ভানাৰাস ৰেল ইঞ্জিন কাৰখানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভানাৰাস ৰেল ইঞ্জিন কাৰখানা
উদ্যোগ ৰেলৱে
স্থাপিত ১৯৬১
প্ৰতিষ্ঠাতা ভাৰতীয় ৰেল
মুখ্য কাৰ্যালয় বাৰানসী, ভাৰত
পণ্য ৰেল ইঞ্জিন
ৱেবছাইট www.blw.indianrailways.gov.in

ভানাৰাস ৰেল ইঞ্জিন কাৰখানা (Banaras Locomotive Works) ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত আৰু বাৰানসীডিৰেকাত অৱস্থিত এক কাৰখানা। ইয়াত ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন (ইংৰাজী: locomotives) আৰু আনুষংগিক আহিলা-পাতি নিৰ্মাণ কৰা হয়। সম্প্ৰতি ই ভাৰতৰ বৃহত্তম ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন নিৰ্মাতা।

ডিৰেকা (DRW) বাৰানসীৰ মহানগৰৰ উপকণ্ঠৰ মণ্ডুৱাদীহ নামৰ অঞ্চলত অৱস্থিত।

কোম্পানী[সম্পাদনা কৰক]

১৯৬১ চনত স্থাপিত ডিৰেকাৰ প্ৰথমটো ৰেল ইঞ্জিন কুণ্ডণ (WDM2 ১৮২৩৩) ১৯৬৪ চনত জানুৱাৰীৰ ৩ তাৰিখে নিৰ্মিত হৈ ওলায়। ১৯৬০ চনৰপৰা এলকো মূলৰ বিভিন্ন আৰ্হিৰ ইঞ্জিন নিৰ্মাণ আৰু গৱেষণা কৰাৰ উপৰিও ১৯৯০ দশকৰপৰা GM EMD আৰ্হিসমূহৰ নিৰ্মাণ আৰু গৱেষণাৰ লগতো ই জড়িত হৈ পৰিছে।[1] ডিৰেকাৰ বাৰ্ষিক নিৰ্মাণ ক্ষমতা ২৫০টা যদিও বিদেশী গ্ৰাহকৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি সেই ক্ষমতা ২৭৫টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।[2][3][4]

উত্পাদিত সামগ্ৰী[সম্পাদনা কৰক]

ডিৰেকাৰ ইঞ্জিনসমূহৰ অশ্বশক্তি সাঁচ:Convert/hp ৰপৰা সাঁচ:Convert/hpলৈকে বিস্তৃত। বৰ্তমান ডিৰেকাই EMD GT46MAC আৰু EMD GT46PAC ইঞ্জিনসমূহ ইলেক্ট্ৰ'ম'টিভ ডিজেলচ্ (পূৰ্বৰ GM-EMD) অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰাৰ উপৰিও সেইসমূহৰ বিকাশৰ লগতো জড়িত হৈ পৰিছে।[4]

বজাৰ[সম্পাদনা কৰক]

ভাৰতীয় ৰেলৰ উপৰিও নিয়মীয়াকৈ ডিজেল-ইলেকট্ৰিক ইঞ্জিনসমূহ[4] শ্ৰীলংকা, মালয়েছিয়া, বাংলাদেশ, মালি, চেনেগাল[5] Sudan[6] তাঞ্জানিয়া, এংগোলা, ভিয়েটনাম ইত্যাদি দেশলৈ ৰপ্তানি কৰা হয়। তদুপৰি দেশৰ ভিতৰতে জাহাজ বন্দৰ, বৃহৎ শক্তিখণ্ড আৰু ব্যক্তিগত খণ্ডৰ ৰেলসেৱাসমূহৰ চাহিদাও ই পূৰণ কৰি আহিছে।[7][8]

সহায়ক খণ্ড[সম্পাদনা কৰক]

২০০৬ চনৰপৰা ডিৰেকাই কিছুসংখ্যক যাত্ৰীবাহী আৰু মালবাহী ইঞ্জিনৰ নিৰ্মাণকাৰ্য মুম্বাইস্থিত মধ্য ৰেলৱেপেৰেল কাৰখানালৈ সম্প্ৰসাৰিত কৰে।[9]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উত্স[সম্পাদনা কৰক]

  1. "Diesel Locomotive Works (DLW)". http://www.janes.com/articles/Janes-World-Railways/Diesel-Locomotive-Works-DLW-MANUFACTURERS-AND-SERVICES--LOCOMOTIVES-AND-PASSENGER-VEHICLES-India.html। আহৰণ কৰা হৈছে: 2008-01-11. 
  2. "DLW meets annual target ahead of the deadline". The Indian express Group. 2008-03-17. http://www.expressindia.com/latest-news/dlw-meets-annual-target-ahead-of-the-deadline/285069/. 
  3. "Rlys plan to make more locomotives to tap global mkt". The Financial Express. 2008-08-08. http://www.financialexpress.com/news/rlys-plan-to-make-more-locomotives-to-tap-global-mkt/346046/. 
  4. 4.0 4.1 4.2 "DLW sets new record in locomotive production". Times of India. January 1, 2012. http://articles.timesofindia.indiatimes.com/2012-01-01/varanasi/30578885_1_dlw-spokesperson-locomotives-electromotive-diesel। আহৰণ কৰা হৈছে: 2012-01-14. 
  5. "Indian Railways exports four diesel locomotives". The Economic Times. 2008-01-15. http://economictimes.indiatimes.com/News/News_By_Industry/Transportation/Indian_Railways_exports_four_diesel_locomotives/articleshow/2702640.cms. 
  6. "Rs. 80-crore target for railway spares export". The Hindu (Chennai, India). 2004-11-11. http://www.hindu.com/2004/11/11/stories/2004111112590600.htm. 
  7. "Retiring DLW GM flags off rail engine". Times of India. June 30, 2009. http://articles.timesofindia.indiatimes.com/2009-06-30/varanasi/28167628_1_diesel-locomotive-works-sm-bharadwaj-chief-mechanical-engineer। আহৰণ কৰা হৈছে: 2012-01-14. 
  8. "IR to soon manufacture high power locomotives". Times of India. October 9, 2010. http://articles.timesofindia.indiatimes.com/2010-10-09/varanasi/28271442_1_locomotives-dlw-general-manager-chief-mechanical-engineer। আহৰণ কৰা হৈছে: 2012-01-14. 
  9. Verma, Kalpana (August 19, 2008). "Engine manufacturing unit at Parel a boon for Rlys". Indian Express. http://www.expressindia.com/latest-news/engine-manufacturing-unit-at-parel-a-boon-for-rlys/350610/। আহৰণ কৰা হৈছে: 2012-01-14. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 25°17′32″N 82°57′35″E / 25.29227°N 82.95962°E / 25.29227; 82.95962