মালতী চৌধুৰী
মালতী চৌধুৰী | |
---|---|
জন্ম | মালতী সেন ২৬ জুলাই, ১৯০৪ বিহাৰ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৫ মাৰ্চ, ১৯৯৮ (৯৩ বছৰ) |
শিক্ষানুষ্ঠান | শান্তিনিকেতন |
দাম্পত্যসঙ্গী | নৱকৃষ্ণ চৌধুৰী |
পিতৃ-মাতৃ | বেৰিষ্টাৰ কুমুদ নাথ সেন স্নেহলতা সেন |
বঁটা, সন্মান, পুৰস্কাৰ আদি | জমনালাল বাজাজ বঁটা |
মালতী দেৱী চৌধুৰী (ইংৰাজী: Malati Devi Choudhury; জন্ম: ২৬ জুলাই ১৯০৪– ১৫ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় নাগৰিক অধিকাৰ কৰ্মী, স্বাধীনতা কৰ্মী আৰু গান্ধীবাদী আছিল। ১৯০৪ চনত উচ্চ মধ্যবিত্তীয় ব্ৰাহ্মণ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। মাত্ৰ ডেৰ-দুবছৰ বয়সতে পিতৃ বেৰিষ্টাৰ কুমুদ নাথ সেনক হেৰুৱাই পেলোৱা মালতী দেৱীক তেওঁৰ মাতৃ স্নেহলতা সেনে ডাঙৰ-দীঘল কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মালতীৰ পৰিয়ালটো প্ৰথমে ঢাকাৰ বিক্ৰমপুৰ (বৰ্তমান বাংলাদেশত) কমাৰখণ্ডৰ ব্ৰাহ্মণ পৰিয়ালৰ আছিল যদিও তেওঁৰ পৰিয়ালৰ সদস্যসকলে বিহাৰৰ ছিমুলতলাত বসতি স্থাপন কৰিছিল।[2] তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক আছিল বেহাৰী লাল গুপ্তা, আই চি এছ, বৰোদাৰ দেৱান আছিল। মাতৃৰ ফালৰ তেওঁৰ পৰিয়ালৰ প্ৰথম ভাতৃ আছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্য সচিব আই. চি. এছ. ৰানাজিৎ গুপ্তা আৰু ভাৰতৰ বিখ্যাত সংসদ সদস্য তথা প্ৰাক্তন গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তা, ডাঙৰ ভাতৃ পি. কে. সেন গুপ্তা, ভাৰতীয় ৰাজহ সেৱাৰ প্ৰাক্তন আয়কৰ আয়ুক্ত আছিল আৰু আন এজন ভাতৃ, কে. পি. সেন ভাৰতীয় ডাক সেৱাৰ প্ৰাক্তন ডাক মাষ্টাৰ জেনেৰেল আছিল। মাক-দেউতাকৰ সৰু সন্তান হোৱাৰ বাবে তাই আছিল সকলো ভাই-ভনীৰ প্ৰিয়। মাতৃ স্নেহলতা এগৰাকী লেখিকা আছিল, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিছুমান ৰচনা অনুবাদ কৰিছিল, সেয়া তেওঁৰ যুগলাঞ্জলি নামৰ গ্ৰন্থৰ দেখা পোৱা যায়।
মালতী চৌধুৰীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্ব-ভাৰতীত যোগদান কৰাৰ পিছত সম্পূৰ্ণ বেলেগ জীৱনশৈলী গ্ৰহণ কৰিছিল। 'শান্তিনিকেতনৰ স্মৃতি' শীৰ্ষক এটা প্ৰবন্ধত মাকে লিখিছিল- "ছাত্ৰ হিচাপে বিশ্ব-ভাৰতীত যোগদান কৰি মালতী অতি সুখী আছিল আৰু বহুখিনি উপকৃত হৈছিল। গুৰুদেৱৰ ব্যক্তিগত প্ৰভাৱ আৰু তেওঁৰ শিক্ষা, তেওঁৰ দেশপ্ৰেম আৰু আদৰ্শবাদৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল আৰু মালতীক ওৰে জীৱন পথ প্ৰদৰ্শন কৰিছিল।"
মালতী চৌধুৰী ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধী দুয়োৰে দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰাই তেওঁ শিক্ষা, বিকাশ, শিল্প আৰু সংস্কৃতিৰ কিছুমান বিৰল মূল্যবোধ আৰু নীতি শিকিছিল আৰু অৰ্জন কৰিছিল, যিবোৰ তাইৰ জীৱনৰ পথ প্ৰদৰ্শন কৰিছিল; আৰু মহাত্মা গান্ধীৰ প্ৰতি প্ৰভাৱিত হৈয়ে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল।
