মাহ লাকা বাঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মাহ লাকা বাঈ

মাহ লাকা বাঈৰ প্ৰতিকৃতি
জন্ম ৭ এপ্ৰিল ১৭৬৮
হাইদৰাবাদ, ভাৰত
মৃত্যু আগষ্ট ১৮২৪ (বয়স ৫৫–৫৬)
হাইদৰাবাদ, ভাৰত
ছদ্মনাম চন্দা
পেচা কবি
সময় হাইদৰাবাদৰ নিজাম
ধৰণ গজল
বিষয় প্ৰেম, দৰ্শন

মাহ লাকা বাঈ (ইংৰাজী: Mah Laqa Bai; ৭ এপ্ৰিল, ১৭৬৮ – আগষ্ট, ১৮২৪) আছিল ১৮ শতিকাৰ এগৰাকী ভাৰতীয় উৰ্দু কবি, ৰক্ষিতা তথা মানৱপ্ৰেমী। জন্মতে তেওঁৰ নাম আছিল চন্দা বিবি। তেওঁক মাহ লাকা চন্দা বুলিও জনা যায়। ১৮২৪ চনত তেওঁৰ উৰ্দু গজল সন্নিবিষ্ট এখন কাব্য-সংকলন মৰণোত্তৰভাৱে প্ৰকাশ হয়। গুলজাৰ-এ-মাহলাকা নামৰ এই কাব্য সংকলনখনৰ বাবেই তেওঁ নিজা কৰ্মৰ দিৱান (কাব্য সংকলন) থকা প্ৰথম গৰাকী মহিলা কবি হিচাপে পৰিগণিত হয়। মাহ লাকা বাঈ এনেকুৱা এটা সময়ৰ আছিল যেতিয়া ডাখিনী (উৰ্দুৰ এক সংস্কৰণ) পাৰ্চীকৃত উৰ্দুলৈ ৰূপান্তৰিত হ'বলৈ ধৰিছিল। তেওঁৰ সাহিত্যিক অৱদানে দক্ষিণ ভাৰতত তেনে ভাষিক ৰূপান্তৰৰ ওপৰত অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।

জীৱন[সম্পাদনা কৰক]

১৭৬৯ চনৰ ৭ এপ্ৰিল তাৰিখে ঔৰাংগাবাদত (বৰ্তমানৰ মহাৰাষ্ট্ৰ) মাহ লাকা বাঈৰ জন্ম হয়।[1][2] জন্মতে তেওঁৰ নাম আছিল চন্দা বিবি। তেওঁৰ মাতৃ ৰাজ কুঁৱৰ আছিল ৰাজপুতানাৰ পৰা প্ৰব্ৰজন কৰা এগৰাকী পতিতা[3] আৰু পিতৃ বাহাদুৰ খান আছিল মোগল সম্ৰাট মোহম্মদ শ্বাহৰ ৰাজ দৰবাৰত সেৱা আগবঢ়োৱা এগৰাকী মানচবদাৰ (সামৰিক বিষয়া)। বাহাদুৰ খানে দিল্লীৰ পৰা হাইদৰাবাদলৈ প্ৰব্ৰজন কৰিছিল য'ত ৰাজ কুঁৱৰৰ সৈতে তেওঁৰ সাক্ষাৎ হয় আৰু দুয়ো বিবাহপাশত আৱদ্ধ হয়।[4] চন্দা বিবিক কুঁৱৰৰ সন্তানহীনা ভনীয়েক মেহতাব মায়ে নিজৰ জীয়েক হিচাপে তুলি লয়। মেহতাব মা হাইদৰাবাদৰ নিজামৰ এগৰাকী প্ৰধানমন্ত্ৰী নৱাব ৰুকন-উদ-দৌলাৰ ৰক্ষিতা আছিল।[5]

