ভাস্কো দা গামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাস্কো দা গামা
Admiral of the Seas of Arabia, Persia, India and all the Orients (more...)

Count of Vidigueira
Tenure 29 December 1519 –
23 December 1524
উত্তৰসূৰী Francisco da Gama
দাম্পত্য সঙ্গী Catarina de Ataíde
সন্তান
Francisco da Gama, 2nd Count of Vidigueira
Estêvão da Gama, Viceroy of India
Cristóvão da Gama, Captain of Malacca
সম্পূৰ্ণ নাম
Vasco da Gama
মাতৃ Isabel Sodré
পিতৃ Estêvão da Gama
পেছা Explorer, Viceroy of India
স্বাক্ষৰ


ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল। তেওঁৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল। তেওঁ প্ৰথমটো ভাৰতমুখী ভ্ৰমণতে(১৪৯৭-১৪৯৯) এই কাম সম্পূৰ্ণ কৰিছিল। ভাস্কো দা গামাৰ এই আৱিষ্কাৰ গোলকীয় সাম্ৰাজ্যবাদৰ ইতিহাসত অতি তাৎপৰ্য্যপূৰ্ণ আছিল কাৰণ এই ভ্ৰমণৰ দ্বাৰাই এছিয়া মহাদেশত দীৰ্ঘকালীন উপনিৱেশ স্থাপনৰ পথ মুকলি হৈছিল। তেখেতৰ দ্বাৰা আৱিষ্কৃত পথটোৱে বিবাদপূৰ্ণ ভূমধ্য সাগৰ আৰু বিপদজনক আৰবীয় উপদ্বীপ পাৰ হোৱাৰ পৰা ৰেহাই দিছিল কাৰণ গোটেই পথটো আছিল সাগৰীয়। তেওঁ অহা যোৱা মিলাই অতিক্ৰম কৰা দূৰত্বৰ দৈৰ্ঘ্য সেই সময়ৰ সৰ্বাধিক ভ্ৰমণ দৈৰ্ঘ্য আছিল আৰু এই দৈৰ্ঘ্য বিষুৱৰেখাৰ দৈৰ্ঘ্যতকৈয়ো বেছি আছিল।[1] ১৪৯৮চনৰ ২০মে’ত ভাস্কো দা গামাই ভাৰতৰ কালিকট(Calicut) বন্দৰত উপস্থিত হ’বলৈ সক্ষম হৈছিল। ইয়াৰ পিছতো তেওঁ আৰু দুটা ভাৰত অভিমুখী নৌযাত্ৰাৰ নেতৃত্ব দিছিল। ১৫১৯চনত তেখেতক ভাইচৰয় উপাধি দি ভাৰতত থকা পৰ্তুগীজসাম্ৰাজ্যৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল। ১৫১৯চনত নগঠিত ভিডিগুৱেৰা(Vidiguera)ৰ কাউণ্টৰ পদবী প্ৰদান কৰা হৈছিল। তেখেতৰ প্ৰথম ভ্ৰমণটো বিশ্ব বুৰঞ্জীত মাইলৰ খুঁটি বুলি বিবেচনা কৰা হয় কাৰণ এই ভ্ৰমণৰ ফলতেই গোলকীয় বহুসাংস্কৃতিক ধাৰণাৰ ঢৌ আৰম্ভ হয়। .[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৪৬০ বা ১৪৬৯চনত পতুৰ্গালৰ দক্ষিণ পশ্চিম উপকূলৰ চাইঞ্ছ(Sines) নামে ঠাইত ভাস্কো দা গামাৰ জন্ম হৈছিল[3]। তেখেতৰ দেউতাক ইষ্টিভাও দা গামা(Estevao da Gama) ১৪৬০ চনলৈ ইনফেণ্ট ফাৰ্ডিনাণ্ড,ডিউক অৱ ভিছেউ(Infant Ferdinand,Duke of Viseu)ৰ নাইট(Knight) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল[4]। তাৰ পৰা তেওঁ অৰ্ডাৰ অৱ্ চাণ্টিয়াগো(Order of Santiago)ৰ সামৰিক বিষয়াৰ মৰ্যাদা পাইছিল। ইয়াৰ পিছত ১৪৬০ চনৰ পৰা ১৪৭৮চনলৈ চাইঞ্ছ(Sines)ৰ গভৰ্ণৰৰ বাব চম্ভালিছিল। ইষ্টিভাও দা গামাই জোৱাও চ’ড্ৰে( João Sodré)ৰ জীয়েক ইছাবেল চ’ড্ৰে( Isabel Sodré)ক বিয়া কৰায়.[5]। তেওঁলোকৰ পাঁচটা সন্তানৰ ভিতৰত ভাস্কো দা গামা তৃতীয় আছিল। তদুপৰি তেওঁৰ এজনী ভনীয়েকো আছিল। তেওঁৰ ভায়েককেইজনৰ নাম আছিল পউল’ দা গামা(Paulo de Gama),জোৱাও চ’ড্ৰে,পেড্ৰো দা গামা(Pedro da Gama) আৰু আয়াৰ্ছ দা গামা(Aires da Gama)। ভনীয়েকৰ নাম আছিল টেৰেছা দা গামা(Teresa da Gama)। [6]

