সমললৈ যাওক

মুহিৰাম শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মুহিৰাম শইকীয়া (জন্ম ১৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমনগাওঁ লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ সদস্য হিচাপে ভাৰতৰ সংসদ নিম্ন সদন লোকসভালৈ ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। এইছ ডি দেৱেগৌড়া আৰু ইন্দেৰ কুমাৰ গুজৰাল নেতৃত্বাধীন সংযুক্ত মৰ্চা চৰকাৰত শইকীয়া মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল[1][2][3]। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেওঁ এজন শিক্ষাবিদ আছিল আৰু নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ১৫ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। [1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Muhi Ram Saikia Biography". Parliament of India. http://www.parliamentofindia.nic.in/ls/lok11/biodata/11as12.htm আহৰণ কৰা হৈছে: Mar 21, 2013.
  2. Praveen K Jha (1 May 2008). Public Provisioning for Elementary Education in India. SAGE Publications. পৃষ্ঠা. 260–. ISBN 978-0-7619-3666-4. http://books.google.com/books?id=F1uHuroYTCMC&pg=PA260 আহৰণ কৰা হৈছে: 22 March 2013.
  3. S. Samuel Ravi. A Comprehensive Study of Education. PHI Learning Pvt. Ltd.. পৃষ্ঠা. 500–. ISBN 978-81-203-4182-1. http://books.google.com/books?id=xBxaR4ZF8HUC&pg=PA500 আহৰণ কৰা হৈছে: 22 March 2013.