নৱাব ৰুকন-উদ-দৌলাই চন্দা বিবিৰ প্ৰশিক্ষণত ব্যক্তিগতভাৱে আগ্ৰহ প্ৰকাশ কৰে আৰু তেওঁক ভাল শিক্ষকৰ হাতত গোটাই দিয়ে। ডাঙৰ হৈ অহাৰ লগে লগে, চন্দাই এটা সু-সমৃদ্ধ পুঁথিভৰালৰ প্ৰৱেশাধিকাৰ লাভ কৰে আৰু হাইদৰাবাদৰ জীৱন্ত সংস্কৃতিৰ সংস্পৰ্শলৈ আহে। চৈধ্য বছৰ বয়স হোৱালৈ চন্দাই ঘোড়া চলোৱাত আৰু ধনু কাঁড় বিদ্যাত পাকৈত হৈ উঠে।[6] পাৰদৰ্শী চন্দাই পুৰুষৰ কাপোৰ পিন্ধি তিনিখনকৈ যুদ্ধত দ্বিতীয় নিজামক সংগ দিছিল। উল্লেখযোগ্য যে চন্দাই যুদ্ধত ধনু কাঁড় আৰু জেভেলিনেৰে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হৈছিল। চন্দাৰ অবদানৰ কাৰণে নিজামসকলে তেওঁক বিভিন্ন অনুষ্ঠানত জাগিৰ (ভূমি) প্ৰদান কৰিছিল।[6][4][7][8] ইয়াৰ ভিতৰত হাইদৰগুডাৰ চুবুৰীয়া অঞ্চল, চন্দা নগৰ, ছায়েদ পাল্লী আৰু আডিকমেট উল্লেখযোগ্য।[9] অন্য এটা অনুষ্ঠানত হাইদৰাবাদৰ দ্বিতীয় নিজামে (মীৰ নিজাম আলি খান) চন্দাক "মাহ লাকা বাঈ" খিতাপেৰে সন্মানিত কৰে। চন্দাই ৰাজা ৰাও ৰম্ভা ৰাও নামৰ এগৰাকী মাৰাঠী সেনাপতিৰ সৈতে প্ৰণয়াবদ্ধও হৈছিল। অৱশ্যে তেওঁ কেতিয়াও বিবাহপাশত আৱদ্ধ নহ'ল।

হাইদৰাবাদৰ দ্বিতীয় আৰু তৃতীয় নিজামৰ ৰাজ দৰবাৰত মাহ লাকা বাঈ এগৰাকী প্ৰভাৱশালী নাৰী আছিল।[10] তেওঁ সেই সময়ছোৱাত হাইদৰাবাদ ৰাজ্যত ৰাজহুৱাকৈ স্বীকৃতিপ্ৰাপ্ত একমাত্ৰ নাৰী আছিল। ইয়াৰোপৰি তেওঁক ওমাৰাহলৈ (সৰ্বোচ্চ অভিজাত শ্ৰেণী) নিযুক্তি দিয়া হৈছিল। নীতিগত বিষয়ত ৰাজ্যৰ শাসক সকলে প্ৰায়েই মাহ লাকাৰ পৰা পৰামৰ্শ লৈছিল।[4] সেই সময়ছোৱাৰ অভিজাত শ্ৰেণীৰ গৌৰৱ হিচাপে তেওঁৰ বাবে ৫০০ সৈনিকৰ এটা সৈন্যবাহিনীৰ গোট সংৰক্ষিত কৰি ৰখা হৈছিল। কোনো বিষয়াক সাক্ষাৎ কৰিবলৈ গ'লে সেই সৈন্যবাহিনীয়েও তেওঁৰ লগত গৈছিল।[11] মাহ লাকা বাঈ উত্তৰ ভাৰতৰ প্ৰসিদ্ধ কবি মিৰ টকি মিৰ, মিৰ্জা মহম্মদ ৰফি ছৌদা আৰু খৌজা মিৰ দৰ্দৰ সমসাময়িক আছিল।[12]

১৮২৪ চনৰ আগষ্ট মাহত হাইদৰাবাদতেই তেওঁ ইহলীলা সম্বৰণ কৰে।[13] তেওঁৰ ইচ্ছাপত্ৰ অনুসৰি তেওঁৰ ভূমি, সোণ, ৰূপ, হীৰাৰ অলংকাৰ আদি সম্পত্তি সমূহ গৃহহীন তিৰোতাসকলক দি যায়।[2] হাইদৰাবাদৰ নামপল্লীত স্থিত তেওঁৰ বাসগৃহটোও এখন চৰকাৰী সাহায্যপ্ৰাপ্ত ছোৱালী ডিগ্ৰী মহাবিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়।[9]

কৃতিত্ব[সম্পাদনা কৰক]

কাব্য[সম্পাদনা কৰক]

