ভূৱন মোহন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভুৱন মোহন বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
ভুৱন মোহন বৰুৱা
জন্ম ১৯১৪
শ্বিলং, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ১০ মে', ১৯৯৮
শ্বিলং, মেঘালয়, ভাৰত
ছদ্মনাম কাঞ্চন বৰুৱা
পেচা ঔপন্যাসিক, ছুটি গল্প ৰচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ সাহিত্য
উল্লেখনীয় কৰ্মৰাজি অসীমত যাৰ হেৰাল সীমা

ভুৱন মোহন বৰুৱা (ইংৰাজী: Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।[1]

চমু জীৱনী[সম্পাদনা কৰক]

১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা।[2] তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়।[3]

বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি(Film Finance Board)ৰ এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।[4]

তেখেত অবিবাহিত আছিল, পৰিয়ালত দুজন ভাই ককাই আৰু দুগৰাকী ভগ্নী আছিল।[4]

অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল।[4]

১৯৯৮ চনৰ ১০ মে’ত তেখেতে শ্বিলঙত দেহত্যাগ কৰে।[4]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

বৰুৱাৰ প্ৰথম উপন্যাস অসীমত যাৰ হেৰাল সীমা। এইখন এখন 'বেষ্ট চেলাৰ' অসমীয়া উপন্যাস। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেখেতে উপন্যাসখন ৰচনা কৰিছিল। ডিগবৈত এখন বিশেষ ইংৰাজী চিনেমা উপভোগ কৰাৰ পিছতে তেখেতৰ মনলৈ এই উপন্যাস ৰচনা কৰাৰ কথা মনলৈ আহিছিল।[3] তেখেতে মুঠ ২০ খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্পৰ ৰচক আছিল। ইয়াৰে কিছুমান হৈছে:[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 enajori.com. "Authors". enajori.com. Archived from the original on 2013-07-03. https://web.archive.org/web/20130703062421/http://enajori.com/literature/authors/। আহৰণ কৰা হৈছে: 2013-05-23. 
  2. শিৱনাথ বৰ্মন. কাঞ্চন বৰুৱা. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৩৭. 
  3. 3.0 3.1 Biswajit Baruah (16-30 September 2017). "সাহিত্যিক কাঞ্চন বৰুৱাক কেনেদৰে পাইছিলো". Prantik: 35, 36. 
  4. 4.0 4.1 4.2 4.3 ASSAMESE WRITER KANCHAN BARUA DEAD, The Assam Tribune, 11 May 1998, Retrieved 2013-05-23.
  5. "Context of Novels". Xobdo.org. http://www.xobdo.org/dic/mod/context/list.php?ctxID=32। আহৰণ কৰা হৈছে: 2013-05-23. 
  6. "Assamese Book Database (First List)". enajori.com. 2012-10-31. Archived from the original on 2013-07-03. https://web.archive.org/web/20130703061125/http://enajori.com/enajori-com-assamese-book-database-first-list/। আহৰণ কৰা হৈছে: 2013-05-23. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]