মেগী স্মিথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ

মেগী স্মিথ
জন্ম দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ
২৮ ডিচেম্বৰ, ১৯৩৪ (৮৯ বছৰ)
ইলফ'ৰ্ড, লণ্ডন, ইংলেণ্ড
অন্য নাম দাম মেগী স্মিথ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫২ৰ পৰা-বৰ্তমানলৈকে
দাম্পত্যসঙ্গী ৰবাৰ্ট ষ্টিফেনছ (১৯৬৭-১৯৭৪)
বিভাৰলী ক্ৰ'ছ (১৯৭৫-১৯৯৮, তেওঁৰ মৃত্যুলৈকে)
সন্তান ক্ৰিছ লাৰ্কিন
টবি ষ্টিফেনছ
ফিল্ম এৱাৰ্ডছ
একাডেমী এৱাৰ্ডছ
(ইংৰাজী: Academy Awards)
১৯৬৯ শ্ৰেষ্ঠা অভিনেত্ৰী
১৯৭৮ শ্ৰেষ্ঠা সহ-অভিনেত্ৰী
ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডছ
(ইংৰাজী: British Academy Film Awards)
১৯৬৯, ১৯৮৪, ১৯৮৬, ১৯৮৮ শ্ৰেষ্ঠা অভিনেত্ৰী
১৯৯৯ শ্ৰেষ্ঠা সহ-অভিনেত্ৰী
১৯৯৬ Fellowship
গ'ল্ডেন গ্লব এৱাৰ্ডছ
(ইংৰাজী: Golden Globe Awards)
১৯৭৮ শ্ৰেষ্ঠা অভিনেত্ৰী - ম'চন পিকচাৰ মিউজিকেল অৰ কমেডী
১৯৮৬ শ্ৰেষ্ঠা সহ-অভিনেত্ৰী - ম'চন পিকচাৰ
স্ক্ৰীন এক্টৰছ গিল্ড এৱাৰ্ডছ
(ইংৰাজী: Screen Actors Guild Awards)
২০০১ Outstanding Performance by a Cast in a Motion Picture

দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ (ইংৰাজী: Dame Margaret Natalie Maggie Smith) হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।

শিক্ষা[সম্পাদনা কৰক]