মালতীয়ে ১৯২১ চনত মাত্ৰ ষোল্ল বছৰ বয়সত শান্তিনিকেতনলৈ আহি তাত ছয় বছৰতকৈও অধিক কাল বাস কৰিছিল। সেই সময়ত শান্তিনিকেতন সৰু আৰু ধুনীয়া আছিল। “নতুন বাড়ী” (নতুন ঘৰ) নামৰ ছাত্ৰী নিৱাসত তেওঁৰ সম বয়সৰ নজনী ছোৱালী বাস কৰিছিল। তেওঁলোক আছিল মঞ্জুশ্ৰী, সুৰেখা (যি পিছলৈ তাইৰ ভনীয়েক হৈ পৰিছিল), ইভা, সত্যৱতী, লতিকা, সৰজু, তাপসী, অমিতা (অধ্যাপক অমৰ্ত্য সেনৰ মাতৃ) আৰু তেওঁ নিজেই। গছৰ তলত মুকলি শ্ৰেণীত অংশগ্ৰহণ কৰি তেওঁলোকে এম্ব্ৰয়ডাৰী, হস্তশিল্প, সংগীত, নৃত্য, চিত্ৰকলা আৰু বাগিচাৰ কাম শিকিছিল। লিঅ’নাৰ্ড নাইট এলমহাৰ্ষ্ট নামৰ এজন ইংৰাজ শ্ৰীনিকেতনৰ চুৰুলস্থিত কৃষি প্ৰতিষ্ঠানৰ দায়িত্বত আছিল আৰু তেওঁ তেওঁলোকক বাগিচাৰ কাম শিকিবলৈ উৎসাহিত কৰিছিল। আন এজন ইংৰাজ মিষ্টাৰ পিয়ৰচনেও তেওঁলোকক পঢ়ুৱাইছিল। তেওঁৱেই মালতীক আদিবাসীৰ হকে কাম কৰিবলৈ প্ৰেৰণা দিছিল। ঠাকুৰৰ নিমন্ত্ৰণত ভাৰতলৈ অহা মিছ ষ্টেলা ক্ৰামিছে তেওঁলোকক ভাৰতীয় কলা আৰু নৃত্যৰ শিক্ষা দিছিল। শান্তিনিকেতনত মালতী আৰু তেওঁৰ লগৰবোৰে অতি সুখৰ দিন কটাইছিল।
এই সময়ত ওড়িশাৰ এটা সুপৰিচিত পৰিয়ালৰ নৱকৃষ্ণ চৌধুৰী নামৰ যুৱক এজন ছাত্ৰ হিচাপে শান্তিনিকেতনলৈ আহিছিল। মহাত্মা গান্ধীৰ অনুৰোধত তেওঁ সবৰমতী আশ্ৰমৰ পৰা আহিছিল। তেওঁৰ সহপাঠী আছিল জি. ৰামচন্দ্ৰন, বি. গোপালা ৰেড্ডী আৰু ছৈয়দ মুজতবা আলি। পিছত মালতীয়ে নবকৃষ্ণ চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3] নবকৃষ্ণ চৌধুৰী পিছলৈ ওড়িশাৰ মুখ্যমন্ত্ৰী হৈছিল।[4] ১৯২৭ চনত দুয়ো শান্তিনিকেতনৰ পৰা বিদায় লৈছিল।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- শিশু কল্যাণৰ বাবে ৰাষ্ট্ৰীয় বঁটা (১৯৮৭)
- জমনালাল বাজাজ বঁটা (১৯৮৮)[5]
- উত্তল সেৱা সম্মান (১৯৯৪)
- ঠাকুৰ সাক্ষৰতা বঁটা (১৯৯৫)
- সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা সন্মান (১৯৯৭)
- ৰাজ্যিক সমাজ কল্যাণ পৰামৰ্শদাতা ব’ৰ্ডৰ দ্বাৰা সন্মান (১৯৯৭)
- ৰাজ্যিক মহিলা আয়োগৰ দ্বাৰা সন্মান (১৯৯৭)
- বিশ্ব ভাৰতীৰ পৰা দেশীকোত্তম সন্মা।
- ১৯৮৮ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পৰা সন্মানীয় জমনালাল বাজাজ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, কাৰণ তেওঁৰ মতে ৰাজীৱ গান্ধীয়ে গান্ধীবাদী মূল্যবোধৰ প্ৰচাৰৰ বাবে একোৱেই কৰা নাছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Malati Devi Choudhury – A Marxist Leader". 2 May 2019. https://feminisminindia.com/2019/05/03/malati-devi-choudhuri-marxist-leader/.
- ↑ "Famous Odia Oriya Personality Malati Choudhury Biography, Photos-NuaOdisha". nuaodisha.com. https://www.nuaodisha.com/Eminet_Personalities/Malati-Choudhury.aspx। আহৰণ কৰা হৈছে: 2022-04-11.
- ↑ Mahapatra, J.H. (2011). My Life, My Work. First edition. Allied Publishers. পৃষ্ঠা. 151–152. ISBN 978-81-8424-640-7. https://books.google.com/books?id=oZ_cWeqBj9YC&pg=PA151। আহৰণ কৰা হৈছে: 19 August 2019.
- ↑ Malhotra, G.C. (2004). Cabinet Responsibility to Legislature: Motions of Confidence and No-confidence in Lok Sabha and State Legislatures. Lok Sabha Secretariat. পৃষ্ঠা. 706. ISBN 978-81-200-0400-9. https://books.google.com/books?id=DFqbAAAAMAAJ&pg=PA706। আহৰণ কৰা হৈছে: 24 July 2019.
- ↑ "Jamnalal Bajaj Awards Archive". Jamnalal Bajaj Foundation. http://www.jamnalalbajajfoundation.org/awards/archives/2010.