ভাস্কো দা গামাৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে খুব কম কথা জনা যায়। পৰ্তুগীজইতিহাসবিদ টেক্জেইৰা দে আৰাগাও(Texeira da Gama)ৰ মতে গামাই ইভ’ৰা(Evora) চহৰত পঢ়িছিল। য’ত তেওঁ সম্ভৱত গণিত আৰু জাহাজ চালনৰ বিষয়ে শিকিছিল। এইবুলিও দাবী কৰা হয় যে তেখেতে জ্যোতিৰ্বিদ আব্ৰাহাম জাকুটো(Abraham Zacuto)ৰ অধীনত অধ্যয়ন কৰিছিল।[7]

১৪৮০চনত গামাই পিতৃৰ পদাংক অনুসৰণ কৰি অৰ্ডাৰ অৱ্ চান্তিয়াগোত যোগদান কৰে। সেই সময়ত মুৰব্বী আছিল ৰাজকুমাৰ জন(Prince John)। যিয়ে পিছত গৈ জন দ্বিতীয়(John II) হিচাপে পৰ্তুগালৰ ৰজা হৈছিল। ১৪৯২ চনত জন দ্বিতীয়ই চেতুবাল(Setubal) আৰু এলগাৰ্ভ(Algarve) বন্দৰত যুদ্ধবিহীন সময়ত ফ্ৰান্স জাহাজে পতুৰ্গাল জাহাজত কৰা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ফ্ৰান্স জাহাজবোৰ জব্দ কৰিবলৈ ভাস্কো দা গামাক পঠিয়ালে। যিটো কাম তেওঁ খুব সোনকালে আৰু ফলপ্ৰসূভাৱে সমাপন কৰিছিল।[8]

ভাস্কো দা গামাৰ আগৰ অভিযানসমূহ[সম্পাদনা কৰক]

পঞ্চদশ শতিকাৰ প্ৰথমভাগত ৰজা হেনৰীৰ উদ্যোগত আফ্ৰিকাৰ উপকূলৰ কিছু অংশত অভিযান চলোৱা হৈছিল। ১৪৬০চনত হেনৰীৰ মৃত্যুৰ পিছত পৰ্তুগীজৰজাই সেই অভিযানবোৰ বন্ধ ৰাখিলে। ১৪৬৯ চনত আফ্ৰিকাৰ আৱিষ্কৃত অংশসমূহ ফেৰ্ণাও গম্ছ(Fernao Gomes)য়ে নেতৃত্ব দিয়া এটা ব্যক্তিগত লিছবন ব্যৱসায়ী সংস্থাক বিক্ৰী কৰা হ’ল। সংস্থাটোৱে ব্যৱসায়ৰ স্বাৰ্থত গাল্ফ অৱ্ গিনিয়া(Gulf of Guinea) পৰ্য্যন্ত আগুৱাব সক্ষম হ’ল। ১৮৭৪ চনত জন দ্বিতীয়ই ফেৰ্ণাও গম্ছৰ আফ্ৰিকা ভ্ৰমণৰ অধিকাৰ পত্ৰ পুনৰ নিজৰ হাতলৈ আনিব বিচাৰিলে। ১৪৮১ চনত ৰজা হৈ তেওঁ বহুতো দীৰ্ঘকালীন সংস্কাৰ সাধন কৰিলে। তেওঁৰ উদ্যোগতে আফ্ৰিকাৰ সোণ আৰু দাস ব্যৱসায় বহুলভাৱে প্ৰসাৰিত হ’ল। ইয়াৰ লগতে তেওঁ আফ্ৰিকা মহাদেশৰ কাষেৰে ভ্ৰমি এছিয়াত উপস্থিত হ’ব পৰাকৈ সাগৰীয় ৰাস্তা বিচৰাৰ আঁচনি ল’লে। ১৪৮৭চনত ই পঠোৱা দুজন গুপ্তচৰে স্থলপথেৰে ইজিপ্ত,পূব আফ্ৰিকা হৈ ভাৰত পৰ্য্যন্ত ভ্ৰমণ কৰি মছলা বজাৰ(Spice Trade) আৰু বাণিজ্য পথৰ সন্ধান লৈ আহিল। আকৌ ১৪৮৮ চনত বাৰ্তল’মিউ ডায়াছ নামৰ জন দ্বিতীয়ৰ কেপ্টেইনজনে কেপ্ অফ্ গুড্ হ’প(Cape of Good Hope) ভ্ৰমণ কৰি মৎস্য নৈ(Fish River) পৰ্য্যন্ত ভ্ৰমণ কৰিলে আৰু এইবুলি প্ৰতিবেদন দিলে আফ্ৰিকাৰ অনাৱিষ্কৃত অঞ্চল উত্তৰ পূব দিশলৈ বিয়পি আছে। এতিয়া কেৱল এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি ভাৰতলৈ এটা সুগম সাগৰীয় বাণিজ্য পথ বিচৰা কাম বাকী ৰ’ল। ইয়াৰ বাবে আগবাঢ়ি আহিল ভাস্কো দা গামা।

প্ৰথম ভ্ৰমণ[সম্পাদনা কৰক]

