বিন্দী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিমাচল প্ৰদেশৰ বিন্দী লোৱা এগৰাকী জ্যেষ্ঠ মহিলা।

বিন্দী (হিন্দী: बिंदी, সংস্কৃত: बिन्दु, যাৰ অৰ্থ হৈছে "বিন্দু বা ক্ষুদ্ৰ কণা")[1][2] হৈছে এক ৰঙীন বিন্দু বা ফোঁট। মূলতঃ ভাৰতীয় উপমহাদেশৰ হিন্দু, বৌদ্ধ আৰু জৈনসকলে কপালৰ কেন্দ্ৰত প্ৰসাধনৰ বাবে ব্যৱহাৰ কৰা ষ্টিকাৰ জাতীয় অলংকাৰ।

বিন্দী হৈছে কপালৰ কেন্দ্ৰত অৰ্থাৎ দুয়োডাল ভ্ৰূৰ ঠিক মাজত লগাই লোৱা কিছুমান ৰঙৰ উজ্জ্বল বিন্দু। এই ফোঁট ভাৰতীয় উপমহাদেশত বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান আৰু শ্ৰীলংকাৰ হিন্দুসকলে বিশেষকৈ মহিলা সকলে পিন্ধা দেখা যায়।[3] আনহাতে দক্ষিণ-পূব এছিয়াৰ ভিতৰত বালিনী, ফিলিপিনো, জাভানীজ, সুন্দনীজ, মালয়েচিয়ান, ছিংগাপুৰ, ভিয়েটনামী আৰু বাৰ্মিজ হিন্দু সকলেও বিন্দী বা ফোঁট ব্যৱহাৰ কৰে। চীন দেশত শিশু সকলকো একে ধৰণৰ ফোঁটৰ দৰে চিহ্ন পিন্ধোৱা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ লোকসকলৰ মাজত এই ফোঁটৰ অৰ্থ অনুসৰি তৃতীয় নয়ন মুকলিক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস প্ৰচলিত।[4] হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিন্দী অজ্ঞা চক্ৰৰ সৈতে জড়িত।[5] বিন্দু হৈছে সেই বিন্দু বা চক্ৰ যাৰ চাৰিওফালে মণ্ডল সৃষ্টি কৰা হয় আৰু এই মণ্ডলে বিশ্বব্ৰহ্মাণ্ডক প্ৰতিনিধিত্ব কৰে।[6][7] বৃহত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত বিন্দিৰ ঐতিহাসিক আৰু সাংস্কৃতিক উপস্থিতি আছে।[8][9]

ধৰ্মীয় বৈশিষ্ট্য[সম্পাদনা কৰক]

দুটা পদুমৰ পাহিৰে অজনা চক্ৰ। ইয়াৰ দ্বাৰা চন্দ্ৰ-সূৰ্য (পোহৰ-আন্ধাৰ বা পুৰুষ আৰু মহিলা) মধ্য অংশত একত্ৰিত হোৱা বুজোৱা হয়।
ভাৰতীয় শাস্ত্ৰীয় নৃত্যত শিল্পীয়ে প্ৰসাধন হিচাপে ব্যৱহাৰ কৰা বিন্দী।
অজনা চক্ৰ সহ বৰ্ণিত দেৱী তাৰা।
খ্ৰীঃ দ্বিতীয় শতিকাৰ স্তূপৰ এক খোদিত ভাস্কৰ্য্য। এই সময়ছোৱাত কেৱল মহিলাৰ ভাস্কৰ্য্যকহে পবিত্ৰ পদুমৰ সৈতে চিহ্নিত কৰা হৈছিল।

পৰম্পৰাগতভাৱে, ভ্ৰূৰ মাজৰ এলেকাটো (য'ত বিন্দীটো লোৱা হয়) ষষ্ঠ চক্ৰ অজনা অৰ্থাৎ "লুকাই থকা জ্ঞান"ৰ আসন বুলি কোৱা হয়। এই ফোঁট বা বিন্দীটোৱে শক্তি বৰ্তাই ৰাখি ব্যক্তি বিশেষক একাগ্ৰ শক্তিশালী কৰি ৰাখে বুলি কোৱা হয়।[10] এই বিন্দুৱে মানুহৰ তৃতীয় নয়নকো প্ৰতিনিধিত্ব কৰে।[11] প্ৰাচীনতম জ্ঞাত সংস্কৃত পাঠ ঋগ্ বেদৰ 'নাছাদিয়া সুক্তা'ত এই বিন্দু শব্দৰ উল্লেখ আছে।[12]

