বাৰ্তা:মানৱ উপস্থ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
  1. ইংৰাজী ৱিকিপিডিয়াৰ পঢ়ুৱৈ আৰু অসমীয়া ৱিকিপিডিয়াৰ সামাজিক দৃষ্টিভংগী বেলেগ বেলেগ। ইং ৱিকিৰ এটা পৃষ্ঠাত বৈজ্ঞানিক দৃষ্টিভংগী বুলি এটা পুৰুষাংগৰ ফটো দিব পাৰি বুলি ভাবিলেও খুব সম্ভব অসমীয়া ৱিকিৰ পঢ়ুৱৈয়ে ভাল নাপাব। সেয়ে ছবিখন আঁতৰাই দিলোঁ। মূল লিখকলৈ অনুৰোধ থাকিল তেওঁ যাতে আকৌ ফটোখন নলগায়।
  2. তেনেদৰে "উপস্থ" শব্দটো অসমীয়াত আগতে পোৱা যেন মনত নপৰে, লেখকে নিজে সৃষ্টি কৰা যেন লাগে। ইয়াৰ স্থানত লিংগ, যৌনাংগ, পুৰুষাংগ আদি ব্যৱহাৰ কৰিব পাৰি।

তেখেতক এই বিষয়ে এই পৃষ্ঠাত আলোচনা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। অনুগ্ৰহ কৰি এনে বিষয়বোৰ আলোচনবাক্ৰমে সমাধান নোহোৱালৈকে প্ৰবন্ধটো সম্পাদনা নকৰে যেন। তেতিয়ালৈকে প্ৰবন্ধটো read-only কৰি ৰখা হ'ল।

প্রভাকৰ শৰ্মা নেওগ (talk) 16:42, 21 জুন 2015 (UTC)

প্ৰতি,প্রভাকৰ শৰ্মা নেওগ

আপুনি অসমীয়া জানেনে নাজানে ? পুৱাই উইকিত চকু ফুৰাই কোনো এক লিখকে ইংগামিয়া ভাষাত লিখা এই প্ৰৱন্ধটি কিছু শুধৰাই দিলো। বিষয়বস্তু খিনি হয়টো সম্পাদক জনে ইং-উইকিৰ পৰা লৈছিল। অনুবাদত থকা ক্ৰুটি সমূহো অলপ ঠিক কৰিবলৈ চেষ্টা কৰিলো। But now I see , you have reverted some of the important edits in this article so far as its language,grammar or subject matter are concerned and left it in a stage blocked from further editing when there remained serious mistake in its language and content. Now if you get some sadistic pleasure in doing so, then it's another matter; best of luck! Nobody shall come to add to this wiki. But if not then , What অসমীয়া ৱিকিৰ পঢ়ুৱৈ like or dislike may be let decided by them only. May be I'm a bit rude but can't help. I advise you , keep it open and let it get improved stage by stage. Person who was editing it may be a medical, biology domain expert that you may be not. Hence let him do.You check for language and quality. Just don't allow absurd language or spurious nonsense. JBDVIJASDVI (talk) 18:20, 21 জুন 2015 (UTC)


  • সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে লিখিলে বিষয়বস্তু বা চিত্ৰক লৈ ইংৰাজী আৰু অসমীয়া ৱিকিৰ মাজত কোনো মতপাৰ্থক্য থাকিব লাগে বুলি নাভাবো| শুদ্ধ আৰু নিৰপেক্ষভাৱে ৱিকিত যিকোনো বিষয়ৰ ওপৰতে প্ৰবন্ধ লিখিব পৰা যায়|
  • অনুগ্ৰহ কৰি ব্যক্তিগত আক্ৰমণ নকৰি ভাল ভাৱ বজাই ৰাখিব বুলি আশা কৰিলো| ৱিকিত সম্পাদনাৰ ক্ষেত্ৰত সম্পাদকসকলৰ মাজত সৰু-বৰ মতৰ অমিল হোৱাতো স্বাভাৱিক| কিন্তু সেয়া ভালভাৱেৰে আলোচনাৰ মাজেৰেও সমাধান কৰিব পৰা যায়| জলি বৰা (talk) 20:55, 21 জুন 2015 (UTC)
ধন্যবাদ। প্ৰবন্ধটো লৈ মোৰ ব্যক্তিগত ভাৱে কোনো আপত্তি নাই। কিন্তু চ'চিয়েল মেডিয়াত অসমীয়া ৱিকিপিডিয়াক লৈ অযথা বিতৰ্ক ন্হওক বুলিয়ে মই সাৱধান হৈছিলোঁ।
প্রভাকৰ শৰ্মা নেওগ (talk) 03:52, 22 জুন 2015 (UTC)
লিখাখিনি একেই লিখিব লাগিব, কিন্তু চিত্ৰবোৰ ইমান উন্মক্তভাৱে দিয়াতো উচিত নহয়, ইংৰাজী ৱিকিৰ কথা বেলেগ। আমাৰ সমাজত এনে ছবি এতিয়াও সহজভাৱে লোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই।দিব্য দত্ত (talk) 05:22, 22 জুন 2015 (UTC)