১৪৯৭ চনৰ ৮ জুলাইত ৪খন জাহাজ আৰু ১৭০জন মানুহ লৈ ভাস্কো দা গামাই লিছবন(Lisbon)ৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। নাবিক হিচাপে তেওঁৰ লগত আছিল পতুৰ্গালৰ আটাইতকৈ অভিজ্ঞ পেৰ’ দি আলেনকুৱেৰ(Pero de Alenquer),পেড্ৰ’ ইস্ক’বাৰ( Pedro Escobar),জোৱাও দি ক’ইম্ব্ৰা( João de Coimbra) আৰু আফঞ্চ’ গনক্লেভচ(Afonso Gonçalves)। যাত্ৰাৰ শেষত ৫৫জন মানুহহে ঘূৰি আহিছিল আৰু দুখন জাহাজ হেৰুৱাব লগা হৈছিল। যাত্ৰাৰ বাবে দুখন জাহাজ নতুনকৈ নিৰ্মাণ কৰা হৈছিল।[9][10]

তেওঁৰ লগত যোৱা চাৰিখন জাহাজ আছিল

  • চাও গেব্ৰিয়েল(Sao Gabriel),নেতৃত্ব দিছিল ভাস্কো দা গামা
  • চাও ৰাফেইল(Sao Rafael),নেতৃত্ব দিছিল ভাস্কো দা গামাৰ ভাতৃ পউল’ ডা গামাই
  • মালবাহী বেৰিও(Berrio)যিখনক পিছত চাও মিগুৱেল(Sao Miguel) নাম দিয়া হয়,নেতৃত্ব দিছিল নিক’লউ কোৱেলহ’(Nicolau Coelho)
  • এখন নাম নজনা মালবাহী জাহাজ,যিখন আফ্ৰিকাৰ পূব উপকূলৰ ওচৰত ধ্বংস হয়,নেতৃত্ব দিছিল গনকেল’ নানছ(Goncalo Nunes)[4]

কেপলৈ যাত্ৰা[সম্পাদনা কৰক]

ভাস্কো দা গামাই পূৰ্বৰ ভ্ৰমণকাৰীসকলৰ দ্বাৰা বৰ্ণিত তেনেৰিফা(Tenerifa) আৰু কেপ ভাৰ্ডি(Cape Verde) দ্বীপপূঞ্জ হৈ আফ্ৰিকাৰ উপকূলৰ দাঁতিয়েদি যোৱা পথটো অনুসৰণ কৰিলে। বৰ্তমানৰ চিয়েৰি লিয়নি(Sierre Leone) উপকূল পোৱাৰ পিছত দলটোৱে মুক্ত সাগৰৰ দক্ষিণে পথ ললে। তাৰ পিছত বিষুৱৰেখা পাৰ হৈ বাৰ্তল’মিউ ডায়াছে ১৪৮৭ চনত আৱিষ্কাৰ কৰা উত্তৰ আটলাণ্টিকৰ পশ্চিমমুখী বতাহৰ সন্ধান কৰিলে[11]। ইয়াত তেওঁ সফল হ’ল আৰু ১৪৯৭ চনৰ ৪নৱেম্বৰত আফ্ৰিকাৰ উপকূলত ভৰি থলে। তিনি মাহত তেওঁলোকে দহ হাজাৰ কিঃমিঃ ভ্ৰমণ কৰিলে যিটো আছিল সেইসময়ৰ আটাইতকৈ দীঘলীয়া সাগৰীয় ভ্ৰমণ।[12][13]

১৬ডিচেম্বৰত তেওঁলোক বিশাল মৎস্য নৈ পাৰ হ’ল। তেতিয়ালৈকে কোনো ইউৰোপীয় ব্যক্তিয়ে মৎস্য নৈ পাৰ হোৱা নাছিল। কাৰণ বাৰ্তল’মিউ ডায়াছ মৎস্য নৈৰ পৰা ঘূৰি গৈছিল। খ্ৰীষ্টমাছৰ সময় হোৱা হেতুকে সেই উপকূল অঞ্চলৰ নাম দিয়া হৈছিল নাটাল(Natal) মানে পৰ্তুগীজভাষাত যীশুখ্ৰীষ্টৰ জনম।

মোজাম্বিক[সম্পাদনা কৰক]

ভাস্কো দা গামাই ১৪৯৮চনৰ ২ৰ পৰা ২৯মাৰ্চলৈ মোজাম্বিকত কটালে। স্থানীয় মুছলিম মানুহবোৰ খ্ৰীষ্টানৰ প্ৰতি আক্ৰমণাত্মক হব পাৰে বুলি ভাবি গামাই এজন মুছলিমৰ বেশেৰে মোজাম্বিকৰ চুলতানক লগ কৰিলে। কিন্তু তেওঁ চুলতানক সন্তোষজনক উপহাৰ আগবঢ়াব নোৱাৰাত স্থানীয় বাসিন্দাবোৰ গামাৰ দলটোৰ প্ৰতি সন্দেহী হৈ পৰিল। অৱশেষত এটা আক্ৰমণাত্মক দলৰ খেদাত তেওঁলোক পলাবলৈ বাধ্য হ’ল। অৱশ্যে যোৱাৰ সময়ত প্ৰতিশোধস্বৰূপে গামাই চহৰখনত গুলিবৰ্ষণ কৰি গ’ল।[14]

মোম্বাছা[সম্পাদনা কৰক]

কেনিয়াৰ এই চহৰখনত গামাৰ দলটোৱে ১৪৯৮ চনৰ ৭ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ থাকিল। পতুৰ্গীজসকলেই হ’ল ত ভৰি থোৱা প্ৰথম ইউৰোপীয়। তাত গামাৰ দলটোৱে আৰবৰ বাণিজ্যিক জাহাজত লুটপাত কৰাত স্থানীয় লোকৰ প্ৰতিশোধৰ বলি হৈ পলাব লগা হ’ল।