অজনা চক্ৰক দুটা পাহিৰ সৈতে এক পৱিত্ৰ পদুমৰ দ্বাৰা প্ৰতিকী ৰূপত প্ৰকাশ কৰা হয়, আৰু বেঙুনীয়া, নীল বা গাঢ় নীলা ৰঙৰ সৈতে দেখুওৱা হয়, অৱশ্যে পৰম্পৰাগতভাৱে এই চক্ৰৰ বৰণ বগা বুলি বৰ্ণনা কৰা হয়। এই চক্ৰৰ বৈশিষ্ট্য দ্বৈততা। এই চক্ৰৰ বাবে উচ্চাৰণ কৰিব লগা শব্দাংশ হৈছে ওঁম, আৰু প্ৰধান দেৱতা অৰ্ধনাৰীশ্বৰ। তেওঁ আধা পুৰুষ, আধা মহিলা অৰ্থাৎ শিৱ আৰু শক্তিৰ দ্বৈত ৰূপ। অজনা চক্ৰৰ শক্তি দেৱীক হাকিনী বুলি কোৱা হয়। অধিবিদ্যাত, এই বিন্দুটোক সেই বিন্দু বা মূল বুলি গণ্য কৰা হয় য'ত সৃষ্টি আৰম্ভ হয় আৰু এক নিৰ্দিষ্ট বিন্দুত পৰিণত হ'ব পাৰে। ইয়াক "ইয়াৰ অপ্ৰকাশিত অৱস্থাত বিশ্বৰ পৱিত্ৰ প্ৰতীক" বুলিও বৰ্ণনা কৰা হৈছে।[3][6] এই বিন্দুক কেন্দ্ৰ কৰিয়েই মণ্ডলৰ সৃষ্টি হয়, এই মণ্ডলে বিশ্বব্ৰহ্মাণ্ডক প্ৰতিনিধিত্ব কৰে।[7] ভ্ৰুমধ্য বুলি জনা জাত ভ্ৰূৰ মাজৰ স্থানটো হৈছে য'ত এজন ব্যক্তিয়ে তেওঁৰ দৃষ্টিশক্তি কেন্দ্ৰীভূত কৰে, যাতে ই একাগ্ৰতাত সহায় কৰে। [7] দক্ষিণ এছিয়াত, বিন্দী প্ৰায় সকলো ধৰ্মীয় মহিলাই লোৱা দেখা যায়। এই ফোঁট কোনো নিৰ্দিষ্ট ধৰ্ম বা অঞ্চলত সীমাবদ্ধ নহয়।

পৰম্পৰা[সম্পাদনা কৰক]

বিন্দীৰ প্ৰসাধনত এগৰাকী হিন্দু কন্যা।

পৰম্পৰাগত বিন্দীৰ ৰঙ ৰঙা বা মেৰুন। বিবাহিত মহিলাই ফোঁট বা বিন্দী এটা তৈয়াৰ কৰিবলৈ অনামিকা আঙুলিৰে এক চিকুট সেন্দূৰ গুৰি ব্যৱহাৰ কৰে। অন্যান্য বিভিন্ন সামগ্ৰী যেনে লাক, চণ্ডন, অগুৰু, মাইকা, 'কস্তুৰী', কুমকুম (ৰঙা হালধিৰে নিৰ্মিত) আৰু সেন্দূৰৰ ৰঙৰে বিন্দী লোৱা হয়।[13][14] বিন্দীটো ৰং বা আকৃতিত সীমাবদ্ধ নহয়।[15][16] হিন্দু ধৰ্মৰ বিবাহৰ ক্ষেত্ৰত এই বিন্দীয়ে স্বামী জীয়াই থকা বা পত্নী গৰাকীক ভাগ্যৱান বুলি প্ৰতিনিধিত্ব কৰে। বিবাহৰ সময়ত সাধাৰণতে কন্যাৰ কপালত ৰঙা সেন্দূৰৰ ফোঁট বা বিন্দী লগোৱা হয় আৰু পাত্ৰ গৰাকী জীয়াই থকালৈ এইদৰে ফোঁট লোৱাৰ নিয়ম।[16] অবিবাহিত ছোৱালীবোৰে বৈকল্পিকভাৱে তেওঁলোকৰ কপালত সৰু আলংকাৰিক বা অন্য ৰঙৰ ফোঁট বা বিন্দী লয়। সামাজিক ভাৱে বিধবা মহিলাক বিবাহিত মহিলাৰ সৈতে সম্পৰ্কিত বিন্দী বা কোনো অলংকাৰ আদি পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল।[16] ফোঁট। বা বিন্দীৰ উপৰিও ভাৰতত বিবাহিত মহিলা সকলে কপালৰ ঠিক ওপৰৰ শেঁওতাত স্বামীৰ দীৰ্ঘজীৱন আৰু কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতি হিচাপে দীঘলীয়াকৈ সেন্দূৰ লয়। হিন্দু বিবাহ অনুষ্ঠানৰ সময়ত, দৰাই কইনাৰ শেঁওতাত সেন্দূৰ দিয়াৰ নিয়ম প্ৰচলিত।[17]

অন্যান্য পৰম্পৰা[সম্পাদনা কৰক]

