেতৃত্বত ডি আৰ ডি অ’ৰ বৈজ্ঞানিক পৰীক্ষাগাৰতেই এই পৰীক্ষাৰ বাবে বিস্ফোৰক লেন্স তৈয়াৰ কৰা হৈছিল। ১৯৭৪ চনৰ মে’ মাহত এই পৰীক্ষা সফলতাৰে কৰা হৈছিল।

১৯৭০ চনত ইন্দিৰা গান্ধীয়ে তেওঁক দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল নিৰ্মাণৰ বাবে এক গোপনীয় সম্ভাৱনীয়তা অধ্যয়ন প্ৰস্তুত কৰাৰ দায়িত্বও দিয়ে।[2] নাগচৌধুৰীৰ পৰামৰ্শৰ ভিত্তিত ১৯৭২ চনত প্ৰজেক্ট ভেলিয়েণ্টৰ কাম আৰম্ভ কৰা হয় যাতে তৰল ইন্ধন চালিত মধ্যম দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হয়।[8] আন এটা পদক্ষেপ “প্ৰজেক্ট ডেভিল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী’’(DRDL)ত আৰম্ভ কৰা হৈছিল, যাতে চুটি দূৰত্বৰ পৃষ্ঠভূমিৰ-পৰা-বায়ুলৈ ক্ষেপণাস্ত্ৰ উৎপাদন কৰা হয়।[9] ১৯৭৪ চনত ডি আৰ ডি এলৰ ভিতৰত সংঘাত আৰু তাৰ ফলত হোৱা অগ্ৰগতিৰ অভাৱৰ বাবে দুয়োটা প্ৰকল্পই বন্ধ কৰি দিয়া হৈছিল যদিও ১৯৮০ চনৰ আৰম্ভণিতে ইয়াৰ দ্বাৰা সফল Integrated Guided Missile Development Programৰ ভেটি স্থাপন কৰা হৈছিল।

১৯৭০-৭১ চনত নাগচৌধুৰীয়ে ভাৰতৰ সামুদ্ৰিক সুৰক্ষা বিষয়সমূহ পৰীক্ষা কৰা এখন সমিতিৰ অধ্যক্ষতাও কৰিছিল। ভাৰতৰ বিশাল উপকূলত টহল দিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে সমিতিখনে কেইবাটাও মূল পৰামৰ্শ আগবঢ়ায়; অবৈধ কাৰ্যকলাপ চিনাক্ত কৰিবলৈ সাগৰৰ পাৰৰ মাছ ধৰা জাহাজৰ তথ্য পঞ্জীয়ন কৰা আৰু অবৈধ কাৰ্যকলাপত নিয়োজিত জাহাজক বাধা দিবলৈ সক্ষম আৰু সুসজ্জিত বাহিনী গঠন কৰা আদি বিষয়ক লৈ সমিতিখনে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। এই সমিতিৰ পৰামৰ্শৰেই ১৯৭৪ চনত পৰৱৰ্তী ৰুষ্টমজী সমিতিৰ ভেটি গঠন কৰা হয়, যাৰ ফলত ভাৰতীয় উপকূলৰক্ষী বাহিনী গঠন হয়।[10]

পৰৱৰ্তী কাম-কাজ[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১ জুলাইৰ পৰা ১৯৭৯ চনৰ ১ জানুৱাৰীলৈকে তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।[11] ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁ ৰাষ্ট্ৰীয় পৰিৱেশ পৰিকল্পনা আৰু সমন্বয় সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ গৱৰ্ণৰ ব'ৰ্ডতো কাৰ্যনিৰ্বাহ কৰিছিল।[4]

সন্মান[সম্পাদনা কৰক]

নাগচৌধুৰীয়ে কেইবাটিও ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৬ চনৰ পৰা ১৯৮৪ চনলৈ তেওঁ আন্তৰ্জাতিক তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিক পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ ৰাষ্ট্ৰীয় শাৰীৰিক পৰীক্ষাগাৰৰ গৱেষণা উপদেষ্টা পৰিষদতো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ইষ্ট-ৱেষ্ট চেণ্টাৰৰ ব'ৰ্ড অৱ গভৰ্ণৰ সদস্য আৰু ভাইচ-চেয়াৰমেন হিচাপেও কাম কৰিছিল।[6]