মালিন্দী[সম্পাদনা কৰক]

ভাস্কো দা গামাই উত্তৰলৈ যাত্ৰা অব্যাহত ৰাখি ১৪৯৮ চনৰ ১৪ এপ্ৰিলত মালিন্দী বন্দৰত উপস্থিত হ’ল। ইয়াত তেওঁলোকে ভাৰতীয় ব্যৱসায়ী দেখিবলৈ পালে। গামা আৰু তেওঁৰ সহযোগীসকলে এনে এজন পৰিচালক বিচাৰিলে যাৰ ভাৰতলৈ যাব পৰা অনুকূল মৌচুমী বতাহৰ জ্ঞান আছে। অৱশেষত এজন পৰিচালক যোগাৰ হ’ল। এই পৰিচালকজনৰ পৰিচয় সম্পৰ্কে কেইবাটাও মত পোৱা যায়। এটা প্ৰচলিত কাহিনী মতে পৰিচালকজন আছিল আৰবৰ মহান নাৱিক ইবন মজিদ(Ibn Majid)। কিন্তু বহুতে এই কাহিনীটো মানি নলয়। .[15] ১৪৯৮চনৰ ২৪এপ্ৰিলত গামাৰ দলটো মালিন্দীৰ পৰা ভাৰত অভিমুখে ৰাওনা হ’ল।

কালিকট,ভাৰত[সম্পাদনা কৰক]

১৪৯৮ চনৰ ২০ মে’ত ভাস্কো দা গামা কালিকটৰ ওচৰৰ কাপ্পাডুত উপস্থিত হ’ল। কালিকটৰ ৰজা জামৰিণ সেইসময়ত তেওঁৰ দ্বিতীয়খন ৰাজধানী পোন্নানি(Ponnani)ত আছিল যদিও বিদেশী নৌবহৰ অহা খবৰ অহা শুনি ততাতৈয়াকৈ কালিকটলৈ ঘূৰি আহিল। জাহাজৰ নাবিকসকলক পৰম্পৰাগতভাৱে অভ্যৰ্থনা জনোৱা হ’ল। ভাস্কো দা গামাই সম্ৰাটক উজ্জ্বল ৰঙা কাপোৰ,পিতলৰ বাচন,টুপী,চেনি,তেল,মৌ আদি উপহাৰ স্বৰূপে আগবঢ়ালে। কিন্তু জামৰিণৰ বিষয়াবৰ্গই উপহাৰৰ তালিকাত সোণ বা ৰূপ নেদেখি আচৰিত হ’ল। আন মুছলিম সদাগৰ যিসকলে গামাক প্ৰতিপক্ষ বুলি ভাবিছিল সেইসকলে পৰামৰ্শ দিলে যে গামা এজন জলদস্যুহে কোনোধৰণৰ ৰাজকীয় প্ৰতিনিধি নহয়[16]। গামাই ভাৰতত ব্যৱসায় কৰিবলৈ অনুমতি বিচাৰিলে যদিও সম্ৰাটৰ ফালৰ পৰা জনোৱা হ’ল যে ভাৰতত ব্যৱসায় কৰিবলৈ হ’লে আন ব্যৱসায়ীৰ দৰে কৰ হিচাপে সোণ দিব লাগিব। এই কথাত ক্ষুণ্ণ হৈ গামাই কেইবাজনো নায়াৰ আৰু ষোল্লজন মাছমৰীয়া জোৰ-জবৰদস্তি ধৰি লৈ গ’ল। [17]

ওভতনি যাত্ৰা[সম্পাদনা কৰক]

১৪৯৮ চনৰ ২৯ আগষ্টত ই কালিকট বন্দৰৰ পৰা ওভতনি যাত্ৰা আৰম্ভ কৰিলে। এইবাৰ তেওঁ অনুকূল মৌচুমী বতাহৰ জ্ঞান আওকাণ কৰি গৈ থাকিল। সেই বছৰৰে ৩ অক্টোবৰত তেওঁলোকে ভাৰত মহাসাগৰ পাৰ হ’ল। অনুকূল মৌচুমী বতাহৰ বাবে ভাৰতলৈ অহাসময়ত তেওঁলোকক ভাৰত মহাসাগৰ পাৰ হ’বলৈ মাথোঁ ২৩ দিন লাগিছিল। কিন্তু যাওঁতে লাগিল ১৩২ দিন। ১৪৯৯ চনৰ ২ জানুৱাৰীত তেওঁলোক মোগাদিশ্বু(Mogadishu)ৰ উপকূলীয় চহৰ ছোমালি পাৰ হ’ল। তেওঁলোকে কতো নৰখি যাত্ৰা অব্যাহত ৰাখিলে। অজ্ঞাত দিনলিপি লিখোতাৰ পৰা জনা যায় যে মোগাদিশ্বুত চাৰি বা পাঁচতলীয়া ঘৰ,সুদৃশ্য প্ৰাসাদ আৰু বহুতো বেলানাকৃতিৰ মিনাৰবিশিষ্ট মছজিদ আছিল[18]। ভাস্কো দা গামাৰ নৌবহৰ ১৪৯৯ চনৰ ৭ জানুৱাৰীত মালিন্দীত উপস্থিত হ’ল। ইতিমধ্যে তেওঁলোকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। প্ৰায় আধা সংখ্যক জাহাজকৰ্মীৰ মৃত্যু ঘটিছিল আৰু বাকীবিলাকো স্কাৰ্ভি ৰোগত আক্ৰান্ত হৈছিল। পৰ্যাপ্ত জাহাজকৰ্মী নথকাত তেওঁৰ তিনিখন জাহাজ পৰিচালনা কৰা অসুবিধা হৈ পৰিল। সেইবাবে চাও ৰাফেইল নামৰ জাহাজখন পূব আফ্ৰিকাৰ উপকূলত ডুবাই দিয়াৰ আদেশ দিলে। আৰু তিনিখন জাহাজৰ কৰ্মীবোৰ দুখন জাহাজত ভগাই দিলে। এতিয়া জাহাজ সুকলমে চলিল। ২৫ এপ্ৰিলত তেওঁলোকে পশ্চিম আফ্ৰিকাৰ উপকূলত উপস্থিত হ’ল।

