বাসুদেৱ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাসুদেব দাসৰ পৰা পুনঃনিৰ্দেশিত)
বাসুদেৱ দাস
জন্ম ৩১ ডিচেম্বৰ, ১৯৫৮
যমুনামুখ, নগাঁও, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বঙালী ভাষা আৰু সাহিত্যৰ স্নাতকোত্তৰ
শিক্ষানুষ্ঠান কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
পেচা অনুবাদক, চৰকাৰী বিষয়া
দাম্পত্যসঙ্গী পূৰ্ণিমা দাস
পিতৃ-মাতৃ ভৰত চন্দ্ৰ দাস (পিতৃ)
হেমলতা দাস (মাতৃ)
সন্তান পূজা দাস

বাসুদেৱ দাস (ইংৰাজী: Basudev Das) বঙালী ভাষাৰ এগৰাকী লেখক আৰু প্ৰসিদ্ধ অনুবাদক। তেওঁ অসমীয়া সাহিত্যৰ ৪৫০ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আদি প্ৰধানকৈ বঙালীভাষালৈ অনুবাদ কৰিছে আৰু সেই সমূহ অসম, পশ্চিম-বংগকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ আদিৰ পৰা প্ৰকাশিত কাকত-আলোচনী আৰু প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত হৈছে।

শিক্ষা[সম্পাদনা কৰক]

কটন কলেজৰ পৰা স্নাতক। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা বঙালী ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ।[1] ২০১০-২০১১ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত CENTIL (Centre for Translation of Indian Literature) ৰ অনুবাদ সম্পৰ্কীয় এবছৰীয়া পাঠ্যক্ৰমো সম্পন্ন কৰিছে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ সৰ্ব ভাৰতীয় বিত্তীয় প্ৰতিষ্ঠানত (all India Financial Institution)-ত প্ৰায় ২৬ বছৰ কাল চাকৰি কৰি ২০০৮ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।

আলোচনা চক্ৰত অংশগ্ৰহণ[সম্পাদনা কৰক]

বাসুদেৱ দাসে বৰ্তমানলৈ ভাৰত আৰু বিদেশত অনুষ্ঠিত প্ৰায় ৩৫খন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু আগশাৰীৰ বিভিন্ন সাহিত্য উতসৱত অংশ গ্ৰহণ কৰি বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিছে।

মৌলিক সাহিত্য কৰ্ম[সম্পাদনা কৰক]

ক্ৰমিক নং গ্ৰন্থৰ নাম প্ৰথম প্ৰকাশ
চিন্তা ভাৱনা ২০০৩
ভাৰতৰ স্বাধীনতা সংগ্ৰামে নাৰী খণ্ড ১ ২০০৫
আমাদেৰ বিষ্ণুপ্ৰসাদ ৰাভা ২০২০
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেব ২০২৩ (বাৰ্তালিপি কাকতত ধাৰাবাহিক ৰূপত প্ৰকাশিত হৈছিল) [2]

অনুবাদমূলক কৰ্ম[সম্পাদনা কৰক]

বাসুদেৱ দাসে অসমীয়া সাহিত্যৰপৰা বঙালী সাহিত্যলৈ অনুবাদ কৰ্মৰ জৰিয়তে দুয়ো ভাষাৰ সাহিত্যক ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ অসমীয়া সাহিত্যৰ প্ৰায় ৪৫০ ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আৰু উপন্যাস বঙালী ভাষালৈ অনুবাদ কৰিছে। তেওঁৰ উল্লেখযোগ্য অনুবাদ কৰ্ম সমূহৰ ভিতৰত আছে[3]-

