বাৰ্তা:ভৌগোলিক স্বীকৃতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই পৃষ্ঠাখনৰ নাম "ভৌগোলিক সংকেত" হ'ব লাগে। মোৰ মতে ইয়াক স্থানান্তৰ কৰা উচিত। Mohsin274 (talk) 16:08, 7 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসম চৰকাৰৰ অফিচিয়েল ফেচবুক পেজত এয়া ভৌগোলিক স্বীকৃতি বুলিয়েই আছে। বাংলাতো ইয়াকে একেদৰেই কোৱা হয়। গতিকে স্থানান্তৰৰ সলনি ভৌগোলিক সংকেতৰ পৰা স্বীকৃতিলৈ পুনৰ্নিৰ্দেশ এটা ৰাখিব পাৰি বোধহয়। --Chandan Chiring Phukon Let's chat 16:26, 7 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandan: তেনেহ'লে ঠিকেই আছে। কিন্তু মই দেখিছোঁ অন্য ভাষাসমূহত "সংকেত" শব্দটোৱে ব্যৱহাৰ কৰা হৈছে আৰু সংবাদমাধ্যমতো সেইটো কোৱাই শুনিছোঁ। "স্বীকৃতি" মানে "Recognition" নহয় জানো? মোৰ মতে অন্য সম্পাদকসকলৰ মত জানি লোৱাটো উচিত হ'ব। Mohsin274 (talk) 16:46, 7 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গামোচাৰ ভৌগোলিক স্বীকৃতি[সম্পাদনা কৰক]

এই লিংকত উপলব্ধ তালিকাত গামোচাৰ নাম উল্লেখ কৰা নেদেখিলোঁ। গতিকে ৱিকিৰ পৰা গামোচাই ভৌগোলিক স্বীকৃতি পোৱা বুলি থকা কথাটো বিলোপ কৰিবলৈ অনুৰোধ কৰিলোঁ। দিব্য দত্ত (বাৰ্তা) 15:48, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সম্পাদনাটোৰ সময়ত পোৱা বুলিয়েই আছিল। ব্যক্তিগত প্ৰতিষ্ঠানৰ আবেদন ভিত্তিত হোৱা বাবে, অসম চৰকাৰৰ হস্তক্ষেপত গামোচাক তালিকাৰ পৰা আতৰ কৰা হয়। গতিকে এইক্ষেত্ৰত সম্পাদক জন মুঠেই দায়ী নহয়। আজি গামোচা প্ৰৱন্ধটোত এখন ফটো সংযোগ কৰাত আন এগৰাকী সদস্যই এই তথ্য মই ভুলকৈ সংযোগ কৰা বুলি ভুলতে মোলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ সম্ভৱ সম্পাদনাৰ ইতিহাস চাব নাজনাৰ বাবে মোলৈ বাৰ্তাটো প্ৰেৰণ কৰিলে। গতিকে এই অংশ বিলোপ কৰিবলৈ আহ্বান জনালোঁ। Nayan j Nath (talk) 15:57, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
কৰা হ'ল।--Chandan Chiring Phukon Chat 16:00, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]