মীৰা খান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীৰা খান্না
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয় (কলা শাখাৰ স্নাতক)
পেচা লেখক, কবি, লিংগ অধিকাৰ কৰ্মী


মীৰা খান্না (ইংৰাজী: Meera Khanna) হৈছে এগৰাকী ভাৰতীয় লেখিকা, কবি, আৰু লিংগ অধিকাৰ কৰ্মী। তেওঁ হৈছে ভি. মোহিনী গিৰিয়ে প্ৰতিষ্ঠা কৰা গিল্ড অব চাৰ্ভিছ (Guild of Service)ৰ ন্যাসৰক্ষক আৰু কাৰ্যবাহী উপ-সভানেত্ৰী।[1] তেওঁ "দ্য লাষ্ট উইমেন ফাৰ্ষ্ট" (The Last Woman First) নামৰ নামৰ এক বিশ্বব্যাপী মিত্ৰজোঁটৰ নেতৃত্ব দিছিল।[2] তেওঁ “এভৰী উইমেন ক’লিচন” (Every Woman Coalition)ৰো সহ-প্ৰতিষ্ঠাপক আৰু দক্ষিণ এছিয়া অধ্যায়ৰ অধ্যক্ষ।

শিক্ষা[সম্পাদনা কৰক]

মীৰা খান্নাই ভাৰতৰ পুনে আৰু ফিৰোজপুৰত স্কুলীয়া বিদ্যালয় সমাপ্ত কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত সন্মানসহ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

মীৰা খান্নাই উন্নয়ন খণ্ডত কাম কৰে আৰু বিশেষকৈ ভাৰতৰ গ্ৰাম্য অঞ্চলত মহিলা সবলীকৰণ আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গিল্ড অৱ চাৰ্ভিচৰ কোষাধ্যক্ষ আৰু কাৰ্যবাহী উপ-সভানেত্ৰী।[1][3] তেওঁৰ নেতৃত্বত গিল্ড অৱ চাৰ্ভিচে আশ্ৰয় ঘৰ আৰু সামৰ্থ্য বিকাশ, পৰিয়াল পৰামৰ্শ, আৰু উৎপাদন কেন্দ্ৰৰ লগতে প্ৰান্তীয় সম্প্ৰদায়ৰ শিশুসকলৰ বাবে বিদ্যালয় স্থাপন আৰু পৰিচালনা কৰিছে। বৰ্তমান বৃন্দাবন, গোধৰা, নগাপট্টিনাম, আৰু শ্ৰীনগৰতো অবলা নাৰীৰ বাবে গিল্ড অৱ চাৰ্ভিচে গৃহ নিৰ্মাণ কাৰ্য কৰি আছে। খান্নাই শ্ৰীনগৰ, আৰু কাশ্মীৰৰ বাৰামুল্লাত উগ্ৰপন্থী প্ৰভাৱত আক্ৰান্ত মহিলা আৰু শিশুসকলৰ বাবে গৃহ নিৰ্মাণ আৰু পৰিচালনাতো সহায় কৰিছিল।

খান্নাই "দ্য লাষ্ট উইমেন ফাৰ্ষ্ট" নামৰ বিশ্বব্যাপী মিত্ৰজোঁটৰ নেতৃত্ব দিয়ে।[2] তেওঁ এভৰি উইমেন ক’লিচনৰ সহ-প্ৰতিষ্ঠাপক, আৰু ছাউথ এছিয়ান নেটৱৰ্ক ফৰ উইড’জ’ এম্পাৱাৰমেণ্ট ইন ডেভেলপমেণ্ট ‌(South Asian Network for Widows’ Empowerment in Development)ৰ সঞ্চালিকা। নৱদন্যৰ ন্যাসৰক্ষক, ৱাৰ উইড’ছ এছ’চিয়েশ্যনৰ উপদেষ্টা, ভাৰতৰ ৰাষ্ট্ৰসংঘৰ মহিলাৰ অধীনত নাগৰিক সমাজৰ পৰামৰ্শদাতা গোটৰ সদস্য। তেখেতে ভাৰত চৰকাৰৰ মহিলাৰ মৰ্যাদাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আহিছে আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰা দুখন বিশেষজ্ঞ সমিতিৰ সদস্য আছিল।[4][5]