আমাৰ সকলোৰে (বৰ্তমান লিখি থকা সম্পাদকসকল) নিশ্চয় এক বিজ্ঞানসন্মত দৃষ্টিভংগী আছে তাত কোনো দ্যৰ্থতা নাই। ব্যক্তিগত ভাবে মইও ছবিখন অশালীণ বুলি নাভাবোঁ।

কিন্তু এই কথাও নুই কৰিব নোৱাৰি যে অসমীয়া সকলৰ বহুতে কথাটো আমাৰ দৰে নলবও পাৰে। তদুপৰি এটা চাম আছে যি বিতৰ্ক কৰিবলৈহে যেন সাজু হৈ থাকে। এওঁলোকে যদি এইটো চেলুকে লৈ অসমীয়া ৱিকিপিডিয়াক কটু সমালোচনা কৰিবলৈ আৰম্ভ কৰে আমাৰ ভাল লাগিব জানো?

আৰু এটা কথা। মোৰ দহবছৰীয়া ছোৱালীজনীয়ে প্ৰায়ে মই কম্পিউটাৰত কাম কৰা চাই থাকে। মই ৱিকিপিডিয়াত কি লিখোঁ তাই পঢ়িও চায়। মইও তাইক ৱিকিপিডিয়া জ্ঞানৰ বাহন বুলি উৎসাহ দিও। এতিয়া এনে এখন ছবি থকা পৃষ্ঠা এটা তাইক দেখুৱাব নোৱাৰোঁ। কি বুলি বুজাম তাইক? মোক যদি তাই মই ইমান ভাল বুলি কৈ থকা ৱিকিপিডিয়াৰ পৃষ্ঠা এটা নো কি বেয়া বা সৰু ল'ৰ ছোৱালীৱে কিয় চাব নাপাই বুলি সোধে মই তাইক উত্তৰ দিব নোৱাৰিম।

সাতে সোতৰই মিলাই মই এটা প্ৰস্তাব দিওঁ। বিশেষকৈ ফটো ৰখাৰ সপক্ষৰ সকলক অনুৰোধ কৰোঁ যে অযথা বিতৰ্কৰ সৃষ্টি কৰিব পৰা ফটোখন নেৰাখি তাৰ স্থানত এখন ৰেখাচিত্ৰ ৰাখিবলৈ অনুমতি দিয়ক। হয়, বৈজ্ঞানিক দৃষ্টিভংগী মতে কথাটো আমি লাজ পাবলগীয়া। কিন্তু ভৱিষ্যতে বিতৰ্কৰ মাজলৈ নোযোৱাৰ খাতিৰত সামান্য আপোচ কৰাটো মোৰ মতে গ্ৰহণযোগ্য। আমাৰ কামটোহে হ'ব লাগে, নহয় জানো?

প্রভাকৰ শৰ্মা নেওগ (talk) 20:02, 22 জুন 2015 (UTC)

  • I think the present image is sufficiently descriptive and such images may be readily available in Assamese or English biology text-books. This is what we generally call line-diagram (ৰেখাচিত্ৰ) with labels and should be acceptable to any rational thinker. The hesitation and the questions raised at this stage of the article so far as readability of this wiki article is concerned are quite hypothetical. Also the article does not present itself to anyone but only to those who search for it.JBDVIJASDVI (talk) 15:08, 23 জুন 2015 (UTC)

ওপৰৰ গোটেই আলোচনাখিনি বৰ্তমান আওকান কৰিয়েই প্ৰবন্ধটো সালসলনি কৰি থকা হৈছে। বিজ্ঞানসন্মতভাৱে পুৰুষাংগৰ অংশসমূহ নিৰ্দেশ কৰা আলোকচিত্ৰ কমন্সত অলেখ আছে। কিন্তু এনে ভাব হয় যে তেনে আলোকচিত্ৰচিত্ৰ এখনতকৈও নিজে আপলোড কৰা চিত্ৰসমূহ প্ৰবন্ধটোত যোগ কৰাতহে সম্পাদকগৰাকীয়ে অধিক গুৰুত্ব দিছে। বিষয়টো প্ৰশাসকসকলৰ দৃষ্টিগোচৰ কৰিলোঁ।--Chandan Chiring Phukon Let's chat 03:11, 20 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]