বৃহৎ মালয় কেৰ্কেটুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Ratufa|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
বৃহৎ মালয় কেৰ্কেটুৱা
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Ratufa
প্ৰজাতি: R. bicolor
দ্বৈৰাশিক নামকৰণ
Ratufa bicolor
(Sparrman, 1778)
Subspecies
  • R. b. bicolor
  • R. b. condorensis
  • R. b. felli
  • R. b. gigantea
  • R. b. hainana
  • R. b. leucogenys
  • R. b. melanopepla
  • R. b. palliata
  • R. b. phaeopepla
  • R. b. smithi
Black giant squirrel range (erroneously missing Java and Bali)
সমাৰ্থক

Tennentii, source: Layard, in Blyth, 1849

বৃহৎ মালয় কেৰ্কেটুৱা (Malayan giant squirrel, Ratufa bicolor)) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা এবিধ কেৰ্কেটুৱাৰ প্ৰজাতি৷ এই কেৰ্কেটুৱাবিধ বাংলাদেশ, নেপাল, ভূটান, চীন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু পশ্চিম ইণ্ডোনেছিয়ালৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷[1]

বিৱৰণ[সম্পাদনা কৰক]

An individual from Namdapha Tiger Reserve, Arunachal Pradesh, India

বৃহৎ মালয় কেৰ্কেটুৱাৰ মূৰ আৰু নেজৰ নোমবোৰ গাঢ়-মুগা বৰণীয়া৷ ঠেঙৰ আগবোৰত হালধীয়া বৰণ দেখা যায়৷ ইয়াৰ নেজ দীঘল আৰু জোপোহা৷অন্য বহুতো কেৰ্কেটুৱাৰ দৰে ইহঁতৰ নেজৰ আগটো ওপৰলৈ ঘোৰ খাই নাথাকে৷ তাৰ সলনি ইয়াৰ নেজডাল পিছফালে তললৈ পৰিহে থাকে৷ অন্য কেৰ্কেটুৱাৰ দৰে ইহঁতৰ মতা আৰু মাইকী কেৰ্কেটুৱাৰ মাজত বাহ্যিক কোনো পাৰ্থক্যও নাই৷ ই কেৰ্কেটুৱাৰ প্ৰজাতিবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ প্ৰজাতিসমূহৰ এটা৷ [2]

বাসস্থান[সম্পাদনা কৰক]

এই কেৰ্কেটুৱাবিধ নেপালৰ পৰা ভিয়েটনামলৈকে বহুলভাৱে বিয়পি আছে৷[1] অসমত ইয়াক প্ৰধানকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, হোলোঙাপাৰ গিবন অভয়াৰণ্য আদি বনাঞ্চলত পোৱা যায়৷ [3]

বৃহৎ মালয় কেৰ্কেটুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ঘন অৰ্ধ চিৰসেউজীয়া, চিৰসেউজীয়া আৰু পৰ্ণপাতী অৰণ্যৰ গছত বাস কৰে (arboreal)৷ গতিকে ধ্বংসপ্ৰায় অৰণ্যত ইহঁত বিৰল৷ এই কেৰ্কেটুৱাবিধ প্ৰধানকৈ সাগৰ পৃষ্ঠৰ পৰা ১৯০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতাৰ অৰণ্যত পোৱা যায়৷[1]

আচৰণ[সম্পাদনা কৰক]

ই প্ৰধানকৈ দিনৰ ভাগত সক্ৰিয়৷[1] এই কেৰ্কেটুৱা বিধে ওখ গছৰ ডালত পাত আৰু ঠাৰিৰে বাহ সাজে৷ বৃহৎ মালয় কেৰ্কেটুৱাই প্ৰায়েই অকলশৰীয়াকৈ চৰে আৰু ফল-মূল, পাত আৰু ডাল আদি খাই জীয়াই থাকে৷ এই প্ৰক্ৰিয়াৰে কেৰ্কেটুৱাবিধে গছৰ বীজৰ বিতৰণ (seed dispersal)ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইহঁতৰ জীৱনকাল ওঠৰ বছৰ পৰ্য্যন্ত হ’ব পাৰে বুলি জনা যায়৷[4]

