সমললৈ যাওক

মৰাণ জনগোষ্ঠীৰ তামোল-পাণৰ ব্যৱহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা



অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য | এই ভূখণ্ডত তাহানিৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰি আছে | নানা জাতি- জনগোষ্ঠীৰ সমন্বয়ত বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে | অসমৰ এই বিভিন্ন জনগোষ্ঠীৰ ভিতৰত মৰাণ জনগোষ্ঠীটোও অতি পুৰণি আৰু এটা উল্লেখযোগ্য জনগোষ্ঠী |

         মৰাণ সমাজত বিয়া-সবাহ,আলহী আপ্যায়ানৰ পৰা দায়- দোষ ভঙালৈকে সকলো সময়তে তামোল-পাণ নহ'লেই নহয় | এই সকলোবোৰতে তামোল- পাণে প্ৰাধান্য লাভ কৰে | টেপৰ চালি নামৰ এবিধ লতা জাতীয় উদ্ভিদ হাবিত পোৱা যায় | এই টেপৰ চালিৰ লগত তামোল-পাণ খোৱা হয় | মৰাণ সকলে তামোল এখন বুলি নকৈ চালি এখন বুলিহে কয় | কোনো লোকৰ বেমাৰ হ'লে ভাল হ'বৰ বাবে ভকতসকলৰ বা বুঢ়ী-মেথীসকলৰ খোলাত বা নামঘৰত আই ভগৱতীৰ নামত এখন তামোলীশাল পাতি চালিখোৱা পাতে | আই ভগৱতীক তুতি-প্ৰাৰ্থনা নকৰাকে দৰব-পাতি খালে আই ভগৱতীয়ে দোষ ধৰে বুলি মৰাণ সকলে ভাৱে | সেয়েহে বেমাৰ হ'লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগতে আই ভগৱতী নামত চালি এখন কাটি খোৱা হয় |যিকোনো সকামতে পোন প্ৰথমে তামোল -পাণৰ শৰাইৰ দ্বাৰা সকাম বিলাকত পাতনি মেলা হয় আৰু সামৰণিও মৰা হয় |

    মৰাণ সমাজত যিকোনো তিথি,সকাম আদিত ভকত আৰু গোপিনীসকলে নিজৰ স্থানত আসন গ্ৰহণ কৰা লগে লগে প্ৰত্যেককে তামোল পাণেৰে আদৰণি জনোৱা হয় | ঘৰুৱা সবাহ,বিবাহ,দহা-কাজ আদিলৈ একোটা তামোল-পাণৰ টোপোলা দি নিমন্ত্ৰণ জনোৱা হয় | নিমন্ত্ৰণ জনোৱা তামোল বন্ধাৰো কিছুমান নিয়ম আছে | দুটা তামোল,দুখিলা পাণ দি এখন পাতৰ সেউজীয়া ফালটো বাহিৰলৈ দি দীঘলীয়াকৈ বন্ধা তামোলৰ টোপোলা শৰণীয়া বা সৰ্বসাধাৰণ লোকক দিয়া হয়| এনে তামোলৰ টোপোলাক ক'লা তামোল বোলে | শৰণ লোৱাৰ উপৰিও শ্ৰৱণ-কীৰ্তন কৰা কিন্ত পুৰোহিতৰ দায়িত্ব নোলোৱা ভকতক তিনিখিলা পাণ,তিনিটা তামোল দি পাতৰ ঠাৰিটো থকা বগা ফালটো বাহিৰলৈ দি দীঘলীয়াকৈ বান্ধি বগা তামোল দিয়া হয় | শ্ৰৱণ-কীৰ্তন,ভজন কৰি সত্ৰত পুৰোহিত বা ডা-ডাঙৰীয়া ওলোৱা একোজন ভকতক খুম দিয়ে | খুম বান্ধিবৰ বাবে তিনিখিলা পাতৰ প্ৰয়োজন | এখিলা পাতৰ আগটো নিজৰ পৰা আগলৈ দি তাৰ ওপৰত নিজৰ পৰা বাওঁহাতে আগটো দি আন এখিলা পাত জাপি লৈ তাৰ ওপৰত দুখিলা পাণৰ আগটো নিজৰ পৰা আগলৈ দি আন এখিলা পাণৰ আগটো বাওঁফালে আৰু আনখিলা পাণৰ আগটো সোঁফালে জাপি লৈ ওপৰৰ চাৰিটা তামোল দি তিনিওফালৰ পৰা পাত দুখিলা জপটিয়াই আনি ওপৰলৈ জোঙাকৈ টঙালেৰে বান্ধি খুম বন্ধা হয় |

