মোনা আগৰৱাল
মোনা আগৰৱাল | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ০৮ নৱেম্বৰ, ১৯৮৭ (৩৭ বছৰ) চিকৰ, ৰাজস্থান | ||||||||||||
ক্ৰীড়া | |||||||||||||
দেশ | ভাৰত | ||||||||||||
ক্ৰীড়া | পেৰা শ্বুটিং | ||||||||||||
পদক অভিলেখ
|
মোনা আগৰৱাল (ইংৰাজী: Mona Agarwal, জন্ম: ৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় পেৰা শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অংশগ্ৰহণ কৰে।[1] ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে।[2] ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৭ চনৰ ৮ নৱেম্বৰ তাৰিখে ৰাজস্থানৰ চিকৰত মোনা আগৰৱালৰ জন্ম হৈছিল। ন মাহ বয়সত মোনাৰ দেহত পলিঅ'ৰ সংক্ৰমণত আক্ৰান্ত হৈছিল।[1] ছোৱালীৰ প্ৰতি থকা বৈষম্যমূলক ব্যৱহাৰৰ বাবে তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। দুগৰাকী ডাঙৰ বায়েক থকাৰ পিছত মাক-দেউতাকে ল’ৰা সন্তান বিচাৰিছিল। ৰক্ষণশীল পৰিয়ালটোৰ বাবে মোনা ‘অবাঞ্চিত’ সন্তান আছিল। কিন্তু তেওঁৰ মাতৃৰ ফালৰ আইতাক গীতা দেৱীয়ে তেওঁক সহায় কৰিছিল।[4] তেওঁৰ স্বামী ৰবীন্দ্ৰ চৌধুৰী হুইল চেয়াৰ বাস্কেটবল খেলুৱৈ আছিল। তেওঁৰ স্বামী দুৰ্ঘটনাত মগজুত আঘাত প্ৰাপ্ত হোৱাৰ বাবে খেলুৱৈ জীৱন ত্যাগ কৰে। বিয়াৰ পিছত জয়পুৰলৈ স্থানান্তৰিত হয়।[4] ভলীবলকে আদি কৰি অন্যান্য বিভিন্ন খেল খেলাৰ চেষ্টা কৰাৰ পিছত ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁ শ্বুটিং আৰম্ভ কৰে। তেওঁৰ এটি পুত্ৰ অভিক আৰু এগৰাকী কন্যা আৰৱী। মোনাই ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত মনোবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।[4] ইয়াৰ উপৰিও তেওঁ ছেম হিগিনবটম কৃষি, প্ৰযুক্তি আৰু বিজ্ঞান বিশ্ববিদ্যালয় ৰ পৰা বাণিজ্য প্ৰশাসনত স্নাতকোত্তৰ আৰু ডিজিটেল মাৰ্কেটিংত অনলাইন স্নাতকোত্তৰ সম্পূৰ্ণ কৰিছে।
খেলুৱৈ জীৱন
[সম্পাদনা কৰক]২০২৩ চনৰ জুলাই মাহত ক্ৰ'ৱেচিয়াৰ অচিজেকত অনুষ্ঠিত হোৱা বিশ্বকাপত আগৰৱালৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে।[5] ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি তেওঁ পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে। দিল্লীৰ স্বৰ্ণৰ পিছত ২০২৪ চনৰ এপ্ৰিল মাহত কোৰিয়াৰ চাংৱনত অনুষ্ঠিত হোৱা পেৰা বিশ্বকাপত তেওঁ আন এক সোণৰ পদক লাভ কৰে।[4] ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 PTI (2024-03-09). "Para Shooting World Cup: Athlete-turned-shooter Mona Agarwal claims gold in 10m air rifle event, aims more glory" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/para-shooting-world-cup-mona-agarwal-wins-gold-10m-air-rifle-event-result-aims-more-glory-news/article67933043.ece। আহৰণ কৰা হৈছে: 2024-08-13.
- ↑ "Para shooter Mona Agarwal wins 10m air rifle gold, clinches Paris Paralympic quota for India". The Times of India. 2024-03-09. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/more-sports/shooting/para-shooter-mona-agarwal-wins-10m-air-rifle-gold-clinches-paris-paralympic-quota-for-india/articleshow/108354980.cms.
- ↑ "Once mocked for being girl child and polio-stricken, Mona Agarwal is now a Paralympics medallist" (en ভাষাত). The Indian Express. 2024-08-30. https://indianexpress.com/article/sports/sport-others/mona-agarwal-girl-child-polio-paralympics-bronze-medallist-9541641/। আহৰণ কৰা হৈছে: 2024-08-30.
- ↑ 4.0 4.1 4.2 4.3 "Para shooter Mona Agarwal turns adversity into her biggest strength" (en-US ভাষাত). Indianshooting. 2024-03-27. https://www.indianshooting.com/news/para-shooter-mona-agarwal-turns-adversity-into-her-biggest-strength/। আহৰণ কৰা হৈছে: 2024-08-13.
- ↑ PTI. "Funds to buy new wheelchair hindering champion para shooter Mona Agarwal's Paralympic preparation" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/sports/other-sports/funds-to-buy-new-wheelchair-hindering-champion-para-shooter-mona-agarwals-paralympic-preparation-3047728। আহৰণ কৰা হৈছে: 2024-08-13.