খান্না দক্ষিণ এছিয়াৰ শান্তিৰ বাবে মহিলা পদক্ষেপৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষক আছিল,[6] যাৰ জৰিয়তে তেওঁ পাকিস্তানলৈ যোৱা মহিলা প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল আৰু দক্ষিণ এছিয়াৰ মহিলা লেখিকা আৰু এখন সৃষ্টিশীল কৰ্মশালাৰ সমন্বয় কৰিছিল য'ত দক্ষিণ এছিয়াৰ নাট্য উৎসৱ, ইমেজিং পিছ আদি দক্ষিণ এছিয়াৰ মহিলা ফটোগ্ৰাফাৰসকলৰ প্ৰদৰ্শনী জড়িত আছিল।

খান্নাই ৰাষ্ট্ৰসংঘৰ কাৰ্য্য ৰূপায়নৰ বাবে বিধৱাসকলৰ হেতু প্ৰদান কৰিবলগীয়া প্ৰস্তাৱৰ খচৰাও প্ৰস্তুত কৰে, এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ মহিলাৰ প্ৰথমগৰাকী অধীনস্থ মহাসচিব তথা কাৰ্যবাহী সঞ্চালিকা মিচেল বেচেলেটক দাখিল কৰা হয়। সেই প্ৰস্তাৱক সমগ্ৰ বিশ্বৰ ৮০টাতকৈও অধিক সংগঠনে সমৰ্থন কৰিছিল। খান্নাই সংকট আৰু সংঘাতত বিধৱা সমিতিৰ অংশ হিচাপে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ২০১৯ চনৰ ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা ৪২ সংখ্যক অধিবেশনত বক্তৃতা প্ৰদান কৰিছিল।[7] খান্নাই ড° ভি মোহিনী গিৰিৰ সৈতে "মন্ত্ৰজ ফৰ পজিটিভ এজিং" (Mantras for Positive Ageing) নামৰ গ্ৰন্থৰ সহ-সম্পাদনাও কৰিছিল। এই গ্ৰন্থখনৰ প্ৰস্তাৱনা দালাই লামাই লিখিছিল।[8]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • ইফ দেয়াৰ বি এ পেৰাডাইজ (গুলছন প্ৰকাশন, ২০১২)
  • লিভিং ডেথ: দ্য ট্ৰাউমা অৱ উইড’হুড ইন ইণ্ডিয়া (জ্ঞান পাব্লিচিং হাউছ, ২০১২)
  • ইন এ ষ্টেট অৱ ভায়’লেণ্ট পীছ (হাৰ্পাৰ কলিন্স, ২০১৫)
  • ব্ৰেকিং পাথছ্ (নিয়োগী বুকছ, ২০১৯)
  • মন্ত্ৰছ ফৰ পজিটিভ এজিং (সহ-সম্পাদক, পিপ্পা ৰান বুকছ এণ্ড মিডিয়া, ২০২১)