বৃহৎ মালয় কেৰ্কেটুৱাৰ প্ৰজননৰ সময় মাৰ্চৰ পৰা এপ্ৰিল আৰু জুলাইৰ পৰা আগষ্ট মাহলৈকে৷ মাইকী কেৰ্কেটুৱাই বছৰত দুয়োবাৰে গৰ্ভধাৰণ কৰিব পাৰে আৰু গৰ্ভধাৰণৰ সময় ২৮ ৰ পৰা ৩৫ দিন পৰ্য্যন্ত৷ ইহঁতে এবাৰত এটা বা দুটা পোৱালিৰ জন্ম দিয়ে৷ পোৱালি কেৰ্কেটুৱাক মাকে পাঁচসপ্তাহ মানলৈ যত্ন লয়৷ মতা কেৰ্কেটুৱাই পোৱালিৰ কোনো যত্ন লোৱা দেখা নাযায়৷[5]

Black giant squirrel, Nameri National Park
A specimen from Nameri National Park, Arunachal Pradesh, India

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

বৃহৎ মালয় কেৰ্কেটুৱাৰ বৰ্তমানলৈকে দহবিধ উপপ্ৰজাতি চিনাক্ত হৈছে৷[2]

Ratufa bicolor taxonomy
Subspecies Authority Synonyms
R. b. bicolor Sparrman (1778) albiceps, baliensis, humeralis, javensis, leschnaultii, major, sondaica
R. b. condorensis Kloss (1920) none
R. b. felli Thomas and Wroughton (1916) none
R. b. gigantea McClelland (1839) lutrina, macruroides
R. b. hainana J. A. Allen (1906) stigmosa
R. b. leucogenys Kloss (1916) sinus
R. b. melanopepla Miller (1900) anambae, angusticeps, dicolorata, fretensis, penangensis, peninsulae, tiomanensis
R. b. palliata Miller (1902) batuana, laenata
R. b. phaeopepla Miller (1913) celaenopepla, marana
R. b. smithi Robinson and Kloss (1922) none

সংৰক্ষণ[সম্পাদনা কৰক]

বৃহৎ মালয় কেৰ্কেটুৱাক আই ইউ চি এনৰ ৰঙা তালিকাত ’সংকটাসন্ন’ (Near Threatened) বুলি চিহ্নিত কৰা হৈছে৷ বনাঞ্চল ধ্বংস আৰু বন্য মাংসৰ বাবে চিকাৰ এই কেৰ্কেটুৱাৰ জনসংখ্যা হ্ৰাসৰ মূল কাৰণ বুলি জনা যায়৷[2]

চিত্ৰসংগ্ৰহ[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Walston, J.; Duckworth, J. W.; Molur, S. (2008). Ratufa bicolor. https://www.iucnredlist.org/details/19377/0। আহৰণ কৰা হৈছে: 6 January 2009. 
  2. 2.0 2.1 2.2 {Author1, Author2...}, (n.d.). Ratufa bicolor (Sparrman, 1778) . [online] India Biodiversity Portal,Species Page : {name of species field} Available at: https://indiabiodiversity.org/biodiv/species/show/238526 [Accessed date Oct 15, 2020].
  3. Menon, Vivek (2009) [First published 2003]. Mammals of India. Princeton field guides. প্ৰকাশক Princeton, N.J.: Princeton University Press. ISBN 978-0-691-14067-4. OCLC 276340775. "Originally published as: Menon, Vivek (ed.), et al. A field guide to Indian mammals (2003)" 
  4. https://www.mammalsofindia.org/#!/sp/460/Ratufa-bicolor
  5. https://animaldiversity.org/accounts/Ratufa_bicolor/

অন্যান্য উৎস[সম্পাদনা কৰক]

  • Francis, Charles M., Priscilla Barrett. A field guide to the mammals of South-East Asia. London: New Holland, 2008. আই.এচ.বি.এন. 978-1-84537-735-9, OCLC: 190967851.
  • Lekhakun, Bunsong, Jeffrey A. McNeely. Mammals of Thailand. Bangkok: Association for the Conservation of Wildlife, 1977. OCLC: 3953763.
  • Nowak, Ronald M. Walker’s mammals of the world. Baltimore: Johns Hopkins University Press, 1999. আই.এচ.বি.এন. 978-0-8018-5789-8, OCLC: 39045218. Chapter: "Sciuridae: squirrels, chipmunks, marmots, and prairie dogs" in volume two.

বাহ্যিক উৎস[সম্পাদনা কৰক]