বগা ফোঁট লোৱা এগৰাকী বালিনীজ নৃত্য শিল্পী।

দক্ষিণ-পূব এছিয়াত, ইণ্ডোনেছিয়াৰ বালিনীজ, জাভানীজ আৰু চুণ্ডানিছ সকলেও বিন্দী লয়। ঐতিহাসিকভাৱে, ইয়াক দক্ষিণ-পূব এছিয়াৰ বহুতো ভাৰতীয় ৰাজ্যই ব্যৱহাৰ কৰিছিল। জাভা আৰু ইণ্ডোনেছিয়াৰ অন্যান্য অংশৰ বিবাহৰ কইনা আৰু দৰায়ো বিন্দী ব্যৱহাৰ কৰিছিল, আনকি আন ধৰ্মৰ লোকেও বিন্দী লয়। সাংস্কৃতিক উদ্দেশ্যৰ বাবেও প্ৰসাধনৰ সময়ত বিন্দী বা ফোঁট পৰিধান কৰা হয়। কিয়নো ইণ্ডোনেছিয়া এসময়ত ভাৰতীয় হিন্দু ৰাজ্যৰ দ্বাৰা শাসিত অঞ্চল আছিল। এনেদৰে প্ৰবাহিত হোৱা সংস্কৃতি আজিও ইণ্ডোনেছিয়াত বৰ্তি আছে। ইণ্ডোনেছিয়াৰ বিন্দীবোৰ সাধাৰণতে বগা বা সেউজীয়া ৰঙৰ।

বৈকল্পিক শব্দ[সম্পাদনা কৰক]

ভাৰতৰ বিভিন্ন অঞ্চলত বিন্দী বা ফোঁটৰ বাবে বিভিন্ন অভিধা ব্যৱহাৰ কৰা হয়: [18]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "History and Etymology for bindi". Merriam-Webster. https://www.merriam-webster.com/dictionary/bindi। আহৰণ কৰা হৈছে: 16 January 2022. "borrowed from Hindi bindī, literally, "dot, mark" (or a cognate Indo-Aryan word), going back to the Middle Indo-Aryan and Sanskrit stem bindu- "drop, spot," of uncertain origin" 
  2. "Bindi etymology" (English ভাষাত). Etymologeek. https://etymologeek.com/eng/bindi। আহৰণ কৰা হৈছে: 16 January 2022. "English word bindi comes from Hindi बिंदी" 
  3. 3.0 3.1 Khanna 1979: p. 171
  4. Xiaoou, Yu (10 September 2014). "Guidelines for school entrance in ancient China". ChinaCulture.org. http://en.chinaculture.org/chineseway/2014-09/10/content_562942.htm। আহৰণ কৰা হৈছে: 16 February 2018. 
  5. Mercier (2007). p. 267.
  6. 6.0 6.1 Swami Ranganathananda (1991). Human Being in Depth: A Scientific Approach to Religion. SUNY Press. পৃষ্ঠা. 21. ISBN 0791406792. https://books.google.com/books?id=P0vfFZh9BIIC&q=Big+Bang+theory+and+Indian+philosophy&pg=PA21. 
  7. 7.0 7.1 7.2 Shakya, pp. 82–83
  8. Southeast Asia: A Historical Encyclopedia, from Angkor Wat to East Timor, by Keat Gin Ooi p. 642
  9. Hindu-Buddhist Architecture in Southeast Asia by Daigorō Chihara p. 226
  10. Das, Subhamoy. "Bindi: The Great Indian Forehead Art". http://hinduism.about.com/od/bindis/a/bindi.htm। আহৰণ কৰা হৈছে: 16 February 2009. 
  11. "Couples Fuel India's Vibrant Art Scene". The New York Times. 13 October 2011. https://www.nytimes.com/2011/10/14/arts/14iht-rartcouples14.html?pagewanted=2&_r=1&sq=bindi&st=cse&scp=1. 
  12. "nasadiya-suktha-and-purusha-suktha". 21 September 2012. http://loudthinkingkeyargomes.blogspot.ca/2012/09/nasadiya-suktha-and-purusha-suktha.html. 
  13. "Bindi: The Great Indian Forehead Art". About.com. http://hinduism.about.com/od/bindis/a/bindi.htm. 
  14. Bahadur, Om Lata (1996). The book of Hindu festivals and ceremonies (3rd সম্পাদনা). প্ৰকাশক New Delhi: UBS Publishers Distributors ltd.. পৃষ্ঠা. 168. ISBN 81-86112-23-5. https://archive.org/details/bookofhindufesti0000baha/page/168. 
  15. Khadi and Village Industries Commission, Government of India
  16. 16.0 16.1 16.2 Parvesh Handa, "Home Beauty Clinic", Pustak Mahal, আই.এচ.বি.এন. 81-223-0099-5
  17. Gwynne, Paul (2009). World Religions in Practice: A Comparative Introduction. প্ৰকাশক Maiden, MA: Blackwell Publishing. ISBN 9781444360059. https://books.google.com/books?id=tdsRKc_knZoC&q=Sindoor+wedding+groom&pg=RA5-PT91. 
  18. "Dazzling bindis". MSN India. 10 October 2011. http://lifestyle.in.msn.com/gallery/photoviewer.aspx?cp-documentid=4248259। আহৰণ কৰা হৈছে: 20 October 2011.