দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
No edit summary |
||
34 নং শাৰী: | 34 নং শাৰী: | ||
* [http://www.worldtimezone.com/daylight.html Countries and territories operating Daylight Saving Time (2010/2011)] |
* [http://www.worldtimezone.com/daylight.html Countries and territories operating Daylight Saving Time (2010/2011)] |
||
{{Refend}} |
{{Refend}} |
||
{{Time topics}} |
|||
14:44, 9 December 2011ৰ সংস্কৰণ
দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (ইংৰাজী: Daylight Saving Time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয় আৰু সূর্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে পৃথিৱীৰ উত্তৰ গোলার্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। ১৭৮৪ খৃষ্টাব্দত বেঞ্জামিন ফ্ৰেঙ্কলিনে তেওঁৰ এটি খামখেয়ালিপূর্ণ প্রবন্ধত প্রথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবর্তি সময়ত এই ধাৰণাটি প্রথম ১৯০৭ খৃষ্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্রিটিছ নির্মাতাই ৱেস্ট অফ ডেলাইট (waste of Day light) নামৰ এক প্যামপ্লেটত।[1]
প্রয়োগ
যুক্তৰাষ্ট্র
যুক্তৰাষ্ট্রত প্রথম বিশ্বযুদ্ধৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে| বিতর্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতর্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকার সমস্যা দূৰ কৰি ১৯৬৬ খৃষ্টাব্দত যুক্তৰাষ্ট্রত কংগ্রেছ 'ইউনিফর্ম টাইম এ্যাক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যৰ বাবে কেৱলমাত্র এক নির্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্র সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খৃষ্টাব্দত যুক্তৰাষ্ট্রত দিবালোক সংৰক্ষণ সময় এপ্রিল মাহৰ প্রথম ৰবিবাৰৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু অক্টোবৰ মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় [1] |
বাংলাদেশ
২০০৯ চনৰ ২০ জুনলৈ বাংলাদেশত প্রথমবাৰৰ বাবে দিবালোক সংৰক্ষণ সময় (ডিএসটি) ব্যবহৃত হয়। কিন্তু এই নিয়ম দেশখনত জনপ্রিয় নহল আৰু পৰবৰ্তী চৰকাৰে আগৰ অৱস্থালৈ উভতাই নিয়ে। পৰবৰ্তী সময়ত এই দেশত পুনৰ দিবালোক সংৰক্ষণ সময় প্রৱর্তন কৰা নহৱ বুলি চৰকাৰী সিদ্ধান্ত গৃহীত হয়।
যুক্তি
বিতর্ক থকা সত্ত্বেও এই পদ্ধতিটোৰ পক্ষে যিবোৰ যুক্তি দেখুওৱা হয়, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আবেলিৰ সময়ত বেছি সময় পোহৰ থাকিলে ৰাস্থাত দূর্ঘটনাৰ পৰিমান কমি যায়; আৰু স্বাস্থ্য আৰু অপৰাধমূলক কর্মকাণ্ডত ইয়াৰ প্রভাৱ অস্পষ্ট।
তথ্যসূত্ৰ
বহিঃসংযোগ
- Daylight Saving Time—general history and anecdotes
- Saving Time, Saving Energy—North American viewpoint
- Summer Time—European viewpoint
- Sources for time zone and daylight saving time data—technical resources
- Graphical Display of Time Differences with Daylight Saving Time (DST) Changes
- ITU LEGAL TIME 2011
- Information about the Current Daylight Saving Time (DST) Rules, U.S. National Institute of Standards and Technology (NIST.gov)
- Countries and territories operating Daylight Saving Time (2010/2011)
|