মাহ লাকা বাঈৰ দিৱানখনৰ প্ৰথম পৃষ্ঠা

ৰহস্যবাদী কবি ছিৰাজ ঔৰংগাবাদীৰ (১৭১৫-১৭৬৩) সাহিত্যকৰ্মৰ দ্বাৰা প্ৰভাৱিত হোৱা মাহ লাকাই নৱাব মিৰ আলমৰ পৰা কবিতা শিকিছিল।[2][14] উল্লেখ্য যে পাছলৈ নৱাব মিৰ আলম হাইদৰাবাদ ৰাজ্যৰ প্ৰধানমন্ত্ৰী হয়গৈ। মাহ লাকা বাঈৰ মাতৃভাষা উৰ্দু আছিল যদিও আৰবিক, পাৰ্চীয়ান আৰু ভোজপুৰী ভাষাও তেওঁ সাৱলীলভাৱে ক'ব পাৰিছিল।[4] দিৱান (কাব্য সংকলন) ৰচনা কৰা তেৱেঁই প্ৰথম গৰাকী মহিলা কবি। তেওঁৰ গুলজাৰ-এ-মাহলাকা শীৰ্ষক কাব্য সংকলনখনত ৩৯ টা গজল সন্নিবিষ্ট আছে আৰু প্ৰত্যেকটো গজলেই ৫ টাকৈ দ্বিপদী কবিতাৰে গঠিত।‌ ১৮২৪ চনত তেওঁৰ মৃত্যুৰ পাছতহে সংকলনখন প্ৰকাশ হয়।[2][15] "দিৱান-এ-চন্দা" হৈছে মাহ লাকাৰ ১২৫ টা গজলৰ পাণ্ডুলিপি সংগ্ৰহ যিখন ১৭৯৮ চনত মাহ লাকাই নিজেই সংকলন আৰু কেলিগ্ৰাফি কৰিছিল। ১৭৯৯ চনৰ ১৮ অক্টোবৰ তাৰিখে মিৰ আলমৰ বাসগৃহত হোৱা এক নৃত্যানুষ্ঠানৰ সময়ত সংকলনখন স্বাক্ষৰ কৰি কেপ্টেইন মেলকমক উপহাৰ হিচাপে দিয়া হৈছিল। বৰ্তমান এই সংকলখন ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে।[16][17]

মাহ লাকা বাঈৰ ছদ্মনাম হৈছে চন্দা। উৰ্দু শব্দ বুলবুল (গান গোৱা চৰাই), গুল (গোলাপৰ কলি) আৰু ছাকি (সুৰা প্ৰদান কৰোঁতা) হৈছে তেওঁৰ গজলৰ বিষয়বস্তু।[2][15] তেওঁৰ কবিতা পাঠৰ জনপ্ৰিয়তাৰ বাবে তেওঁ সেই অঞ্চলৰ প্ৰথমগৰাকী মহিলা কবি হিচাপে পৰিগণিত হৈছিল যিয়ে মুশাইৰাত (কাব্যিক সন্মিলন) অংশগ্ৰহণ কৰি কবিতা পাঠ কৰিছিল। ইয়াৰ আগলৈ কেৱল পুৰুষেহে মুশাইৰাত অংশগ্ৰহণ কৰিছিল। কবিতাৰ বাহিৰেও, কেতিয়াবা কেতিয়াবা তেওঁ মোগল সম্ৰাট মোহম্মদ শ্বাহ আৰু বিজাপুৰৰ ছুলতান ইব্ৰাহিম আদিল শ্বাহ দ্বিতীয়ৰ দ্বাৰা ৰচিত গীতসমূহো গাইছিল।[4]

প্ৰভাৱ[সম্পাদনা কৰক]