তাৰ পৰা কেপ ভাৰ্দি পোৱাৰ পিছত নিক’লউ কোৱেলহ’য়ে পৰিচালনা কৰা বেৰিওনামৰ জাহাজখন গামাৰ চাও গেব্ৰিয়েলৰ পৰা পৃথক হৈ পৰিল[19]। ১৪৯৯চনৰ ১০জুলাইত নিক’লউ কোৱেলহ’য়ে ৰজা প্ৰথম মেনুৱেল(Manuel I)ক সাক্ষাৎ কৰি ৰাজকীয় আদালতত ভ্ৰমণ বৃত্তান্ত জনালে। ইপিনে গামাৰ ভায়েক পউল’ ডি গামা ভীষণভাৱে বেমাৰত পৰাত তেওঁ ভায়েকৰ সৈতে চান্তিয়াগো দ্বীপত কিছুদিন ৰ’ল আৰু জাহাজৰ কেৰাণী জোৱাও দে চা(Joao de Sa)ক চাও গেব্ৰিয়েলখনৰ সৈতে ঘৰলৈ পঠিয়াই দিলে। জুলাইৰ শেষ বা আগষ্টৰ প্ৰথম ভাগত চাও গেব্ৰিয়েল গৈ লিছবনত উপস্থিত হ’ল। গামাই ৰুগীয়া ভায়েকৰ সৈতে পতুৰ্গাললৈ আহিব বিচাৰিছিল যদিও যাত্ৰাপথত ভায়েকৰ মৃত্যু হয়। তেতিয়া তেওঁ এজ’ৰেছলৈ গৈ ভায়েকক সমাধিস্থ কৰে। তাৰ পিছত ১৪৯৯চনৰ ২৯আগষ্টত লিছবনত উপস্থিত হ’ল[20]। গৃহভূমিত তেখেতক বীৰৰ দৰে আদৰণি জনোৱা হয়,সন্মানেৰে ওপচাই পেলোৱা হয়। লগতে তেওঁক লৈ শোভাযাত্ৰাৰ আয়োজন কৰা হয়। এইদৰে গামাৰ প্ৰথম অভিযানৰ অন্ত পৰে। এই অভিযানত তেওঁ অৰ্ধসংখ্যক মানুহ আৰু এখন জাহাজ হেৰুৱায়। তদুপৰি তেওঁ ভাৰতৰ ৰজাৰ সৈতে কোনোধৰণৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে তেওঁ ভাৰতলৈ এটা পোনপটীয়া সাগৰীয় পথ আৱিষ্কাৰ কৰাত সফল হ’ল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

১৪৯৯ চনত ভাস্কো দা গামাক পতুৰ্গালৰ ৰজা প্ৰথম মেনুৱেলে চাইঞ্ছ চহৰখন পুৰস্কাৰ হিচাপে আগবঢ়ালে। কিন্তু সেই চহৰ অৰ্ডাৰ অফ্ চান্তিয়াগোৰ মুৰব্বী জৰ্জ দি লেনকেষ্ট্ৰি(Joerge de Lancastre) অমান্তি হোৱাত গামা সেই উপহাৰৰ পৰা বঞ্চিত হয়[21]। তেওঁক বংশানুক্ৰমিক হিচাপে ভোগ কৰিবলৈ তিনি লাখ ‘ৰেইছ’(টকা) প্ৰদান কৰা হ’ল। লগতে সন্মানীয় ডম(Dom) উপাধি দিয়া হ’ল। যিটো তেওঁৰ পিছৰ পুৰুষসকলেও ব্যৱহাৰ কৰিব পাৰিব। ১৫০২ চনৰ ৩০ জানুৱাৰিত গামাক আৰব,পাৰ্ছিয়া,ভাৰত আৰু সুদূৰ প্ৰাচ্যৰ গোটেই সমুদ্ৰৰ এডমিৰেল হিচাপে ঘোষণা কৰা হ’ল। ক্ৰিষ্টোফাৰ কলম্বাছকো মহাসমুদ্ৰৰ এডমিৰেল বুলি স্বীকৃতি দিয়া হৈছিল। তাৰ পৰা অনুপ্ৰাণিত হৈয়েই প্ৰথম মেনুৱেলে গামাক এই উপাধি প্ৰদান কৰিলে[22]। ১৫০১ চনত ৰাজগৃহৰ পৰা পঠিওৱা এখন চিঠিৰ জৰিয়তে গামাক পৰ্তুগালৰ পৰা ভাৰতলৈ পঠিওৱা যিকোনো অভিযানত অংশ লবলৈ অনুমতি দিয়া হ’ল।

