সমললৈ যাওক

বাসুদেৱ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাসুদেৱ দাস
জন্ম ৩১ ডিচেম্বৰ, ১৯৫৮
যমুনামুখ, নগাঁও, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বঙালী ভাষা আৰু সাহিত্যৰ স্নাতকোত্তৰ
শিক্ষানুষ্ঠান কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
পেচা অনুবাদক, চৰকাৰী বিষয়া
দাম্পত্যসঙ্গী পূৰ্ণিমা দাস
পিতৃ-মাতৃ ভৰত চন্দ্ৰ দাস (পিতৃ)
হেমলতা দাস (মাতৃ)
সন্তান পূজা দাস

বাসুদেৱ দাস (ইংৰাজী: Basudev Das) বঙালী ভাষাৰ এগৰাকী লেখক আৰু প্ৰসিদ্ধ অনুবাদক। তেওঁ অসমীয়া সাহিত্যৰ ৪৫০ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আদি প্ৰধানকৈ বঙালী ভাষালৈ অনুবাদ কৰিছে আৰু সেই সমূহ অসম, পশ্চিম-বংগকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ আদিৰ পৰা প্ৰকাশিত কাকত-আলোচনী আৰু প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত হৈছে।

কটন কলেজৰ পৰা স্নাতক। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা বঙালী ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ।[1] ২০১০-২০১১ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত CENTIL (Centre for Translation of Indian Literature) ৰ অনুবাদ সম্পৰ্কীয় এবছৰীয়া পাঠ্যক্ৰমো সম্পন্ন কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ সৰ্ব ভাৰতীয় বিত্তীয় প্ৰতিষ্ঠানত (all India Financial Institution)-ত প্ৰায় ২৬ বছৰ কাল চাকৰি কৰি ২০০৮ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।

আলোচনা চক্ৰত অংশগ্ৰহণ

[সম্পাদনা কৰক]

বাসুদেৱ দাসে বৰ্তমানলৈ ভাৰত আৰু বিদেশত অনুষ্ঠিত প্ৰায় ৩৫খন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু আগশাৰীৰ বিভিন্ন সাহিত্য উতসৱত অংশ গ্ৰহণ কৰি বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিছে।

মৌলিক সাহিত্য কৰ্ম

[সম্পাদনা কৰক]
ক্ৰমিক নংগ্ৰন্থৰ নামপ্ৰথম প্ৰকাশ
১চিন্তা ভাৱনা২০০৩
২ভাৰতৰ স্বাধীনতা সংগ্ৰামে নাৰী খণ্ড ১২০০৫
৩আমাদেৰ বিষ্ণুপ্ৰসাদ ৰাভা২০২০
৪মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেব২০২৩ (বাৰ্তালিপি কাকতত ধাৰাবাহিক ৰূপত প্ৰকাশিত হৈছিল) [2]

অনুবাদমূলক কৰ্ম

[সম্পাদনা কৰক]

বাসুদেৱ দাসে অসমীয়া সাহিত্যৰপৰা বঙালী সাহিত্যলৈ অনুবাদ কৰ্মৰ জৰিয়তে দুয়ো ভাষাৰ সাহিত্যক ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ অসমীয়া সাহিত্যৰ প্ৰায় ৪৫০ ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আৰু উপন্যাস বঙালী ভাষালৈ অনুবাদ কৰিছে। তেওঁৰ উল্লেখযোগ্য অনুবাদ কৰ্ম সমূহৰ ভিতৰত আছে[3]-