১৯৩৯ চনত হিটলাৰৰ নাজী বাহিনীৰ প্ৰভাৱ পৰা হেতুকে মেগী স্মিথৰ মাক-দেউতাক লণ্ডনৰ পৰা অক্সফৰ্ডলৈ উঠি আহে। তাতেই স্মিথে অক্সফৰ্ড হাই স্কুল ফৰ গাৰ্লছত শিক্ষা জীৱন আৰম্ভ কৰে। ১৯৫১ চনত তেওঁ অক্সফৰ্ড প্লেহাউচ স্কুলত নামভৰ্ত্তি কৰে আৰু তাতে অভিনয়ৰ আনুষ্ঠানিক শিক্ষা লয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ ১৯৫২ চনত অক্সফৰ্ড ইউনিভাৰ্চিটী ড্ৰামাটিক ছ'চাইটিৰ (Oxford University Dramatic Society) নাট টুৱেল্ফথ্ নাইটত (Twelfth Night) অভিনয়েৰে নিজৰ অভিনয় জীৱনৰ শুভাৰম্ভ কৰে আৰু সমাদৃত হয়।[1] অৱশ্যে তাৰ আগতে তেওঁ অক্সফৰ্ড প্লেহাউচৰ (Oxford Playhouse) চিলড্ৰেন ইন ইউনিফৰ্ম আৰু দ্য পিক-আপ গাৰ্লতো দেখা দিছিল। অভেনেত্ৰীগৰাকীয়ে ইয়াৰ পিছৰ চাৰি বছৰ বিভিন্ন প্ৰডাকচন হাউচৰ নাটকত অভিনয় কৰি যায় আৰু এডিনবাৰ্গ থিয়েটাৰ ফেষ্টিভেলতো (Edinburg Theatre Festival) অংশ লয়।[2] একে সময়তে তেওঁ অক্সফৰ্ড এচেন্টযোগে লণ্ডন মহানগৰীত নিজৰ মঞ্চাভিনয়ো আৰম্ভ কৰে। পৰৱৰ্ত্তী বছৰবোৰত ইথেল বেৰীম'ৰ থিয়েটাৰকে আদি কৰি (Ethel Barrymore Theatre) অন্যান্য ঠাইত অভিনয়েৰে তেওঁ নিজৰ কেৰিয়াৰ আগুৱাই নিয়ে। ১৯৫৬ চনত চাইল্ড ইন দ্য হাউচ চলচিত্ৰ যোগে ৰূপালী পৰ্দালৈ স্মিথৰ আগমণ ঘটে। ১৯৫৮ চনত দ্বিতীয়খন চলচিত্ৰ ন'হোৱেৰ টু গ'ত (Nowhere To Go) কৰা অভিনয়ৰ বাবে তেওঁ বাফ্টাৰ (BAFTA) শ্ৰেষ্ঠ সম্ভাৱনাময় নৱাগত শিল্পী বঁটাৰ মনোনয়ন লাভ কৰে। পৰৱৰ্ত্তী বছৰবোৰত তেওঁ গ' টু ব্লেজেছ, দ্য ভি.আই.পি.জ, দ্য পাম্পকিন ইটাৰ, অ'থেল', য়াং কেছিডি, দ্য হানি পট, হট মিলিয়নছ আদি ছবিত ক্ৰমাগতভাৱে অভিনয় কৰি যায়। ইয়াৰ বাবে তেওঁ একোটাকৈ বাফ্টা, গ'ল্ডেন গ্ল'ব আৰু অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰে। ১৯৬৯ চনত দ্য প্ৰাইম অফ মিছ জিন ব্ৰডিত নায়িকাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ অস্কাৰ আৰু বাফ্টা বঁটা লাভ কৰে।[3][4]১৯৭৮ চনত কেলিফ'ৰ্ণিয়া ছুটত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঅভিনেত্ৰীৰ শিতানত দ্বিতীয়টো অস্কাৰ লাভ কৰে। একেখন চলচিত্ৰৰ বাবেই তেওঁ সেইবাৰৰ শ্ৰেষ্ঠ সহঅভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা আৰু Kansas City Film Critics Circle বঁটা পায়। ইয়াৰ পিছত ৮০ আৰু ৯০ৰ দুয়োটা দশকত তেওঁ কোৱাৰ্টেট, ক্লেছ অফ টাইটানছ, এভিল আণ্ডাৰ দ্য ছান, এ ৰূম ৱিথ এ ভিউ, ছিষ্টাৰ এক্ট, দ্য ছিক্ৰেট গাৰ্ডেন, টি ৱিথ মুছলিনী, ডেভিড ক'পাৰফিল্ড, আদি অসংখ্য চলচিত্ৰত অভিনয় কৰি কেইবাটাও অস্কাৰ মনোনয়ন লাভ কৰে। এই সময়ছোৱাত বাফ্টাকে ধৰি কেইবাটাও বঁটা পায়।[5] ২০০১ চনত তেওঁ পৰিচালক ডেভিড হেইমেনৰ সৈতে হেৰী পটাৰ চলচিত্ৰ শৃংখলাৰ প্ৰথমখন চলচিত্ৰ হেৰী পটাৰ এণ্ড দ্য ফিল'ছফাৰ্ছ ষ্ট'নৰ বাবে চুক্তিবদ্ধ হয়। ২০১১ চনত মুক্তি পোৱা শৃংখলাটোৰ অন্তিম চলচিত্ৰ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ পাৰ্ট টুলৈকে তেওঁ মিনাৰ্ভা মেকগ'নাগলৰ চৰিত্ৰ ৰূপায়ন কৰি যায়।[6]উক্ত চৰিত্ৰটোৰ বাবে তেওঁ শৃংখলাটোৰ স্ৰষ্টা জে.কে. ৰাওলিঙৰ ব্যক্তিগত পছন্দ আছিল অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে মুঠতে ৬ বাৰ অস্কাৰ বঁটাৰ মনোনয়ন পোৱাৰ লগতে দুবাৰ অস্কাৰ লাভ কৰিছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৭ চনৰ ২৯ জুনত ব্ৰিটিছ অভিনেতা ৰবাৰ্ট ষ্টিফেনছৰ সৈতে মেগী স্মিথৰ বিয়া হয়। তাৰ দহ দিন আগেয়ে তেওঁলোকৰ সন্তান ক্ৰিছ লাৰ্কিনৰ জন্ম হয়। দুবছৰৰ পিছত তেওঁলোকৰ দ্বিতীয় সন্তান টবি ষ্টিফেনছৰ জন্ম হয়। ১৯৭৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে। পৰৱৰ্ত্তী বছৰটোত নাট্যকাৰ আৰু চিত্ৰনাট্যকাৰ বিভাৰলি ক্ৰছৰ সৈতে তেওঁৰ পৰিচয় ঘটে আৰু তেওঁৰ সৈতে দ্বিতীয় বিবাহত বহে।

২০০৭ চনত চিকিৎসকে অভিনেত্ৰীগৰাকীৰ স্তন কেন্সাৰ ধৰা পেলায়।

স্মিথে বৰঙণিৰ (charity work) কামতো জড়িত। ২০১১ চনৰ ছেপ্টেম্বৰত তেওঁ ভূমিকম্পত ক্ষতিগ্ৰস্ত নিউজিলেণ্ডৰ ক'ৰ্ট থিয়েটাৰৰ পুননিৰ্মাণ পুঁজি গোটোৱাত সমৰ্থন আগবঢ়ায়। ২০১২ চনৰ জুলাই মাহৰ পৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় গ্লুক'মা সংস্থাৰ এগৰাকী পৃষ্ঠপোষক হয়। আগষ্ট মাহত তেওঁ ইন্টাৰনেচনেল মেক এ ৱিছ্ ফাউণ্ডেচনৰ লণ্ডন শাখাৰ উদ্যোগত লিভাৰ কেন্সাৰত ভুগি থকা এটি শিশুৰ ইচ্ছাত তেওঁৰ সৈতে কিছু সময় কটায়।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]