ভি. এছ. ৰমাদেৱী
ভি. এছ. ৰমাদেৱী | |
---|---|
কৰ্ণাটকৰ ত্ৰয়োদশ ৰাজ্যপাল | |
কাৰ্যকাল ২ ডিচেম্বৰ ১৯৯৯ – ২০ আগষ্ট ২০০২ | |
পূৰ্বসূৰী | খুৰ্শ্বিদ আলম খান |
উত্তৰসূৰী | টি এন চতুৰ্বেদী |
হিমাচল প্ৰদেশৰ দ্বাদশ ৰাজ্যপাল | |
কাৰ্যকাল ২৬ জুলাই ১৯৯৭ – ১ ডিচেম্বৰ ১৯৯৯ | |
পূৰ্বসূৰী | মহাবীৰ প্ৰসাদ |
উত্তৰসূৰী | বিষ্ণু কান্ত শাস্ত্ৰী |
ৰাজ্যসভাৰ সচিব প্ৰধান | |
কাৰ্যকাল ১ জুলাই ১৯৯৩ – ২৫ জুলাই ১৯৯৭[1] | |
পূৰ্বসূৰী | সুদৰ্শন আগৰৱাল |
উত্তৰসূৰী | এছ এছ চহনী[1] |
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত | |
কাৰ্যকাল ২৬ নৱেম্বৰ ১৯৯০ – ১২ ডিচেম্বৰ ১৯৯০ | |
পূৰ্বসূৰী | আৰ ভি এছ পেৰী শাস্ত্ৰী |
উত্তৰসূৰী | টি এন চেচান |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ জানুৱাৰী, ১৯৩৪ চেব্ৰলু, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছ শাসিত ভাৰত |
মৃত্যু | ১৭ এপ্ৰিল, ২০১৩ (৭৯ বছৰ)[2] বেংগালুৰু, কৰ্ণাটক, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অসামৰিক সেৱা |
ভি. এছ. ৰমাদেৱী (ইংৰাজী: V. S. Ramadevi; ১৫ জানুৱাৰী ১৯৩৪ - ১৭ এপ্ৰিল) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ১৯৯০ চনৰ ২৬ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ ১১ ডিচেম্বৰলৈকে কৰ্ণাটক ৰাজ্যৰ ত্ৰয়োদশ ৰাজ্যপাল আৰু ভাৰতৰ নৱম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল৷ তেওঁ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা। তেওঁ ১৯৯৩ চনৰ ১ জুলাইৰ পৰা ১৯৯৭ চনৰ ২৫ ছেপ্টেম্বৰলৈ ৰাজসভাৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ এই পদত বহা তেওঁ প্ৰথমগৰাকী (আৰু এতিয়ালৈকে একমাত্ৰ) মহিলা। ১৯৯৯ চনৰ ২ ডিচেম্বৰৰ পৰা ২০০২ চনৰ ২০ আগষ্টলৈকে তেওঁ কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ মহিলা ৰাজ্যপাল আছিল।[1][3]
জন্ম
[সম্পাদনা কৰক]অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ চেব্ৰুলু চহৰত ১৯৩৪ চনৰ ১৫ জানুৱাৰীত ৰমাদেৱীৰ জন্ম হৈছিল। পিতৃ আছিল ভি ভি চুব্বাইয়া আৰু মাতৃ ভি ভেংকট ৰত্নমা৷ তেওঁ ইলুৰু আৰু হায়দৰাবাদত শিক্ষা গ্ৰহণ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]এম.এ. আৰু এল.এল.এম. সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰে। পাছলৈ ভাৰতৰ কেন্দ্ৰীয় অসামৰিক সেৱাত যোগদান কৰে আৰু আইন বিভাগৰ বিভিন্ন পদত কাম কৰে৷ তেওঁ ১৯৯৭ চনৰ ২৬ জুলাইৰ পৰা ১৯৯৯ চনৰ ১ ডিচেম্বৰলৈকে হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল[4] আৰু ১৯৯৯ চনৰ ২ ডিচেম্বৰৰ পৰা ২০০২ চনৰ ২০ আগষ্টলৈকে কৰ্ণাটক ৰাজ্যৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মহিলা ৰাষ্ট্ৰীয় আয়োগৰ উপদেষ্টা ৰূপেও তেওঁ কাম কৰিছিল৷
২০১৩ চনৰ ১৭ এপ্ৰিলত তেওঁ HSR লেআউট বেংগালুৰুত থকা নিজা বাসভৱনত মৃত্যুবৰণ কৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Rajya Sabha-Former Secretary General". http://rajyasabha.nic.in/rsnew/secretary_general/former_Secretary_general.asp.
- ↑ 2.0 2.1 Bangalore, 17 April 2013, DHNS (18 April 2013). "Former Governor Ramadevi passes away". Deccan Herald. http://www.deccanherald.com/content/326676/former-governor-ramadevi-passes-away.html। আহৰণ কৰা হৈছে: 2013-04-18.
- ↑ "First Woman governor Karnataka V. S. Ramadevi". 9 November 2011. http://www.karnatakaspider.com/resources/4120-First-Woman-governor-Karnataka-V-S-Ramadevi.aspx.
- ↑ Past Governors in Raj Bhavan, Himachal Pradesh.