ভাৰতীয় জীৱন বীমা নিগম
ধৰণ | চৰকাৰী নিগম |
---|---|
উদ্যোগ | বিত্তীয় সেৱা |
স্থাপিত | ১ ছেপ্তেম্বৰ ১৯৫৬ |
মুখ্য কাৰ্যালয় | মুম্বাই, ভাৰত |
নেতৃস্থানীয় ব্যক্তিত্ব | এচ্. কে. ৰয় (অধ্যক্ষ ) |
পণ্য | জীৱন আৰু স্বাস্থ্য বীমা , বিনিয়োগ প্ৰবন্ধন, মিউচুৱেল ফাণ্ড |
মুঠ সম্পত্তি | ₹১৩.২৫ লাখ কোটি (১৮৫.৭৭ বিলিয়ন ডলাৰ) (2010) |
স্বত্বাধিকাৰী | ভাৰত চৰকাৰ |
কৰ্মচাৰীৰ সংখ্যা | 115,966 (2010) |
সহযোগী প্ৰতিষ্ঠান | এলআইচি হাউচিং ফাইনেন্স এলআইচি কাৰ্ড চাৰ্ভিছেজ এলআইচি নমূৰা মিউচুৱেল ফাণ্ড |
ৱেবছাইট | www |
ভাৰতীয় জীৱন বীম নিগমা (ইংৰাজী: Life Insurance Corporation of India চমুকৈ LIC) ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ বীমা আৰু বিনিয়োগকাৰী সংস্থা। সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে। বৰ্তমান এই সংস্থাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩.২৫ ট্ৰিলিয়ন টকা হ'ব[1]। ভাৰতীয় জীৱন বীমা নিগমৰ স্থাপনা অধিমিয়মৰ দ্বাৰা হৈছিল আৰু ইয়াক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৮ জুন ১৯৫৬ত স্বীকৃতি প্ৰদান কৰে। এই অধিনিয়ম ১ জুলাই ১৯৫৬ ৰ পৰা লাগু কৰা হ'ল আৰু ১ ছেপ্টেম্বৰ ১৯৫৬ ত ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ হ'ল।
নিগমৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। বৰ্তমান নিগমৰ ৮টা ক্ষেত্ৰীয় কাৰ্যালয়, ১১৩টা মণ্ডল কাৰ্যালয়, ২০৪৮টা শাখা কাৰ্যালয় আৰু যথেষ্ট সংখ্যক উপ-শাখা কাৰ্যালয় আছে। তদুপৰি ৫৪টা গ্ৰাহক ক্ষেত্ৰ, ২৫টা মহানগৰ আঞ্চলিক হাব, ১৩ লাখতকৈ ও অধিক ব্যক্তিগত অভিকৰ্তা আৰু যথেষ্ট সংখ্যক কৰপৰেট অভিকৰ্তা, ৰেফাৰেল অভিকৰ্তা, দালাল গোষ্ঠী আৰু বীমা বেংক আছে।
ভাৰতীয় জীৱন বীমা নিগমৰ মূল মন্ত্ৰ হৈছে 'যুগক্ষম ৱহাম্যহম', যাৰ অৰ্থ হ'ল ' আপোনাৰ কল্যাণৰ দায়িত্ব আমাৰ'। এই মন্ত্ৰ শাৰী 'ভাগৱত গীতা' ৰ নৱম অধ্যায়ৰ ২২ নং শ্লোকৰ পৰা অনা হৈছে[2]।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Telegraph - Calcutta (Kolkata) | Business | LIC seeks to pack greater funds punch". প্ৰকাশক Calcutta, India: Telegraphindia.com. 2010-03-08. http://www.telegraphindia.com/1100308/jsp/business/story_12190577.jsp। আহৰণ কৰা হৈছে: 2010-08-30.
- ↑ "Bhagavad-gita As It Is Chapter 9 Verse 22". Vedabase.net. Archived from the original on 2013-10-23. https://web.archive.org/web/20131023045529/http://vedabase.net/bg/9/22/en। আহৰণ কৰা হৈছে: 2013-03-06.