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

নয়দাৰ এমিটি বিশ্ববিদ্যালয়ে ২০১৮ চনত মীৰা খান্নাক মহিলা কৃতিত্ব বঁটা প্ৰদান কৰে।[9] উইমেন’ছ ফেডাৰেচন ফৰ ৱৰ্ল্ড পীছে ২০১৯ চনৰ ফষ্টাৰিং পীছ উইথিন দ্য ইণ্ডিভিজুৱেল বঁটাৰে মীৰা খান্নাক স্বীকৃতি দিয়ে।[10] ৰাষ্ট্ৰসংঘৰ মহিলা ভাৰতৰ “মুঝে হক হেঁই” অভিযানতো মীৰা খান্নাক অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ লক্ষ্য আছিল মহিলাসকলক প্ৰত্যাহ্বানৰ ওপৰলৈ গৈ পৰম্পৰাগত পুৰণি নীতি-নিয়ম অৱজ্ঞা কৰিবলৈ অনুপ্ৰাণিত কৰা।[11][12]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Together we can!" (en-US ভাষাত). Women's Network for Change. 2017-07-17. https://www.womennetworkforchange.org/together-we-can/। আহৰণ কৰা হৈছে: 2022-08-02. 
  2. 2.0 2.1 "Widows: Survivors of Conflict". September 2020. https://ngocsw-geneva.ch/wp-content/uploads/2020/09/WRI-WPS-event-report.pdf. 
  3. "Tragic Impact of COVID-19 Highlighted at Widows Day Virtual Event" (en-GB ভাষাত). Widows for Peace through Democracy. 2021-07-01. https://www.widowsforpeace.org/news-and-events/widows-day-event/। আহৰণ কৰা হৈছে: 2022-08-02. 
  4. "#65 FiLiA meets: Meera Khanna" (en-GB ভাষাত). FiLiA. April 2020. https://www.filia.org.uk/latest-news/2020/3/30/filia-meets-meera-khanna। আহৰণ কৰা হৈছে: 2022-08-02. 
  5. "India's forgotten widows: Govt must move beyond laws and actions plans, focus on social security and rehabilitation" (en ভাষাত). Firstpost. 2017-10-24. https://www.firstpost.com/india/indias-forgotten-widows-govt-must-move-beyond-laws-and-actions-plans-focus-on-social-security-and-rehabilitation-4171217.html। আহৰণ কৰা হৈছে: 2022-08-02. 
  6. Dipti Mayee Sahoo (January 2014). "An Analysis of Widowhood in India: A Global Perspective". http://ijmcr.com/wp-content/uploads/2014/01/Paper845-58.pdf. 
  7. "Widows in Crisis & Conflict Panel – UN Human Rights Council 42 (09/20/2019)". https://wunrn.com/2019/09/widows-in-crisis-conflict-panel-un-human-rights-council-42/. 
  8. "Fifty eminent Indians aged over 75 share their Mantras for Positive Ageing" (en ভাষাত). www.thehansindia.com. 2021-10-02. https://www.thehansindia.com/featured/sunday-hans/fifty-eminent-indians-aged-over-75-share-their-mantras-for-positive-ageing-709210। আহৰণ কৰা হৈছে: 2022-08-02. 
  9. "Amity honors eminent "Women Achievers" during the conclusion of week-long celebrations of International Women's Day" (en-US ভাষাত). 11 March 2018. https://indiaeducationdiary.in/amity-honors-eminent-women-achievers-conclusion-week-long-celebrations-international-womens-day/। আহৰণ কৰা হৈছে: 2022-08-02. 
  10. "WFWP, International Participates in Annual UN Session on Women's Issues". https://static1.squarespace.com/static/5bbe23b18dfc8c0bce463f1b/t/5d787f071d5e0e514fdedff5/1568177942350/WFWPI+Newsletter+Issue+37.pdf. 
  11. "UN Women inspire women to defy norms, rise above roadblocks through 'Mujhe haq hai' campaign". www.bestmediaifo.com. July 11, 2018. https://bestmediainfo.com/2018/07/un-women-inspire-women-to-defy-norms-rise-above-roadblocks-through-mujhe-haq-hai-campaign। আহৰণ কৰা হৈছে: 2022-08-02. 
  12. Sharma, Garvita (2018-06-29). "Mithali Raj and Sania Mirza speak about gender equality at UN India Women's anthem launch" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mumbai/mithali-raj-and-sania-mirza-speak-about-gender-equality-at-un-india-womens-anthem-launch/articleshow/64780653.cms। আহৰণ কৰা হৈছে: 2022-08-02.