চিকাৰ কৰাৰ উদ্দেশ্যে দোলাত উঠি গৈ থকা মূহুৰ্তত মাহ লাকা বাঈ

ছাজাদ ছাহিদৰ মতে, মিৰ্জা হদি ৰুছৱাৰ প্ৰখ্যাত উপন্যাস উমৰাও জান অদা (১৮৯৯) মূলতঃ মাহ লাকা বাঈৰ দ্বাৰা অনুপ্ৰাণিত। উল্লেখযোগ্য যে, উমৰাও জান অদা উপন্যাসখন উৰ্দু সাহিত্যত সঁচা অৰ্থত প্ৰথম উপন্যাস হিচাপে পৰিগণিত হৈছে।[18] আব্দুল হালিম শ্বৰাৰে তেওঁৰ হুছন কে ডাকু নামৰ উৰ্দু উপন্যাসখনত মাহ লাকা বাঈক এগৰাকী সু-শিক্ষিতা নাৰী হিচাপে উপস্থাপন কৰিছে।[19] ২০১১ চনত "Mad and divine women" শীৰ্ষক ছেমিনাৰ এখনত ইম'ৰি বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাধ্যাপক স্কট কুগলে প্ৰকাশ কৰে যে মাহ লাকা বাঈ এগৰাকী অভিজাত ৰক্ষিতা হোৱাৰ উপৰিও তেওঁ ঈশ্বৰোপলব্ধিত অনুৰক্ত ব্যক্তি আছিল আৰু তেওঁ ছুফী আৰু ভক্তি উপাদানৰ দ্বাৰা বিশেষভাবে আসক্ত হৈছিল।[20]

