লচ্চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
লচ্চি
Salt lassi.jpg
গিলাছত লচ্চি পৰিবেশন কৰা হৈছে
অন্য নাম লাচ্চি, টাক, ছাহ
প্ৰকাৰ পানীয়
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
পৰিবেশনৰ উষ্ণতা চেঁচা
মুখ্য উপাদান দৈ, ক্ৰীম, পানী আৰু মছলা
ভিন্ন প্ৰকাৰ কাঁচি লচ্চি

লচ্চি (ইংৰাজী: Lassi) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাবৰ স্থানীয় পানীয়।[1] সাধাৰণতে দৈৰ সৈতে ক্ৰীম, পানী, সোৱাদ অনুসৰি নিমখ বা চেনি, ফল আৰু মছলা ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰি বৰফ দি বা নিদিয়াকৈ চেঁচা উষ্ণতাত লচ্চি পৰিবেশন কৰা হয়। ভাৰতত প্ৰচলিত ছাছ হৈছে লচ্চিৰ দৰেই কিন্তু পাতল স্থিৰতাৰ পানীয়।[2] লচ্চি নাম সংস্কৃত ভাষাৰ লসিকা শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে লসিকা-তন্ত্ৰই কঢ়িওৱা এবিধ বৰ্ণহীন পনীয়া দ্ৰব্য।[3]

প্ৰকাৰ[সম্পাদনা কৰক]

পৰম্পৰাগত নিমখীয়া বা নমকিন লচ্চি[সম্পাদনা কৰক]

ভাৰতীয় উপদেশত লচ্চিৰ পৰম্পৰাগত নমকিন বা নিমখীয়া ৰূপ অধিক সচৰাচৰ দেখা যায়। ইয়াক দৈ আৰু পানীৰ সৈতে মিহলি কৰি যোগ কৰা নিমখৰ সৈতে প্ৰস্তুত কৰা হয়। ইয়াৰ ফলত হোৱা পানীয়ক নিমখযুক্ত লচ্চি বুলি কোৱা হয়।

মিঠা লচ্চি[সম্পাদনা কৰক]

চেনি, গোলাপজল, নেমু, ষ্ট্ৰবেৰী বা অন্যান্য ফলৰ ৰসৰ সৈতে মিঠা সোৱাদযুক্ত এক প্ৰকাৰৰ লচ্চিক মিঠা লচ্চি বোলে। পাকিস্তানৰ সিন্ধ আৰু ভাৰতৰ ৰাজস্থান আৰু গুজৰাটৰ বিশেষত্ব কেশৰ লচ্চি এই শ্ৰেণীত অন্তৰ্ভুক্ত। মাক্‌খনীয়া লচ্চিত মাখনৰ পিণ্ডৰ সৈতে পৰিবেশন কৰা হয় আৰু এইবিধ উত্তৰ ভাৰতত বহুলভাৱে জনপ্ৰিয়। ই সাধাৰণতে মলাই আৰু ক্ৰীমযুক্ত হয়।[4]

আম লচ্চি[সম্পাদনা কৰক]

আমৰ লচ্চি দৈ, গাখীৰ আৰু আমৰ মণ্ডৰ পৰা তৈয়াৰ কৰা হয়। প্ৰয়োজন সাপেক্ষে ইয়াত চেনি যোগ কৰা হয়। ইয়াক সাধাৰণতে দৈ, ক্ৰীম বা আইচক্ৰীমৰ সৈতে মিহলি কৰা মিঠা কেশৰ আমৰ মণ্ড ব্যৱহাৰ কৰি চেঁচাকৈ পৰিবেশন কৰা হয়।

ভাং লচ্চি[সম্পাদনা কৰক]

পৰম্পৰাগত মিঠা লচ্চিৰ সৈতে ভাঙৰ পাত মিহলাই ভাং লচ্চি প্ৰস্তুত কৰা হয়। এইবিধ লচ্চি ঘাইকৈ হোলী আৰু শিৱৰাত্ৰিত বেছিকৈ প্ৰচলন হয়। ভাং লচ্চি মৃদু নিচাকাৰক যদিও উৎসৱৰ সময়ত ইয়াক মুকলিকৈ বিক্ৰী কৰা হয়। ইয়াক ঘোটা বুলিও কোৱা হয়।[5]

ছাছ[সম্পাদনা কৰক]

ছাছ হৈছে লচ্চিৰ দৰে এবিধ নিমখযুক্ত পানীয়। কিন্তু ই লচ্চিতকৈ অধিক পাতল আৰু পানীৰ পৰিমাণ তুলনামূলকভাৱে বেছি। ইয়াৰ স্থিৰৰতা হ্ৰাস কৰিবলৈ অতিৰিক্ত চৰ্বী আৰু মলাই আঁতৰ কৰা হয়। সোৱাদৰ বাবে নিমখ, জিৰা বা সতেজ ধনিয়া যোগ কৰিব পাৰে। সতেজ আদা আৰু সেউজীয়া জলকীয়াও ইয়াত যোগ কৰা হ'ব পাৰে। ছাছ ভাৰতত জনপ্ৰিয় আৰু সাধাৰণতে আহাৰৰ সময়ত বা পিছত এক সাধাৰণ পানীয় হিচাপে ব্যৱহাৰ কৰা হয়।[6] গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লচ্চি আৰু ছাছ দুয়োবিধ গ্ৰহণ কৰা হয়।

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]