বিবাহ[সম্পাদনা কৰক]

ভাস্কো দা গামাই ১৫০১ চনত এলভেইৰ' দি এটেইদিৰ জীয়েক কেটেৰিনা দি এটেইদি(Catarina de Ataíde)ক বিয়া কৰায়। তেওঁলোকৰ ছটা পুত্ৰসন্তান আৰু এজনী কন্যাসন্তান জন্ম পায়।[23]

দ্বিতীয় যাত্ৰা[সম্পাদনা কৰক]

১৫০০ চনত হোৱা দ্বিতীয় পৰ্তুগীজভাৰত অভিযানৰ নেতৃত্ব দিছিল পে’ড্ৰো আলভাৰেছ কেব্ৰেল(Pedro Alvares Cabrel)য়ে। অভিযানৰ উদ্দেশ্য আছিল জামৰিণৰ সৈতে চুক্তি কৰি চহৰখনত এটা উদ্যোগ স্থাপন কৰা। কিন্তু পে’ড্ৰো আলভাৰেছ কেব্ৰেলৰ আৰবৰ ব্যৱসায়ীসকলৰ সৈতে সংঘৰ্ষ হয়। যাৰ ফলত উদ্যোগটোত থকা সত্তৰজন পৰ্তুগীজৰ মৃত্যু হয়। প্ৰতিশোধস্বৰূপে পে’ড্ৰো আলভাৰেছ কেব্ৰেলে চহৰখনত বোমাবৰ্ষণ কৰি আঁতৰি আহে।

১৫০২চনত ই চতুৰ্থ পৰ্তুগীজভাৰত অভিযানত যোগদান কৰে। এইটো আছিল তেওঁৰ দ্বিতীয় ভাৰত অভিযান। অভিযানৰ উদ্দেশ্য আছিল কালিকটৰ ৰজা জামৰিণক এসেকা দিয়া আৰু পৰ্তুগালৰ ওচৰত আত্মসমৰ্পণ কৰোৱা। অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিত পোন্ধৰখন জাহাজ আৰু আঠশ মানুহ লৈ ১৫০২ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁলোকে যাত্ৰাৰম্ভ কৰিলে। এপ্ৰিল মাহত আৰু পাঁচখন জাহাজ ভাৰত অভিমুখে ৰাওনা হ’ল।

১৫০২চনৰ অক্টোবৰত সেই বিশাল নৌবহৰটো ভাৰতত উপস্থিত হ’ল। সেই সময়ত কালিকটৰ পৰা মক্কালৈ গৈ থকা মিৰি নামৰ এখন তীৰ্থযাত্ৰীৰে পৰিপূৰ্ণ জাহাজত আক্ৰমণ চলাই গামাই গোটেই যাত্ৰীবোৰক হত্যা কৰিলে[24]। তাৰ পৰা গামাই কালিকটলৈ গৈ পে’ড্ৰো আলভাৰেছ কেব্ৰেলে কৰা চুক্তিৰ সংশোধন কৰিলে। আনহাতে জামৰিণে নতুন চুক্তিত চহী কৰিবলৈ ইচ্ছা কৰিলে[25]। কিন্তু গামাই কোনো সিদ্ধান্তলৈ অহাৰ পূৰ্বে গোটেই মুছলিমবোৰক চহৰৰ পৰা উলিয়াই দিবলৈ দাবী জনালে। জামৰিণে সেই দাবী খাৰিজ কৰাত পৰ্তুগীজ যুদ্ধ জাহাজে প্ৰায় দুদিন ধৰি চহৰখনত প্ৰচণ্ড গোলাবৰ্ষণ কৰিলে। যাৰ ফলত চহৰখনৰ বিস্তৰ ক্ষতি হ’ল। তদুপৰি গামাই কিছুমান ভাৰতীয় জাহাজ আটক কৰি কৰ্মীসকলৰ হাত,নাক,কাণ আদি কাটিলে।[26]

কিন্ত জামৰিণে সেও নামানি যুদ্ধ চলাই গ’ল। গামা যুদ্ধত জিকিল যদিও তেওঁৰ বাবে ভাৰতত উদ্যোগ স্থাপন আৰু ব্যৱসায় চলাই নিয়াটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। সেইবাবে তেওঁ চুবুৰীয়া কোচিন আৰু কান্নানৰ লগত সন্ধি কৰি তাতে উদ্যোগ স্থাপন কৰিলে। ১৫০৩ চনত কেইবাখনো নাও আৰু কিছু সৈন্য কোচিন আৰু কান্নানত থৈ গামা গৃহাভিমুখে ৰাওনা হ’ল। ছেপ্টেম্বৰ মাহত তেওঁ পৰ্তুগালত উপস্থিত হ’ল।

তীৰ্থযাত্ৰী জাহাজৰ ঘটনা[সম্পাদনা কৰক]

দ্বিতীয় ভ্ৰমণৰ সময়ত গামাই ব্যৱসায়ী আৰু স্থানীয় লোকৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰিছিল.[27][28]। তেওঁ কালিকটৰ পৰা মক্কালৈ গৈ থকা জাহাজ এখন বন্দী কৰে। জাহাজখনত থকা চাৰিশ যাত্ৰীৰ পঞ্চা গৰাকট আছিল মহিলা। গামাই জাহাজখনত লুটপাত চলায় আৰু সকলোকে জীৱন্তে জলাই হত্যা কৰে। গামাই খিৰিকীৰে দেখিছিল যে মহিলাসকলে নিজৰ সোণ আৰু অলংকাৰবোৰ আগবঢ়াই প্ৰাণভিক্ষা মাগিছিল[29]। কিন্ত তেওঁ সকলোকে হত্যা কৰি নিজৰ নিষ্ঠুৰতাৰ পৰিচয় দিয়ে।

