সমললৈ যাওক

মিহিৰজ্যোতি বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিহিৰজ্যোতি বৰুৱা
মিহিৰজ্যোতি বৰুৱাৰ আলোকচিত্ৰ
মিহিৰজ্যোতি বৰুৱা
জন্ম ৮ এপ্ৰিল, ১৯৬৩
গোলাঘাট, অসম
মৃত্যু ৯ মে', ২০২৩ (৬০ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা  ভাৰত
শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়
পেচা
  • অভিনয়
জনা যায় হিৰ’ (২০০৬), বন্ধন (২০০৩), সৰু বোৱাৰী (২০০৩)
উল্লেখযোগ্য কৰ্ম চামেলি মেমচা'ব (১৯৭৫)[1]
পিতৃ-মাতৃ শিশুপ্ৰসাদ বৰুৱা (পিতৃ), ৰেণুকা বৰুৱা (মাতৃ)
সন্তান

মিহিৰজ্যোতি বৰুৱা (ইংৰাজী: Mihirjyoti Baruah) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা৷ অসমৰ গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা বৰুৱাই বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে৷[1][2] তাৰে ভিতৰত চামেলি মেমচা'ব (১৯৭৫), সূৰ্য তেজৰ অন্য নাম (১৯৯১), বন্ধন (২০০৩), সৰু বোৱাৰী (২০০৩), বাৰুদ (২০০৪) আদি উল্লেখযোগ্য।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৩ চনৰ ৮ এপ্ৰিলত অসমৰ গোলাঘাট জিলাত মিহিৰজ্যোতি বৰুৱাৰ জন্ম হয়।[3] তেওঁৰ পিতৃ আছিল শিশুপ্ৰসাদ বৰুৱা আৰু মাতৃ ৰেণুকা বৰুৱা।[4][5]

বৰুৱাই গোলাঘাটৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি ষষ্ঠ শ্ৰেণীলৈকে যোৰহাট বেজবৰুৱা বয়জ হায়াৰ চেকেণ্ডেৰী স্কুলত আৰু পৰৱৰ্তী সময়ত সপ্তম শ্ৰেণীৰ পৰা গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তাৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[4][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বৰুৱাই ছাত্ৰ অৱস্থাতে তেওঁৰ সহপাঠীৰ লগত ইক’ক্লাব নামৰ অনুষ্ঠান এটাৰ জন্ম দি সেই অনুষ্ঠানৰ পৰা বাদ্যযন্ত্ৰৰ শিল্পী ৰূপে সাংস্কৃতিক জগতত প্ৰৱেশ কৰে। ৮০ৰ দশকৰ প্ৰথমভাগত গোলাঘাটত অনুষ্ঠিতত ঈদ-বিহু প্ৰীতি সন্মিলনত তেওঁ প্ৰথমবাৰৰ বাবে গোলাঘাট এমেচাৰ থিয়েটাৰৰ মঞ্চত এগৰাকী অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰে।[5][6]

আব্দুল মজিদৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ চামেলি মেমচা'বত ছাত্ৰ অৱস্থাতে তেওঁ শিশু চৰিত্ৰৰে বোলছবি জগতত আত্মপ্ৰকাশ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ঘৰ সংসাৰ, সূৰ্য তেজৰ অন্য নাম, শেৱালি, বন্ধন, সৰু বোৱাৰী, বাৰুদ, হিৰ’ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল৷[5][6]

তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ আৰু মায়াবিনী নামৰ অসমীয়া ধাৰাবাহিক এখনতো অভিনয় কৰিছিল৷[5][6]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
চন চলচ্চিত্ৰ চৰিত্ৰ পৰিচালক তথ্য প্ৰসংগ
১৯৭৫ চামেলি মেমচা'ব - আব্দুল মজিদ [1][2][6]
১৯৮৩ ঘৰ সংসাৰ - শিৱ প্ৰসাদ ঠাকুৰ [5][6]
১৯৯১ সূৰ্য তেজৰ অন্য নাম - [2][5][6]
২০০৩ বন্ধন - [1]
সৰু বোৱাৰী - [1][2][5]
২০০৪ বাৰুদ - [1][2]
২০০৬ হিৰ’ -
- শেৱালি - [5][6]

যকৃত ৰোগত আক্ৰান্ত হৈ থকা বৰুৱাই ২০২৩ চনৰ ৯ মে’ তাৰিখে গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত দিনৰ ২:২০ বজাত ইহলীলা সম্বৰণ কৰে৷[1][4][5][6] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।[5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 "Assam [Assam]" (English ভাষাত). NR now news (Nenow.in/). 2023-05-09. https://nenow.in/north-east-news/assam/assam-assamese-actor-mihirjyoti-baruah-passes-away.html আহৰণ কৰা হৈছে: 2023-05-11.
  2. 1 2 3 4 5 6 "Veteran Actor Mihirjyoti Baruah passed away" (English ভাষাত). Guwahatiplus (Guwahatiplus.com/). 2023-05-09. https://guwahatiplus.com/assam/veteran-assamese-actor-mihirjyoti-baruah-passes-away আহৰণ কৰা হৈছে: 2023-05-11.
  3. "Assamese Actor Mihirjyoti Baruah No More [অসমীয়া অভিনেতা মিহিৰজ্যোতি বৰুৱা আৰু নাই]" (English ভাষাত). Pratidin Time (Pratidintime.com/). 2023-05-09. https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/assamese-actor-mihirjyoti-baruah-no-more আহৰণ কৰা হৈছে: 2023-05-11.
  4. 1 2 3 "ভ্ৰাম্যমাণ-বোলছবি জগতৰ বলিষ্ঠ অভিনেতা মিহিৰ জ্যোতি বৰুৱাৰ মৃত্যু [Veteran Actor of the Assamese Theatre-Film Industry Mihirjyoti Baruah passed away]" (Assamese ভাষাত). Niyomiya Barta (Niyomiyabarta.com/). 2023-05-09. https://niyomiyabarta.com/assam/strong-actor-in-the-theater-and-film-industry/ আহৰণ কৰা হৈছে: 2023-05-11.
  5. 1 2 3 4 5 6 7 8 9 10 11 "চলচ্চিত্ৰ মঞ্চৰ বলিষ্ঠ অভিনেতা মিহিৰ জ্যোতি বৰুৱাৰ দেহাৱসান [Veteran Actor of the Assamese Film Industry Mihirjyoti Baruah passed away]" (Assamese ভাষাত). Niyomiya Barta (Niyomiyabarta.com/). 2023-05-10. Archived from the original on 2023-05-11. https://web.archive.org/web/20230511071521/https://niyomiyabarta.com/epaper/10052023/page2.php আহৰণ কৰা হৈছে: 2023-05-11.
  6. 1 2 3 4 5 6 7 8 9 "ছবি - ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু" (Assamese ভাষাত). Assamiyakhabor (Assamiyakhabor.com/). 2023-05-10. Archived from the original on 2023-05-11. https://web.archive.org/web/20230511085658/https://www.assamiyakhabor.com/publishfinal/asset/jorhat/10052023/2.html আহৰণ কৰা হৈছে: 2023-05-11.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]