বিভা দত্ত নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিভা দত্ত নেওগ
জন্ম ১৯৬৩ , ২৩
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ, ডক্টৰেট
বিষয় সাহিত্য
সহযোগী ড° দিলীপ কুমাৰ নেওগ

বিভা দত্ত নেওগ (ইংৰাজী: Bibha Dutta Neog) একাধাৰে নিবন্ধকাৰ, কবি, গীতিকাৰ[1], গল্পকাৰ, সম্পাদক, পাঠ্যপুথি প্ৰণেতা আৰু গৱেষক।[2] দীৰ্ঘদিন ধৰি বিভা দত্ত নেওগে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত গৱেষণামূলক লেখনিৰে সমৃদ্ধ কৰি আহিছে। বিভা দিত্ত নেওগৰ বিভিন্ন বিষয়ৰ কথিকা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগে সম্প্ৰচাৰিত হৈ আহিছে। তেখেতে ধেমাজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে সেৱা আগবঢ়াই ২০২২ চনৰ নম্বেম্বৰত অৱসৰ গ্ৰহণ কৰিছে৷[2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

বিভা দত্ত নেওগৰ জন্ম হয় ২৩ জানুৱাৰী, ১৯৬৩ চনত শিৱসাগৰ জিলাৰ তদানীন্তন সোণাৰি মহকুমাৰ (বৰ্তমান চৰাইদেউ জিলা) বৰুৱা নগৰত। তেখেতৰ পিতৃ ইন্দ্ৰকান্ত দত্ত বৃহত্তৰ বৰুৱানগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল আৰু মাতৃ সুবৰ্ণলতা দত্ত একেখন বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী তথা মুক্তিযোদ্ধা আছিল।[2] তেখেতৰ স্বামীৰ নাম দিলীপ কুমাৰ নেওগ আৰু দুগৰাকী সন্তানৰ নাম ক্ৰমে- দৰ্শনা নেওগ আৰু বৰ্ণাস্থা নেওগ৷

শিক্ষা[সম্পাদনা কৰক]

  • প্ৰাথমিক শিক্ষাঃ খ্ৰীয়াভেটা নিম্ন প্ৰাথমিক বিদ্যলয়
  • মাধ্যমিক শিক্ষাঃ বৰুৱানগৰ মধ্যমিক বিদ্যালয়
  • স্নাতকঃ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়
  • স্নাতকোত্তৰঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • এম. ফিলঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • পি. এইচ. ডিঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। গৱেষণাৰ বিষয়: 'পাৰ্বতিপ্ৰসাদৰ গীত আৰু কবিতাৰ বিশ্লেষণাত্মক অধ্যয়ন”। ২০০১ চন।

চাকৰি জীৱন[সম্পাদনা কৰক]

বিভা দত্ত নেওগে ১৯৯০ চনত ঢকুৱাখনা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৯৬ চনত ধেমাজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপিকা, সহযোগী অধ্যাপিকা, বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২২ চনৰ নৱেম্বৰ মাহত চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষণা তত্ত্বাবধায়ক হিচাপে স্বীকৃতি লাভ কৰিছে।[2]

সাহিত্যৰাজি[সম্পাদনা কৰক]

সাহিত্য সমালোচনা আৰু গৱেষণাধৰ্মী গ্ৰন্থ[সম্পাদনা কৰক]

  • সাহিত্যৰ সমীক্ষা; প্ৰকাশক- কিৰণ প্ৰকাশন, ধেমাজি, ২০০৫
  • পাৰ্বতিপ্ৰসাদৰ জীৱন দৰ্শন আৰু সাহিত্য; অসম সাহিত্য সভা, ২০০৫
  • ভাষা সাহিত্য সংস্কৃতিঃ প্ৰসংগ অনুষংগ; কিৰণ প্ৰকাশন, ধেমাজি, ২০২২

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • সাহিত্য স্বাদ বৈচিত্ৰ্য; (যুটীয়া সম্পা.) অসম সাহিত্য সভা, লণ্ডন ( ASSUK) আৰু কিৰণ প্ৰকাশন, ২০০৯
  • মামণি ৰয়ছম গোস্বামী: স্মৰণ, সৃজন, মনন; কিৰণ প্ৰকাশন, ধেমাজি, ২০১২
  • সুন্দাকাণ্ড ৰামায়ণ; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৫
  • প্ৰজ্ঞা পাৰমিতা (ড° কৰবী ডেকা হাজৰিকাৰ সাহিত্যৰ বিশ্লেষণাত্মক অধ্যয়ন); মুখ্য সম্পাদক, জাগৰণ প্ৰকাশন, গুৱাহাটী, ২০২২
  • ড° দিলীপ কুমাৰ দত্তৰ জীৱন কৃতি আৰু দৃষ্টি (যুটীয়া সম্পা.); শব্দ প্ৰকাশ, যোৰহাট, ২০২২[3]

সম্পাদিত গবেষণা পত্ৰিকা[সম্পাদনা কৰক]

  • Journal of Basic Research in Science, Arts and Humanities (A peer reviewed Journal), Joint Editor, Vol. 1/2012, Dhemaji College
  • দাপোণ, গৱেষণা পত্ৰিকা, ধেমাজি মহাবিদ্যালয় মহিলা কোষ; ২০১৩

পাঠ্য পুথি[সম্পাদনা কৰক]

  • কবিতা মুকুৰ (কাব্য সংকলন); কিৰণ প্ৰকাশন, ধেমাজি, ২০১২
  • অসমীয়া গদ্য চয়ন (গদ্য সংকলন; সম্পা - যুটীয়া); কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৩

তথ্যসূত্ৰ[সম্পাদনা কৰক]