ইয়াৰ উপৰি গামাই তালাপ্পানা নাম্বুথিৰি নামৰ এজন ব্ৰাহ্মণক গুপ্তচৰ বুলি সন্দেহ কৰি ব্ৰাহ্মণজনৰ ওঁঠ আৰু কাণ কাটি কটা কাণৰ ঠাইত কুকুৰৰ কাণ লগাই দিবলৈ নিৰ্দেশ দিয়ে।

বিৰতি[সম্পাদনা কৰক]

ইয়াৰ পিছৰ প্ৰায় দুটা দশক গামাই নিৰলে জীৱন কটালে। ১৫১৯ চনত তেখেতক ৰজা প্ৰথম মেনুৱেলে ভিডিগুৱেৰা(Vidigueira)ৰ কাউণ্ট হিচাপে নিযুক্তি দিলে। উল্লেখযোগ্য যে এই পদবী তেওঁৰ উত্তৰাধিকাৰীসকলেও ভোগ কৰিব পাৰিব,[30]। গামাই আছিল প্ৰথমগৰাকী কাউণ্ট যি ৰাজবংশৰ নাছিল।[31]

তৃতীয় ভাৰত অভিযান আৰু মৃত্যু[সম্পাদনা কৰক]

১৫২১ চনত ৰজা প্ৰথম মেনুৱেলৰ মৃত্যু হোৱাত তেওঁৰ পুতেক তৃতীয় জন(John III) ৰাজপাটত উঠিল। তেওঁ আকৌ ন-উদ্যমেৰে সাগৰীয় অভিযানবোৰ চলাই ৰাখিব বিচাৰিলে। ইয়াৰ বাবে তেওঁ পুনৰ অভিজ্ঞ ভাস্কো দা গামাক সাগৰ অভিযানৰ দায়িত্ব দিব বিচাৰিলে। সেইসময়ত ভাৰতত থকা পৰ্তুগীজগভৰ্ণৰ আছিল ডুৱাৰ্টে দি মেনেজেচ্(Duarte de Menezes)। কিন্ত তেওঁ আছিল অপটু আৰু দুৰ্নীতিগ্ৰস্ত। গতিকে ৰজা তৃতীয় জনে মেনেজেচক আঁতৰাই ভাস্কো দা গামাক সাগৰ অভিযানৰ দায়িত্ব দিব বিচাৰিলে। ৰজাৰ দৃঢ় বিশ্বাস আছিল যে গামাৰ পূৰ্বৰ সুনাম আৰু অভিজ্ঞতাই সফলতা কঢ়িয়াই আনিব। ১৫২৪চনত ৰাজকাৰ্যালয়ৰ পৰা পঠিওৱা এখন চিঠিৰ জৰিয়তে গামাক ভাইচৰয় উপাধি দি ভাৰতত থকা পৰ্তুগীজগভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হ’ল। ভাইচৰয় সন্মান লাভ কৰা তেওঁ আছিল দ্বিতীয়জন পৰ্তুগীজ।[32]তেওঁৰ দ্বিতীয় পুত্ৰ ইষ্টিভাও দা গামা(Estêvão da Gama)ক ভাৰত মহাসাগৰৰ নৌবাহিনীৰ কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হ’ল।