২০১৩ চনত অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত মাহ লাকা বাঈৰ জীৱনৰ ওপৰত এখন একাংকিকা নাট প্ৰদৰ্শন কৰা হয়। বিনয় বৰ্মাৰ দ্বাৰা পৰিচালিত নাটখনত মাহ লাকা বাঈৰ ভূমিকাত অভিনয় কৰিছে ৰতিকা সন্ত কেছৱানীয়ে।[6][21]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "MNC to help restore Chanda tomb charm". The Times of India. 20 August 2010. http://mobilepaper.timesofindia.com/mobile.aspx?article=yes&pageid=4&sectid=edid=&edlabel=TOIH&mydateHid=20-08-2010&pubname=Times+of+India+-+Hyderabad&edname=&articleid=Ar00402&publabel=TOI। আহৰণ কৰা হৈছে: 7 September 2021. 
  2. 2.0 2.1 2.2 2.3 2.4 Tharu, Susie J; Lalita, ke (1991). Women Writing in India. প্ৰকাশক New York: The Feminist Press. ISBN 978-1-55861-027-9. https://books.google.com/books?id=u297RJP9gvwC. 
  3. Shahid, Sajjad (30 December 2012). "The elite performer". The Times of India. http://articles.timesofindia.indiatimes.com/2012-12-30/hyderabad/36063042_1_courtesans-raj-kanwar-worthy-patrons। আহৰণ কৰা হৈছে: 7 September 2021. 
  4. 4.0 4.1 4.2 4.3 4.4 Latif, Bilkees (2010). Forgotten. প্ৰকাশক India: Penguin Books. ISBN 978-0-14-306454-1. Archived from the original on 20 March 2018. https://web.archive.org/web/20180320121949/https://books.google.com/books?id=3-SCyobP0koC&। আহৰণ কৰা হৈছে: 7 September 2021. 
  5. "Latif's Forgotten salutes women". Hindustan Times. 8 March 2011. Archived from the original on 8 June 2013. https://web.archive.org/web/20130608015702/http://www.hindustantimes.com/Books/LiteraryBuzz/Latif-s-Forgotten-salutes-women/Article1-898811.aspx। আহৰণ কৰা হৈছে: 7 September 2021. 
  6. 6.0 6.1 6.2 Rajendra, Rajani (19 April 2013). "Glimpse into Mah Laqa's life". The Hindu. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111232329/http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/glimpse-into-mah-laqas-life/article4631904.ece। আহৰণ কৰা হৈছে: 7 September 2021. 
  7. Dalrymple, William (2002). White Mughals. Penguin Books. ISBN 978-0-14-303046-1. https://books.google.com/books?id=H7BCr-QIWGIC। আহৰণ কৰা হৈছে: 7 September 2021. 
  8. Leonard, Karen (2011). "Hindu temples in Hyderabad: state patronage and politics in South Asia". South Asian History and Culture খণ্ড 2 (3): 352–373. doi:10.1080/19472498.2011.577568. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111231546/http://www.socsci.uci.edu/~kbleonar/bio/Karen%20Hindu%20temples%20in%20Hyderabad.pdf। আহৰণ কৰা হৈছে: 7 September 2021. 
  9. 9.0 9.1 "Iron lady Mahlaqa Bai Chanda's haveli reduced to rubble". The Siasat Daily. 18 April 2013. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111231646/http://www.siasat.com/english/news/iron-lady-mahlaqa-bai-chanda%E2%80%99s-haveli-reduced-rubble। আহৰণ কৰা হৈছে: 7 September 2021. 
  10. Scott, Kugle (2010). "Mah Laqa Bai and Gender: The Language, Poetry, and Performance of a Courtesan in Hyderabad". Comparative Studies of South Asia, Africa and the Middle East (Duke University Press) খণ্ড 30 (3). ISSN 1548-226X. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111231830/http://muse.jhu.edu/login?auth=0&type=summary&url=%2Fjournals%2Fcomparative_studies_of_south_asia_africa_and_the_middle_east%2Fv030%2F30.3.kugle.pdf। আহৰণ কৰা হৈছে: 7 September 2021. 
  11. Nanisetti, Serish (22 February 2013). "Rediscovering Mahalaqa Bai". The Hindu. http://www.hindu.com/mp/2010/02/22/stories/2010022250490100.htm। আহৰণ কৰা হৈছে: 7 September 2021. 
  12. Pande, Rekha (2012). "Women in the Hyderabad State in 19th and 20th centuries". Journal of History & Social Sciences খণ্ড 3 (1). ISSN 2229-5798. Archived from the original on 4 July 2013. https://archive.today/20130704054137/http://www.jhss.org/archivearticleview.php?artid=143। আহৰণ কৰা হৈছে: 7 September 2021. 
  13. Haq, Mohammad Shamsul (2008) (Urdu ভাষাত). Paimana-e-Ghazal. National Book Foundation. ISBN 978-969-37-0278-1. https://www.rekhta.org/ebooks/paimana-e-ghazal-volume-001-mohammad-shamsul-haq-ebooks। আহৰণ কৰা হৈছে: 7 September 2021. 
  14. Lal, Mohan (1992). Encyclopaedia of Indian literature: sasay to zorgot (Volume 5 of Encyclopaedia of Indian literature). 5. Sahitya Akademi. ISBN 978-81-260-1221-3. Archived from the original on 2016-07-23. https://web.archive.org/web/20160723034450/https://books.google.com/books?id=KnPoYxrRfc0C#v=onepage&q&f=false. 
  15. 15.0 15.1 "'Wah', once again please". Live Mint. 29 April 2011. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111230907/http://www.livemint.com/Leisure/5df92p4sSOWa3ZzS1MfxwO/8216Wah8217-once-again-please.html। আহৰণ কৰা হৈছে: 15 September 2021. 
  16. Nanisetti, Serish (4 August 2009). "Towering blunder at Moula Ali dargah". The Hindu. http://www.hindu.com/mp/2009/08/04/stories/2009080450300100.htm। আহৰণ কৰা হৈছে: 15 September 2021. 
  17. Aftab, Tahera (2008). Inscribing South Asian Muslim Women: An Annotated Bibliography and Research Guide. Brill Publishers. ISBN 978-90-04-15849-8. Archived from the original on 2018-03-20. https://web.archive.org/web/20180320121903/https://books.google.com/books?id=HIISikCITAgC&. 
  18. Shahid, Sajjad (30 December 2012). "The Elite Performer". The Times of India. http://articles.timesofindia.indiatimes.com/2012-12-30/hyderabad/36063042_1_courtesans-raj-kanwar-worthy-patrons। আহৰণ কৰা হৈছে: 7 September 2021. 
  19. Hina, Gull i (2012). "Modernist trends and varied responses: reflections on Muslim women in Urdu prose by male authors of South Asia (1900-1936)". A Research Journal of South Asian Studies (University of the Punjab) খণ্ড 27 (2). ISSN 1026-678X. Archived from the original on 19 August 2013. https://web.archive.org/web/20130819025451/http://pu.edu.pk/images/journal/csas/PDF/10.%20Gul-i-Hina_V28_no2_12.pdf। আহৰণ কৰা হৈছে: 7 September 2021. 
  20. "Mad and Divine women; mystic saint poets of India and beyond". Kartik Fine Arts. 25 December 2011. Archived from the original on 29 January 2013. https://web.archive.org/web/20130129023228/http://narthaki.com/info/prv11/prv576a.html। আহৰণ কৰা হৈছে: 7 September 2021. 
  21. Praveen, Priyanka (22 April 2013). "The accidental performer". Deccan Chronicle. http://www.deccanchronicle.com/130422/lifestyle-offbeat/article/accidental-performer। আহৰণ কৰা হৈছে: 7 September 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]