ক্ৰমিক নং গ্ৰন্থৰ নাম মূল লেখক প্ৰথম প্ৰকাশ মূল ভাষা
নিৰ্বাচিত অসমীয়া গল্প সংকলন বিভিন্ন লেখক ২০০৫ অসমীয়া
সমকালীন অসমীয়া গল্প বিভিন্ন লেখক ২০০৬ অসমীয়া
জীৱনৰ সাধনা হোমেন বৰগোহাঞি ২০০৮ অসমীয়া
মৎস্যগন্ধা হোমেন বৰগোহাঞি ২০১১ অসমীয়া
মনোজ কুমাৰ গোস্বামীৰ অসমীয়া চোট গল্প মনোজ কুমাৰ গোস্বামী ২০১২ অসমীয়া
ইশ্বৰেৰ প্ৰতি বিশ্বাস - - হিন্দী
দুৰ্দিনেৰ দস্তাবেজ (ৰাজনৈতিক সন্ত্ৰাসেৰ পটভূমিতে অসমীয়া চোট গল্প) ভিন্ন লেখকৰ ৪০টা গল্প ২০১২ অসমীয়া
নিৰ্বাচিত গল্প-জেহেৰুল হুচেইন জেহেৰুল হুচেইন ২০১২ অসমীয়া
মহাৰাষ্ট্ৰীয় নৱজাগৰণ প্ৰসেনজিৎ চৌধুৰী ২০১৪ অসমীয়া
১০ বইয়েৰ সঙ্গে কথা বাৰ্তা হোমেন বৰগোহাঞি ২০১৪ অসমীয়া
১১ আত্মানুসন্ধান হোমেন বৰগোহাঞি ২০১৪ অসমীয়া
১২ অৱনী চক্ৰৱৰ্তীৰ পঞ্চাশটি কবিতা উদাহৰণ ২০১৬ অসমীয়া
১৩ কল্লোলিনী (বাসৱ ৰয়ৰ লগত যুতীয়াভাৱে) আৰাধনা পটংগীয়া গোস্বামী ২০১৬ অসমীয়া
১৪ লাফিং বুদ্ধ বিৰিঞ্চি ৰাভা ২০১৮ অসমীয়া
১৫ কটন কলেজ নবীন বৰুৱা ২০১৯ অসমীয়া
১৬ সওদাগৰেৰ পুত্ৰ নৌকা বেয়ে যায় হোমেন বৰগোহাঞি ২০১৯ অসমীয়া
১৭ একজন বুঢ় মানুষ নিৰুপমা বৰগোহাঞি ধাৰাবাহিকভাৱে প্ৰকাশিত হৈ আছে অসমীয়া
১৮ আত্মকথা শৰ্মিষ্ঠা প্ৰীতম ২০২২ অসমীয়া
১৯ আমাৰ হৃদয় এক যুদ্ধক্ষেত্ৰ হোমেন বৰগোহাঞি যন্ত্ৰস্থ অসমীয়া
২০ টোপ টোপ টোপলি দীপিকা চৌধুৰী যন্ত্ৰস্থ অসমীয়া
২১ অসমেৰ চা শ্ৰমিক এবং বিদ্বৎ সমাজ প্ৰসেনজিৎ চৌধুৰী ২০২২ অসমীয়া
২২ ৫১ টি অসমীয়া গল্প হোমেন বৰগোহাঞি ২০২২ অসমীয়া
২৩ টোপ (উপন্যাস) দীপিকা চৌধাৰী ২০২১ অসমীয়া
২৪ এই বসন্তে আমি ফিৰে আসব (কবিতা সংকলন) প্ৰাণজিৎ বৰা ২০২১ অসমীয়া
২৫ এই মাটিৰ ভালো বাসায় (কবিতা সংকলন) গংগামোহন মিলি ২০২১ অসমীয়া

বটা, সন্মান[সম্পাদনা কৰক]

কলিকতাস্থিত ত্ৰিপুৰা হিতসাধিনী সভাৰ দ্বাৰা ৬ অক্টোবৰ ২০২১ তাৰিখে ‘ব্ৰহ্মগুপ্ত শান্তি সন্মান’প্ৰদান কৰা হৈছে।

প্ৰসংগ সূত্ৰ[সম্পাদনা কৰক]

  1. বাসুদেব দাস (২০২৩). মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেব. প্ৰকাশক লখিমপুৰ: নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. পৃষ্ঠা. বেটুপাত. ISBN 978-81-962483-1-4. 
  2. দাস, বাসুদেৱ. "মহাপুৰুষ শংকৰদেৱ". www.bartalipi.in. 
  3. Mahanta, Dipak Jyoti (27/02/2022). "অসমীয়া আৰু বাংলা সাহিত্যক ওচৰ চপাই নিয়া সাহিত্যিকজন". আমাৰ অসম. GL publication. https://www.glpublications.in/AmarAsom/Guwahati/27-Feb-2022/Page-5। আহৰণ কৰা হৈছে: 27/02/2022.