ক্ৰমিক নংগ্ৰন্থৰ নামমূল লেখকপ্ৰথম প্ৰকাশমূল ভাষা
১নিৰ্বাচিত অসমীয়া গল্প সংকলনবিভিন্ন লেখক২০০৫অসমীয়া
২সমকালীন অসমীয়া গল্পবিভিন্ন লেখক২০০৬অসমীয়া
৩জীবনেৰ সাধনাহোমেন বৰগোহাঞি২০০৮অসমীয়া
৪মৎস্যগন্ধাহোমেন বৰগোহাঞি২০১১অসমীয়া
৫মনোজ কুমাৰ গোস্বামীৰ অসমীয়া চোট গল্পমনোজ কুমাৰ গোস্বামী২০১২অসমীয়া
৬ইশ্বৰেৰ প্ৰতি বিশ্বাস--হিন্দী
৭দুৰ্দিনেৰ দস্তাবেজ (ৰাজনৈতিক সন্ত্ৰাসেৰ পটভূমিতে অসমীয়া চোট গল্প)ভিন্ন লেখকৰ ৪০টা গল্প২০১২অসমীয়া
৮নিৰ্বাচিত গল্প-জেহেৰুল হুচেইনজেহেৰুল হুচেইন২০১২অসমীয়া
৯মহাৰাষ্ট্ৰীয় নবজাগৰণপ্ৰসেনজিৎ চৌধুৰী২০১৪অসমীয়া
১০বইয়েৰ সঙ্গে কথা বাৰ্তাহোমেন বৰগোহাঞি২০১৪অসমীয়া
১১আত্মানুসন্ধানহোমেন বৰগোহাঞি২০১৪অসমীয়া
১২অবনী চক্ৰবৰ্তীৰ পঞ্চাশটি কবিতাউদাহৰণ২০১৬অসমীয়া
১৩কল্লোলিনী (বাসৱ ৰয়ৰ লগত যুতীয়াভাৱে)আৰাধনা পটংগীয়া গোস্বামী২০১৬অসমীয়া
১৪লাফিং বুদ্ধবিৰিঞ্চি ৰাভা২০১৮অসমীয়া
১৫কটন কলেজনবীন বৰুৱা২০১৯অসমীয়া
১৬সওদাগৰেৰ পুত্ৰ নৌকা বেয়ে যায়হোমেন বৰগোহাঞি২০১৯অসমীয়া
১৭একজন বুড়ো মানুষনিৰুপমা বৰগোহাঞিধাৰাবাহিকভাৱে প্ৰকাশিত হৈ আছেঅসমীয়া
১৮আত্মকথাশৰ্মিষ্ঠা প্ৰীতম২০২২অসমীয়া
১৯আমাৰ হৃদয় এক যুদ্ধক্ষেত্ৰহোমেন বৰগোহাঞিযন্ত্ৰস্থঅসমীয়া
২০টোপ টোপ টোপলিদীপিকা চৌধুৰীযন্ত্ৰস্থঅসমীয়া
২১অসমেৰ চা শ্ৰমিক এবং বিদ্বৎ সমাজপ্ৰসেনজিৎ চৌধুৰী২০২২অসমীয়া
২২৫১ টি অসমীয়া গল্পহোমেন বৰগোহাঞি২০২২অসমীয়া
২৩টোপ (উপন্যাস)দীপিকা চৌধাৰী২০২১অসমীয়া
২৪এই বসন্তে আমি ফিৰে আসব (কবিতা সংকলন)প্ৰাণজিৎ বৰা২০২১অসমীয়া
২৫এই মাটিৰ ভালো বাসায় (কবিতা সংকলন)গংগামোহন মিলি২০২১অসমীয়া

বটা, সন্মান

[সম্পাদনা কৰক]
  1. কলিকতাস্থিত ত্ৰিপুৰা হিতসাধিনী সভাৰ দ্বাৰা ৬ অক্টোবৰ ২০২১ তাৰিখে ‘ব্ৰহ্মগুপ্ত শান্তি সন্মান’প্ৰদান কৰা হৈছে।
  2. হোমেন বৰগোহাঞিৰ 'সাউদৰ পুতেকে নাও মেলি যায়' নামৰ উপন্যাসৰ বাংলা অনুবাদৰ বাবে ২০২৪ চনৰ সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্য বঁটা (বাংলা ভাষা শিতান)।

প্ৰসংগ সূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ বাসুদেব দাস (২০২৩). মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেব. প্ৰকাশক লখিমপুৰ: নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. পৃষ্ঠা. বেটুপাত. ISBN 978-81-962483-1-4.
  2. ↑ দাস, বাসুদেৱ. "মহাপুৰুষ শংকৰদেৱ". www.bartalipi.in.
  3. ↑ Mahanta, Dipak Jyoti (27/02/2022). "অসমীয়া আৰু বাংলা সাহিত্যক ওচৰ চপাই নিয়া সাহিত্যিকজন". আমাৰ অসম. GL publication. Archived from the original on 2022-03-03. https://web.archive.org/web/20220303175052/https://www.glpublications.in/AmarAsom/Guwahati/27-Feb-2022/Page-5। আহৰণ কৰা হৈছে: 27/02/2022.