১৫২৪ চনৰ এপ্ৰিল মাহত পোন্ধৰখন জাহাজৰ এটা নৌবাহিনী লৈ ভাস্কো দা গামা ভাৰতলৈ যাত্ৰা কৰিলে। লগত তেওঁৰ দুই পুত্ৰ ইষ্টিভাও দা গামা আৰু পউল’ দা গামাও ওলাল। তেওঁলোকে ছেপ্টেম্বৰ মাহত লক্ষ্যস্থানত উপস্থিত হ’ল। অৱশ্যে যাত্ৰাপথত তেওঁলোকে চাৰি বা পাঁচখন জাহাজ হেৰুৱাব লগা হ’ল। ভাৰতত উপস্থিত হৈয়েই গামাই নিজৰ কাম-কাজ আৰম্ভ কৰিলে। পুৰণি অযোগ্য বিষয়াক আঁতৰাই নতুন মানুহ নিযুক্তি দিলে। কিন্তু ভাৰতত উপস্থিত হোৱাৰ তিনিমাহ পিছতেই খ্ৰীষ্টমাছৰ আগৰ দিনা মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ ভাস্কো দা গামাই মৃত্যুক সাৱটি ললে। তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ পুতেক কেইজনেও নিজৰ পদবী হেৰুৱায় আৰু ১৫২৫ চনত পৰ্তুগাললৈ যাত্ৰা কৰে[33]। গামাৰ নশ্বৰ শৰীৰ প্ৰথমে কোচিৰ চেইণ্ট ফ্ৰান্সিচ গীৰ্জাত সমাধিস্থ কৰা হয়। যদিও পিছত তেওঁৰ শৰীৰটো সোণ আৰু অলংকাৰেৰে সুসজ্জিত কৰি কফিনত ভৰাই ভিডিগুৱেৰালৈ নিয়া হয়। আৰু পিছত ৰজা প্ৰথম মেনুৱেল আৰু তৃতীয় জনৰ ওচৰত সমাধিস্থ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Diffie, Bailey W. and George D. Winius, "Foundations of the Portuguese Empire, 1415–1580", p.176
  2. Nigel, Cliff (September 2011). Holy War: How Vasco da Gama's Epic Voyages Turned the Tide in a Centuries-Old Clash of Civilizations. Harper. .
  3. Modern History Sourcebook: Vasco da Gama: Round Africa to India, 1497–1498 CE, fordham.edu, Retrieved 27 June 2007.
  4. 4.0 4.1 Ames, Glenn J. (2008). The Globe Encompassed. পৃষ্ঠা. 27. ISBN 0-13-193388-4. .
  5. The Sodrés were said to have been descended from Frederick Sudley, of Gloucestershire, who accompanied the Earl of Cambridge to Portugal in 1381, and subsequently settled down there (Subrahmanyam, 1997, p. 61).
  6. Subrahmanyam, 1997, p. 61.
  7. Subrahmanyam, 1997, p. 62.
  8. Subrahmanyam, 1997, p. 63.
  9. Diffie, Bailey W.; Winius, George D. (1977). Foundations of the Portuguese Empire, 1415–1850. Europe and the World in the Age of Expansion 1. p. 177. ISBN 978-0-8166-0850-8..
  10. Fernandez-Armesto, Felipe (2006). Pathfinders: A Global History of Exploration. W. W. Norton & Company. পৃষ্ঠা. 177–178. ISBN 0-393-06259-7. .
  11. Gago Coutinho, C.V. (1951–52) A Nautica dos Descobrimentos: os descobrimentos maritimos visitos por um navegador, Lisbon: Agencia Geral do Ultramar; p. 319-63; Axelson, E. (1988) "The Dias Voyage, 1487–1488: toponymy and padrões", Revista da Universidade de Coimbra, Vol. 34, p. 29-55 offprint; Waters, D.W. (1988) "Reflections Upon Some Navigational and Hydrographic Problems of the XVth Century Related to the voyage of Bartolomeu Dias", Revista da Universidade de Coimbra, Vol. 34, p. 275-347. offprint.
  12. Diffie, Bailey W.; Winius, George D. (1977). Foundations of the Portuguese Empire, 1415–1850. Europe and the World in the Age of Expansion 1. p. 177. ISBN 978-0-8166-0850-8..
  13. Fernandez-Armesto, Felipe (2006). Pathfinders: A Global History of Exploration. W. W. Norton & Company. পৃষ্ঠা. 177–178. ISBN 0-393-06259-7. .
  14. Vasco da Gamma Seeks Sea Route to India, Oldnewspublishing.com. Retrieved 8 July 2006.
  15. Fernandez-Armesto, Felipe (2006). Pathfinders: A Global History of Exploration. W. W. Norton & Company. পৃষ্ঠা. 178–179. ISBN 0-393-06259-7. .
  16. Castaneda, Herman Lopes de, The First Book of the Historie of the Discoveries and Conquests of the East India by the Portingals, London, 1582, in Kerr, Robert (ed.) A General History and Collection of Voyages and Travels Vol. II, London, 1811.
  17. Nevertheless, da Gama's expedition was successful beyond all reasonable expectation, bringing in cargo that was worth sixty times the cost of the expedition.
  18. Da Gama's First Voyage pg.88.
  19. Subrahmanyam, 1997, p. 149.
  20. João de Barros, Da Asia, Dec. I, Lib. IV, c.11, p. 370.
  21. Subrahmanyam, 1997, p. 168.
  22. João de Barros (1552, pp. 23-24) dates this appointment in January 1502, just before da Gama's departure on his second voyage. But Subrahmanyan (1997, p. 169), following Braancamp Freire, conjectures this award may have been made as early as January 1500.
  23. Catarina de Ataíde's mother, Maria da Silva, was the sister of Beatriz da Silva, mother of Francisco de Almeida. The Almeidas provided a substantial part of Catarina's dowry (Subrahmanyan, 1997, p. 174).
  24. Subrahmanyam, 1997, p. 205.
  25. Vasco da Gama Arrives in India 1498 at the Wayback Machine (archived January 18, 2004) Dana Thompson, Felicity Ruiz, Michelle Mejiak; 15 December 1998. Retrieved 8 July 2006.
  26. Sreedhara Menon. A. A Survey of Kerala History(1967), p. 152. D. C. Books Kottayam.
  27. M. G. S. Narayanan, Calicut: The City of Truth (2006) Calicut University Publications.
  28. A. Sreedhara Menon. A Survey of Kerala History (1967), D. C. Books Kottayam.
  29. Nambiar O.K, The Kunjalis- Admirals of Calicut, Bombay, 1963.
  30. Vasco Da Gama, Ernest George Ravenstein, "A journal of the first voyage of Vasco da Gama, 1497–1499", p. Hakluyt Society, Issue 99 of Works issued by the Hakluyt Society, ISBN 81-206-1136-5.
  31. At this time in Portugal, there were only twelve counts, one count-bishop, two marquises and two dukes (Subrahmaynam, 1997, p. 281).
  32. Subrahmanyam, 1997, p. 304.
  33. Subrahmanyam, 1997, p. 343-45.