বাৰ্তা:ভূৰাগাঁও

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিভ্ৰান্তি[সম্পাদনা কৰক]

মৰিগাঁও জিলাত ভূৰাগাঁও বুলি কোনো চহৰ নাই। চহৰ হিচাপে মান্যতা লাভ কৰিবলৈ নগৰ কমিটি বা পৌৰসভা থকাটো বাঞ্চনীয়। লগতে প্ৰথম দফাত উল্লেখ কৰা জনসংখ্যা ভূৰাগাঁও ৰাজহ চক্ৰৰ। ভৌগোলিক তথ্যত উল্লেখ কৰা মতে "মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তত ভূৰাগাঁও। তাৰ উত্তৰে শোণিতপুৰ জিলা ঢেকীয়াজুলি। ইয়াৰ উপৰিও ই আন এখন জিলা নগাঁৱৰ সীমান্তত।" এতিয়া কথা হ'ল ভৌগোলিকভাৱে এয়া সম্ভৱ জানোঁ? মৰিগাঁও জিলাৰ সীমান্তত শোণিতপুৰ জিলা নাই। অৰ্থনীতিৰ অংশত উল্লেখ কৰাৰ দৰে ব্ৰহ্মপুত্ৰ সঁচাকৈ ভূৰাগাঁৱৰ মাজেৰে বৈ গৈছে নে কাষেৰে? যাতায়ত অংশত ওদালগুৰিৰ উল্লেখ কি প্ৰসংগত কৰা হ'ল সেয়াও নুবুজিলোঁ। মূল অৱদানকাৰী হিচাপে user:Thesaurabhsaha অনুগ্ৰহ কৰি প্ৰশ্ন কেইটাৰ উত্তৰ দিব। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 13:18, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বাৰু, আপোনাৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰে দিয়া যাওক। ভূৰাগাঁও গাওঁ হয়নে চহৰ তাকেলৈ মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ প্ৰকাশ কৰা Notification তকৈ তো আন কিবা ডাঙৰ হ'ব নোৱাৰে।¹
 
আপোনাৰ নিচিনা অভিজ্ঞ ৱিকিপিডিয়ান এজনে যদি কয় যে চহৰ হিচাপে মান্যতা লাভ কৰিবলৈ নগৰ কমিটি বা পৌৰসভা থকাটো বাঞ্চনীয়। সেয়া চৰম হাস্যকৰ। উল্লেখ্য যে জাগীৰোড ও এখন চহৰ, তথাপি তাতে কোনো ধৰণৰ নগৰ কমিটী বা পৌৰসভা নাই। তাৰে, সলনি গাঁও পঞ্চায়ত হে আছে।
 
শব্দ অভিধানৰ² মতে, চহৰ নগৰতকৈ সৰু আৰু গাঁৱতকৈ ডাঙৰ, নিৰ্দ্দিষ্ট সীমা থকা আৰু চৰকাৰী ক্ষমতা-প্ৰাপ্ত স্থানীয় নিকায়ৰ অধীনত থকা এক ঘন জন-বসতিপূৰ্ণ এলেকা।
 
লিংকসমূহ:
  1. উপায়ুক্ত কাৰ্যালয়ৰ ৱেবছাইট
  2. শব্দ.অৰ্গ

Thesaurabhsaha (বাৰ্তা) 13:38, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@সদস্য:Thesaurabhsaha, আপোনাৰ মন্তব্য ৱিকিপিডিয়া:শিষ্টাচাৰ নীতিৰ পৰিপন্থী। এয়া ৱিকিপিডিয়াৰ মূল পঞ্চনীতিৰ অংশ। অনুগ্ৰহ কৰি আগলৈ আন সম্পাদকৰ লগত ভালদৰে কথা পাতক আৰু মাত্ৰ তথ্যভিত্তিক উত্তৰ দিয়ক। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 14:30, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@user:Thesaurabhsaha অনুগ্ৰহ কৰি মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ে প্ৰকাশ কৰা notification খন দিব। মই বিচাৰি পোৱা নাই। অপুনি দিয়া ভূৰাগাঁও ৰাজহ চক্ৰৰ মানচিত্ৰখনটো ভূৰাগাঁও ৰাজহ চহৰ হিচাপে উল্লেখ আছে। census town, revenue town আৰু town একে নহয়। কোনো গ্ৰামঞ্চল প্ৰথমে census town হিচাপে notify কৰা হয়, তাৰপিছত revenue town আৰু শেষত পূৰ্ণপৰ্যায়ৰ town হিচাপে ঘোষণা কৰি নগৰ সমিতি গঠন কৰা হয়। তদুপৰি আপুনি উল্লেখ কৰা মানচিত্ৰ খন পুৰণি, যোৱাবছৰ অসমৰ পৰা revenue townৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে (উৎস)। আকৌ চহৰৰ সংজ্ঞাত উল্লেখ থকা দৰে "চৰকাৰী ক্ষমতা-প্ৰাপ্ত স্থানীয় নিকায়" চহৰ গঠনৰ বাবে অত্যন্ত জৰুৰী। লগতে আন প্ৰশ্ন কেইটাৰো উত্তৰ দিব বুলি আশা থাকিল।- অজয়  কথা-বতৰা 14:34, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]