              মৰাণ সমাজত মৃতকৰ শৱ সৎকাৰ,শান্তি বিয়া আদিতো তামোল পাণে প্ৰাধান্য লাভ কৰে | মৃতকক শৱ সৎকাৰ কৰিবলৈ অহা গাঁৱৰ প্ৰত্যেক গৰাৰীয়েই একোখন কৈ তামোল-পাণ দি মৃতকক বিদায় দিয়ে | আৰু শান্তি বিয়াত কইনা নোৱাবৰ কাৰণে ঢিপত তামোল-পাণ আৰু এটা হাঁহকণী দি পুতি লোৱা হয় |বহাগ বিহুত গছ তলত বিহু গোৱা হয় |এই গছতলৰ বিহু নমাবলৈ তামোল-পাণৰ টোপোলা বান্ধি নমোৱা হয় | লোকবিশ্বাস অনুযায়ী শিপিনী সকলেও তাঁতশালত বৰকৈ সূতাৰ জঁট লাগিলে তামোল-পাণ এটা কাটি খোৱাৰ নিয়ম |

               মৰাণ সমাজত প্ৰচলিত তামোল-পাণৰ ব্যৱহাৰৰ কিছুমান বৈশিষ্ট্য তলত আলোচনা কৰা হয় -

(ক) আলহীয়ে তামোল কাটি গৃহস্থৰ স'তে খোৱাৰ ৰীতি : সাধাৰণতে ঘৰলৈ আলহী আহিলে তামোলৰ বটাতো আলহীক আগবঢ়াই দিয়ে আৰু আলহীয়ে তামোল-পাণ কাটি গৃহস্থক দি নিজেও খায়। অৱশ্যে বৰ্তমান যুগত এই ৰীতিৰ পৰিৱৰ্তন ঘটিছে আৰু গৃহস্থইহে কাটি দিয়াৰ প্ৰথা প্ৰচলন হ'বলৈ ধৰিছে। ভাত খাই উঠি সাধাৰণতে নিজে তামোল কাটি খাইহে আনক দিয়া নিয়ম আছে। ইয়াক মহুদি বোলে।

(খ) তামোলৰ হাঁচতিত ছালিধৰা নামৰ বিশেষ ফুলাম বস্ত্ৰৰ ব্যৱহাৰ : তামোল খোৱাৰ বস্তুবোৰ লৈ ফুৰিবৰ বাবে হাঁচতিত আন এবিধ ফুলাম বস্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াক ছালিধৰা বুলি কোৱা হয়। মৰাণ মহিলাসকলে ঘৰতে এই বিশেষ ফুলাম বস্ত্ৰবিধ বৈ কাটি উলিয়ায়। এই বস্ত্ৰবিধৰ কাৰণে উঠে হাঁচতিখন বিশেষ মৰ্যাদাসম্পন্ন হৈ উঠে। অতীজত মৰাণ গাভৰুসকলে বিহুতলীলৈ এই তামোলৰ হাঁচতি লৈ গৈছিল। আৰু এজোপা গছত ওলোমাই তৈছিল। এই হাঁচতিৰ পৰা ডেকাসকলে তামোল কাটি খাইছিল। গাভৰুসকলেও প্ৰায় কাটি দিয়ে।

       এনেদৰেই পূৰ্বৰে পৰা মৰাণ সমাজত তামোল পাণৰ ব্যৱহাৰ চলি আহিছে আৰু মৰাণ সমাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সন্মানীয় সম্পদ আৰু ভৱিষ্যতেও হয়তো ইয়াৰ আদৰ আৰু গুৰুত্ব থাকি যাব |