সমললৈ যাওক

মৰাণহাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মৰাণ, শিৱসাগৰ, অসমৰ পৰা পুনঃনিৰ্দেশিত)
মৰাণহাট
Moranhat
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ
জনসংখ্যা
 (2001)
 • মুঠ
5,779

মৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(ইংৰাজী: Moranhat) অসমশিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰা মৰাণ গোষ্ঠীৰ লোকৰ বাবে এই অঞ্চলটোৰ এই নাম হয়৷

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

মৰাণহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া নগৰ। ডিব্ৰুগড় জিলাৰ মৰাণ লোকপিয়ল নগৰ আৰু শিৱসাগৰ জিলাৰ মৰাণহাট পৌৰনগৰক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে বিভাজন কৰিছে।

জনসংখ্যা

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি মৰাণহাটৰ জনসংখ্যা ৫৭৭৯ জন। ইয়াৰে পুৰুষ ৫৫% আৰু মহিলা ৪৫%। ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫%ৰ তুলনাত নগৰখনৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%। ৮০% পুৰুষ আৰু ৭৭% মহিলা সাক্ষৰ। মৰাণহাটৰ ১১% জনসংখ্যা ৬ বছৰৰ তলৰ।[1]

নগৰখনত বহুকেইখন অসমীয়া মাধ্যম তথা ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয় আছে। বিদ্যালয়-

  • চে'ইণ্ট যোচেফ হাইস্কুল
  • মৰাণ উঃমাঃ বিদ্যালয়
  • চে'ইণ্ট এণ্ড্ৰিউজ হাইস্কুল
  • মৰাণ ছোৱালী উচ্চ বিদ্যালয়
  • নেহৰু হিন্দী বিদ্যালয়

মহাবিদ্যালয়

  • মৰাণ মহাবিদ্যালয়
  • মৰাণ মহিলা মহাবিদ্যালয়

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]

মৰাণহাট অসমৰ প্ৰধান প্ৰধান ঠাইবোৰৰ সৈতে চৰকাৰী আৰু বেচৰকাৰী বাচেৰে সু-সংযোজিত হৈ আছে। সমীপবৰ্তী ৰেলষ্টেচনটো হ'ল মৰাণহাট। এই ষ্টেচনত ৰাজধানী, যশৱন্তুপুৰ এক্সপ্ৰেছ আৰু ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ ৰয়।[2] আটাইতকৈ ওচৰত থকা বিমানবন্দৰটো মোহনবাৰী বিমানবন্দৰ। নগৰখনৰ পৰা ইয়ালৈ দূৰত্ব ৪০ কিঃমিঃ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]