ভাৰতীয় ৰাজহুৱা খণ্ডৰ বিভিন্ন কোম্পানীৰ ব’ৰ্ডত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত আছিল ভাৰত ডাইনেমিক্স লিমিটেড, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু হিন্দুস্তান এৰ'নটিক্স লিমিটেড।[6]

তেওঁ সংগীত আৰু সংস্কৃতিৰ প্ৰতি সক্ৰিয় আগ্ৰহ বজাই ৰাখিছিল। তেওঁ আইটিচি সংগীত গৱেষণা একাডেমীৰ পৰামৰ্শদাতা মণ্ডলীত কাৰ্যনিৰ্বাহ কৰিছিল।[2]

বঁটা[সম্পাদনা কৰক]

১৯৬৪ চনত নাগচৌধুৰী ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেলো নিৰ্বাচিত হয়[12]। ১৯৭৫ চনত তেওঁক পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হয়।[1] অন্ধ্ৰ বিশ্ববিদ্যালয় আৰু কানপুৰ বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

মৃত্যু[সম্পাদনা কৰক]

২০০৬ চনৰ ২৫ জুনত cerebral infarction ৰোগত আক্ৰান্ত হৈ নাগচৌধুৰীৰ মৃত্যু হয়।[2] মৃত্যুৰ সময়ত তেওঁ পত্নী দীপালী নাগ, পুত্ৰ আৰু পৰিয়ালক এৰি থৈ যায়।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Physicists". Biological Dictionary of Indian Scientists. http://www.scientistindia.com/specialphysicist.htm। আহৰণ কৰা হৈছে: 2012-05-16. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "Dr B D Nagchaudhuri passes away". ITC Sangeet Research Academy. http://www.itcsra.org/sra_news_views/obituary/dr_b_d_nagchaudhuri.html। আহৰণ কৰা হৈছে: 2012-05-16. 
  3. 3.0 3.1 3.2 3.3 3.4 Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. The University of Chicago Press. পৃষ্ঠা. 585. ISBN 9780226019772. https://books.google.com/books?id=3BcKqXOeSbAC&pg=PA585। আহৰণ কৰা হৈছে: 2012-05-16. 
  4. 4.0 4.1 INSA News. Indian National Science Academy. July–September 2006. http://insaindia.org/pdf/INSA%20185.pdf। আহৰণ কৰা হৈছে: 2012-05-06. 
  5. Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. The University of Chicago Press. পৃষ্ঠা. 139. ISBN 9780226019772. https://books.google.com/books?id=3BcKqXOeSbAC&pg=PA585। আহৰণ কৰা হৈছে: 2012-05-16. 
  6. 6.0 6.1 6.2 "Fellows". Indian National Science Academy. http://insaindia.org/pdf/N-Fin-579-623.pdf। আহৰণ কৰা হৈছে: 2012-05-16. 
  7. Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. The University of Chicago Press. পৃষ্ঠা. 479. ISBN 9780226019772. https://books.google.com/books?id=3BcKqXOeSbAC&pg=PA585। আহৰণ কৰা হৈছে: 2012-05-16. 
  8. Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. The University of Chicago Press. পৃষ্ঠা. 469. ISBN 9780226019772. https://books.google.com/books?id=3BcKqXOeSbAC&pg=PA585। আহৰণ কৰা হৈছে: 2012-05-16. 
  9. Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. The University of Chicago Press. পৃষ্ঠা. 468. ISBN 9780226019772. https://books.google.com/books?id=3BcKqXOeSbAC&pg=PA585। আহৰণ কৰা হৈছে: 2012-05-16. 
  10. "History". Indian Coast Guard. Archived from the original on 2012-05-02. https://web.archive.org/web/20120502201216/http://indiancoastguard.nic.in/indiancoastguard/history/morehistory.html। আহৰণ কৰা হৈছে: 2012-05-03. 
  11. "Former Vice Chancellors". Jawaharlal Nehru University. http://www.jnu.ac.in/main.asp?sendval=FormerViceChancellor। আহৰণ কৰা হৈছে: 2012-05-16. 
  12. "Dr BD Nag Choudhury". Indian National Science Academy. http://insaindia.org/deceaseddetail.php?id=N64-0500। আহৰণ কৰা হৈছে: 2012-05-06.